“আমি এই ৫৮ টা উট জব্দ কৰা নাই,” অমৰাৱতী জিলাৰ তালেগাওঁ দশাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকজনে কয়। “মহাৰাষ্ট্ৰ চৰকাৰৰ হাতত এই জন্তুকেইটাৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ কোনো নিৰ্দিষ্ট আইন নাই কাৰণে আমাৰ হাতত এই ক্ষমতা নাই।”

“উটকেইটাক আটক কৰা হৈছে,” তেওঁ কয়।

তেওঁলোকৰ পালককেইজনকো আটক কৰা হৈছে, অমৰাৱতীৰ স্থানীয় ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰা হৈছে। সেই পাঁচগৰাকী পালক হৈছে অৰ্দ্ধ-অঘৰী পশুপালক। তাৰে চাৰিজন ৰাবাৰি সম্প্ৰদায়ৰ আৰু এজন ফকিৰানি জাতৰ। আটাইকেইজনৰ গুজৰাটৰ কচ্চৰ। দুয়োটা সম্প্ৰদায়েই বহুশতিকা জুৰি ইটোৰ পিছত সিটো প্ৰজন্ম ধৰি পৰম্পৰাগত পশুপালক হিচাপে কাম কৰি আহিছে। এটা স্বঘোষিত ‘পশু অধিকাৰ কৰ্মী’ৰ পৰা পোৱা অভিযোগৰ আধাৰত আৰক্ষীয়ে আটক কৰা এই পাঁচজন পশুপালকক দণ্ডাধীশে ততালিকে আৰু বিনাচৰ্তে জামিন দিয়ে।

“অভিযুক্তসকলৰ হাতত উটকেইটা ক্ৰয় কৰা বা মালিক হোৱাৰ কোনো নথি নাই, তেওঁলোকৰ নিজৰ স্থায়ী বাসস্থানৰো কাগজ নাই,” আকাৰে কয়। ইয়াৰ পিছে পিছে চলিল পাৰম্পৰিক পশুপালকক এনেদৰে উটৰ কাগজ-পত্ৰ আৰু নিজৰো পৰিচয় পত্ৰ আদালতত দাঙি ধৰাৰ এক কৌতূহলী পৰিৱেশ। সেই কাগজ-পত্ৰ পঠিয়াইছে সেই দুটা অৰ্দ্ধ-অঘৰী পশুপালকসকলৰ সম্পৰ্কীয় আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ আন সদস্যসকলে।

নিজৰ পালকৰ পৰা আঁতৰত থকা উটকেইটা এতিয়া গোৰক্ষা কেন্দ্ৰত আছে। সিহঁতক কি খুৱাব লাগিব, কেনেকৈ যত্ন ল’ব লাগিব সেই বিষয়ে একো উৱাদিহ নোপোৱা মানুহৰ জিম্মাত উটকেইটা ৰখা হৈছে। দুয়োবিধেই পাগুলি খোৱা জন্তু যদিও উট আৰু গৰুৰ খাদ্য ভিন্ন। গোচৰটো যদি দীঘলীয়া হৈ গৈ থাকে, তেন্তে গোশালাত আবদ্ধ কৰি ৰখা মানুহ কঢ়িওৱা এই উটকেইটাৰ স্বাস্থ্যৰ অৱনতি ঘটিব।

Rabari pastoralists camping in Amravati to help secure the release of the detained camels and their herders
PHOTO • Jaideep Hardikar

আটকাধীন উট আৰু উটকেইটাৰ ৰখীয়াসকলক মোকলাই অনাৰ বাবে সহায় কৰিবলৈ অমৰাৱতীত শিবিৰ পাতি থকা ৰাবাৰি পশুপালক

*****

উট ৰাজস্থানৰ ৰাজ্যিক জন্তু আৰু আন ৰাজ্যৰ হাৱা - পানীত খাপ খুৱাই ল নোৱাৰে
যশৰাজ শ্ৰীশ্ৰীমল, ভাৰতীয় প্ৰাণী মিত্ৰ সংঘ, হায়দৰাবাদ

গভীৰ সন্দেহৰ পৰাই এই সমস্ত ঘটনাৰ সূত্ৰপাত ঘটিছিল।

২০২২ৰ ৭ জানুৱাৰীত পশু কল্যাণ কৰ্মী হিচাপে নিজকে চিনাকি দিয়া হায়দৰাবাদৰ যশৰাজ শ্ৰীশ্ৰীমলে (৭১) তালেগাওঁ দশাচৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যে পাঁচজন পশুপালকে হায়দৰাবাদৰ কচাইখানালৈ অবৈধভাৱে উট সৰবৰাহ কৰিব লৈছে। আৰক্ষীয়ে ততালিকে পশুপালককেইজনৰ লগতে উটকেইটা আটক কৰে। শ্ৰীশ্ৰীমলে পশুপালককেইজনক মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলতহে দেখিছিল, হায়দৰাবাদত নহয়।

“মই এজন সহকৰ্মীৰ সৈতে অমৰাৱতীলৈ গৈছিলো আৰু নিমগাৱান গাওঁ (চন্দুৰ ৰেলৱে টেহচিলৰ অন্তৰ্গত)ত দেখিলো যে চাৰি কি পাঁচজন মানুহে উটৰ সৈতে পথাৰত শিবিৰ পাতিছে। আমি গণি চাই দেখিলো যে তাত ৫৮ টা উট আছিল। সিহঁতক ডিঙিত আৰু ভৰিত বান্ধি থোৱা আছিল। সেয়ে উটকেইটাই ভালকৈ খোজ কাঢ়িব পৰা নাছিল যিটো সিহঁতৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ প্ৰমাণ। তাৰে কিছুমানে আঘাত পাইছিল আৰু পশুপালকহঁতে তাৰ চিকিৎসাও কৰা নাছিল। উট ৰাজস্থানৰ ৰাজ্যিক জন্তু আৰু আন ৰাজ্যৰ নিজকে খাপ খুৱাব নোৱাৰে। মানুহকেইজনৰ একো নথিপত্ৰও নাছিল আৰু উটকেইটাক ক’লৈ নি আছে সেয়াও স্পষ্টকৈ ক’বপৰা নাছিল,” শ্ৰীশ্ৰীমনৰ অভিযোগত এনেকৈ লিখা আছে।

দৰাচলতে ভাৰতৰ ৰাজস্থান, গুজৰাট আৰু হাৰিয়ানা আৰু আন কেইটামান স্থানত উট পোৱা যায়। কিন্তু উটৰ প্ৰজনন ৰাজস্থান আৰু গুজৰাটতে সীমাবদ্ধ। ২০তম পশুধন পিয়ল-২০১৯ মতে দেশত উটৰ সংখ্যা মাত্ৰ ২ লাখ ৫০ হাজাৰ। ২০১২ৰ পশুধন পিয়ল অনুসৰি এই সংখ্যা ৩৭ শতাংশ হ্ৰাস পাইছে।

The camels, all male and between two and five years in age, are in the custody of a cow shelter in Amravati city
PHOTO • Jaideep Hardikar

দুইৰ পৰা পাঁচ বছৰ বয়সীয়া আটাইকেইটা মতা উট এতিয়া অমৰাৱতী চহৰৰ গোশালা এখনত জব্দ কৰি থোৱা হৈছে

এই পাঁচজন পশুপালক নিজ কামত অভিজ্ঞ আৰু ডাঙৰ জন্তু ইঠাইৰ পৰা সিঠাইলৈ নিয়া কাম ভালদৰে কৰিব পাৰে। আটাইকেইজনৰে ঘৰ গুজৰাটৰ কচ্চত। তেওঁলোকে কেতিয়াও হায়দৰাবাদ দেখা নাই।

“মই মানুহখিনিৰ পৰা কোনো স্পষ্ট উত্তৰ নাপালো, সেয়ে মোৰ সন্দেহ জাগিল,” হায়দৰাবাদৰ পৰা শ্ৰীশ্ৰীমলে পাৰিক কয়। “অবৈধ কচাইখানাৰ ঘটনা বাঢ়িছে,” তেওঁ কয়। তেওঁৰ সংস্থা ভাৰতীয় প্ৰাণী মিত্ৰ সংঘই যোৱা পাঁচটা বছৰত ভাৰতৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৬০০ উট উদ্ধাৰ কৰিছে।

তেওঁ কোৱা মতে গুলবাৰ্গা, বেংগালুৰু, আকোলা আৰু হায়দৰাবাদকে ধৰি বিভিন্ন স্থানত এই উদ্ধাৰকাৰ্য্য চলোৱা হৈছিল। তেওঁৰ সংস্থাটোৱে ‘উদ্ধাৰ কৰা’ উটবোৰ ৰাজস্থানলৈ ‘বিতাড়িত’ কৰিছে। হায়দৰাবাদকে ধৰি ভাৰতৰ বিভিন্ন স্থানত উটৰ মাংসৰ চাহিদা বাঢ়িছে। কিন্তু গৱেষক আৰু বেপাৰীয়ে কয় যে কেৱল বুঢ়া মতা উটহে কচাইখানাৰ বাবে বিক্ৰী কৰা হয়।

শ্ৰীশ্ৰীমল ভাৰতীয় জনতা দলৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ সৈতে ঘনিষ্ঠ, তেওঁ পিপল ফৰ এনিমেল সংস্থাটো চলায়। গান্ধীয়ে টাইমচ অৱ ইণ্ডিয়াত এনেদৰে কৈছে , “এক ডাঙৰ চক্ৰ আছে আৰু উত্তৰ প্ৰদেশৰ বাঘপটৰ পৰা এই চিণ্ডিকেট চলে। উটবোৰ ৰাজস্থানলৈও নিয়া হয়। ইমানবোৰ উট একেলগে থকাৰ কোনো আন উদ্দেশ্য থাকিব নোৱাৰে।”

প্ৰাথমিক অনুসন্ধানৰ পিছত ৮ জানুৱাৰীৰ দিনা আৰক্ষীয়ে এজাহাৰ দাখিল কৰে। মহাৰাষ্ট্ৰত উট সুৰক্ষাৰ যিহেতু কোনো নিৰ্দিষ্ট আইন নাই, আৰক্ষীয়ে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ ১১ (১) (ডি) শিতানৰ অধীনত এটা গোচৰ ৰুজু কৰে।

এনেদৰে দুকুৰি বছৰ হোৱা প্ৰভু ৰাণা, জাগা হিৰা, মুছাভাই হামিদ জাত, ৫০ৰ দেওনা গৰকা বিশাভাই চাৰাভু আৰু ৭০ বছৰ বয়সীয়া বাৰ্চিভাই ৰাণা ৰাবাৰিৰ ওপৰত অভিযোগ জাপি দিয়া হয়।

Four of the traditional herders from Kachchh – Versibhai Rana Rabari, Prabhu Rana Rabari, Visabhai Saravu Rabari and Jaga Hira Rabari (from left to right) – who were arrested along with Musabhai Hamid Jat on January 14 and then released on bail
PHOTO • Jaideep Hardikar

কচ্চৰ চাৰিজন পাৰম্পৰিক পশুপালক বাৰ্চিভাই ৰাণা ৰাবাৰি, প্ৰভু ৰাণা ৰাবাৰি, বিছাভাই চাৰাভু ৰাবাৰি আৰু জাগা হিৰা ৰাবাৰি (বাওঁফালৰ পৰা সোঁফাললৈ)ক মুছাভাই হামিদৰ সৈতে ১৪ জানুৱাৰীৰ দিনা আটক কৰা হয় আৰু পিছত জামিনত মুকলি কৰি দিয়া হয়

সেই ৫৮ টা উটক চোৱাচিতা কৰাটো বৰ প্ৰত্যাহ্বানজনক কাম আছিল, পৰিদৰ্শক আকাৰে কয়। দুৰাতি আৰক্ষীয়ে কাষৰে সৰু গোৰক্ষা কেন্দ্ৰ এটাৰ সহায় ল’লে আৰু অমৰাৱতীৰ ডাঙৰ গোশালা এখনৰ দিশে আগবাঢ়িল। অমৰাৱতীৰ দস্তুৰ নগৰৰ কেন্দ্ৰটোৰ গোশালাত যথেষ্ট ঠাই থকা কাৰণে তেওঁলোকে স্বেচ্ছাই সেই দায়িত্ব ল’লে আৰু পৰৱৰ্তী সময়ত উটকেইটাক তালৈ পঠিওৱা হ’ল।

শুনি হাঁহি উঠিব পাৰে যে সেই উটকেইটাক তালৈ নিয়াৰ দায়িত্ব পৰিছিল অভিযুক্তসকলৰ সম্পৰ্কীয় আৰু চিনাকি লোকসকলৰ ওপৰত। তেওঁলোকে তালেগাওঁ দশাচাৰৰ পৰা অমৰাৱতী চহৰলৈ দুটা দিনত ৫৫ কিলোমিটাৰ খোজকাঢ়ি গৈ সেই কাম কৰিছিল।

পশুপালকসকলৰ বাবে সমৰ্থন উভৈনদী হৈ আহিছে। কচ্চৰ তিনিখনকৈ গ্ৰাম পঞ্চায়তে অমৰাৱতী আৰক্ষী আৰু জিলা কৰ্তৃপক্ষক সেই উটকেইটা এৰি দিবলৈ অনুৰোধ জনাই আবেদন কৰিছে, নহ’লে উটকেইটা খাব নাপাই মৰিব। নাগপুৰ জিলাৰ মকৰধোকাৰা গাওঁ পঞ্চায়ত, য’ত ৰাবাৰিসকলৰ ডাঙৰ বসতিস্থল আছে, তেওঁলোকে কৈছে যে সেইসকল অৰ্দ্ধ-অঘৰী পশুপালক আৰু তেওঁলোকে সেই উটকেইটাক হায়দৰাবাদৰ কচাইখানালৈ নিয়া নাছিল। নি্ম্ন আদালত এখনে উটকেইটাৰ জিম্মাৰ কথা বিবেচনা কৰিব। উটকেইটা অভিযুক্তৰ হাতত গতাই দিব নে সেয়া কচ্চলৈ ঘুৰাই পঠিওৱা হ’ব?

এইসকলক পাৰম্পৰিক উটৰখীয়া হিচাপে আদালতে বিশ্বাস কৰিব নে নকৰে তাৰ ওপৰতে চূড়ান্ত সিদ্ধান্ত নিৰ্ভৰ কৰিব।

*****

পৰম্পৰাগত পশুপালকসকল দেখাত আমাৰ দৰে নহয় আৰু কথাও আমাৰ দৰে নকয় তেওঁলোকৰ প্ৰতি আমাৰ অৱজ্ঞাই তেওঁলোকক সন্দেহ কৰাৰ কাৰণ
সজল কুলকাৰ্নি, গৰখীয়া সম্প্ৰদায়ৰ গৱেষক, নাগপুৰ

গোটটোৰ জ্যেষ্ঠ বাৰ্চিভাই ৰাণা ৰাবাৰিয়ে গোটেই জীৱনটো এনেদৰে নিজৰ উট আৰু ভেড়াৰ জাক লৈ দেশৰ বিভিন্ন স্থানলৈ খোজ কাঢ়ি ভ্ৰমিছে। কোনেও তেওঁক জন্তুৰ প্ৰতি নিষ্ঠুৰ আচৰণৰ অভিযোগ অনা নাই।

“এনেকুৱা প্ৰথমবাৰৰ বাবে হৈছে,” মুখত বয়সৰ আঁচোৰ পৰা মানুহজনে কচ্চি ভাষাত কয়। তেওঁ গোৰোহাৰ ওপৰত ভৰ দি আঠু ভাঁজ কৰি আৰক্ষী চকীৰ গছ এডালৰ তলত বহিছে, চিন্তাক্লিষ্ট আৰু বিব্ৰত।

Rabaris from Chhattisgarh and other places have been camping in an open shed at the gauraksha kendra in Amravati while waiting for the camels to be freed
PHOTO • Jaideep Hardikar
Rabaris from Chhattisgarh and other places have been camping in an open shed at the gauraksha kendra in Amravati while waiting for the camels to be freed
PHOTO • Jaideep Hardikar

চত্তীশগড় আৰু অনান্য স্থানৰ পৰা অহা ৰাবাৰিসকলে অমৰাৱতীৰ গোৰক্ষা কেন্দ্ৰটোত আৰ-বেৰ নথকা চালি এখনৰ তলত বাহৰ পাতি আছেহি, সকলোৱে উটকেইটা মোকলাই দিয়ালৈ অপেক্ষা কৰিছে

“এই উটকেইটা আমি কচ্চৰ পৰা আনিছিলো,” পাঁচজনীয়া দলটোৰ এজন প্ৰভু ৰাণা ৰাবাৰিয়ে ১৩ জানুৱাৰীৰ দিনা তালেগাওঁ দশাচাৰ আৰক্ষী চকীত আমাক কয়। “মহাৰাষ্ট্ৰ আৰু চত্তীশগড়ত থকা আমাৰ সম্পৰ্কীয়ৰ ঘৰলৈ সেয়া নি আছিলো।” ১৪ আগষ্টৰ দিনা আনুষ্ঠানিকভাৱে আটক কৰি জামিনত এৰি দিয়াৰ সেয়া আছিল আগদিনাৰ কথা।

তেওঁলোকক কচ্চৰ ভুজৰ পৰা অমৰাৱতীলৈ কোনোৱে ৰখোৱা নাছিল। তেওঁলোকে কিবা ভুল কৰিছে বুলিও কোনোৱে সন্দেহ কৰা নাছিল। কল্পনা নকৰা ধৰণে ঘটনাৰ পট পৰিৱৰ্তনেৰে তেওঁলোকৰ যাত্ৰা হঠাতে থমকি ৰ’ল।

জন্তুকেইটা ৱাৰ্ধা, নাগপুৰ, ভাণ্ডাৰা (মহাৰাষ্ট্ৰৰ)ৰ লগতে চত্তীশগড়ৰ ৰাবাৰি বসতিস্থললৈকে লৈ স্থানান্তকৰণ কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছিল।

ৰাবাৰিসকল অৰ্দ্ধ-অঘৰী পশুপালক সম্প্ৰদায়ৰ লোক। তেওঁলোকে কচ্চ আৰু ৰাজস্থানত আন দুই বা তিনিটা গোটৰ সৈতে জীৱিকাৰ বাবে ভেড়া আৰু ছাগলী পালন কৰে আৰু খেতিৰ কাম আৰু পৰিবহনৰ বাবে উট পালন কৰে। কচ্চ উট পালক এছ’চিয়েচনৰ দ্বাৰা বান্ধি দিয়া ‘ সম্প্ৰদায়ৰ জৈৱসাংস্কৃতিক নীতি’ৰ আধাৰত কৰে।

সম্প্ৰদায়টোৰ এটা ঠাল, দেবৰীয়া ৰাবাৰিসকলে পানী আৰু পশুখাদ্যৰ সন্ধানত বছৰটোৰ বেছিভাগ সময় ইঠাইৰ পৰা সিঠাইলৈ প্ৰব্ৰজন কৰি কটায়। বহুতো পৰিয়াল এইখিনি সময়ত কেন্দ্ৰীয় ভাৰতৰ বিভিন্ন প্ৰান্তত বেছিভাগ সময় বসতিস্থল (হিন্দীত ডেৰা বুলি কয়)ত থাকে। কিছুমানে দেৱালীৰ পিছত প্ৰব্ৰজন কৰে আৰু কচ্চৰ পৰা বহু দূৰলৈ যেনে তেলাংগনা, অন্ধ্ৰপ্ৰদেশ, ওড়িশা, চত্তীশগড়, মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চললৈ যায়।

কেন্দ্ৰীয় ভাৰতত দেবৰীয়া ৰাবাৰিসকলৰ অতিকমেও ৩,০০০ বসতিস্থল আছে, গৰখীয়া আৰু পাৰম্পৰিক পশুপালকৰ ওপৰত গৱেষণা কৰি থকা নাগপুৰৰ সজল কুলকাৰ্নিয়ে কয়। ৰিভাইটেলাইজিং ৰেইনফেড এগ্ৰিকালচাৰ নেটৱৰ্ক চমুকৈ প্ৰাণৰ ফেল’ কুলকাৰ্নিয়ে কয় যে এটা এঠা ডেৰাত ৫ৰ পৰা ১০ ঘৰ পৰিয়াল থাকে আৰু তাৰ লগতে থাকে ৰাবাৰিসকলে মাংসৰ বাবে পোহা উট আৰু ভেড়া আৰু ছাগলীৰ ডাঙৰ জাক।

Jakara Rabari and Parbat Rabari (first two from the left), expert herders from Umred in Nagpur district, with their kinsmen in Amravati.They rushed there when they heard about the Kachchhi camels being taken into custody
PHOTO • Jaideep Hardikar

অমৰাৱতীৰ কুটুমৰ সৈতে নাগপুৰ জিলাৰ উমৰেডৰ বিশেষজ্ঞ পশুপালক জাকাৰা ৰাবাৰি আৰু পাৰ্বত ৰাবাৰি (বাওঁফালৰ পৰা প্ৰথম দুজন)। কচ্চৰ উটকেইটা আৰক্ষীয়ে জিম্মাত লোৱাৰ খবৰ পাই তেওঁলোক উধাতু খাই আহিছে

কুলকাৰ্নিয়ে ৰাবাৰি আৰু তেওঁলোকৰ পশুপালনৰ নিয়ম-নীতিকে ধৰি পশুপালকসকলৰ বিষয়ে এটা দশক ধৰি অধ্যয়ন কৰি আহিছে। “এই ঘটনাটো গৰখীয়াসকলৰ বিষয়ে জ্ঞান নথকাৰ এটা উদাহৰণ। গৰখীয়াসকল দেখাত আমাৰ দৰে নহয় আৰু আমাৰ দৰে কথা নকয় বাবে তেওঁলোকৰ প্ৰতি আমাৰ অৱজ্ঞাৰ ভাৱে সন্দেহৰ সৃষ্টি কৰে,” তেওঁ কয়।

অৱশ্যে কিছুমান ৰাবাৰি গোট এতিয়া স্থায়ী হ’ব ধৰিছে। গুজৰাটত তেওঁলোকে নিজৰ পৰম্পৰাগত কাম এৰি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে আৰু কৰ্মস্থলত সোমাইছে। এতিয়া মহাৰাষ্ট্ৰৰ খুব কম পৰিয়ালৰহে এতিয়া নিজা মাটি আছে আৰু স্থানীয় খেতিয়কৰ সৈতে খেতি-বাতিৰ কাম কৰে।

“তেওঁলোকৰ খেতিয়কৰ সৈতে এক সহজীৱীমূলক সম্পৰ্ক আছে,” কুলকাৰ্নিয়ে কয়। উদাহৰণ স্বৰূপে খেতি নথকা দিনবোৰত খেতিপথাৰত ৰাবাৰিসকলে তেওঁলোকৰ ভেড়া আৰু ছাগলীবোৰ চৰায়। এই পদ্ধতিক পেনিং বুলি কয়। এনেদৰে খালি পথাৰত পশুধনে এৰা মল-মূত্ৰই জৈৱসাৰৰ কাম কৰে। “তেওঁলোকৰ সৈতে যি কৃষকে এনে সম্পৰ্ক ৰাখে, তেওঁলোকেহে মোল বুজে,” তেওঁ কয়।

যিসকল ৰাবাৰিয়ে এই ৫৮ টা উট পাবলগীয়া আছিল তেওঁলোক মহাৰাষ্ট্ৰ আৰু চত্তীশগড়ত থাকে। তেওঁলোকে গোটেই জীৱনটো এই ৰাজ্যকেইখনত পাম পতা স্থানতে প্ৰায় গোটেই জীৱনটো কটায় যদিও কচ্চৰ আত্মীয়-কুটুমৰ সৈতে সম্পৰ্ক ৰাখে। ফকিৰানি জাতসকলে বেছি দূৰলৈ প্ৰব্ৰজন নকৰে যদিও তেওঁলোক পাকৈত উটপালক আৰু ৰাবাৰিসকলৰ সৈতে তেওঁলোকৰ সাংস্কৃতিক সম্পৰ্ক আছে।

ভুজত চেণ্টাৰ ফৰ পেষ্টৰেলিজিম পৰিচালনা কৰা বেচৰকাৰী সংস্থা সহজীৱনৰ মতে ৰাবাৰি, চামাচ আৰু জাতসকলকে ধৰি কচ্চত প্ৰায় সকলো গৰখীয়া সম্প্ৰদায়ৰ ৫০০ উটপালক আছে।

“আমি সত্যাসত্য বিচাৰ কৰি পাইছো যে এই ৫৮ টা কম বয়সৰ উট কচ্চ আণ্ট উচ্চেৰক মালধাৰি সংগঠন (কচ্চৰ উটপালক এছ’চিয়েচন)ৰ ১১ জনীয়া সদস্যৰ পৰা অনা হৈছিল আৰু কেন্দ্ৰীয় ভাৰতত থকা তেওঁলোকৰ আত্মীয়-কুটুমৰ ঘৰলৈ নিয়াৰ কথা আছিল, এয়া সত্য,” ভুজৰ পৰা ফোনতে পাৰিক সহজীৱন কাৰ্য্যসূচীৰ সঞ্চালক ৰমেশ ভাট্টিয়ে কয়।

এই পাঁচগৰাকী লোক দক্ষ উট প্ৰশিক্ষকো হয়। সেই কাৰণতে তেওঁলোকক এই দীঘলীয়া কষ্টকৰ যাত্ৰাৰ বাবে বাচনি কৰা হৈছিল, ভাট্টিয়ে আমাক কয়। বাৰ্চিভাই সম্বৱতঃ কচ্চৰ এই গোটটোৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ আৰু সক্ৰিয় বিশেষজ্ঞ প্ৰশিক্ষক আৰু পৰিবহনকাৰী।

Suja Rabari from Chandrapur district (left) and Sajan Rana Rabari from Gadchiroli district (right) were to receive two camels each
PHOTO • Jaideep Hardikar
Suja Rabari from Chandrapur district (left) and Sajan Rana Rabari from Gadchiroli district (right) were to receive two camels each
PHOTO • Jaideep Hardikar

চন্দ্ৰপুৰ জিলাৰ সুজা ৰাবাৰি (বাওঁফালে) আৰু গাড়চিৰোলি জিলাৰ সজন ৰাণা ৰাবাৰি (সোঁফালে)য়ে দুটাকৈ উট পাবলগীয়া আছিল

*****

আমি অঘৰী সম্প্ৰদায় , বহুসময়ত আমাৰ হাতত কাগজ - পত্ৰ নাথাকে
মাশ্ৰুভাই ৰাবাৰি, ৱাৰ্ধাৰ সামূহিক নেতা

কচ্চৰ পৰা কিমান তাৰিখে তেওঁলোকে যাত্ৰাৰম্ভ কৰিছিল সেয়া তেওঁলোকৰ মনত নাই।

“আমি ন নম্বৰ মাহটোত (ছেপ্টেম্বৰ, ২০২১ত) বিভিন্ন স্থানত থকা আমাৰ উটপালকৰ পৰা উটবোৰ সংগ্ৰহ কৰা আৰম্ভ কৰিছিলো আৰু দেৱালীৰ আগতে (নৱেম্বৰৰ প্ৰথমভাগত) ভাচাউ (কচ্চৰ এটা টেহচিল)ৰ পৰা খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলো,” অপৰিপাটি আৰু হাৰাশাস্তি হোৱা প্ৰভু ৰাণা ৰাবাৰিয়ে কয়। “আমি এইবছৰ মাজত বা শেষৰফালে আমাৰ গন্তব্যস্থল চত্তীশগড়ৰ বিলাসপুৰ পাব লাগিছিল।”

তেওঁলোকক আটক হোৱাৰ দিনটোলৈকে তেওঁলোকে নিজৰ ঠাই কচ্চৰ পৰা ১২০০ কিলোমিটাৰ বাট সম্পূৰ্ণ কৰিছিল। ভাচাউৰ পৰা তেওঁলোকে আহমেদাবাদ হৈ গৈছিল আৰু মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ, ভুচাৱাল, আকোলা, কাৰাঞ্জা আৰু তালেগাওঁ দশাচাৰ পাৰ কৰিছিল। তেওঁলোকে তাৰপাছত ৱাৰ্ধা, নাগপুৰ, ভাণ্ডাৰা (এইকেইখনো মহাৰাষ্ট্ৰতে পৰে) পাৰ হৈ দুৰ্গ আৰু ৰায়পুৰ হৈ বিলাসপুৰ (তিনিওখন চত্তীশগড়ৰ) পোৱাৰ কথা আছিল। ৱাচিম জিলাৰ কাৰাঞ্জা চহৰ পোৱাৰ পিছত তেওঁলোকে আনকি নৱনিৰ্মিত সমৃদ্ধি ৰাজপথেৰেও গৈছিল।

“আমি দিনে ১২-১৫ কিলোমিটাৰ খোজ কাঢ়িছিলো, অৱশ্যে এটা কম বয়সীয়া উটে ২০ কিলোমিটাৰ পাৰে,” পাঁচজনীয়া গোটটোৰ বোধকৰো আটাইতকৈ কম বয়সীয়া মুছাভাই হামিদ জাতে কয়। “আমি ৰাতি ক’ৰবাত ৰৈ দোকমোকালিতে যাত্ৰা কৰিছিলো।” তেওঁলোকে নিজৰ কাৰণে ৰান্ধে, আবেলি পৰত অকণমান জিৰায় আৰু উটকেইটাকো জীৰাব দিয়ে আৰু পুনৰাই আৰম্ভ কৰে।

উট চৰোৱাৰ বাবে এনেকৈ আটক কৰাত তেওঁলোকৰ মনত অত্যন্ত ভয় সোমাইছে।

“আমি আমাৰ মাইকী উট কেতিয়াও বিক্ৰী নকৰো, মতা উটহে পৰিবহনৰ কাৰণে ব্যৱহাৰ কৰো,” ৱাৰ্ধা জিলাৰ বয়োজ্যেষ্ঠ সামূহিক নেতা মাশ্ৰুভাই ৰাবাৰিয়ে আমাক কয়। “উটবোৰেই আমাৰ ভৰি।” ‘আটক’ কৰি ৰখা ৫৮ টাৰ গোটেইকেইটাই মতা উট।

Mashrubhai Rabari (right) has been coordinating between the lawyers, police and family members of the arrested Kachchhi herders. A  community leader from Wardha, Mashrubhai is a crucial link between the Rabari communities scattered across Vidarbha
PHOTO • Jaideep Hardikar
Mashrubhai Rabari (right) has been coordinating between the lawyers, police and family members of the arrested Kachchhi herders. A  community leader from Wardha, Mashrubhai is a crucial link between the Rabari communities scattered across Vidarbha
PHOTO • Jaideep Hardikar

মাশ্ৰুভাই ৰাবাৰি (সোঁফালে)য়ে উকীল, আৰক্ষী আৰু কচ্চৰ পশুপালককেইজনৰ পৰিয়ালৰ সৈতে সমন্বয় ৰক্ষা কৰি আহিছে। ৱাৰ্ধাৰ সামূহিক নেতা মাশ্ৰুভাইয়ে সমগ্ৰ বিদৰ্ভ অঞ্চলত সিঁচৰতি হৈ থকা ৰাবাৰি সম্প্ৰদায়ৰ মাজত গুৰুত্বপূৰ্ণ যোগসূত্ৰ স্থাপন কৰি আহিছে

‘মাশ্ৰু মামা,’ এই নামেৰে জনা ৰাবাৰি লোকজন আৰক্ষীয়ে আটক কৰা দিনধৰি পাঁচজনীয়া পশুপালকৰ দলটোৰ লগতে শিবিৰ পাতি আছে। তেওঁ সেই পাঁচজনৰ পৰিয়ালৰ সৈতে কথা পতা, অমৰাৱতীত তেওঁলোকৰ কাৰণে উকীল ধৰা, আৰক্ষীক অনুবাদ কৰি দিয়া আৰু তেওঁলোকৰ জবানবন্দী লিখাত সহায় কৰা আদি কাম কৰিছে। তেওঁ মাৰাঠী আৰু কচ্চী- এই দুয়োটা ভাষাতে সলসলীয়াকৈ ক’ব পাৰে আৰু ইয়াতে থকা ৰাবাৰিসকলৰ মাজত গুৰুত্বপূৰ্ণ যোগসূত্ৰৰ কাম কৰে।

“বিদৰ্ভ, তেলাংগনা আৰু চত্তীশগড়ত থকা আমাৰ ১৫-১৬ জন আমাৰ মানুহৰ ঘৰলৈ এই উটকেইটা দিবলগীয়া আছিল,” মাশ্ৰুভাইয়ে কয়। “তেওঁলোকৰ প্ৰতিজনে ৩-৪ টাকৈ উট পাবলগীয়া আছিল।” ৰাস্তাত ৰাবাৰিসকলে উটৰ ওপৰত তেওঁলোকৰ বস্তু-বাহানি, সৰু ল’ৰা-ছোৱালী, কেতিয়াবা ভেড়াৰ পোৱালীও তুলি দিয়ে। আচলতে তেওঁলোকৰ গোটেই সংসাৰখনেই উটৰ পিঠিত উঠে। মহাৰাষ্ট্ৰৰ ভেড়াপালক সম্প্ৰদায় ধনগাৰসকলৰ দৰে তেওঁলোকে কেতিয়াও গৰু-ম’হৰ গাড়ী ব্যৱহাৰ নকৰে।

“আমি ঘৰত আমাৰ মাজৰে পশুপালকৰ পৰা এই উটবোৰ কিনো,” মাশ্ৰুভাইয়ে কয়। “যেতিয়াই ইয়াৰে ১০-১৫ জন মানুহক পুৰণি উটৰ ঠাইত নতুন কম বয়সৰ উট লগা হয়, আমি কচ্চৰ আমাৰ সম্পৰ্কীয়ৰ তাত অৰ্ডাৰ দিও। পশুপালকসকলে তেতিয়া উটৰ লগতে জাকটোৰ প্ৰশিক্ষকো পঠিয়ায়। উট কিনোতাই তেওঁলোকক উট হস্তান্তৰ কৰাৰ বাবে মাহে ৬ৰ পৰা ৭ হাজাৰ টকা হাজিৰা দিয়ে যদিহে এই কামটো দীঘলীয়া হয়। এটা কম বয়সীয়া উটৰ দাম ১০ৰ পৰা ২০ হাজাৰ পৰ্য্যন্ত হয়,” মাশ্ৰুভাইয়ে আমাক কয়। উট এটাই ৩ বছৰ বয়সতে কাম কৰিবলৈ আৰম্ভ কৰে আৰু ২০ৰ পৰা ২২ বছৰ পৰ্য্যন্ত জীয়াই থাকে। “মতা উটৰ কৰ্মজীৱন ১৫ বছৰ,” তেওঁ কয়।

“এয়া সঁচা কথা যে এই মানুহকেইজনৰ হাতত কোনো কাগজ নাই,” মাশ্ৰুভাইয়ে কয়। “আগতেও আমাক লগা নাছিল। কিন্তু আগলৈ আমি সাৱধান হ’ব লাগিব। পৰিস্থিতি সলনি হ’ব ধৰিছে।”

এই অভিযোগৰ বিষয়ে তেওঁ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ইয়ে তেওঁলোকৰ লগতে উটকেইটাকো অকাৰণতে কষ্ট দিছে। “আমি ঘুমান্তু চমাজ আহে, আমচ্যা বৰয়াচ্চ লোকেই কদ কধি কধি কাগদ পাত্ৰা নাস্তে,” তেওঁ মাৰাঠীতে কয়। “আমি অঘৰী সম্প্ৰদায়, বহুসময়ত আমাৰ হাতত কাগজ-পত্ৰ নাথাকে (ইয়াতে সেইটোৱে হৈছিল)।”

Separated from their herders, the animals now languish in the cow shelter, in the custody of people quite clueless when it comes to caring for and feeding them
PHOTO • Jaideep Hardikar
Separated from their herders, the animals now languish in the cow shelter, in the custody of people quite clueless when it comes to caring for and feeding them
PHOTO • Jaideep Hardikar

গৰাকীৰ পৰা বিচ্ছিন্ন হোৱা উটকেইটা এতিয়া গোশালাত বন্দী, উটক কি খুৱাব লাগে আৰু যতন কেনেকৈ ল’ব লাগে সেই বিষয়ে একো উৱাদিহ নথকা লোকৰ জিম্মাত।

*****

আমি উটকেইটাক নিৰ্দয় আচৰণ কৰিছো বুলি আমাৰ বিৰুদ্ধে অভিযোগ অনা হৈছে। কিন্তু সিহঁতক মুকলি চৰণীয়া পথাৰৰ প্ৰয়োজন, এনেকৈ আবদ্ধ কৰি ৰখাটোহে ডাঙৰ পাপ হৈছে।
পাৰ্বত ৰাবাৰি, নাগপুৰৰ বয়োজ্যেষ্ঠ উটৰখীয়া

আটক কৰি ৰখা উটকেইটাৰ আটাইকেইটা মতা আৰু দুইৰ পৰা পাঁচ বছৰ বয়সীয়া। উটকেইটা কচ্চী প্ৰজাতিৰ। কচ্চ অঞ্চলৰ ভিতৰুৱা পৰিস্থিতিতন্ত্ৰত বিশেষকৈ পোৱা যায়। কচ্চত আজিৰ তাৰিখত এই প্ৰজাতিৰ ৮,০০০ মান উট আছে।

এনে প্ৰজাতিৰ মতা উটৰ ওজন ৪০০ৰ পৰা ৬০০ কিলোগ্ৰাম হয় আৰু মাইকীৰ ওজন ৩০০ৰ পৰা ৫৪০ কিলোগ্ৰাম হয়। ঠেক বুকু, এটা চুট, কান্ধ, দীঘল ভাঁজ লগা গল, চুটত, কান্ধত আৰু গলত দীঘল চুলি আদি এই জাতৰ উটৰ ঘাই শাৰীৰিক বৈশিষ্ট, ৱৰ্ল্ড এটলাচত কোৱা হৈছে। নোমৰ বৰণ মুগাৰ পৰা ক’লা আনকি বগাও হ’ব পাৰে।

মুগাৰ ৰঙৰ কচ্চী উটকেইটাই মুকলি চৰণীয়া পথাৰত বিভিন্ন প্ৰকাৰৰ গছ-পাত খাই চৰি থাকি ভাল পায়। এই উটে অৰণ্যৰ গছৰ পাত, পথাৰত গজা ঘাঁহ খায় আৰু খেতিপথাৰত চৰাব পাৰি।

ৰাজস্থান আৰু গুজৰাত উট পালন কৰাতো এতিয়া ক্ৰমে টান হৈ পৰিছে। দুয়োখন ৰাজ্যত যোৱা দুটা দশকত বনাঞ্চল আৰু জলাহ বনত প্ৰৱেশৰ ওপৰত দুই-তিনিবাৰ বাধা-নিষেধ আৰোপ কৰা হৈছে। উটপালক আৰু গৰাকীৰ অঞ্চলবোৰত হোৱা বিশেষ ধৰণৰ উন্নয়নেও তেওঁলোকক সমস্যাত পেলাইছে। আগতে উভৈনদী হৈ থকা বিনামুলীয়া পশুখাদ্যৰ সুবিধা পশুপালকসকলে এনেদৰে হেৰুৱালে।

জামিনত থকা পাঁচজন লোকে অমৰাৱতীৰ য’ত উটকেইটা চাৰিওফালে ফেঞ্চিং দিয়া এখন ডাঙৰ পথাৰত ৰখা হৈছে, তাত থকা তেওঁলোকৰ আত্মীয়ৰ সৈতে আছে। উটকেইটাই যিধৰণৰ খাদ্য খাই, সেয়া নোপোৱাত ৰাবাৰিসকল চিন্তিত হৈ পৰিছে।

A narrow chest, single hump, and a long, curved neck, as well as long hairs on the hump, shoulders and throat are the characteristic features of the Kachchhi breed
PHOTO • Jaideep Hardikar
A narrow chest, single hump, and a long, curved neck, as well as long hairs on the hump, shoulders and throat are the characteristic features of the Kachchhi breed
PHOTO • Jaideep Hardikar

ৱৰ্ল্ড এটলাচত কোৱা হৈছে যে ঠেক বুকু, এটা চুট, কান্ধ, দীঘল ভাঁজ লগা গল, চুটত, কান্ধত আৰু গলত দীঘল চুলি আদি কচ্চি উটৰ ঘাই চিন

এই কথাও সঁচা নহয় যে উটে কচ্চৰ বাদে আন ঠাইত (ৰাজস্থানৰ বাদে) জীয়াই থাকিব নোৱাৰে, খাপ খাব নোৱাৰে। ৰাবাৰিসকলে এইকথা কয়। “সিহঁতে আমাৰ সৈতে গোটেই দেশখন ঘুৰিছে আৰু জীয়াই আছে,” ভাণ্ডাৰা জিলাৰ পাউনি ব্লকৰ আছগাঁৱত বাসিন্দা অভিজ্ঞ ৰাবাৰি উটপালক আশাভাই জেছাই কয়।

“এয়া বিড়ম্বনাৰ কথা,” নাগপুৰৰ উমৰেড চহৰৰ এখন গাঁৱত নিগাজি হোৱা পাৰ্বত ৰাবাৰি নামে আন এজন প্ৰবীণ প্ৰব্ৰজনকাৰী পশুপালকে কয়। “আমাৰ বিৰুদ্ধে অভিযোগ অনা হৈছে যে আমি উটকেইটাক নিৰ্দয় আচৰণ কৰিছো। কিন্তু মুকলিত থকাত অভ্যস্ত উটকেইটাক এনেদৰে আবদ্ধ কৰি ৰখাটোতকৈ ডাঙৰ নিৰ্দয়ী আচৰণ হ’ব নোৱাৰে।”

“গৰু-ম’হে যি খায়, সেয়া উটে নাখায়”, নাগপুৰ জিলাৰ উমৰেড তালুকৰ চিৰছি গাঁৱৰ বাসিন্দা জাকাৰা ৰাবাৰিয়ে কয়। এই ৫৮ টা উটৰ তিনিটা জাকাৰভাইয়ে পাবলগীয়া আছিল।

কচ্চ প্ৰজাতিৰ উটে বিভিন্ন ধৰণৰ গছ-লতা খায়। নিম, বাবুল, আহত আদিৰ উপৰিও বিভিন্ন গছৰ পাত খায়। কচ্চত সিহঁতে সেই জিলাখনৰ স্থানীয় আৰ্দ্ৰ আৰু পাহাৰীয়া অঞ্চলৰ গছ-পাত আদি খায়, ইয়ে উটৰ গাখীৰৰ পুষ্টিত বিশেষ অৰিহণা যোগায়। এই জাতৰ মাইকী উটে দিনে ৩-৪ লিটাৰ গাখীৰ দিয়ে। কচ্চ প্ৰজাতিৰ উটপালকে এদিন এৰি এদিন উটবোৰক পানী খুৱাবলৈ আনে। সাধাৰণতে এবাৰত এই জন্তুবিধে পিয়াহ লাগিলে ১৫ৰ পৰা ২০ মিনিটমানৰ ভিতৰত ৭০ৰ পৰা ৮০ লিটাৰ পানী খায়। কিন্তু পানী অবিহনেই দীৰ্ঘসময় ইহঁত টিকিব পাৰে।

গোৰক্ষা কেন্দ্ৰত জব্দ কৰি ৰখা এই ৫৮ টা উটে কোনোদিন আবদ্ধ ব্যৱস্থাত থকা নাই। ডাঙৰবোৰে চীনাবাদামৰ অৱশিষ্ট অংশবোৰ ইয়াতে পাই খাইছে যদিও সৰুবোৰে আগতে এনে খাদ্য খোৱা নাই, পাৰ্বত ৰাবাৰিয়ে কয়। অমৰাৱতীলৈ এই বাটচোৱাত সিহঁতে ৰাস্তাৰ কাষৰ গছৰ পাত খাই আহি আছিল, তেওঁ কয়।

এটা কম বয়সীয়া উটে দিনে ৩০ কিলোগ্ৰাম পৰ্য্যন্ত খাদ্য খায়, পাৰ্বতে আমাক কয়।

Eating cattle fodder at the cow shelter.
PHOTO • Jaideep Hardikar
A Rabari climbs a neem tree on the premises to cut its branches for leaves, to feed the captive camels
PHOTO • Jaideep Hardikar

বাওঁফালেঃ গোশালাত গৰু-ম’হৰ খাদ্য খাই থকা অৱস্থাত। সোঁফালেঃ আবদ্ধ হৈ থকা উটকেইটাক নিমগছৰ পাত খুৱাবলৈ এজন ৰাবাৰিয়ে চৌহদতে থকা নিমগছ এডালত উঠিছে

এই গোশালাত গৰু-ম’হকেইটাক ছয়াবিন, গম, জোৱাৰ, মাকৈ, সৰু-ডাঙৰ মাহকে ধৰি সকলোধৰণৰ শস্যৰ অৱশিষ্ট অংশৰ লগতে সেউজীয়া ঘাঁহো খুওৱা হয়। এতিয়া আবদ্ধ উটকেইটাকো এই একেই খাদ্য খাবলৈ দিয়া হৈছে।

পাৰ্বত, জাকাৰৰ দৰে আন বহুতো ৰাবাৰি এতিয়া মহাৰাষ্ট্ৰ আৰু চত্তীশগড়ত নিগাজি হোৱাৰ বহুদশকেই হ’ল। তেওঁলোকৰ নিজৰ মানুহ আৰু উট আটক হৈ থকা বুলি খবৰ পাই তেওঁলোক উধাতু খাই আহিছে। তেওঁলোকে উটকেইটাৰ ওপৰত উদ্বিগ্নতাৰে চকু দিছে।

“আটাইবোৰ উট বান্ধি ৰখা হোৱা নাছিল, কিন্তু সিহঁতৰ কিছুমানে ইটোৱে-সিটোক কামুৰিব বুলি নাইবা ৰাস্তাৰে যোৱা মানুহক অসুবিধা কৰিব বুলি কেইটামানক বান্ধি থোৱা হৈছিল,” আদালতৰ শুনানিৰ বাবে ৰৈ থকা গোৰক্ষা কেন্দ্ৰত শিবিৰ পাতি থকা জাকাৰা ৰাবাৰিয়ে কয়। “এই কম বয়সীয়া মতাবোৰ বৰ উগ্ৰ,” তেওঁ কয়।

উটকেইটাক মুকলিকৈ চৰোৱাৰ অনুমতি বিচাৰি ৰাবাৰিসকলে টানি অনুৰোধ জনায়। আগতে এনেদৰে আৰক্ষীয়ে জিম্মাত ৰখা উটৰ মৃত্যু ঘটাৰ নজিৰ আছে।

ৰাবাৰিসকলৰ হাতত উটকেইটা যথাসম্ভৱ সোনকালে গতোৱাৰ বাবে তেওঁলোকে কৰা আবেদন তেওঁলোকৰ স্থানীয় উকীল অধিবক্তা মনোজ কাল্লাই নিম্ন আদালতত দাখিল কৰিছে। তেওঁলোকৰ কচ্চৰ আত্মীয়, সম্প্ৰদায়টোৰ স্থানীয় লোকসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা ক্ৰেতাসকলে গোচৰটোৰ বাবদ, উকীলৰ মাচুল, নিজৰ থকাৰ ব্যৱস্থা আৰু উটকেইটাই সঠিক খাদ্য পোৱাৰ ব্যৱস্থা কৰাৰ বাবদ যথাসম্ভৱ সহায় কৰিছে।

এতিয়ালৈ গোশালাতে উটকেইটা আছে।

The 58 dromedaries have been kept in the open, in a large ground that's fenced all around. The Rabaris are worried about their well-being if the case drags on
PHOTO • Jaideep Hardikar
The 58 dromedaries have been kept in the open, in a large ground that's fenced all around. The Rabaris are worried about their well-being if the case drags on
PHOTO • Jaideep Hardikar

কুঁজ থকা এই চাৰিঠেঙীয়েকেইটাক চাৰিওফালে ফেঞ্চিং দিয়া ডাঙৰ মুকলি পথাৰ এখনত ৰখা হৈছে। গোচৰটো দীঘলীয়া হ’লে উটকেইটাৰ স্বাস্থ্যৰ কি গতি হ’ব তাকে লৈ ৰাবাৰিসকল চিন্তিত

“আৰম্ভণিতে সিহঁতক খুওৱাক লৈ আমাৰ সমস্যা হৈছিল, কিন্তু এতিয়া কিমান পৰিমাণে আৰু কি ধৰণৰ খাদ্য সিহঁতক খুৱাব লাগিব আমি জনা হ’লো, তাতে আকৌ ৰাবাৰিসকলেও আমাক সহায় কৰি আহিছে,” গোশালাখন পৰিচালনা কৰা অমৰাৱতীৰ গোৰক্ষণ সমিতিৰ সচিব দীপক মন্ত্ৰীয়ে কয়। “আমাৰ ওচৰতে ৩০০ একৰ খেতিমাটি আছে, তাৰপৰাই আমি সেউজীয়া আৰু শুকান পাত উটকেইটাৰ বাবে আনো। সিহঁতৰ কাৰণে খাদ্যৰ কোনো অভাৱ নাই,” তেওঁ দাবী কৰে। গোশালাৰে পশু চিকিৎসকে আঘাত পোৱা উটকেইটাৰ চিকিৎসা কৰি গৈছে। “ইয়াতে সিহঁতৰ চোৱাচিতাত আমাৰ কোনো সমস্যা হোৱা নাই,” তেওঁ জোৰ দি কয়।

“উটকেইটাই ভালদৰে খোৱা নাই,” আদালতে উটকেইটাক বন্দিত্বৰ পৰা মুক্তি দি গৰাকীৰ হাতত গতাই দিব বুলি আশা কৰা পাৰ্বত ৰাবাৰিয়ে কয়। “এয়া সিহঁতৰ বাবে জেল সদৃশ,” তেওঁ কয়।

জামিন পোৱা বাৰ্চিভাই আৰু আন চাৰিজন লোক ঘৰলৈ যাবলৈ উদ্বিগ্ন হৈ পৰিছে, কিন্তু উটকেইটা মুকলি কৰি তেওঁলোকক গতাই দিয়াৰ পিছতহে। “২১ জানুৱাৰী, শুকুৰবাৰে ধমনগাঁৱৰ ন্যায়িক দণ্ডাধীশে (নিম্ন আদালত) সেই ৫৮ টা উটৰ মালিকীস্বত্ত্বৰ তেওঁলোকক প্ৰমাণ হিচাপে কাগজ দেখুৱাবলৈ তেওঁলোকক নিৰ্দেশ দিছে,” ৰাবাৰিসকলক প্ৰতিনিধিত্ব কৰা উকীল মনোজ কাল্লাই পাৰিক কয়। “তেওঁলোকে যাৰ পৰা সেই পশুধন আনিছে তেওঁলোকে দিয়া ৰিচিপ্ট হ’লেও হ’ব।”

এইখিনি সময়ত উটকেইটা ঘূৰাই পোৱাৰ বাবে ৰাবাৰিসকলে তেওঁলোকৰ আত্মীয় আৰু উট কিনোতাসকলৰ সৈতে অমৰাৱতীৰ গোশালাত বাহৰ পাতি আছে। সকলোৰে চকু ধমনগাওঁ আদালতত।

ইফালে এই ঘটনাৰ একো এটা নজনা উটকেইটা গোশালাতে আবদ্ধ।

অনুবাদ: পংকজ দাস

Jaideep Hardikar

জয়দীপ হার্ডিকার নাগপুর নিবাসী সাংবাদিক এবং লেখক। তিনি পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার কোর টিম-এর সদস্য।

Other stories by জয়দীপ হার্ডিকর
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das