‘‘আপোনাৰ নম্বৰটো আমি গান্ধীৰ ডায়েৰীত পালো৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন গাড়ীয়ে তেওঁক মহটিয়াই থৈ যোৱাত তেওঁৰ মৃত্যু হয়,’’ এখন ৰেচনৰ দোকানৰ মালিক তথা ৰাজনৈতিক কৰ্মী বি. কৃষ্ণইয়াই ৯ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত মোক ফোন কৰি এই কথা জনায়৷
২৪ নৱেম্বৰৰ দিনা মই অন্তিমবাৰৰ বাবে গংগাপ্পা বা গান্ধীক বেংগালুৰু-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথত খোজ কাঢ়ি থকা অৱস্থাত লগ পাইছিলো৷ পুৱা তেতিয়া প্ৰায় ১০.৩০ বাজিছিল৷ গান্ধীৰ ভেশত তেওঁ তেতিয়া অনন্তপুৰ চহৰলৈ ৰাওনা হৈছিল৷ অনন্তপুৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ নিলগত ৰাপটাডু গাঁৱৰ পথৰ দাঁতিৰ ধাবা এখন তেওঁ ৰাতিৰ আশ্ৰয় আছিল। ‘‘প্ৰায় দুমাহ পূৰ্বে কোনোবাই মোক বৃদ্ধ লোক এজনক থকা ঠাইৰ প্ৰয়োজন বুলি কৈছিল৷ সেয়ে মই তেওঁক তাতে থাকিবলৈ দিছিলো৷ মই তেওঁক মাজে-সময়ে খোৱাবস্তুৰো যোগান ধৰিছিলো’’, ধাবাখনৰ মালিক ভেংকটৰামি ৰেড্ডীয়ে এইদৰে কয়৷ মোক ফোন কৰা কৃষ্ণইয়াই প্ৰায়ে তাত চাহ খাইছিল আৰু গংগাপ্পাৰ সৈতে মাজে-সময়ে কথা পাতিছিল৷
মই ২০১৭ চনৰ মে’ত পাৰিত গংগাপ্পাৰ বিষয়ে লিখিছিলো ৷ সেই সময়ত তেওঁৰ বয়স আছিল প্ৰায় চাৰিকুৰি তিনি বছৰ। ৭০ বছৰ বয়সত কৃষি শ্ৰমিকৰ কাম এৰি তেওঁ মহাত্মাৰ ভেশ ধৰি পশ্চিম অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰ চহৰৰ ৰাজহুৱা স্থানসমূহত ঘূৰি ফুৰিছিল৷ কৃষি শ্ৰমিক হিচাপে অৰ্জন কৰা ধনতকৈ ভিক্ষাবৃত্তি কৰি তেওঁ অধিক উপাৰ্জন কৰিছিল৷
২০১৬ চনত খেতি পথাৰত কাম কৰি থকা অৱস্থাত এবাৰ মূৰ্ছা যোৱাৰ পিছত গংগাপ্পাই এই কাম এৰি দিয়ে৷ তাৰ পিছত তেওঁ ৰছী বনোৱাৰ কামত লাগে যদিও ভাতি বয়সৰ দেহাই সেই কামতো তেওঁক লগ নিদিলে৷ শেষত তেওঁ গান্ধীৰ ভেশ ধৰাৰ সংকল্প লয়৷
গান্ধীৰ ভেশ ধৰিবলৈ তেওঁ হাততে পোৱা সামগ্ৰী ব্যৱহাৰ কৰিছিল। মহাত্মাৰ দৰে উজলি উঠিবলৈ তেওঁ ১০ টকীয়া পণ্ডছ্ পাউডাৰ ব্যৱহাৰ কৰিছিল৷ বাটৰ কাষৰ চশমাৰ দোকানৰ পৰা এযোৰ সস্তীয়া চশমা ক্ৰয় কৰিছিল৷ মহাত্মাৰ লাখুটিডালৰ বাবে ১০ টকীয়া বেত এডাল সংগ্ৰহ কৰিছিল৷ মে’ক আপ আৰু কষ্টিউম ঠিকে আছে নে নাই চাবলৈ মটৰ চাইকেলত ব্যৱহৃত আইনা এখন তেওঁ ক’ৰবাৰ পৰা যোগাৰ কৰিছিল৷
২০১৬ চনৰ আগষ্টৰ পৰা এইদৰে গংগাপ্পাই গান্ধীৰ ভেশ ধৰি অনন্তপুৰৰ বাটে-ঘাটে, মেলাই-বজাৰে ঘূৰি ঘূৰি দৈনিক ১৫০-৬০০ টকা উপাৰ্জন কৰিছিল৷ ‘‘অলপতে এখন পৰছা (গাঁৱৰ মেলা)ত মই দিনে ১০০০ টকাকৈ উপাৰ্জন কৰিছিলো’’, তেওঁ মোক গৌৰৱেৰে এই কথা কৈছিল৷
সেই সাধাৰণ নিশকতীয়া শৰীৰৰ গান্ধীয়ে এখন সাম্ৰাজ্যৰ বেলি পতন কৰাইছিল আৰু এই ঘটনাই শিশু গংগাপ্পাক খুব অনুপ্ৰাণিত কৰিছিল৷ গান্ধীৰ দৰে হ’বলৈ ভ্ৰমণ আৰু ধৈৰ্য্যৰ আৱশ্যক বুলি তেওঁ বিশ্বাস কৰিছিল৷ এনেদৰে নিতৌ ন-ন লোকক সাক্ষাৎ কৰি গংগাপ্পাই নিজৰ দলিত (মাডিগা) জাতিৰ যি পৰিচয়, সেই বাস্তৱিকতাৰ পৰা দৰাচলতে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল৷
যেতিয়া প্ৰথমবাৰৰ বাবে মই গংগাপ্পাক লগ পাইছিলো, তেওঁ মোক নিজৰ জাতিৰ বিষয়ে লিখিবলৈ হাক দিছিল৷ কিয়নো তেওঁৰ ৰাতিৰ আশ্ৰয় আছিল অনন্তপুৰৰ এটা মন্দিৰ। দলিত সম্প্ৰদায়ৰ হোৱাৰ বাবে মন্দিৰত তেওঁৰ প্ৰৱেশ আছিল নিষেধ৷ আনকি মহাত্মাৰ ভেশ ধৰোঁতেও তেওঁ ‘পূজাৰী’ সম্প্ৰদায়ৰ দৰে দেখিবলৈ লগুণ আৰু কুমকুম পৰিধান কৰিছিল৷
বাহ্যিক ভেশ সলনি কৰিলেও গংগাপ্পাৰ জাতিৰ পৰিচয় আৰু দৰিদ্ৰতাই তেওঁৰ সৰ্বত্ৰে খেদি ফুৰিছিল৷ যেতিয়া মই তেওঁৰ পৰা বিচ্ছেদিত হোৱা পত্নী এম. অঞ্জনাম্মাক ২০১৭ চনত সাক্ষাৎ কৰি পৰিয়ালটোৰ এখন ফটো লৈছিলো, তেওঁলোকৰ গাঁৱৰে খেলাত ব্যস্ত শিশু এটাই ফটোখনত এই দলিত পৰিয়ালটোৰ সৈতে একেটা ফ্ৰেমত আহিব বিচৰা নাছিল।
দেওবাৰে যেতিয়া কৃষ্ণইয়াই মোক ফোন কৰিছিল, মই তেওঁক মোৰ প্ৰতিবেদনৰ কিছু তথ্য আৰু গংগাপ্পাৰ পৰিয়ালৰ ফটোখন পঠিয়াইছিলো।মই অঞ্জনাম্মাৰ সঠিক ঠিকনা দিব নোৱাৰাত কৃষ্ণইয়াই মোক গংগাপ্পাৰ জাতি পৰিচয়েৰে গাঁওখন বিচৰাৰ পৰামৰ্শ দিছিল, ‘‘গোৰাণ্টলাত তেওঁৰ জাতিৰ পৰিচয়েৰে ঘৰটো বিচৰাৰ চেষ্টা এটা কৰি চাব পাৰি৷ তেওঁ আপোনাক নিজৰ জাতিৰ বিষয়ে কেতিয়াবা কৈছিল নে?’’
অনন্তপুৰৰ পৰা ১০০ কিলোমিটাৰ নিলগত গোৰাণ্টলা গাঁৱৰ এজন চক্ৰ পৰিদৰ্শকক কৃষ্ণইয়াৰ সম্বন্ধীয় লোক এজনৰ চিনা-পৰিচয় আছে৷ তাতে অঞ্জনাম্মাই তেওঁৰ সৰু জীয়েকৰ সৈতে বাস কৰিছিল৷ তেওঁৰ ডাঙৰ জীয়েকে এটা দশক পূৰ্বে আত্মহত্যা কৰিছিল৷ গোৰাণ্টলাৰ এজন কনিষ্টবলে অঞ্জনাম্মাক তেওঁৰ স্বামীৰ মৃত্যুৰ বাতৰি দিয়ে৷ ১০ ডিচেম্বৰ, সোমবাৰে সন্ধিয়া তেওঁ গংগাপ্পাৰ মৃতদেহটো চমজি লয়৷
সেই নিশকতীয়া বৃদ্ধজনক মহটিয়াই যোৱা গাড়ীখন কোনেও চিনাক্ত কৰিব পৰা নাছিল।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ