ফেব্ৰুৱাৰী মাহৰ তপত ৰ’দ, ক’লহাপুৰ জিলাৰ ৰাজাৰাম চুগাৰ ফেক্টৰিত আবেলিটো নিজম পৰিছে। ফেক্টৰিটোৰ চৌহদত থকা কুঁহিয়াৰ কটা শ্ৰমিকৰ শ-ডেৰশ খপয়া (জুপুৰী)বোৰত কোনো নাই। শ্ৰমিকবোৰ আছে বডানাগে গাঁৱত কুঁহিয়াৰ কাটি আছে, তালৈকে ইয়াৰ পৰা খোজকাঢ়ি এঘণ্টাৰ বাট।
কাহি-বাতিৰ খুট-খাট শব্দৰ পৰা বুজিব পাৰি যে কেইগৰাকীমান শ্ৰমিক হয়তো তম্বুলৈ উভতিছে। ক’ৰপৰানো শব্দ আহিছে, সেয়া চাবলৈ গৈ লগ পালো ১২ বছৰীয়া স্বাতিক, তাই পৰিয়ালটোৰ ৰাতিৰ আহাৰৰ প্ৰস্তুতি চলাই আছিল। শেতা পৰা ভাগৰুৱা ছোৱালীজনীয়ে তাইলোকৰ জুপুৰীটোৰ এচুকত অকলে বহি আছিল, তাইৰ আশে-পাশে আছিল পাকঘৰৰ ইটো-সিটো বাচন-বৰ্তন।
“পুৱা ৩ বজাৰ পৰা সাৰে আছো,” হামিয়াই থকা স্বাতিয়ে কয়।
মহাৰাষ্ট্ৰৰ বাৱৰা তালুকৰ কুঁহিয়াৰ খেতিত স্বাতিয়ে মাক-দেউতাক, তাইৰ সৰু ভায়েক আৰু ককাদেউতাকক সহায় কৰিবলৈ পুৱাই গৰুগাড়ীত উঠি গৈছিল। দিনে ২৫ মলি (বাণ্ডিল) কুঁহিয়াৰ কটাৰ বাবে পৰিয়ালটোক দায়িত্ব দিয়া হৈছিল, সেই লক্ষ্য পূৰণ কৰিবলৈ হ’লে পৰিয়ালৰ আটায়ে কাম কৰিবই লাগিব। ৰাতিয়ে ৰান্ধি থোৱা ভাখৰি আৰু বেঙেনাৰ আঞ্জা তাইলোকে দুপৰীয়াৰ আহাৰৰ বাবে টোপোলা কৰি নিছিল।
আবেলি ১ বজাত ফেক্টৰিৰ চৌহদত থকা তম্বুলৈ ছয় কিলোমিটাৰ বাট খোজকাঢ়ি কেৱল স্বাতি ঘূৰি আহে। “বাবা (ককাদেউতাক)য়ে মোক থৈ আকৌ পথাৰলৈ যায়।” ১৫ ঘণ্টা কাম কৰি অৱশ আৰু ভোকে-পিয়াহে আতুৰ হৈ পৰা পৰিয়ালটোৰ বাবে তাই ৰাতিৰ আহাৰ ৰান্ধিবলৈ আনকেইজনতকৈ সোনকালে তম্বুলৈ উভতে। “ৰাতিপুৱাৰ পৰা আমাৰ পেটত কেৱল একাপ চাহ পৰিছে,” স্বাতিয়ে কয়।
এনেকৈ ২০২২ৰ নবেম্বৰত বীড় জিলাৰ ছাকুণ্ডৱাড়ি গাঁৱৰ পৰা ক’লহাপুৰ জিলালৈ স্বাতিৰ পৰিয়ালটোৱে প্ৰব্ৰজন কৰাৰ দিন ধৰি পথাৰৰ পৰা ঘৰলৈ অহা-যোৱা, কুঁহিয়াৰ কটা আৰু ৰন্ধা-বঢ়া কৰা- যোৱা পাঁচমাহ ধৰি এয়া স্বাতিৰ প্ৰাত্যাহিক জীৱন হৈ পৰিছে। এই দিনকেইটাত তাইলোক থাকে ফেক্টৰিৰ চৌহদত থকা তম্বুত। অক্সফাম প্ৰকাশিত হিউমেন ক’ষ্ট অৱ ছুগাৰ শীৰ্ষক ২০২০ৰ এক প্ৰতিবেদনত কৈছে যে মহাৰাষ্ট্ৰৰ প্ৰব্ৰজিত শ্ৰমিকে প্ৰায়ে তিৰ্পালৰ চালি তৰি চুবুৰী পাতি থাকে। এনে চুবুৰীবোৰত পানী, শৌচাগাৰ কিম্বা বিদ্যুতৰ সুবিধা প্ৰায়ে নাথাকে।
“কুঁহিয়াৰ কাটি মই ভাল নাপাও,” স্বাতিয়ে কয়। “গাঁৱত থাকিবলৈয়ে মই ভাল পাওঁ, তাত যে স্কুললৈ যাবলৈ পাওঁ।” তাই ৭ম মানৰ ছাত্ৰী, পাটোদা তালুকৰ ছাকুণ্ডৱাড়ি গাঁৱৰ জিলা পৰিষদৰ মাধ্যমিক বিদ্যালয়ত পঢ়ে। তাইৰ সৰু ভায়েক কৃষ্ণই একেখন স্কুলতে ৩ম মানত পঢ়ে।
স্বাতি মাক-দেউতাক আৰু ককাকৰ দৰে প্ৰায় ৫০০ প্ৰব্ৰজিত শ্ৰমিকে ৰাজাৰাম ছুগাৰ ফেক্টৰিত কুঁহিয়াৰ চপোৱাৰ ঋতুত ঠিকাভিত্তিক কাম কৰে। তেওঁলোকৰ লগত আহে তেওঁলোকৰ কণ কণ ল’ৰা-ছোৱালীবোৰ। “মাৰ্চত (২০২২) আমি চাংলিত আছিলো,” স্বাতিয়ে কয়। এই বছৰটোত স্বাতি আৰু কৃষ্ণই স্কুললৈ নোযোৱা পাঁচ মাহ হ’ল।
“বাবাই (ককা) আমাক প্ৰতিবছৰে মাৰ্চত গাঁৱলৈ লৈ যায়, যাতে আমি পৰীক্ষাত বহিব পাৰো। পৰীক্ষা দি আমি লৰালৰিকৈ ঘূৰি আহি মা-দেউতাক সহায় কৰোঁ,” ৰাজ্যৰ স্কুলীয়া ব্যৱস্থাটোত কেনেকৈ টিকি থাকে সেই বিষয়ে স্বাতিয়ে কয়।
নৱেম্বৰৰ পৰা মাৰ্চলৈ স্কুলত অনুপস্থিত থকাত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো কঠিন হৈ পৰে। “মাৰাঠী আৰু বুৰঞ্জী বিষয়ত পাছ কৰোঁ, কিন্তু গণিত বুজিবলৈ বৰ টান,” স্বাতিয়ে কয়। গাঁৱত লগৰীয়াই সহায় কৰিবলৈ চেষ্টা কৰে, কিন্তু স্কুল খতিৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত নপৰাকৈ নাথাকে।
“উপায়নো কি আছে? মা-দেউতাই কাম কৰিবই লাগিব,” স্বাতিয়ে কয়।
ঘৰত থকা কালছোৱাত (জুনৰ পৰা অক্টোবৰলৈ) স্বাতিৰ মাক-দেউতাক, ৩৫ বৰ্ষীয় বৰ্ষা আৰু ৪৫ বৰ্ষীয় বাসুদেৱে ছাকুণ্ডৱাড়িৰ আশে-পাশে থকা গাওঁবোৰত কৃষিশ্ৰমিক হিচাপে কাম কৰে। “বাৰিষাৰ দিনত, কাপানি(শস্য চপোৱাৰ সময়) লৈকে আমি পথাৰত সপ্তাহত ৪ৰ পৰা ৫ দিন কাম পাওঁ,” বৰ্ষাই কয়।
পৰিয়ালটো ধনগাৰ সম্প্ৰদায়ৰ, মহাৰাষ্ট্ৰত যাযাবৰ জনজাতি হিচাপে তালিকাভূক্ত। দম্পতিহালে দিনে ৩৫০ টকা উপাৰ্জন কৰে - বৰ্ষাই পায় ১৫০ আৰু বাসুদেবে ২০০ টকা। গাঁৱত কাম নাইকিয়া হৈ পৰিলে তেওঁলোকে কুঁহিয়াৰ কটা কাম বিচাৰি বাহিৰলৈ ওলাই আহে।
*****
শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ অধীনত “৬ বছৰৰ পৰা ১৪ বছৰৰ ভিতৰৰ প্ৰতিগৰাকী শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা” প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু স্বাতি আৰু কৃষ্ণৰ দৰে প্ৰব্ৰজনকাৰী কুঁহিয়াৰ শ্ৰমিকৰ সন্তানে (৬ৰ পৰা ১৪ বছৰৰ ভিতৰৰ ০.১৩ মিলিয়নে ) মাক-দেউতাকৰ লগত যোৱাৰ পিছত স্কুলীয়া শিক্ষাৰ সুবিধা নাপায়।
স্কুলীয়া শিক্ষা আধাতে এৰা হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে ‘এজুকেচন গেৰাণ্টি কাৰ্ড (ই.জি.চি.)’ মুকলি কৰিছে। শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ অধীনত ২০১৫ত লোৱা এক সংকল্প প্ৰস্তাৱৰ অধীনত এই আঁচনি মুকলি কৰা হৈছিল। শিশুটিয়ে যিকোনো অঞ্চলত থাকি যাতে শিক্ষা লাভ কৰিব পাৰে, তাৰবাবে কাৰ্ডখনৰ প্ৰৱৰ্তন কৰা হৈছিল। কাৰ্ডখনত শিক্ষাৰ্থীজনৰ বিদ্যায়তনিক সকলোখিনি বিৱৰণ থাকে আৰু সেইখন জাৰী কৰে শিক্ষাৰ্থীজনৰ গাঁৱৰ স্কুলৰ শিক্ষকে।
“যিখন জিলালৈ প্ৰব্ৰজিত হয়, সেইখনলৈ শিশুটিয়ে কাৰ্ডখন লৈ যাব লাগে,” বীড় জিলাৰ এগৰাকী সমাজকৰ্মী অশোক টাংড়েয়ে কয়। নতুন স্কুলখনত কাৰ্ডখন দেখুৱালে, “মাক-দেউতাকে শিশুটিৰ নামভৰ্তিৰ বাবে একো কৰিবলগীয়া নহয় আৰু আগৰ শ্ৰেণীতে শিশুটিয়ে পঢ়িবলৈ পায়,” তেওঁ কয়।
কিন্তু বাস্তৱত, “আজিৰ তাৰিখলৈ এখনো ই.জি.চি. কাৰ্ড ইছ্যু কৰা হোৱা নাই,” অশোকে কয়। বছৰত কেইমাহমান প্ৰব্ৰজন কৰা পৰিয়ালৰ শিশুলৈ স্কুলে নিজে এই কাৰ্ডখন দিব লাগে।
“জিলা পৰিষদৰ আমাৰ স্কুলে এনে কোনো কাৰ্ড আমাক দিয়া নাই,” বহুকেইমাহলৈ স্কুল খতি হোৱা স্বাতিয়ে কয়।
ছুগাৰ ফেক্টৰিটোৰ পৰা তিনি কিলোমিটাৰ দূৰত জিলা পৰিষদৰ এখন স্কুল আছে যদিও কাৰ্ড নথকাত স্বাতি আৰু কৃষ্ণাই সেইখনলৈ যাব পৰা নাই।
প্ৰব্ৰজনকাৰী কুঁহিয়াৰ খেতিৰ শ্ৰমিকৰ প্ৰায় ১.৩০ লাখ শিশুৱে শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ নিৰ্দেশ স্বত্ত্বেও শিক্ষালাভ কৰিব পৰা নাই
পুণেৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এগৰাকী বিষয়াই অৱশ্যে নিশ্চয়তাৰে কয়, “আঁচনিখন চলি আছে। স্কুল কৰ্তৃপক্ষই প্ৰব্ৰজিত শিক্ষাৰ্থীক কাৰ্ড দিয়ে।” কিন্তু এনে কাৰ্ড পোৱা শিশুৰ ডেটা বিচাৰোতে বিষয়াগৰাকীয়ে কয়, “এই সমীক্ষা চলি আছে, ই.জি.চি.ৰ ডেটা সংগ্ৰহ কৰি থকা হৈছে।”
*****
“ইয়াত থাকি বেয়া পাওঁ,” অৰ্জুন ৰাজপুতে কয়। চৈধ্য বছৰীয়া ল’ৰাটোৱে ক’লহাপুৰ জিলাৰ যাদৱবাৰী এলেকাৰ দুই একৰ মাটিৰ ইটাৰ ভাতী এটাত পৰিয়ালৰ সৈতে কাম কৰে।
তেওঁৰ সাতজনীয়া পৰিয়ালটোৱে ঔৰংগাবাদ জিলাৰ ৱাৰাগাওঁ গাঁৱৰ পৰা ক’লহাপুৰ-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ইটাৰ ভাতীত কাম কৰিবলৈ আহিছে। ব্যস্ততাৰে ভৰা ভাতীটোতদিনত গড়ে ২৫ হাজাৰ ইটা বনোৱা হয়। অৰ্জুনৰ পৰিয়ালটো ভাৰতৰ ১০ৰ পৰা ২৩ মিলিয়ন লোকৰ মাজৰ এটা, যিয়ে ইটাৰ ভাতীত কাম কৰে। উচ্চ উষ্ণতাত কঠোৰ শাৰীৰিক শ্ৰমৰ প্ৰয়োজন হোৱা এই কামত তেওঁলোকৰ মজুৰি তেনেই নিম্ন। কাম বিচৰা শ্ৰমিকে ক’তো একো কাম নাপালে ইটাৰ ভাতীত সোমায়।
তেওঁৰ মাক-দেউতাকৰ কোৱা মতে অৰ্জুনে নৱেম্বৰৰ পৰা মে’ মাহলৈ স্কুললৈ যাবলৈ নাপায়। “মই গাঁৱৰ জিলা পৰিষদৰ স্কুলখনত ৮ম মানত পঢ়ো,” উশাহ বন্ধ কৰি পেলাব খোজা ধূলি উৰুৱাই জেচিবি এখন পাৰ হৈ যোৱাৰ মাজতে অৰ্জুনে কয়।
ৱাৰগাঁৱত অৰ্জুনৰ মাক-দেউতাক সুমন আৰু আবাচাহেবে গংগাপুৰ তালুকৰ আশে-পাশে থকা গাওঁবোৰৰ খেতিপথাৰত দিনহাজিৰা কৰে। খেতিৰ আৰু খেতি চপোৱাৰ দিনকেইটাত তেওঁলোকে মাহত কোনোমতে ২০ দিনৰ হাজিৰা পায় আৰু দিনে ২৫০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে। এইকেইটা মাহত অৰ্জুনে স্কুললৈ যাবলৈ পায়।
যোৱাবছৰ তেওঁৰ মাক-দেউতাকে উচাল লৈছিল, উচাল মানে অগ্ৰীম ধন। তেওঁলোকৰ কেঁচা ঘৰটোৰ কাষত পকীঘৰ এটা বনাবলৈ। “আমি ডেৰ লাখ টকা ধাৰে লৈ ঘৰৰ ভেটিটো বনাইছিলো,” সুমনে কয়। “এইবছৰ বেৰবোৰ বনাবলৈ এক লাখ টকা আগধন লৈছো।”
তেওঁলোকে কৰা প্ৰব্ৰজনৰ কথা তেওঁ এনেদৰে কয়, “আন কোনো উপায়ে আমি বছৰত এক লাখ টকা উপাৰ্জন কৰিব নোৱাৰো। এই কামেই (ইটাৰ ভাতীত কাম কৰা) একমাত্ৰ উপায়।” অহাবছৰ “প্লাষ্টাৰ কৰাৰ কাৰণে পইচা গোটাবলৈ” আকৌ এবাৰ অহাৰ কথা তেওঁ কয়।
দুটা বছৰ গ’ল, ঘৰটো বনাবলৈ আৰু দুটা বছৰ যাবলৈ আছে। ইফালে অৰ্জুনৰ শিক্ষাত আধ্যা পৰিছে। সুমনৰ পাঁচটা সন্তানৰ চাৰিটাই আধাতে পঢ়া এৰিছে আৰু ২০ বছৰ নৌহওতেই বিয়া দিয়া হৈছে। শিশুটিৰ ভৱিষ্যতক লৈ চিন্তিত আৰু অসুখী সুমনে কয়, “মোৰ ককাহঁতে ইটাৰ ভাতীত কাম কৰিছিল, তেওঁলোকৰ পিছত মোৰ মা-দেউতাই আৰু এতিয়া মই। প্ৰব্ৰজনৰ এই চক্ৰ কেনেকৈ বন্ধ কৰিব পাৰিম, মই নাজানো।”
এতিয়া পঢ়া অব্যাহত ৰখাজন কেৱল অৰ্জুন, কিন্তু তেওঁ কয়, “ছমাহ স্কুলৰ পৰা আঁতৰি থাকি ঘৰলৈ গৈ পঢ়াত মন বহাব নোৱাৰা হওঁ।”
প্ৰতিদিনে ছঘণ্টা সময় অৰ্জুন আৰু অনীতা (তেওঁৰ মোমায়েকৰ ছোৱালী) অৱনী নামে বেচৰকাৰী সংস্থাটোৱে ইটাৰ ভাতীৰ কাষতে পতা ডে-কেয়াৰ কেন্দ্ৰটোত কটায়। অৱনী নামে সংস্থাটোৱে ক’লহাপুৰ আৰু চাংলিৰ ২০ টামান ইটাৰ ভাতীত আৰু কেইটামান কুঁহিয়াৰ ফাৰ্মত ডে-কেয়াৰ কেন্দ্ৰ চলায়। অৱনীত প্ৰায়ভাগ ল’ৰা-ছোৱালী কাটকাৰি সম্প্ৰদায়ৰ, তেওঁলোক বিশেষভাবে বিপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.) হিচাপে অন্তৰ্ভূক্ত, নাইবা যাযাবৰ শ্ৰেণী হিচাপে তালিকাভূক্ত বেলদাৰ সম্প্ৰদায়ৰ। প্ৰায় ৮০০ৰ উচৰা-ওচৰি ইটাৰ ভাতী থকা ক’লহাপুৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ঘাটি, অৱনীৰ সহন্বয়ক ছাট্টাপ্পা মহিতে কয়।
“ইয়াত (ডে-কেয়াৰ কেন্দ্ৰত) মই চতুৰ্থ শ্ৰেণীৰ কিতাপ নপঢ়ো। অৱশ্যে আমি খাবলৈ আৰু খেলিবলৈ পাওঁ,” অনীতাই মিচিকিয়াই হাঁহি কয়। ৩ৰ পৰা ১৪ বছৰীয়া প্ৰায় ২৫ গৰাকী শিশুৱে এই কেন্দ্ৰটোলৈ আহে। মধ্যাহ্ন ভোজনৰ উপৰিও তাত খেলা-ধূলা কৰিবলৈ আৰু সাধুকথা শুনিবলৈ পায়।
কেন্দ্ৰটোত দিনটো শেষ হোৱাৰ পিছত অৰ্জুনে সংকোচবোধ কৰি কয়, “আমি আই-বাবাক সহায় কৰোঁ (ইটা বনোৱাত)।”
সাতবছৰীয়া ৰাজেশ্বৰী নাইনেগেলি সেই কেন্দ্ৰটোৰে এগৰাকী শিশু। তাই কয়, “কেতিয়াবা ৰাতি মাৰ লগত ইটা বনোৱা কাম কৰোঁ।” কৰ্ণাটকৰ গাওঁ এখনৰ স্কুলত ২য় শ্ৰেণীৰ ছাত্ৰী কণমানি ৰাজেশ্বৰীয়ে কামটোত অভ্যস্ত হৈ পৰিছে: “আই আৰু বাবাই আবেলি ইটাৰ বাবে মাটি প্ৰস্তুত কৰে, ৰাতি ইটা বনায়। তেওঁলোকে যি কৰে সেয়া মই অনুসৰণ কৰোঁ।” তাই ইটাৰ সাঁচটোত হেঁচি হেঁচি মাটি ভৰায়। তাৰপিছত সাঁচটোৰ পৰা উলিওৱা কামটো কৰে মাক-দেউতাকে, সেইটো দাঙি সাঁচৰ পৰা উলিওৱাৰ শক্তি সেই কণমানি হাতদুখনৰ নাই।
“কিমান বনাও (ইটা) সেয়া মই নাজানো, কিন্তু ভাগৰত মই শুই যাও আৰু আই-বাবাই কাম কৰি থাকে,” ৰাজেশ্বৰীয়ে কয়।
অৱনীত থকা ২৫ গৰাকী শিশু, তাৰে বেছিভাগেই মহাৰাষ্ট্ৰৰ, ক’লহাপুৰলৈ প্ৰব্ৰজন কৰাৰ পিছত পঢ়া অব্যাহত ৰাখিবলৈ তেওঁলোকৰ কাৰো হাততেই ই.জি.চি. কাৰ্ড নাই।
“ইমান দূৰত (স্কুলখন)। তালৈ কোনে আমাক লৈ যাব?” অৰ্জুনে জানিব বিচাৰিছে।
কাৰ্ডখনে আনকি ইমানখিনিলৈ প্ৰতিশ্ৰুতি দিছে যে স্কুলখন যদি ১ কিলোমিটাৰতকৈ বেছি দূৰত হয়, তেতিয়া “স্থানীয় শিক্ষা বিভাগ, জিলা পৰিষদ নাইবা পৌৰনিগমে প্ৰব্ৰজনকাৰী শিশুৰ শিক্ষাৰ বাবে শ্ৰেণীকোঠা আৰু যাতায়তৰ সুবিধা কৰি দিব লাগে।”
কিন্তু, দুটা দশক ধৰি অঞ্চলটোত কাম কৰি থকা বেচৰকাৰী সংগঠন অৱনীৰ প্ৰতিস্থাপক আৰু সঞ্চালক অনুৰাধা ভোসলেয়ে কয়, “এই সুবিধাৰ কথা কেৱল কাগজে-পত্ৰইহে আছে।”
আহমেদনগৰ জিলাৰ আৰতি পাৱাৰে ক’লহাপুৰৰ ইটাৰ ভাতীত কাম কৰে। “২০১৮ত মা-দেউতাই মোক বিয়া পতাই দিয়ে,” ৭ম মানৰ পিছত পঢ়া এৰা ২৩ বছৰীয়া মহিলাগৰাকীয়ে কয়।
“আগতে স্কুললৈ গৈছিলো। এতিয়া ইটাৰ ভাতীত কাম কৰোঁ,” আৰতীয়ে কয়।
*****
“দুবছৰ আমি একোৱেই পঢ়া নাই। আমাৰ স্মাৰ্টফোন নাই,” ২০২০ৰ মাৰ্চৰ পৰা ২০২১ৰ জুনলৈ যেতিয়া সমগ্ৰ শিক্ষাব্যৱস্থাটো অনলাইন হৈ পৰিছিল, সেই সময়ৰ কথা মনত পেলাই অৰ্জুনে কয়। “আনকি মহামাৰীৰ আগতেও ভালেকেইমাহ স্কুল খতি হোৱাত পৰীক্ষা পাছ কৰাটো মোৰ বাবে টান হৈ পৰিছিল। ৫ম মানৰ দুবাৰ পৰীক্ষা দিছিলো,” এতিয়া ৮ম মানত পঢ়া অৰ্জুনে কয়। মহাৰাষ্ট্ৰৰ আন বহু শিক্ষাৰ্থীৰ দৰে অৰ্জুনকো স্কুললৈ নোযোৱাকৈয়ে চৰকাৰী নিৰ্দেশ অনুযায়ী ৬ম আৰু ৭ম শ্ৰেণীলৈ উত্তীৰ্ণ কৰাই দিয়া হৈছিল।
“দেশৰ ভিতৰতে প্ৰব্ৰজিত লোকৰ হাৰ ভাৰতৰ মুঠ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল অনুযায়ী) ৩৭ শতাংশ (৪৫ কোটি) আৰু ইয়াৰে বহুখিনি শিশু বুলি ধাৰ্য্য কৰা হৈছে। ইমান বৃহৎ সংখ্যক শিশুৰ বাবে ফলপ্ৰসু চৰকাৰী নীতি প্ৰণয়ন আৰু তাৰ সঠিক ৰূপায়ণ অতিকৈ জৰুৰী। প্ৰব্ৰজিত শ্ৰমিকৰ শিশুৰ শিক্ষা অব্যাহত থকাটো নিশ্চিত কৰা এক অতিশয় গুৰুত্বপূৰ্ণ চৰকাৰী নীতি হ’ব লাগে বুলি আই.এল.অ’ৰ ২০২০ত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে।
“ৰাজ্যিক কিম্বা কেন্দ্ৰীয় পৰ্যায়ত চৰকাৰে প্ৰব্ৰজিত শিশুৰ শিক্ষাৰ নিশ্চয়তা প্ৰদানৰ বাবে বিশেষ আগ্ৰহী নহয়,” অশোক টাংড়েয়ে কয়। এনেদৰে প্ৰব্ৰজিত শিশুৱে তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাই নহয়, এক অতিকৈ অসুৰক্ষিত পৰিৱেশত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে।
ওড়িশাৰ বাৰগঢ় জিলাৰ সুনালাৰম্ভা গাঁৱৰ কণমানি গীতাঞ্জলি চুনাই বহুদূৰ অতিক্ৰম কৰি ২০২২ৰ নৱেম্বৰত মাক-দেউতাক আৰু ভনীয়েকৰ সৈতে ক’লহাপুৰৰ ইটাৰ ভাতীলৈ আহিছিল। কোৰ্হাল কৰা মেচিনৰ মাজত অৱনী স্কুলত তাই আন ল’ৰা-ছোৱালীৰ সৈতে খেলা-ধূলা কৰিছে। ক’লহাপুৰৰ কোলাহলপূৰ্ণ ধূলিময় বাতাবৰণ কোনো এটা সময়ত সিহঁতৰ হাঁহি-খিকিন্দালিৰে ভৰি পৰিছে।
অনুবাদ: পংকজ দাস