মহম্মদ আচলামে গলোৱা উত্তপ্ত পিতলখিনি সাঁচত ঢালাৰ সময়ত ক্ষুদ্ৰ কণাবোৰ বতাহত উৰিছে। ইয়ে পিতলখিনিক গোটা চন্দন পিয়ালী ( পূজাত ব্যৱহাৰ কৰা সৰু বাতি ) লৈ ৰূপান্তৰিত কৰিব।

ধাতুৰ কাম কৰাত পাকৈত আচলামৰ হাতদুখন ক্ষীপ্ৰগতিত অথচ সাৱধানে চলিছে। তেওঁ পাত্ৰটোত গলা পিতলখিনি ঢলাৰ সময়ত পাত্ৰটোৰ চাপৰ অনুমান কৰি লৈছে যাতে ভিতৰত থকা বালিখিনি ইফালে-সিফালে গুছি নাযায় আৰু বনাবলগীয়া সামগ্ৰীবিধৰ আকাৰত বিসংগতি নঘটে।

“আপুনি পাত্ৰটো হাতদুখনেৰে টানকৈ ধৰি থাকিব লাগিব, নহ’লে সাঁচটোৰ ভিতৰত ধাতুৰ বাবে থকা ডিজাইনটো বেয়া হৈ যাব। আদাত (সাঁচটো) বেয়া হৈ যাব,” ৫৫ বৰ্ষীয় আচলামে কয়। অৱশ্যে বালিখিনি ইফালে-সিফালে উৰি গৈ বতাহত মিহলি হৈ গ’লেও তেওঁ বিশেষ চিন্তা নকৰে। “এয়া দেখিছেনে? এই পিতলখিনি নষ্ট হৈ যাব। তাৰ দাম আমি ভৰিব লাগিব,” তেওঁ দুখ কৰি কয়। তেওঁলোকে সাঁচত ঢলা ১০০ কিলোগ্ৰাম পিতলৰ প্ৰায় ৩ কিলোগ্ৰাম বতাহত উৰি যায়। তাৰমানে প্ৰায় ৫০ টকাৰ পিতল নষ্ট হৈ যায়।

মুৰাদাবাদৰ (ম’ৰাদাবাদ নামেও পৰিচিত) পীৰজাদা এলেকাত থকা ভালেকেইটা ভাতীৰ এটাত কাম কৰি থকা আচলাম এমুঠিমান কাৰিকৰৰ মাজৰ এজন। সেই ঠাইখন পিতলৰ কামৰ বাবে বিখ্যাত। শিল্পবিধক স্থানীয় ভাষাত ‘ঢালাই কা কাম’ বা ঢালাই বুলি কয়। তাৰ অৰ্থ হৈছে পিতলৰ চিল্লি (ধাতুপিণ্ড) গলাই তাক বিভিন্ন আকাৰ দিয়া কাম।

তেওঁলোকৰ কামত ব্যৱহাৰ কৰা সঁজুলি আৰু সামগ্ৰী-পাতিসমূহ হৈছে - কয়লা, বালি, বাহৰ তক্তা, লোহাৰ ৰড, বিভিন্ন আকাৰৰ চেপেনা আৰু চিমটা। আচলাম আৰু ৰইছ জানে দিনটোৰ ১২ ঘণ্টা কাম কৰা কৰ্মস্থলীত সেই সঁজুলিবোৰ বিভিন্ন ঠাইত সিচঁৰতি হৈ পৰি আছে। আচলামে পাঁচ বৰ্গফুটৰ ঠাইখিনিৰ বাবদ মাহে ১,৫০০ টকা ভাৰা দিয়ে।

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: মহম্মদ আচলাম (সোঁফালে) আৰু ৰইছ জানে (বাওঁফালে) মুৰাদাবাদৰ পীৰজাদা এলেকাত এটা ভাতীত চন্দন পিয়ালী (পূজাৰ বাবে ব্যৱহাৰ কৰা সৰু সৰু বাতি) বনাই আছে। সোঁফালে: আচলামে সাচঁ বনাইছে আৰু তাত গলিত ধাতুখিনি ঢালি দি সামগ্ৰী তৈয়াৰ কৰিছে

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: আচলামে সাঁচটোত বালি ভৰাই ধাতুৰ বাবে ফোপোলা ঠাই সৃষ্টি কৰিছে। সোঁফালে: তাৰপিছত তেওঁ সেই পিতলখিনি সাঁচত ঢালিছে, ঢালি দিয়াৰ সময়ত তেওঁ নজৰ ৰাখিছে যাতে ভিতৰৰ বালিখিনি ছিটিকি নপৰে। ‘সাঁচাটোৰ ভিতৰখন যাতে লৰি নাযায়, তাৰবাবে আপুনি হাতেৰে সাঁচাটো মজবুতকৈ ধৰি থাকিব লাগিব’

উত্তৰ প্ৰদেশৰ এইখন চহৰ যাৰ জনপ্ৰিয় নাম পিতল নগৰী। কাৰিকৰসকল ঘাইকৈ মুছলমান সম্প্ৰদায়ৰ। প্ৰায় ৯০ শতাংশ লোকেই মুছলমান, তেওঁলোকৰ প্ৰায়ভাগেই পীৰজাদা এলেকাতে থাকে। মুৰাদাবাদৰ মুছলমান লোকৰ সংখ্যা চহৰখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪৭.১২ শতাংশ (২০১১ৰ লোকপিয়ল)।

আচলাম আৰু জানে যোৱা পাঁচ বছৰ ধৰি কাম কৰি আহিছে। তেওঁলোকে পুৱা ৫.৩০ তে ভাতীত উপস্থিত হয় আৰু কাম আৰম্ভ কৰে। দুপৰীয়া আহাৰ খাবলৈ ঘৰলৈ যায়। তেওঁলোক দুয়ো ভাতীৰ ওচৰতে থাকে। সন্ধিয়া চাহ খোৱাৰ সময়ত পৰিয়ালৰ কোনোবা এজনে ৱৰ্কশ্বপলৈ চাহ লৈ আহে।

“আমি যিমান কষ্ট কৰিলেও কেতিয়াও আহাৰ নোখোৱাকৈ নাথাকো। ইয়াৰ বাবেই ইমান কষ্ট কৰো যিহেতু,” আচলামে কয়।

জান আচলামৰ সহায়ক আৰু তেওঁৰ দিনহাজিৰা ৪০০ টকা। একেলগে তেওঁলোকে ধাতু গলায়, শীতল কৰে আৰু সিঁচৰতি হৈ থকা বালিখিনি পুনৰ্ব্যৱহাৰৰ বাবে গোটাই থয়।

জানে ঘাইকৈ ভাতীটো চায়, তাত ঘাইকৈ কয়লাবোৰ লোড কৰিবলৈ থিয় হৈ থাকিব লাগে। “এজন মানুহে এইটো কাম কৰিব নোৱাৰে। কমেও দুজন মানুহ লাগে। সেয়ে আচলাম ভাইয়ে ছুটী ল’লে মোৰ কাম নাথাকে,” ষাঠি বৰ্ষীয় জানে কয়। “ৰইছ ভাই কাইলৈ শহুৰেকৰ ঘৰলৈ যাব, মোৰ ৫০০ টকাৰ লোকচান হ’ব,” আচলামে হাঁহি মাৰি কয়।

“ঢালাইয়া (পিতলৰ ঢালাই কাম কৰা)জনৰ সৰহভাগ কষ্ট কয়লাৰ নামতে যায়,” আচলামে আমাক কয়। “আমি আধা দামত যদি আনিব পাৰো, তেতিয়া সকাহ পাম।” আচলামে ধাতু গলাই সাঁচত ঢালাৰ কামটো ঠিকাভিত্তিত কৰে।

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: ৰইছ জান আচলামৰ সহায়ক আৰু তেঁৱেই শালখন চম্ভালা কাম কৰে। তেওঁলোকে একেলগে কাম কৰা পাঁচ বছৰমান হ’ল। সোঁফালে: অগ্নিশালখন কয়লাৰে চলে আৰু এক কিলোগ্ৰাম পিতল গলাওতে প্ৰায় ৩০০ গ্ৰাম কয়লা লাগে। আচলামৰ দৰে সাঁচত ঢলা কাম কৰা লোকে কয়লাৰ দাম (৫৫ টকা) অত্যধিক বুলি ভাবে

তেওঁলোকে পিতলৰ ধাতুপিণ্ড স্থানীয় ফাৰ্মৰ পৰা কিলোত পাঁচশ টাককৈ আনে আৰু সাঁচত ঢলা প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত ঘূৰাই দিয়ে। পিতলৰ শ্লেব এখনৰ ওজন সাধাৰণতে প্ৰায় সাতৰ পৰা আঠ কিলোগ্ৰাম।

“আমি কামৰ ওপৰত নিৰ্ভৰ কৰি এদিনত কমেও ৪২ কিলোগ্ৰাম পিতল ঢালাই কৰো। প্ৰতি কিলোগ্ৰাম কয়লা কাষ্ট কৰাৰ বাবদ আমি ৪০ টকা পাওঁ, তাত কয়লা আৰু আন খৰছ সোমাই থাকে,” আচলামে কয়।

এক কিলোগ্ৰাম কয়লাৰ দাম ৫৫ টকা আৰু আচলামে কয় যে এক কিলোগ্ৰাম কয়লা গলাওতে প্ৰায় ৩০০ টকা খৰছ হয়। “আপুনি যদি আটাইবোৰ খৰছ বিয়োগ কৰে, দেখিব যে এক কিলোগ্ৰাম ধাতু গলাবলৈ ছয়ৰ পৰা সাত টকা খৰছ হয়,” তেওঁ কয়।

ৰইছে দহ বছৰ বয়সতে কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু কামটো শিকিবলৈ এবছৰ লাগিছিল। “কামটো সহজ যেন লাগে, কিন্তু নহয়,” তেওঁ কয়। “পিতল গলাৰ পিছত কি ধৰ্ম লয়, সেই কথা বুজাটো কঠিন কাম।”

পিতল ঢালাই দিওতে জানে বুজাই কয়, আপুনি হাত দুখন লৰচৰ নকৰাকৈ ৰাখিব লাগিব। “সাঁচত ঢলাৰ কৌশল আছে। নশিকাৰু এজনে নাজানে গলিত ধাতু ঢালি দিয়াৰ পিছত কিমানবাৰ সেই সাঁচটো পিটিব লাগিব। ভালদৰে পিটি নল’লে আদাত (সাঁচত ঢালি উলিওৱা সামগ্ৰীবিধ) ভাঙি যাব। একেদৰে সাঁচটো যদি জোকাৰ মাৰি তোলা হয়, তেতিয়াও ভিতৰৰ সামগ্ৰীবিধ ভাঙি যাব পাৰে,” জানে কয়। “এনে পৰিস্থিতিত পাকৈত মানুহৰ হাত বৰ সুচলকৈ চলে।”

জানৰ পৰিয়ালটোত পিতলৰ কাম কৰাৰ ইতিহাস পুৰণি। “এয়া মোৰ পিতৃপ্ৰদত্ত কাম,” তেওঁ কয়। “আমি যোৱা ২০০ বছৰ ধৰি এই কাম কৰি আহিছো।” কিন্তু জানে এই পেছা বাছি লোৱাৰ সিদ্ধান্তক লৈ সদায় ভাবে। “মোৰ পিতাইৰ নিজা পিতলৰ সামগ্ৰী নিৰ্মাণৰ ব্যৱসায় আছিল, কিন্তু মই হ’লোগৈ দিনহাজিৰা কৰা মানুহ,” তেওঁ দুখ কৰি কয়।

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: তেওঁ পিতলৰ সামগ্ৰী গঢ়া কামত ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত আছে সাঁচা, দুখন কাঠৰ তক্তা (ফান্টি আৰু পাতলা - সেই দুখনেৰে তেওঁ বালিখিনি খুচৰে), ছৰিয়া মানে লোহাৰ ৰড, সেইৰে তেওঁ বালিখিনি কণ্টেইনাৰত খুন্দি দিয়ে, অতিৰিক্ত পিতলখিনি ভাঙি এৰুৱাই আনিবলৈ ব্যৱহাৰ কৰা এডাল প্লাছ আৰু সাঁচৰ আকাৰ দিয়াৰ বাবে লোৰ খুন্দনামাৰি। সোঁফালে: চন্দন পিয়ালিৰ অতিৰিক্ত পিতলখিনি পুনৰ ব্যৱহাৰ কৰা হ’ব

আচলামে ৪০ বছৰ আগতেই পিতলৰ কাম আৰম্ভ কৰিছিল। আৰম্ভণিতে পৰিয়ালটো চলিছিল দেউতাকৰ পাচলি আৰু ফল-মূলৰ ঠেলা এখনৰ যোগেদি। তেওঁ পৰিয়ালৰ সহায়ত এই কামত সোমাইছিল। “প্ৰতিদিন ইয়াত একেই, একো সলনি হোৱা নাই,” পিতলৰ কাম কৰা কাৰিকৰজনে কয়। “১০ বছৰ আগতে আমি পোৱা ২৫০ টকাৰ তুলনাত আজিৰ ৫০০ টকা একেই,” তেওঁ বস্তু-বাহিনীৰ বৰ্দ্ধিত মূল্যক লৈ কয়।

আচলামৰ দুজনী ছোৱালী আৰু এটি ল’ৰাসন্তান। “ল’ৰাটোৱে বিয়া পাতি নতুন এগৰাকী সদস্য ঘৰত সোমাবপৰাকৈ ঠাই নাই,” তেওঁ কয়।

*****

পীৰজাদাত শুকুৰবাৰে কাৰিকৰৰ ছুটী থাকে। আটাইবোৰ ভাতী জুম্মাবাৰত বন্ধ থাকে। আনদিনা হাতুৰী আৰু চেপেনাৰ শব্দৰে ভৰি থকা ঠাইখন সিদিনা নীৰৱ হৈ পৰে।

বন্ধৰ দিনা মহম্মদ নাইমে চাদত উঠি নাতিল’ৰাহঁতৰ সৈতে চিলা উৰুৱায়। “এইখিনি সময় বৰ ভাল লাগে, মনটো পাতল হৈ যায়,” তেওঁ বুজাই কয়।

তেওঁ সপ্তাহটোৰ বাকীকেইটা দিন আচলাম আৰু জানৰ ভাতীৰ পৰা পাঁচ মিনিটমান দূৰত্বত থকা ঠেক গলিৰ ৱৰ্কশ্বপ এটাত কটায়। তেওঁ এই কাম কৰি থকাৰ ৩৬ বছৰ হ’ল। “মানুহে পিতলৰ এই সামগ্ৰীবোৰ কিয় ইমান ভাল পায় মই নাজানো। নিজৰ বাবে কেতিয়াও এটাও সামগ্ৰী সাজি নাপালো,” তেওঁ কয়। আচলাম আৰু জানৰ দৰে তেঁৱো কামলৈ বুলি নিতৌ ২০ কিলোমিটাৰ যাতায়াত কৰে। পুৱে ধলফাট নিদিওতে কামলৈ ওলায়। দিনটোৰ অহা-যোৱাৰ বাবদ তেওঁৰ দিনে ৮০ টকা খৰছ হয়।

PHOTO • Aishwarya Diwakar
PHOTO • Aishwarya Diwakar

মহম্মদ নাইমৰ ভাতীটো; তেওঁ কয়লাৰ অঙঠাখিনি চাইছে (বাওঁফালে), অগ্নিশালৰ পৰা (সোঁফালে) খালি হাতেৰে সাঁচ এটা উলিয়াই আনিছে

৫৫ বৰ্ষীয় লোকজনে ভাতীটো চম্ভালে, তেওঁৰ আন তিনিজন সহকৰ্মীয়ে ধাতু গলাই সাঁচত ঢলা আৰু আকাৰ দিয়া কাম কৰে।

তেওঁলোকে পূজাৰ সামগ্ৰী বনাই আছে। তাৰ ভিতৰত আছে দীয়া (চাকি), পিতলৰ ওম আকৃতি আৰু চাকিৰ গছা অংশটো। তাৰে প্ৰায়ভাগ সামগ্ৰীয়েই মন্দিৰত ব্যৱহাৰ কৰা হয়, নাইমে কয়।

“আমি দেশৰ প্ৰতিটো মন্দিৰৰ বাবে পিতলৰ সামগ্ৰী বনোৱা বুলি আমি ক’ব পাৰো, কোৱাৰ পৰা একো বিপদ নাই,” তেওঁ আঙুলিতে ঠাইবোৰ গণি গণি মিচিকিয়াই হাঁহি কয়, “কেৰালা, বাৰাণসী, গুজৰাট আৰু বহু ঠাইৰ মন্দিৰ।”

উষ্ণতা ৪২ ডিগ্ৰী চেলচিয়াছ পাৰ হৈছে, কিন্তু প্ৰত্যেকৰে কাৰণে চাহ কৰাৰ বাবে নাইমে জোৰ দিছে। “মই সবতকৈ ভাল চাহ বনাও,” তেওঁ চকু টিপ মাৰি কয়। “আপুনি কেতিয়াবা ভাট্টিৰ চাহৰ খাই পাইছেনে?” পাৰিৰ প্ৰতিবেদকজনক তেওঁ সোধে। তেওঁৰ চাহৰ বিশেষত্ব কি বুলি জনাৰ আগ্ৰহ কৰাত তেওঁ কয় যে তেওঁ ভাতীৰ গৰমত চাহখিনি ভালদৰে উতলায়।

নাইমে তেওঁৰ ভায়েক আৰু সম্পৰ্কীয় ভাতৃৰ পৰা এই কামলৈ আগবাঢ়িছিল। কিন্তু তেওঁৰ পৰিয়ালৰ পাৰম্পৰিক বৃত্তি আছিল কাপোৰ বিক্ৰী কৰা। “তেওঁলোক ওলাই গ’ল, মই অকলে থাকি গ’লো,” তেওঁ কয়।

নাইমে ভাবে যে দিনটোৰ কষ্টৰ বাবদ পোৱা ৪৫০-৫০০ টকা কমেই হয়। সেয়ে প্ৰায়ে তেওঁ কাম এৰাৰ কথা ভাবে। “পইচা থাকিলে মই আকৌ কাপোৰ বেচিবলৈ গ’লোহেঁতেন। সেই কামটো মই ভাল পাও। এখন চকীত দিনটো আৰামত বহি থাকি কাপোৰ বিক্ৰী কৰি থাকিলেই হ’ল,” তেওঁ কয়।

PHOTO • Aishwarya Diwakar
PHOTO • Aishwarya Diwakar

বাওঁফালে: নাইম আৰু তেওঁৰ সহকৰ্মীয়ে চাকি আৰু পিতলৰ ওম আকৃতি সাজি উলিয়ায়, সেইবোৰ ভাৰতৰ বিভিন্ন ঠাইৰ মন্দিৰবোৰলৈ যায়। সোঁফালে: সাঁচৰ পৰা ওম আকৃতি এটা উলিওৱা হৈছে

PHOTO • Aishwarya Diwakar
PHOTO • Aishwarya Diwakar

বাওঁফালে: নাইমে সাঁচত ঢালি সাজি উলিওৱা ওমটো হাতত লৈছে। সোঁফালে: পলিচ নকৰা নাইম সজা চন্দন পিয়ালি, এইমাত্ৰ সাঁচৰ পৰা উলিওৱা হৈছে

*****

পিতলৰ এই বিখ্যাত উদ্যোগটো কেন্দ্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ এক দেশ এক পণ্য আঁচনিৰ অংশ, তাৰোপৰি মুৰাদাবাদৰ ধাতুৰ শিল্পই ২০১৪তে ভৌগোলিক সূচাংক পাইছে। কিন্তু কাৰিকৰসকলৰ পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই।

পিতলৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্রত সাঁচত ঢলা কামটো আটাইতকৈ কষ্টকৰ। কাৰিকৰে আঠুত ভৰ দি বহুসময় মজিয়াত কাম কৰিব লাগে, গধুৰ বস্তু ইফালৰ পৰা সিফালে টনা-মেলা কাম কৰি থাকিব লাগে, বালিৰ পৰিমাণ মিলাব লাগে আৰু অগ্নিশালত কয়লা দি থাকিব লাগে। এই আটাইবোৰ কামত কষ্টও আছে আৰু অতিকৈ সাৱধান হৈ কৰিব লাগে।

সামান্য আয়ৰ বিনিময়ত এনেকৈ কঠোৰ পৰিশ্ৰম দেখি নতুন প্ৰজন্মই সাঁচত ঢালা কামটোৰ প্ৰতি বিমুখ হৈছে।

যুৱচামৰ বহুতেই ধাতুৰ উপৰিভাগত মীনা কৰা কামত নিয়োজিত। তেওঁলোকে কয় যে এয়া সন্মান থকা কাম, এনে কাম য’ত আপোনাৰ কাপোৰ লেতেৰা নহয়। তেওঁলোক নিয়োজিত হৈ থকা আন আন কাম হৈছে পেকিং, চিলাই কৰা আৰু পণ্য কাৰ্ত্তনত ভৰোৱা আদি।

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: মুৰাদাবাদৰ যুৱচামৰ বহুতেই এই কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে যদিও মহম্মদ সুভানৰ হাত আন উপায় নাই। তেওঁ ক’ভিডৰ সময়ত তেওঁৰ জমাধনৰ আটাইখিনি উদং কৰিলে আৰু এতিয়া অভাৱত ভুগিছে। তেওঁ ৱেল্ডিঙৰ কাম থাকিলে সেয়াও কৰে। সোঁফালে: অগ্নিশালৰ পৰা এইমাত্ৰ উলিওৱা দীয়া (চাকি), সুভানে সজা

PHOTO • Mohd Shehwaaz Khan
PHOTO • Mohd Shehwaaz Khan

বাওঁফালে: ‘মই ঘৰৰ দ্বিতীয়জন ডাঙৰ ল’ৰা আৰু ঘৰখন চাবই লাগিব,’ সুভানে কয়। সোঁফালে: তেওঁ ভাতীত কাম কৰোঁতে বাওঁ ভৰিখন অলপ পোৰা গৈছিল যদিও পিছদিনাই কামলৈ আহিছিল

চৌব্বিচ বছৰীয়া মহম্মদ সুভান এগৰাকী পিতলৰ কাম কৰা কাৰিকৰ। তেওঁ পৰিয়াল চম্ভালিবলৈ দুটা কাম কৰে। দিনৰ ভাগত তেওঁ পিতলৰ ঢালাই কাম কৰি ৩০০ টকা পায়। ৱেল্ডিং চিজনত তেওঁ ইলেকট্ৰিচিয়ান হিচাপে কাম কৰে, প্ৰতিবাৰ ৱেল্ডিঙত তেওঁ প্ৰায় ২০০ টকা পায়। “পইচাৰ অভাৱ হেতুকে এই কাম এৰাৰ কথা ভাবিব নোৱাৰো,” তেওঁ কয়।

ৰিক্সাচালকৰ পুতেক সুভানে ১২ বছৰ বয়সৰ পৰাই কাম কৰিবলৈ লৈছিল। “মই পৰিয়ালৰ দ্বিতীয়জন ডাঙৰ ল’ৰা আৰু পৰিয়ালটো মই চাবই লাগিব,” সুভানে কয়। “ক’ভিডৰ সময়ত জমাধন উদং হ’ল আৰু এতিয়া কাম এৰাটো আৰু অসম্ভৱ হৈ পৰিছে।”

সুভানে জানে যে তেওঁৰেই যে কেৱল এনেকুৱা অৱস্থা, এনে নহয়। “এনে বহু ডেকাল’ৰা আছে, যিয়ে মোৰ দৰে দুটা দুটা কাম কৰিবলগীয়া হৈছে। অগৰ পৰেচানি আতি হ্যে, তৌ কুছ তৌ কৰনা পড়েগা (সমস্যা থাকিলে কিবা এটা সমাধানৰ বাট উলিয়াবই লাগিব),” তেওঁ কয়।

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এমএমএফ)ৰ এক ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Mohd Shehwaaz Khan

মহম্মদ শেহওয়াজ একজন দিল্লি-কেন্দ্রিক সাংবাদিক। ২০২৩ সালে তিনি নিবন্ধ রচনা বিভাগে লাডলি মিডিয়া পুরস্কার পান। শেহনওয়াজ ২০২৩ সালের পারি-এমএমএফ ফেলো।

Other stories by Mohd Shehwaaz Khan
Shivangi Pandey

শিবাঙ্গী পান্ডে একজন নয়াদিল্লি-কেন্দ্রিক সাংবাদিক ও অনুবাদক। ভাষা হারিয়ে যাওয়ায় জনস্মৃতি কীভাবে প্রভাবিত হয়, তা নিয়ে তিনি বিশেষভাবে উৎসাহী। শিবাঙ্গী ২০২৩ সালের পারি-এমএমএফ ফেলো। ২০২৪ সালে আর্মারি স্কোয়ার ভেঞ্চার্স পুরস্কারের দক্ষিণ এশীয় তর্জমায় সাহিত্য বিভাগীয় শর্টলিস্টে তাঁর নাম ওঠে।

Other stories by Shivangi Pandey
Photographer : Aishwarya Diwakar

ঐশ্বর্য দিবাকর উত্তরপ্রদেশের রামপুর-নিবাসী একজন লেখক ও অনুবাদক। ঐশ্বর্য রোহিলখণ্ডের মৌখিক তথা সাংস্কৃতিক ইতিহাস নিয়ে কাজ করেছেন, বর্তমানে তিনি আইআইটি মাদ্রাজের অধীনে উর্দুভাষী একটি এআই-প্রকল্পের সঙ্গে যুক্ত।

Other stories by Aishwarya Diwakar
Editor : Sarbajaya Bhattacharya

সর্বজয়া ভট্টাচার্য বরিষ্ঠ সহকারী সম্পাদক হিসেবে পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ায় কর্মরত আছেন। দীর্ঘদিন যাবত বাংলা অনুবাদক হিসেবে কাজের অভিজ্ঞতাও আছে তাঁর। কলকাতা নিবাসী সর্ববজয়া শহরের ইতিহাস এবং ভ্রমণ সাহিত্যে সবিশেষ আগ্রহী।

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari