“ইয়াত এজোপা বিশাল ছাখুৱা গছ আছিল। হিজলা গাঁৱৰ আৰু ওচৰ পাজৰৰ লোকসকল এই ঠাইতে গোট খাইছিল আৰু বেইছি (সভা) পাতিছিল। ইংৰাজে দৈনিক এনেদৰে মানুহ গোট খোৱা দেখি এই গছজোপা কাটি পেলালে... গছজোপা কটাৰ লগে লগে তাৰপৰা তেজ নিগৰিবলৈ ধৰিলে। তাৰ পাছত গছজোপাৰ গুৰিটো শিল হৈ পৰিল।”

ঝাৰখণ্ডৰ ডুমকা গাঁৱত এসময়ত গছজোপা থকা ঠাইতে বহি ৰাজেন্দ্ৰ বাক্সিয়ে শতিকা পুৰণি কাহিনীটো কৈছিল। “গছজোপাৰ গা-গছডাল,’’ ত্ৰিছ বছৰীয়া ৰাজেন্দ্ৰই কয়, “এতিয়া মৰাং বুৰু দেৱতাৰ উপাসনাৰ বাবে এক পৱিত্ৰ স্থানত পৰিণত হ’ল। চাওতাল (ছান্থাল) জনজাতীয় লোকসকলে ঝাৰখণ্ড, বিহাৰ আৰু বংগৰ পৰা এই ঠাইত পূজা কৰিবলৈ আহে।” বাক্সি নামৰ খেতিয়কগৰাকী মৰাং বুৰুৰ বৰ্তমানৰ নায়কী (পূজাৰী)।

হিজলা গাওঁ ডুমকা নগৰৰ বাহিৰৰ চাওতাল পৰগনাত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি এই গাঁৱৰ জনসংখ্যা হৈছে ৬৪০ গৰাকী। হিজলা গাঁৱৰ পৰা মাত্ৰ প্ৰায় এশ কিলোমিটাৰ দূৰত অৱস্থিত ভগনাদি গাঁৱৰ পৰাই কানু মুৰ্মূ আৰু সিদ’ৰ নেতৃত্বত বৃটিছৰ বিৰুদ্ধে ১৮৫৫ চনৰ ৩০ জুনত ঐতিহাসিক চাওতালি বিদ্ৰোহ চাওতাল হূল আৰম্ভ হৈছিল।

PHOTO • Rahul
PHOTO • Rahul

বাওঁফালে : গছজোপাৰ গা-গছডাল য ত আছিল, তাত এতিয়া চাওতালসকলে মৰাং বুৰুৰ উপাসনা কৰে। সোঁফালে : মৰাং বুৰুৰ বৰ্তমান নায়কী (পূজাৰী) ৰাজেন্দ্ৰ বাক্সি

PHOTO • Rahul
PHOTO • Rahul

বাওঁফালে : ঠাইখনৰ সন্মুখত ইংৰাজে উনবিংশ শতিকাত গঢ়া এখন দ্বাৰ। সোঁফালে : মেলাত প্ৰদৰ্শনৰত চাওতালী শিল্পী

হিজলা গাওঁ হিজলা পাহাৰত অৱস্থিত যিটো ৰাজমহল ক্ষেত্ৰৰ এক সম্প্ৰসাৰিত অংশ। সেয়ে আপুনি যদি গাঁৱৰ যিকোনো এটা বিন্দুৰ পৰা খোজকাঢ়িবলৈ লয় আপুনি এপাক ঘূৰি সেই বিন্দুতে উপনিত হ’ব।

“আমাৰ পূৰ্বপুৰুষসকলে তাত (গছজোপাত) গোটেই বছৰৰ বাবে নীতি-নিয়ম বান্ধি দিছিল”, ২০০৮ চনৰ পৰাই গাঁওখনৰ গাওঁবুঢ়া হৈ থকা ৫০ বৰ্ষীয় সুনিলাল হাঁছদাই লগতে কয়।

হাঁছদাৰ হিজলাত ১২ বিঘা মাটি আছে য’ত খাৰিফ শস্যৰ খেতি কৰে। বাকী মাহকেইটাত তেওঁ ডুমকাৰ নিৰ্মাণ অঞ্চলত দৈনিক হাজিৰা কৰে য’ৰ পৰা কাম কৰা দিনত তেওঁ দিনে ৩০০ কৈ অৰ্জন কৰে। হিজলাত বাস কৰা ১৩২ ঘৰ পৰিয়ালৰ গৰিষ্ঠসংখ্যক লোকেই হৈছে চাওতালি, কৃষি আৰু দিন হাজিৰাৰে জীৱন নিৰ্বাহ কৰে। বিগত কিছু বছৰত বৰষুণৰ অনিশ্চয়তা বৃদ্ধি পাইছে, যাৰ ফলত অধিক লোকৰ সংকটকালীন প্ৰবাস ঘটিছে।

PHOTO • Rahul
PHOTO • Rahul

হিজলা মেলাত নৃত্য প্ৰদৰ্শন কৰা হয় যি মেলা প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত অনুষ্ঠিত হয়

PHOTO • Rahul
PHOTO • Rahul

বাওঁফালে- হিজলা মেলাৰ এক দৃশ্য। সোঁফালে : সীতাৰাম ছৰেণ, মৰাং বুৰুৰ এগৰাকী প্ৰাক্তন নায়কী

মৰাং বুৰুক উৎসৰ্গিত এক গুৰুত্বপূৰ্ণ মেলাও অনুষ্ঠিত হয়। এই বাৰ্ষিক অনুষ্ঠান ফেব্ৰুৱাৰী মাহত বসন্ত পঞ্চমীৰ ওচৰে পাজৰে ময়ুৰাক্ষী নদীৰ পাৰত অনুষ্ঠিত কৰা হয়। ঝাৰখণ্ড চৰকাৰৰ দ্বাৰা প্ৰকাশিত এক জাননী অনুসৰি এই মেলা চাওতাল পৰগনাৰ তদানিন্তন উপায়ুক্ত আৰ. কাষ্টেয়াৰৰ অধীনত ১৮৯০ চনত আৰম্ভ হৈছিল।

ডুমকাৰ সিদ’ কানহু মুৰ্মূ বিশ্ববিদ্যালয়ৰ চাওতালী অধ্যাপক ড. শৰ্মিলা ছৰেণে পাৰিক জনায় যে কভিদ-১৯ অতিমাৰীৰ দুবছৰৰ বাহিৰে এই হিজলা মেলা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে। ভালা (জাঠি) আৰু তৰোৱালৰ পৰা ঢোল আৰু ডৌৰা (বাহৰ বাস্কেট)লৈকে বিভিন্ন সামগ্ৰী এই মেলাত কিনা-বেছা কৰা হয়। পুৰুষ আৰু মহিলাৰ দ্বাৰা এই মেলাত নৃত্য প্ৰদৰ্শনো কৰা হয়।

কিন্তু স্থানীয় লোকৰ প্ৰবৰ্জনৰ ফলত, “এই মেলাত এতিয়া পূৰ্বৰ দৰে জনজাতীয় প্ৰাধান্য নাইকিয়া হ’ল”, প্ৰাক্তন মৰাং বুৰুৰ নায়কী ৬০ বছৰীয়া সীতাৰাম ছৰেণে কয়। তেওঁ লগতে কয়, “আমাৰ পৰম্পৰাসমূহে ইয়াৰ প্ৰভাৱ হেৰুৱাইছে আৰু এতিয়া আন (চহৰীয়া) প্ৰভাৱ বৃদ্ধি পাইছে”।

অনুবাদ: কুইলিন কাকতি

Rahul

রাহুল সিং ঝাড়খণ্ড-নিবাসী স্বতন্ত্র সাংবাদিক। তিনি পূর্বভারতের ঝাড়খণ্ড, বিহার ও পশ্চিমবঙ্গ থেকে পরিবেশ সংক্রান্ত খবরাখবর পরিবেশন করেন।

Other stories by Rahul
Editors : Dipanjali Singh

দীপাঞ্জলি সিং পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার একজন সহকারী সম্পাদক। এছাড়াও তিনি পারি লাইব্রেরির জন্য নথিপত্র সংক্রান্ত গবেষণা ও অনুসন্ধান করেন।

Other stories by Dipanjali Singh
Editors : Devesh

দেবেশ একজন কবি, সাংবাদিক, চলচ্চিত্র-নির্মাতা ও অনুবাদক। তিনি পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার হিন্দি সম্পাদক ও হিন্দি অনুবাদ-সম্পাদক।

Other stories by Devesh
Translator : Quiline Kakoty

Quiline Kakoty is a freelance journalist, writer, blogger and translator. She has been into the field of journalism and translation for the last 15 years and has been contributing for several newspapers, magazines and web portal.

Other stories by Quiline Kakoty