‘বন্দৰ কি ফেৰি লাও, বন্দৰ কি ফেৰি লাও…(বান্দৰৰ খানা আনক…)’

যুঁজাৰাম ধৰ্মজী সন্তে চাইকেল মাৰি ৰাজস্থানৰ সিৰোহী জিলাৰ শিৱগঞ্জ চহৰৰ গলিয়েদি গৈ থাকোতে এইখিনি কথাই কৈ যায়। ‘মানুহে প্ৰায়ে ৰৈ যোৱা ৰুটি, ভজা আৰু নভজা পাচলি আদি এনেয়ে দি যায়,’ তেওঁ কয়। ‘আৰু প্ৰায় ছয়-সাতোটা গলি খাদ্য সংগ্ৰহ কৰোঁ মানে এবস্তমান হয়গৈ।’ খাদ্য সংগ্ৰহৰ সময়ত তেওঁ ১৫-২০ কিলো মান ধৰা প্লাষ্টিকৰ বস্তা এটা লৈ যায়।

প্ৰতি বছৰে আঠ মাহৰ বাবে যুঁজাৰাম পুৱা ৮.৩০ৰ পৰাই বান্দৰৰ বাবে খাদ্য সংগ্ৰহৰ কামত লাগে। বস্তাটো এবাৰ ভৰ্ত্তি হোৱাৰ পিছত তেওঁ সিৰোহী টেহচিলৰ দক্ষিণ-পশ্চিম দিশৰ পালৰি গাঁৱত থকা গণকেশ্বৰ মহাদেব মন্দিৰলৈ ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি আঠ কিলোমিটাৰ বাট মপেড লৈ যায়।

তেওঁ পুৱা ১১ বজাত গৈ মন্দিৰ পায় আৰু ‘আহ আহ’ বুলি বান্দৰবোৰক মাতে। ক্ষণিকতে ২০০ৰ পৰা ৩০০ লংগুৰ আহি তেওঁৰ পিনে চাই ৰয়, যেন যাদুহে! অনুশাসনত থকা ল’ৰা-ছোৱালীৰ দৰে বান্দৰবোৰে খাদ্য পোৱালৈ অপেক্ষা কৰি ৰয়। কিন্তু সিহতলৈ বুলি ৰুটি দলিয়াবলৈ আৰম্ভ কৰাৰ লগে লগে সিহতৰ অনুশাসন ভাগে আৰু যেনি-তেনি দৌৰি-জপিয়াই ৰুটি থপিয়াই খাবলৈ ধৰে। আৰু বান্দৰ জমা হয়। যুঁজাৰামে অনুমান কৰা মতে তেওঁ হাবিখনত থকা প্ৰায় ৭০০ মান বান্দৰক আধা ঘণ্টাতে খুৱাই আজৰি হয়। ‘সিহতে গৰমৰ দিনত আলু, বিস্কুট, পানীলাও আৰু গাজৰ, ৰুটি আদি আৰু আনকি চিক্কুও ভাল পায়’

বাহিৰৰ পৰা আহি কোনোবাই খুৱাব বিচাৰিলে সিহঁত হিংসুক হৈ পৰে, তেওঁ কয়। ‘সিহঁতে বাহিৰৰ মানুহ দেখিলে ভয় খায়, মানুহে প্ৰায়ে সিহঁতক শিল মাৰি আঘাত দিয়ে। মানুহেই সিহঁতক মাৰে, এয়া বৰ দুখলগা কথা। কিয় মানুহে তেনে কৰে?’ তেওঁ ভাবি আচৰিত হয়।

Jhujaram Dharmiji Sant with his moped and the sack of food on the ground
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman

যুঁজাৰামে চাইকেল মাৰি খাদ্য সংগ্ৰহ কৰে আৰু পিছত মপেড এখনত বান্দৰলৈ বুলি এবস্তামান খাদ্য লৈ যায়

Jhujaram Dharmiji Sant feeding the langurs
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman
Langurs eating rotis that have been given to them by Jhujaram Dharmiji Sant
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman

বাওঁফালেঃ যুঁজাৰামে বান্দৰক খাদ্য দি থকা অৱস্থাত। সোঁফালেঃ মাইকী বান্দৰ এটাই কেচুৱাৰ লগত য়ুঁজাৰামে দিয়া ৰুটি খাইছে

যুঁজাৰামে বান্দৰবোৰক হিন্দু দেৱতা হনুমানৰ অৱতাৰ জ্ঞান কৰে আৰু তেওঁৰ কামক সেৱা হিচাপে গণ্য কৰে। ‘বহুবছৰ ধৰি এনেদৰে খাদ্য দিয়া কাম চলি আছে, সেয়ে বান্দৰবোৰ সদায় আহি আহি অভ্যস্ত হৈ গৈছে। যদি মই কেইদিনমান আহিব নোৱাৰা হওঁ, তেতিয়া সিহঁতে ওলাই আহোতে অলপ পলম কৰে,’ তেওঁ কয়।

সিৰোহী জিলাৰ পালাদি পঞ্চায়তৰ কাষৰ আন্দোৰে গাঁৱত জন্ম হোৱা চল্লিশোৰ্ধৰ যুঁজাৰামে যোৱা পাঁচ বছৰ ধৰি এই কাম কৰি আহিছে। শিৱগঞ্জৰ স্থানীয় সংস্থা হনুমান সেৱা সংঘই তেওঁক মাহে ৪ হাজাৰ টকা দিয়ে। ‘মই টকা পাওঁ ঠিকেই, কিন্তু শ্ৰমিক হিচাপে নহয়, মই চেনেহতে এই কাম কৰোঁ। টকা মোৰ খাতাত নোসোমায়, সেয়া সোমায় ওপৰৱালাৰ খাতাত, মালিকৰ (ইশ্বৰৰ) খাতাত। এই কাম পুণ্যৰ কাম। সিহঁতৰ (বান্দৰবোৰৰ) আশীৰ্বাদেই সকলো। সিহঁতৰ যত্ন ল’লে মালিকে সিহঁতৰ কথা শুনিব আৰু মোক আশীৰ্বাদ দিব।’

যুঁজাৰাম ৰেবাৰী জনজাতিৰ লোক (ৰাজস্থানত অনান্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত)। তেওঁ গানো গায়। তেওঁৰ পত্নিয়ে উৎসৱ-পাৰ্ৱণত ভজন গায়। তেওঁৰ দুই সন্তানৰ এজনে স্থানীয় কাপোৰৰ দোকান এখনত কাম কৰে আৰু আনজন পঞ্চম মানত পঢ়ি আছে। তেওঁ ঘৰখনো চোৱাচিতা কৰে লগতে তেওঁলোকৰ লগতে থকা যুঁজাৰামৰ মাকৰো যতন লয়।

বান্দৰৰ আহাৰ গোটোৱা কাম নকৰা সেই চাৰিটা মাহত যুঁজাৰামে নিৰ্মাণ খণ্ডৰ শ্ৰমিক হিচাপে, নাইবা শিৱগঞ্জৰ ৰাস্তাত আইচক্ৰীম বিক্ৰী কৰি পেট পোহে। ‘মই কাম কৰি কেতিয়াবা ১০০০ৰ পৰা ২০০০ টকা মাহে উপাৰ্জন কৰে আৰু কেতিয়াবা এটকাও নাপাও। মোৰ ল’ৰাই (কাপোৰৰ দোকানত কাম কৰি) ৪ হাজাৰ টকা উপাৰ্জন কৰে। কেতিয়াবা নাটনি হ’লে ভোলানাথে (হিন্দু দেৱতা শিৱ) আমাক চাব,’ তেওঁ কয়।

Illustration of Jhujaram Dharmiji Sant feeding the langurs rotis
PHOTO • Srishti Vaishnavi Kumaran
Jhujaram Dharmiji Sant feeding the langurs rotis
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman

‘সিহঁতৰ আশীৰ্বাদেই সকলো’

জহকালি যেতিয়া যুঁজাৰামে বান্দৰক খাদ্য দিয়া কাম অকলে চম্ভালিব নোৱাৰা হৈ যায়, তেতিয়া হনুমান সেৱা সংঘই আৰু এজন মানুহক তেওঁৰ সহযোগী হিচাপে দায়িত্ব দিয়ে। বাৰিষা পৰিলে দুয়ো কিছুদিনৰ কাৰণে কাম এৰে। ‘বৰষুণৰ পিছত হাবিখনত খাদ্যৰ অভাৱ নাইকিয়া হয়। যোৱা বছৰ ভাল বৰষুণ হৈছিল, ঠাইখন সেউজীয়া হৈ পৰিছিল,’ তেওঁ মনত পেলালে।

কিন্তু জহকালি যেতিয়া ক’তো পানী নোহোৱা হৈ যায়, তেতিয়াই বান্দৰৰ জাকটো ইয়ালৈ আহে। বান্দৰৰ পাঁচটা জাক আছে। শীতকালি তাৰে তিনিটা জাক ইয়ালৈ খাব আহে। আৰু বাকী দুটা জাক পাহাৰৰ ওপৰলৈ যায়, তেওঁ পাহাৰৰ চুড়াৰ ফালে আঙুলিয়াই ক’লে। ‘মন্দিৰটোৰ পিছফালে গাওঁবোৰ আছে, সিহঁত তালৈ যায়। শীতকালি সিহঁতে গাঁওবোৰলৈ ওলাই যায়, তাতে খাবলৈ পৰ্যাপ্ত খাদ্য পায়, কেতিয়াবা পথাৰৰ ধানো খায়।’

‘জহকালি হাবিত সিহঁতৰ বাবে খাদ্যৰ অভাৱ হয়, সেয়ে মই বেছি খাদ্য অনাৰ চেষ্টা কৰোঁ। তদুপৰি জহকালি দিনবোৰ বেছি দীঘল হয় আৰু পুৱা বেছি ঠাণ্ডা নপৰে। সেয়ে মই বেছি সময় পাওঁ আৰু বেছি খাদ্য যোগাৰ কৰিব পাৰো,’ তেওঁ আঙুলিয়াই দি ক’লে। ‘সিহঁতে এই বাবুল [Acacia nilotica] নাখায়, এয়া অখাদ্য, কিন্তু কেতিয়াবা সিহঁতে পাপৰি (বাবুলৰ বিনজাতীয় অংশ) খায়। শীতকালটো বগৰীৰ সময়, সিহঁতে সেয়াও খায়।’

যুঁজাৰামে কয় যে তেওঁ পাঁচ বছৰমান আগতে বান্দৰক খাদ্য দিয়া আৰম্ভ কৰিছিল। ‘তাৰ আগেয়ে মই এখন দোকানত কাম কৰিছিলোঁ। সেই সময়ত আন এজন মানুহে সিহঁতক খুৱাইছিল, সদায়। এনেদৰে বান্দৰক খাদ্য দিয়া কামটো প্ৰায় ৫০ বছৰ ধৰি চলি আহিছে। মানুহ সলনি হৈ থাকে, কামটো কেতিয়াও বন্ধ নহয়।’

তেওঁ যদি কামলৈ অহাত অপাৰগ হয়, তেতিয়া কোন আহিব বুলি সোধাত তেওঁ কয়, ‘কোনো নাহে! আন মানুহে বান্দৰে কিবা কৰে বুলি ভয়তে এই কাম কৰিবলৈ নাহে। বান্দৰেও সিহঁতক বিশ্বাস নকৰে। চোৱা, তোমালোক অহা কাৰণে সিহঁত পিছুৱাই গৈছে।’

Langurs eating rotis distributed by Jhujaram Dharmiji Sant
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman
Langurs eating rotis distributed by Jhujaram Dharmiji Sant
PHOTO • Sidh Kavedia ,  Ganesh Venkatraman

‘শিশুৱে হওঁক বা বয়স্ক, মই সকলোকে এটা কথাই কওঁ যে ৰুটি দিয়ক নাইবা একো নিদিয়াকৈ থাকক, কিন্তু সিহঁতক কষ্ট নিদিব বা আমনি নকৰিব’

যুঁজাৰামে কয় যে তেওঁ আগতে গেলামালৰ দোকান এখনত কাম কৰি থকা সময়ত এদিনাখন তেওঁৰ মালিকে ক’লে যে বান্দৰক আহাৰ দিয়াৰ কাৰণে মানুহ এজন লাগে, নহ’লে সিহঁতে ভোকত মৰিব আৰু সিহঁতৰ আত্মাই কষ্ট পাব। তেওঁ মোক ক’লেঃ ‘আপোনাক ইয়াতেই কামত ৰখা হ’ব, কিন্তু প্ৰথমে সেই বান্দৰবোৰক খুওৱা কামটো অনুগ্ৰহ কৰি কৰক।’ তেতিয়াৰে পৰা যোৱা চাৰিটা বছৰ যুঁজাৰামে সেই কাম কৰি আহিছে আৰু আন এজন মানুহ নোপোৱালৈকে দোকানত কাম কৰি থাকিল।

দোকানখনত ১৫ বছৰ ধৰি কাম কৰাৰ পিছত মালিকৰ লগত মনোমালিন্য ঘটাত দুটামান বছৰ আগতে যুঁজাৰামে কাম এৰিলে। আৰু যেতিয়া জহকাল পৰিল আৰু বান্দৰবোৰক খুওৱাৰ কাৰণে মানুহ এজন লগা হ’ল, তেতিয়া তেওঁ সেই কামত পুনৰাই সোমাল।

‘মই শুনিছো চহৰত মানুহে গছ কাটে আৰু জীৱ-জন্তুক মাৰে। তোমালোকেও চাগে মানুহে বান্দৰক শিল মৰা মানুহ দেখিছা। তেতিয়া কি কৰা?’ তেওঁ আমাক সুধিলে। ‘শিশুৱে হওঁক বা বয়স্ক, মই সকলোকে এটা কথাই কওঁ যে আপোনালোকে ৰুটি দিয়ক নাইবা একো নিদিয়াকৈ থাকক, কিন্তু সিহঁতক কষ্ট নিদিব বা আমনি নকৰিব। আপোনাৰ চৌপাশে থকা চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ চোৱাচিতা কৰক। অইন জীৱক আঘাত দিয়াৰ অধিকাৰ আমাৰ নাই।’

যুঁজাৰামে কয় যে তেওঁ শিৱগঞ্জৰ পৰা ওলাই অহাৰ কথা এবাৰ ভাবিছিল আৰু তেওঁ নিজৰ সন্তানক ওলাই যোৱাটোৱে বিচাৰে। ‘যাব নে নাযাব সেয়া সিহঁতে নিজে সিদ্ধান্ত ল’ব লাগিব। মই চহৰলৈ যাবলৈ বিচাৰো নে নাই সেই বিষয়ে মই নিশ্চিত নহয়। মই মোৰ সৈতে মিলা কাম আৰু এই সেৱা বিচাৰি পাইছো।’

আমি যুঁজাৰামৰ ১৯ বৰ্ষীয় পুত্ৰ দীনেশ কুমাৰক (কাপোৰৰ দোকানত কাম কৰা) তেওঁ দেউতাকৰ কামটো কৰিবলৈ বিচাৰে নে নাই সুধিছিলোঁঃ ‘এয়া সাধু লোকৰ কাম, যদি ভাগ্যত লিখা আছে তেন্তে ময়ো সেই কামেই কৰিম।’

প্ৰতিবেদকে যুঁজাৰাম ধৰ্মজীয়ে দিয়া সময়, তেওঁ ধৈৰ্যসহকাৰে আৰু উৎসাহেৰে কাহিনী কোৱাৰ বাবে তেওঁক ধন্যবাদ জনাইছে। তদুপৰি দিক-নিৰ্দেশনা কৰাৰ বাবে তেওঁৰ শিক্ষক গণেশ ভেংকটৰমণকো প্ৰতিবেদকে ধন্যবাদ জনাইছে।

মানুহ আৰু চাইকেলৰ ছবিঃ সৃষ্টি বৈষ্ণৱী কুমাৰন বেংগালুৰুৰ সিভুমি স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী।

আটাইবোৰ আলোকচিত্ৰঃ সিধ কাবেৰিয়া আৰু গণেশ ভেংকটৰমণ, সিভুমি স্কুল, বেংগালুৰু

Sidh Kavedia

Sidh Kavedia is a Class 10 student of Shibumi School, Bengaluru.

Other stories by Sidh Kavedia
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das