খেতিমাটিত সজা নিজৰ ঘৰটোৰ ধ্বংসস্তুপৰ মাজেৰে বলদেৱ কৌৰে (৭০) কোনোমতে বাট এটা উলিয়াই আহিল। কোঠাৰ খহি নপৰা বেৰকেইখনত ফাঁটবোৰ স্পষ্ট হৈ আছে।

“ৰাতি ধুমুহা-বতাহ আহোতে আমি গোটেই ৰাতি সাৰে থাকিলো। কি হৈছে আমি ভালকৈ ধৰিব পৰা নাছিলো,” কপাহী কাপোৰৰ চুৰিদাৰ পৰিহীতা পকাচুলিৰ বলদেৱে কয়। দোপাত্তাখন তেওঁ মূৰত ওৰণিৰ দৰে মেৰিয়াই লৈছে। “পিছদিনা যেতিয়া চাদেৰে পানী সৰকিব ধৰিলে, তেতিয়া আমি বাহিৰলৈ ওলাই আহিলো।”

পূবে ধলফাট দিয়ে মানে আমাৰ ঘৰটো খহিবলৈ ধৰিলে, বলদেৱৰ সৰুজনী বোৱাৰী অমনদীপ কৌৰে (২৬) কয়। “ঘৰটো আমাৰ চকুৰ সন্মুখতে খহি পৰিল,” বলদেৱৰ ডাঙৰজন পুত্ৰ বলজিন্দৰ সিঙে (৩৫) কয়।

বলদেৱ কৌৰ আৰু তেওঁৰ পৰিয়ালে, তেওঁলোকৰ তিনিটা কণমানিয়ে কেতিয়াও এনে বিধ্বংসী কাৰবাৰ দেখা নাছিল। ২০২৩ৰ মাৰ্চৰ শেষৰফালে হোৱা অকালবৃষ্টি আৰু শিল-বৰষুণে শ্ৰী মুক্তসৰ সাহিব জিলাৰ গিদ্দড়বাহা খণ্ডৰ ভলাইআনা গাঁৱৰ তেওঁলোকৰ খেতি নষ্ট কৰিলে, ঘৰটোও ধূলিস্যাৎ কৰি পেলালে। পাঞ্জাৱৰ দক্ষিণ-পশ্চিম অঞ্চলটোৱে দক্ষিণে আছে ৰাজস্থান আৰু পূৱে হাৰিয়ানা।

তিনিদিন ধৰি ধুমুহা-বৰষুণ হৈ থকাত বলজিন্দৰ বিপাঙত পৰিল। তেওঁলোকে পৰিয়ালৰ ৫ একৰ মাটিত খেতি কৰাৰ উপৰিও আৰ্থিয়া (কৃষিজাত সামগ্ৰীৰ এজেণ্ট)ৰ পৰা ৬.৫ লাখ টকা লৈ ১০ একৰ খেতিমাটি বন্ধকীত লৈছিল। এতিয়া ঘেঁহুৰ খেতিখন নষ্ট হৈ যোৱাত তেওঁলোকে ধাৰো মাৰিব নোৱাৰিলে, পৰিয়াল চলোটো বাদেই।

“পকিবলৈ ধৰা শস্যখিনি প্ৰথমে শিলাবৃষ্টিয়ে নষ্ট কৰিলে। তাৰপিছত ধাৰাসাৰ বৰষুণে গোটেই পথাৰ বহুদিনলৈ জলমগ্ন কৰি ৰাখিলে। পানীখিনি ওলাই যোৱাৰ বাট পোৱা নাছিল আৰু শস্যবোৰ পথাৰতে পচিবলৈ ধৰিলে,” বলজিন্দৰে কয়। “এতিয়াও পচা শস্যবোৰ ১৫ একৰ মাটিত তেনেকৈয়ে পৰি আছে,” বলজিন্দৰে এপ্ৰিলৰ মাজভাগত আমাক কয়।

Left: Baldev Kaur standing amidst the remains of her home in Bhalaiana, Sri Muktsar Sahib district of Punjab. The house was built by her family on their farmland.
PHOTO • Sanskriti Talwar
Right: Baldev Kaur’s younger daughter-in-law Amandeep Kaur next to the shattered walls of the destroyed house
PHOTO • Sanskriti Talwar

পাঞ্জাৱৰ শ্ৰী মুক্তসৰ সাহিব জিলাৰ ভলাইআনা গাঁৱৰ নিজৰ ঘৰটোৰ ধ্বংসস্তূপৰ সন্মুখত বলদেৱ কৌৰ। তেওঁলোকে খেতিৰ মাটিত সেই ঘৰটো সাজিছিল। সোঁফালে: বলদেৱ কৌৰৰ সৰুজনী বোৱাৰী অমনদীপ কৌৰে খহি যোৱা ঘৰটোৰ অৱশিষ্ট বেৰবোৰৰ কাষত থিয় দিছে

Left: Baldev Kaur’s eldest son Baljinder Singh had taken a loan to rent 10 acres of land.
PHOTO • Sanskriti Talwar
Right: Damaged wheat crop on the 15 acres of farmland cultivated by Baldev Kaur’s family.
PHOTO • Sanskriti Talwar

বাওঁফালে: বলদেৱ কৌৰৰ ডাঙৰজন ল’ৰা বলজিন্দৰ সিঙে ঋণ লৈ ১০ একৰম মাটিত খেতি কৰিছিল। সোঁফালে: বলদেৱ কৌৰৰ পৰিয়ালে কৰা ১৫ একৰ মাটিৰ নষ্ট হৈ যোৱা ঘেঁহুৰ শস্যপথাৰ

পাঞ্জাৱৰ এই অঞ্চলত ঘেঁহু এবিধ ৰবিশস্য। অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজভাগত ঘেঁহুৰ খেতি কৰা হয়। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহটো ঘেঁহুৰ সীহ ধৰাৰ বাবে গুৰুত্বপূৰ্ণ সময়, এইখিনি সময়তে সীহবোৰত ঘেঁহুবোৰে শৰ্কৰা আৰু প্ৰটিন জমা কৰে।

পাঞ্জাৱত সাধাৰণতে মাৰ্চত হোৱা ২২.২ মি.মি. বৃষ্টিপাতৰ তুলনাত ২০২৩ৰ ২৪ৰ পৰা ৩০ মাৰ্চৰ ভিতৰত ৩৩.৮ মিলিমিটাৰ বৰষুণ হৈছিল, চণ্ডীগড়স্থিত ভাৰতীয় বতৰবিজ্ঞান বিভাগে কয়। কেৱল ২৪ মাৰ্চতে ৩০ মি.মি. বৃষ্টিপাত হৈছিল, এয়া পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়, লুধিয়ানাই গোটোৱা তথ্য

বলজিন্দৰে জানিছিল যে এনে শিলাবৃষ্টি আৰু নেৰানেপেৰা বৰষুণে তেওঁলোকৰ শস্যৰ ক্ষতি কৰিবই, কিন্তু তেওঁলোকে ইমান বছৰ ধৰি বনোৱা ঘৰটো যেতিয়া খহি পৰিল, তেতিয়া তেওঁলোক অসহায় হৈ পৰিল।

“ক’ৰবাৰ পৰা উভতি আহি খহি পৰা এই ঘৰটো দেখিলে চিন্তা লাগিবলৈ ধৰে, বুকুখন কঁপিবলৈ ধৰে,” বলদেৱ কৌৰে কয়।

পৰিয়ালে হিচাপ কৰা মতে তেওঁলোকৰ ৬ লাখ টকাৰ লোকচান হৈছে। এক একৰ মাটিত ৬০ মন (এক মন মানে ৩৭ কিলো) ঘেঁহু উৎপাদন হয় যদিও এতিয়া প্ৰতি একৰত কোনোমতে ২০ মনকৈহে তেওঁলোকে চপাব পাৰিব। তাতে আকৌ বাৰিষা পৰিছেই, ঘৰটোও পুনৰাই বনাব লাগিব।

“সকলো প্ৰকৃতিৰ লীলা,” বলজিন্দৰে কয়।

Left: Baldev Kaur picking her way through the rubble of her ancestral home.
PHOTO • Sanskriti Talwar
Right: The family shifted all their belongings to the room that did not get destroyed by the untimely rains in March 2023
PHOTO • Sanskriti Talwar

বাওঁফালে: পূৰ্বপুৰুষৰ ভগা ঘৰটোৰ কংক্ৰীটৰ মাজেৰে বলদেৱ কৌৰে বাট উলিয়াই আহিছে। সোঁফালে: ২০২৩ৰ মাৰ্চৰ অকালবৃষ্টিত নভঙাকৈ থাকি যোৱা কোঠাটোত তেওঁলোকে সকলো বয়-বস্তু গোটাই থৈছে

Left: Farmland in Bhaliana village, destroyed by the changing climate.
PHOTO • Sanskriti Talwar
Right: Gurbakt Singh is an activist of the Bhartiya Kisan Union (Ekta-Ugrahan). At his home in Bhaliana
PHOTO • Sanskriti Talwar

বাওঁফালে: জলবায়ু পৰিৱৰ্তনৰ প্ৰকোপত নষ্ট হোৱা ভালিয়ানা গাঁৱৰ খেতিপথাৰ। সোঁফালে: ভাৰতীয় কিষাণ ইউনিয়ন (একতা-উগ্ৰহন)ৰ এগৰাকী কৰ্মী গুৰভক্ত সিং, ভালিয়ানা গাঁৱৰ নিজ ঘৰত

জলবায়ুৰ অনিশ্চিত হৈ পৰা ধৰণে কৃষকসকলক বিবুদ্ধিত পেলাইছে, ভলাইআনা গাঁৱৰ ৬৪ বৰ্ষীয় গুৰভক্ত সিঙে কয়, তেওঁ ভাৰতীয় কিষাণ ইউনিয়ন (একতা-উগ্ৰহন)ৰ এগৰাকী কৰ্মী। “চৰকাৰৰ ভুল নীতিৰ ফলত এইবোৰ হৈছে। চৰকাৰে যদি আন শস্যৰ বাবে দাম নিৰ্ধাৰণ কৰে, তেতিয়া আমি সেইবোৰৰো খেতি কৰিম, তেতিয়া আৰু ইমান পানীৰ প্ৰয়োজন হোৱ ধান আদিৰ খেতি নকৰো,” তেওঁ কয়।

কৃষক সংঘৰ এক মাতৃ-প্ৰতিষ্ঠান সংযুক্ত কিষাণ মৰ্চাই কৰা দাবীসমূহৰ অন্যতম হৈছে সকলো শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এম.এছ.পি.)ৰ বাবে চৰকাৰী নীতি নিৰ্ধাৰণ কৰা। এনে আইন এখনৰ বাবে চৰকাৰক হেঁচা দিবলৈ ২০২৩ৰ মাৰ্চত দিল্লীত পাঞ্জাৱৰ কৃষক সংঘৰ লোকে প্ৰতিবাদ প্ৰদৰ্শন কৰিছিল।

গুৰভক্তৰ সৰুজন ল’ৰা লক্ষীন্দৰ সিঙে কয় যে শস্যৰ লগতে গৰু-ম’হৰ খাদ্য হিচাপে কাটি অনা তুৰি (খেৰ)বোৰো নষ্ট হৈ গৈছে। গুৰভক্তৰ পৰিয়ালৰ ৬ৰ পৰা ৭ লাখ টকা লোকচান হৈছে। তেওঁলোকে এজন আৰ্থিয়াৰ পৰা ৭ লাখ টকা প্ৰতি প্ৰতি এশ টকাত ১.৫ টকা সূতত ধন লৈছিল। পৰিয়ালৰ মাটিখিনি মৰ্টগেজ কৰি ১২ লাখ টকাৰ আগতে ঋণ লোৱ আছিল, সূত বছৰি ৯ টকা।

ৰবি শস্যৰ আয়েৰে তেওঁলোকে ঋণৰ কিছু অংশ ধাৰ মাৰিব পাৰিব বুলি ভাবিছিল, কিন্তু সম্ভৱ হৈ নুঠিল। “ডাঙৰ মিঠা বগৰী এটাৰ সমান শিলাবৃষ্টি হৈছিল,” গুৰভক্তে কয়।

*****

২০২৩ৰ এপ্ৰিলত পাৰিয়ে বুট্টাৰ বখুৱা গাঁৱত বুটা সিঙক (২৮) লগ পাওতে তেওঁ অকালবৃষ্টি আৰু অত্যধিক বৃষ্টিপাতৰ ফলত চিন্তাগ্ৰস্ত হৈ গুৰুতৰ নিদ্ৰাহীনতাত ভূগি আছিল।

শ্ৰী মুক্তসৰ সাহিব জিলাৰ গিদ্দৰবাহা খণ্ডৰ এগৰাকী খেতিয়ক বুটা সিঙৰ নিজা মাটি সাত একৰ। লগতে তেওঁ আন ৩৮ একৰ মাটি লীজত লৈছিল। এতিয়া মুঠ ৪৫ বিঘাৰ আটাইখিনি খেতিমাটিয়ে পানীৰ তলত, গাঁৱৰ দ পথাৰখনত কমেও ২০০ বিঘা মাটি এনেদৰে পানীৰ তলত আছে। বুটা সিঙে এজন আৰ্থিয়াৰ পৰা এশ টকাত ১.৫ টকা সূতত ১৮ লাখ টকা লৈছিল।

Left: Adding to his seven acres of family-owned farmland, Boota Singh, had taken another 38 acres on lease to cultivate wheat. All 45 acres were inundated, along with at least 200 acres of low-lying farmland in the village.
PHOTO • Sanskriti Talwar
Right: Dried wheat fields being harvested using a harvester machine in Buttar Bakhua village. The rent for the mechanical harvester is Rs. 1,300 per acre for erect crop and Rs. 2,000 per acre if the crop is bent over
PHOTO • Sanskriti Talwar

বাওঁফালে: নিজৰ সাত একৰ মাটিৰ উপৰিও বুটা সিঙে ৩৮ একৰ মাটি ঘেঁহু খেতিৰ বাবে লীজত লৈছিল। এতিয়া গাঁৱৰ ২০০ একৰ মাটিৰ লগতে তেওঁৰ ৪৫ একৰ মাটিও পানীৰ তলত। সোঁফালে: বুট্টাৰ বখুৱা গাঁৱত শস্য চপোৱা মেচিন এটা ব্যৱহাৰ কৰি পানী নথকা পথাৰৰ পৰা শস্য চপোৱা হৈছে। এনে এটা মেকানিকেল হাৰ্ভেষ্টাৰৰ ভাৰা প্ৰতি একৰত ১,৩০০ টকা, যদিহে শস্যখিনি থিয় হৈ আছে, হাউলি পৰা শস্যৰ বাবে প্ৰতি একৰত ২,০০০ টকা

তেওঁৰ মাক-দেউতাক, পত্নী আৰু দুই সন্তানকে ধৰি ছজনীয়া পৰিয়ালটোৱে খেতিৰ পৰা হোৱা আয়ৰ ওপৰতে নিৰ্ভৰ কৰে।

“ভাবিছিলো, গৰম পৰিলে পানী লাহে লাহে নিজে শুকাই যাব আৰু শস্যখিনি চপাব পাৰিম,” তেওঁ কয়। বোকামাটিত যন্ত্ৰটো চলাব পৰা নাযায়। কিন্তু পানী শুকায় মানে সৰহভাগ শস্যই পচি গ’ল।

হাউলি পৰা শস্য চপাবলৈ পইচা বেছি লাগে। থিয় হৈ থকা শস্য চপাবলৈ ১,৩০০ টকা লাগে, তাৰ বিপৰীতে হাউলি পৰা শস্য চপাবলৈ ২,০০০ টকা লাগে।

এইবোৰ কথাৰ বাবে বুটাৰ ৰাতি টোপনি নাহে। ১৭ এপ্ৰিলৰ দিনা তেওঁ গিদ্দৰবাহাৰ এগৰাকী ডাক্তৰক দেখুৱাইছিল। ডাক্তৰে তেওঁক উচ্চ ৰক্তচাপ থকা বুলি কয় আৰু তেওঁক দৰৱ লিখি দিয়ে।

দুশ্চিন্তা আৰু হতাশা - এইবোৰ সেই অঞ্চলটোৰ খেতিয়কৰ এতিয়া মুখে মুখে চলা শব্দ।

“এনেকুৱা কাম কৰি যিকোনো লোকেই হতাশাত ভূগিবলগীয়া হ’ব পাৰে,” নিজৰ ছয় একৰ খেতিমাটিত পানী দিবলৈ পাম্প লগোৱা বুট্টাৰ বখুৱা গাঁৱৰ গুৰপাল সিঙে (৪০)য়ে কয়। তেওঁলোকে খেতিৰ সময়ৰ ছটা মাহত একো সাচিব নোৱাৰিলে মানসিকভাৱে ভাৰাক্ৰান্ত হোৱাটো স্বাভাৱিক, গুৰপালে কয়।

Left: Gurpal Singh, 40, of Buttar Bakhua village pumping out water from his farmland.
PHOTO • Sanskriti Talwar
Right: The water pump used on the Gurpal’s farmland
PHOTO • Sanskriti Talwar

বাওঁফালে: বুট্টাৰ বখুৱা গাঁৱৰ গুৰপাল সিঙে (৪০) তেওঁৰ খেতিমাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিছে। সোঁফালে: গুৰপালৰ খেতিমাটিত ব্য়ৱহাৰ কৰা পানীৰ পাম্প

কিৰণজীত কৌৰ (২৭) এগৰাকী সমাজকৰ্মী, তেওঁ কিষাণ মজদুৰ খুদখুচী পীড়িত পৰিবাৰ কমিটিৰ প্ৰতিস্থাপক। সংস্থাটোৰ জৰিয়তে পাঞ্জাৱত খেতিয়কে আত্মহত্যা কৰা পৰিয়ালক সহায় কৰাৰ চেষ্টা কৰি অহা কিৰণজীতে কয় যে উদ্বিগ্নতাত ভোগা খেতিয়কৰ সংখ্যা বাঢ়িছে। “খেতিমাটি ৫ একৰৰ কম থকা পৰিয়ালৰ যদি খেতি নষ্ট হৈ যায়, সেয়া তেওঁলোকৰ বাবে অপূৰণীয় ক্ষতি হৈ পৰে। ইফালে আকৌ ঋণবোৰ সুতসহ আদায় দিবলগীয়া থাকে, এনেকৈ তেওঁলোকৰ মানসিক স্বাস্থ্য গুৰুতৰভাৱে ভাগি পৰে। সেইটো কাৰণতে আমি কৃষকে আত্মহত্যা কৰা দেখিবলৈ পাওঁ।” খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সেয়ে মানসিক স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে সা-সুবিধা থকা উচিত, যাতে তেওঁলোকে নিচাজাতীয় দ্ৰব্য বা কোনো হঠকাৰী সিদ্ধান্ত লৈ নেপেলায়।

২০২২তো শস্য চপোৱাৰ আগেয়ে খেতিয়কসকলে জলবায়ুৰ অবাঞ্চিত কিছুমান পৰিৱৰ্তন দেখিছিল। ২০২২ৰ ছেপ্টেম্বৰত অনিয়মীয়া বৰষুণৰ ফলত শস্য বহু কষ্টৰে চপোৱা হৈছিল, বুটাই কয়। তাৰে পিছৰ ৰবি শস্যৰ সময়ত আকৌ উষ্ণতা বহুত বেছি হৈ পৰিছিল, ফলত ঘেঁহুৰ দানাবোৰ শুকাই গৈছিল।

এইবাৰৰ ঋতুৰ কথা তেওঁ কয়, “ৱাদ্দি দি আস ঘাত হ্যে (শস্য চপোৱাৰ আশা তেনেই ক্ষীণ)। এইকেইদিনৰ ভিতৰত শস্য চপাব পাৰিলেও সেয়া কোনেও নিকিনিব, কিয়নো তেতিয়ালৈ দানাবোৰ ক’লা পৰি যাব।”

পাঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য বিজ্ঞানী (কৃষি-জলবায়ুবিজ্ঞান) ড. প্ৰভজ্যোত কৌৰ সিদ্ধুৱে কয় যে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত স্বাভাৱিক বা তাতোকৈ নিম্নমানৰ উষ্ণতা ঘেঁহুৰ বাবে ভাল।

২০২২ৰ ৰবি শস্যৰ ঋতুত সেইকেইটা মাহত উষ্ণতা বৃদ্ধি পোৱাৰ বাবে ঘেঁহুৰ উৎপাদন কমিছিল। ২০২৩ৰ মাৰ্চৰ পৰা এপ্ৰিললৈ বৃষ্টিপাত অধিক হোৱাৰ লগতে ৩০ৰ পৰা ৪০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগত বতাহ বলাৰ বাবে উৎপাদন আকৌ কমিল। “বতাহৰ বেগ বাঢ়িলে ঘেঁহুবোৰ হাউলি পৰে, এই প্ৰক্ৰিয়াটোক লজিং বুলি কয়। উষ্ণতা বাঢ়িলে আকৌ থিয় হ’ব পাৰে যদিও এপ্ৰিলত তেনে হ’বলৈ নাপালে,” ড. সিদ্ধুৱে কয়। “সেয়ে ঘেঁহুৰ দানাবোৰ ভালদৰে বিকশিত নহ’ল আৰু এপ্ৰিলত শস্য চপাবপৰা নগ’ল। এনেকৈ ঘেঁহুৰ উৎপাদন কমিল। পাঞ্জাৱৰ কিছুমান জিলাত বৰষুণ দিছিল যদিও বতাহ নবলিলে উৎপাদন ভাল হ’লহেঁতেন।”

মাৰ্চৰ শেষৰফালে অনিয়মীয়া বৰষুণক চৰম বতৰৰ উদাহৰণ হিচাপে বিবেচনা কৰা উচিত, ড. সিদ্ধুৱে কয়।

Damage caused in the farmlands of Buttar Bakhua. The wheat crops were flattened due to heavy winds and rainfall, and the water remained stagnant in the field for months
PHOTO • Sanskriti Talwar
Damage caused in the farmlands of Buttar Bakhua. The wheat crops were flattened due to heavy winds and rainfall, and the water remained stagnant in the field for months
PHOTO • Sanskriti Talwar

বুট্টাৰ বখুৱাৰ শস্যপথাৰবোৰ ক্ষতিগ্ৰস্ত হৈছে। ঘেঁহুবোৰ বেগী বতাহ আৰু বৰষুণত হাউলি পৰিছে আৰু কেবামাহ ধৰি শস্যবোৰ জলমগ্ন হৈ আছে

মে’ মাহলৈ বুটাই প্ৰতি একৰত ৭.৪ কুইণ্টল ঘেঁহু চপাব পাৰিলে, শস্য সিচাৰ সময়ত আশা আছিল প্ৰতি একৰত কমেও ২০ৰ পৰা ২৫ কুইণ্টল। গুৰভক্তৰ খেতিৰো শস্য আছিল ২০ৰ পৰা ৪০ মন প্ৰতি একৰ, বলজিন্দৰ সিঙে প্ৰতি একৰত পাইছিল ২৫ৰ পৰা ২৮ মন।

দানাৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি বুটাই প্ৰতি কুইণ্টলত ১,৪০০ৰ পৰা ২,০০০ টকা পায়। সেয়া ভাৰত চৰকাৰৰ খাদ্য নিগমে ২০২৩ত ঘেঁহুৰ কাৰণে নিৰ্ধাৰণ কৰি দিয়া ২,১২৫ টকা প্ৰতি কুইণ্টল এম.এছ.পি.ৰ তুলনাত কম। গুৰভক্ত আৰু বলজিন্দৰে তেওঁলোকৰ ঘেঁহুখিনি এম.এছ.পি. দৰত বিক্ৰী কৰিবলৈ পাৰিলে।

এয়া গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা ‘মূল্য কৰ্তন’ পদ্ধতিৰে কৰা হৈছে। এয়া প্ৰতি কুইণ্টলত ভগা ঘেঁহু বা নিশকতীয়া ঘেঁহুৰ ক্ষেত্ৰত ৫.৩১ টকাৰ পৰা ৩১.৮৭ টকাৰ ভিতৰত হয়। তাৰোপৰি উজ্জ্বলতা হেৰুওৱা দানাৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত ৫.৩১ টকাৰ অতিৰিক্তভাৱে মূল্য কৰ্তন কৰা হয়।

শস্যৰ অতিকমেও ৭৫ শতাংশ ক্ষতি হোৱা খেতিয়কক পাঞ্জাৱ চৰকাৰে প্ৰতি একৰত ১৫,০০০ টকা দিয়াৰ ঘোষণা কৰিছিল। ৩৩ৰ পৰা ৭৫ শতাংশ ক্ষতি হোৱা শস্যৰ ক্ষেত্ৰত খেতিয়কক প্ৰতি একৰত ৬,৮০০ টকা দিয়া হৈছে।

বুটাই চৰকাৰৰ পৰা ২ লাখ টকা ক্ষতিপূৰণ হিচাপে দিছিল। “এয়া এক লেহেম প্ৰক্ৰিয়া। এতিয়াও সম্পূৰ্ণ ক্ষতিপূৰণ মই পোৱা নাই,” তেওঁ কয়। তেওঁৰ মতে চৰকাৰে তেওঁক ৭ লাখ টকা দিব লাগে, যাতে তেওঁ ঋণৰ পইচাখিনি শোধাব পাৰে।

গুৰভক্ত আৰু বলজিন্দৰে এতিয়াও কোনো ক্ষতিপূৰণ পোৱা নাই।

Left: Baldev Singh owns 15 acres of land.
PHOTO • Sanskriti Talwar
Right: After the long spell of excess water, his fields with wheat turned black and brown with fungus and rotted. Ploughing it would release a stench that would make people fall sick, he said.
PHOTO • Sanskriti Talwar

বাওঁফালে: বলদেৱ সিঙৰ ১৫ একৰ মাটি আছে। সোঁফালে: দীৰ্ঘদিন ধৰি অত্যধিক বৰষুণৰ ফলত জমা হোৱা পানীয়ে তেওঁৰ ঘেঁহুখিনিৰ ৰং ক’লা আৰু মুগা কৰি পেলাইছে, তাত ভেঁকুৰে ধৰিছে, পচিছে। তাতে যদি মাটিখিনি চহাবলৈ যাও, তেতিয়া গোন্ধত মানুহ বেমাৰত পৰিব, তেওঁ কয়

বুট্টাৰ বখুৱা গাঁৱৰ ১৫ একৰ মাটিৰ গৰাকী বলদেৱ সিঙে (৬৪) ৯ একৰ মাটি লীজত লবলৈ ৫ লাখ টকাৰ ঋণ লৈছিল। যোৱা প্ৰায় এমাহ ধৰি তেওঁ জলসিঞ্চন কৰি আহিছে আৰু ইয়াৰ বাবে প্ৰতিদিনে ১৫ লিটাৰকৈ ডিজেল খৰছ হয়।

বহুদিন ধৰি পানীত বুৰ গৈ থকাৰ ফলত বলদেৱ সিঙৰ ঘেঁহুৰ খেতিত ভেকুৰ লাগি পচি যোৱাৰ লগতে ঘেঁহুৰ দানাবোৰ ক’লা-বগা পৰি গৈছে। তাতে আকৌ চহাই দিলে যিটো দুৰ্গন্ধ বিয়পিব, মানুহ বেমাৰত পৰিব, তেওঁ কয়।

“ঘৰৰ পৰিস্থিতি একেবাৰে মৰিশালিৰ দৰে হৈ পৰিছে,” বলদেৱ সিঙে তেওঁৰ ১০ জনীয়া পৰিয়ালটো থকা ঘৰখনৰ কথা কয়। বৈশাখীৰ শস্য চপোৱা উৎসৱে নতুন বছৰৰ আৰম্ভণি সূচায়, কিন্তু সেয়াও নিৰল-নিস্তব্ধ হৈ পাৰ হ’ল।

শস্যৰ ক্ষতিয়ে বলদেৱক যেন শিপাৰে সৈতে উভালি পেলাইছে, তেওঁ তেনেকৈ অনুভৱ কৰে। “মই এনেকৈ খেতিখন এৰি দিব পৰা নাছিলো,” তেওঁ কয়। “এনেকুৱা নহয় যে ল’ৰা-ছোৱালীয়ে পঢ়া-শুনা শেষ কৰি চাকৰি পাই গৈছে।” এনেধৰণৰ পৰিস্থিতিয়ে কৃষকক আত্মঘাতী হ’বলৈ বা দেশ এৰি যাবলৈ বাধ্য কৰায়, তেওঁ কয়।

এতিয়াৰ বাবে বলদেৱ সিঙে তেওঁৰ আত্মীয়-স্বজনৰ ওচৰত সাহায্যৰ বাবে হাত পাতিছে। তেওঁ সম্পৰ্কীয়ৰ পৰা পশুধনৰ বাবে তুৰি আনিছে আৰু নিজে খাবলৈও শস্য আনিছে।

“আমি নামতহে জমীদাৰ হৈ আছো” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Sanskriti Talwar

সংস্কৃতি তলওয়ার নয়া দিল্লি-ভিত্তিক স্বতন্ত্র সাংবাদিক এবং ২০২৩ সালের পারি-এমএমএফ ফেলোশিপ প্রাপক রিপোর্টার।

Other stories by Sanskriti Talwar
Editor : Kavitha Iyer

কবিতা আইয়ার দুই দশক জুড়ে সাংবাদিকতা করছেন। ২০২১ সালে হারপার কলিন্স থেকে তাঁর লেখা ‘ল্যান্ডস্কেপস অফ লস: দ্য স্টোরি অফ অ্যান ইন্ডিয়ান ড্রাউট’ বইটি প্রকাশিত হয়েছে।

Other stories by Kavitha Iyer
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das