পেটটো স্ফীত হৈ আহিবলৈ ধৰাত সুনীতা দেৱীয়ে কি কৰিব ভাবি পোৱা নাছিল। তেওঁ ভালকৈ নে খাব পাৰিছিল, নে শুব পাৰিছিল, অনবৰতে পেটটো ফুলা ফুলা লাগি থাকিছিল। দুমাহ তেনেকৈ থকাৰ পিছত তেওঁ ঘৰৰ ওচৰৰে প্ৰাইভেট হস্পিতেল এখনলৈ গ’ল। তাৰপিছত ডাক্তৰে যি ক’লে তেওঁ নিজৰ কাণ দুখনকে বিশ্বাস কৰিব নোৱাৰিলে: “আপকা বাটচ্চা ঠহৰ গয়া হ্যে (আপুনি গৰ্ভধাৰণ কৰিছে)।”
কেনেকৈ সেয়া সম্ভৱ হ’ব পাৰে, তেওঁ ভাবি পোৱা নাছিল। গৰ্ভনিৰোধৰ বাবে তেওঁ কপাৰ-টি লগোৱা কোনোমতে ছমাহহে হৈছিল।
২০১৯ৰ সেই ঘটনাটো মনত পেলালে সুনীতাৰ শেতা পৰা মুখখন এতিয়াও ক’লা পৰি যায়। চুলিটাৰি তেওঁ পিছফালে টানি আটিলকৈ বান্ধি লৈছে, গাতত যোৱা চকুকেইটাও অৱশ। উজ্বল বুলিবলৈ তেওঁৰ কপালত লগোৱা ৰঙা ফোটটোৱেই আছে।
৩০ বছৰ বয়সীয়া সুনীতা চাৰি সন্তানৰ মাতৃ। তেওঁৰ দুই পুত্ৰসন্তান আৰু কন্যাসন্তান আছে, গোটেইকেইটাৰ বয়স ৪ৰ পৰা ১০ বছৰৰ ভিতৰত। ২০১৯ত একেবাৰে কনিষ্ঠ ল’ৰাটোৰ বয়স ২ বছৰ থাকোতে তেওঁ সিদ্ধান্ত লৈছিল যে আৰু সন্তান তেওঁ নকৰে। তেওঁৰ ঘৰলৈ যোৱা আশাকৰ্মী এগৰাকীৰ পৰা তেওঁ পৰিয়াল পৰিকল্পনাৰ পদ্ধতিবোৰৰ বিষয়ে বুজি লৈছিল। গোটেইকেইটা বিকল্প বিবেচনা কৰাৰ পিছত তেওঁ অন্তৰা নামৰ তিনিমাহলৈ গৰ্ভধাৰণ ৰোধ কৰা বেজী বাচি ল’লে। “ভাবিলো, বেজীয়ে লৈ চাও,” তেওঁ কয়।
আমি তেওঁৰ আঠ বাই দহ ফুটৰ কোঠালীটোত ধাৰি এখনত বহিছো। আৰু ভালেকেইখন ধাৰি তাতে থোৱা আছে। চুকত এটা খালি গেছ চিলিণ্ডাৰ। সুনীতাৰ দেওৰ কাষৰে কোঠাটোত থাকে, আন এটা কোঠাত আকৌ তেওঁৰ আনজন দেওৰ থাকে। তেওঁলোকৰ ঘৰটো দক্ষিণ-পশ্চিম দিল্লী জিলাৰ নজাফগঢ়ৰ মহেশ গাৰ্ডেনত।
গোপাল নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো সুনীতাৰ ঘৰৰ পৰা দুই কিলোমিটাৰ দূৰত। তাতেই তেওঁ আশাকৰ্মী এগৰাকীৰ লগত অন্তৰা বেজী ল’বলৈ গৈছিল। কিন্তু তাত ডাক্তৰে তেওঁ আন এক উপায়ৰহে পৰামৰ্শ দিলে। “ডাক্তৰে বেজীৰ পৰিৱৰ্তে মোক কপাৰ-টিৰ কথাহে ক’বলৈ ধৰিলে। কপাৰ-টি নিৰাপদ হেতুকে মই সেয়াই বিবেচনা কৰা উচিত বুলি তেওঁ ক’লে,” সুনীতাই কয়। “মই নিজে কপাৰ-টিৰ কথা ডাক্তৰক কোৱা নাছিলো,” তেওঁ জোৰ দি কথাখিনি কয়। “কিন্তু সেইটোৱেই ভাল হ’ব বুলি ডাক্তৰে জোৰ দি কৈ থাকিল। ‘তুমি এনেকৈ সন্তান জন্ম দি থকাটো বন্ধ কৰিব নোখোজা জানো?’ এনেকৈ মোক ডাক্তৰগৰাকীয়ে প্ৰশ্ন কৰিছিল।”
নজাফগঢ়ত ফল-মূল বিক্ৰী কৰা সুনীতাৰ গিৰীয়েক সিদিনা বিহাৰৰ দাৰভাংগা জিলাৰ তেওঁৰ গাওঁ কোলহাণ্টা পাটৰিলৈ গৈ আছিল। কিন্তু “ডাক্তৰগৰাকীয়ে নেৰানেপেৰাকৈ ধৰিছিল, কৈছিল: ইয়াত তোমাৰ স্বামীয়ে ক’বলগীয়া কি আছে? এয়া সম্পূৰ্ণ তোমাৰ হাতত। এইটো উপায়ে তুমি পাঁচবছৰ গৰ্ভধাৰণ নকৰাকৈ থাকিব পাৰিবা,” সুনীতাই ডাক্তৰে কোৱা কথাবোৰ মনত পেলায়।
সেয়ে সুনীতাই ইণ্টাৰইউটেৰাইন কন্ট্ৰাচেপ্টিভ আহিলা (কপাৰ-টি), সেয়াই গৰ্ভনিৰোধক বেজী (অন্তৰা)ৰ পৰিৱৰ্তে লোৱাৰ সিদ্ধান্ত লয়। দহ দিনৰ মূৰত যেতিয়া তেওঁৰ গিৰীয়েক গাঁৱৰ পৰা আহি পালে, তেতিয়াহে তাৰ বিষয়ে সুনীতাই গিৰীয়েকক কৈছিল। “তেওঁক নোকোৱাকৈ মই মনে মনে সেয়া কৰালো। তেওঁৰ মোৰ ওপৰত বৰ খং উঠিছিল। মোক হস্পিতেললৈ লৈ যোৱা আশাকৰ্মীগৰাকীকো তেওঁ গালি পাৰিছিল।”
কপাৰ-টি লগোৱা প্ৰক্ৰিয়া শেষ হোৱাৰ পাছৰ দুমাহত মাহেকীয়াৰ সময়ত সুনীতাৰ প্ৰচুৰ ৰক্তক্ষৰণ হ’ল। কপাৰ-টি লগোৱা কাৰণে বেছিকৈ ৰক্তক্ষৰণ হোৱা বুলি সুনীতাই আহিলাবিধ আঁতৰাবলৈ বুলি ২০১৯ৰ জুলাইত দুবাৰো গোপাল নগৰ স্বাস্থ্যকেন্দ্ৰলৈ গ’ল। কিন্তু প্ৰতিবাৰেই তেওঁৰ ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাবলৈ দৰৱ দি ঘুৰাই পঠিওৱা হ’ল।
২০১৯ৰ নৱেম্বৰ মাহৰ কথা, তেওঁৰ মাহেকীয়া নহ’ল আৰু পেটটো ফুলি অহা যেন তেওঁ অনুভৱ কৰিলে। নজাফগঢ়ৰ বিকাশ হস্পিতেলত পৰীক্ষা কৰাত ধৰা পৰিল যে তেওঁ গৰ্ভধাৰণ কৰিছে আৰু আই.ইউ.চি.ডি.য়ে সেয়া ৰোধ কৰাত ব্যৰ্থ হৈছে।
কপাৰ-টি ব্যৱহাৰ কৰাৰ পিছত সাধাৰণতে গৰ্ভধাৰণৰ ঘটনা স্বাভাৱিকতে নঘটে, পশ্চিম দিল্লী জিলাৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ ড. পুনম চদ্দাই কয়। “১০০ জনৰ মাজত এজনৰহে এনে হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ কোনো নিৰ্দিষ্ট কাৰণ ক’ব নোৱাৰি। যিকোনো (গৰ্ভনিৰোধ) পদ্ধতিৰে ব্যৰ্থ হোৱাৰ সম্ভাৱনা থাকে,” তেওঁ বুজাই কয়। আই.ইউ.চি.ডি. আটাইতকৈ নিৰাপদ আৰু কাৰ্য্যক্ষম পদ্ধতি বুলি ধৰা হয় যদিও ইয়াৰ ব্যৰ্থতাৰ ফলত অবাঞ্চিত গৰ্ভধাৰণ আৰু স্ব-ইচ্ছাই কৰা গৰ্ভপাতৰ ঘটনা ঘটে।
“মইতো সেইটোৰে ভৰসাত আছিলো,” সুনীতাই কয়। “কপাৰ-টি লগাইছো, গতিকে অন্তঃসত্বা নহওঁ বুলি নিশ্চিত আছিলো। কপাৰ-টিয়ে পাঁচ বছৰ কাম কৰিব বুলি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰজনে গেৰাণ্টি দিছিল। কিন্তু এবছৰ নৌহওতেই এনেকুৱা হ’ল,” তেওঁ কয়।
ভাৰতত ১৫-৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ কেৱল ২.১ শতাংশই কপাৰ-টিৰ দৰে আই.ইউ.চি.ডি. পদ্ধতি ব্যৱহাৰ কৰিছে, এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ২০১৯-২১ৰ তথ্য ( ৰা.প.স্বা.স.-৫ ) আটাইতকৈ বহুলভাৱে ব্যৱহৃত পদ্ধতি হৈছে মহিলাৰ বন্ধ্যাকৰণ, ৩৮ শতাংশ বিবাহিত মহিলাই এই পদ্ধতি ব্যৱহাৰ কৰিছে। দুই-তিনিটা সন্তানৰ পিছত বিবাহিত মহিলাৰ মাজত গৰ্ভনিৰোধকৰ ব্যৱহাৰ বাঢ়ে বুলি উক্ত সমীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ। সুনীতাই পঞ্চমটো সন্তান বিচৰা নাছিল।
কিন্তু বিকাশ হস্পিতেলত তেওঁ গৰ্ভপাত কৰাব নোৱাৰিলে, তাত এই কামত ৩০,০০০ টকা লাগে।
সুনীতা এগৰাকী গৃহিণী। অন্যহাতে তেওঁ ৩৪ বছৰ বয়সীয়া স্বামীয়ে ফল বিক্ৰী কৰি মাহে ১০,০০০ টকা উপাৰ্জন কৰে। তেওঁৰ গিৰীয়েকৰ দুই ভায়েক তেওঁলোকৰ লগতে তিনিটা শোৱনি কোঠাৰ ভাৰাঘৰত থাকে, তেওঁলোক দুজনে স্থানীয় কাপোৰৰ দোকানত কাম কৰে। তিনিও ভায়েকে গাইপতি ২,৩০০ টকাকৈ ঘৰভাৰা দিয়ে।
সেউজীয়া আৰু হালধীয়া ত্ৰিভুজ অঁকা ৰঙা চালৱাৰ কামিজ পিন্ধা সুনীতাই কাপোৰৰ উজ্বলৰ ৰঙৰ সৈতে মিলাকৈ হাতত পিন্ধিছে ৰঙীন খাৰু। ভৰিৰ নূপুৰজোৰৰ ৰং উৱলিছে, গেৰুৱাত লগোৱা ৰঙা ৰঙৰ আলটা শুকাইছে। নিজে উপবাসে আছে যদিও তেওঁ সেই সময়ত কথা পাতি থকাৰ মাজতে পৰিয়াললৈ বুলি ভাত ৰান্ধিছে। “বিয়াৰ ছমাহ নহওঁতে মোৰ মুখৰ উজ্বলতা নাইকিয়া হ’ল,” বিয়াৰ আগতে তেওঁৰ মুখখন কেনে তুলতুলীয়া আছিল, তাকে মনত পেলাই তেওঁ কয়। ১৮ বছৰ বয়সত, তেওঁৰ বিয়াৰ সময়ত ওজন আছিল প্ৰায় ৫০ কিলোগ্ৰাম। ৫ ফুট ১ ইঞ্চিৰ সুনীতাৰ ওজন এতিয়া ৪০ কিলো।
সুনীতা ৰক্তহীনতাত ভূগিছে। সেইবাবে হয়তো তেওঁৰ মুখখন ঢেলা পৰিছে আৰু তেওঁৰ গাটো দূৰ্বল লাগি থাকে। তেওঁ ভাৰতত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ মহিলাৰ ৫৭ শতাংশৰ মাজৰ এগৰাকী, যিয়ে এনেদৰে ৰক্তহীনতাত ভূগি আছে। ২০২১ৰ ছেপ্তেম্বৰৰ পৰা সুনীতাই নজাফগঢ়ৰ এখন প্ৰাইভেট ক্লিনিকত ইয়াৰ বাবে চিকিৎসা কৰাই আছে, দহদিনৰ মুৰত এবাৰ তালৈ যাব লাগে। পৰামৰ্শ আৰু দৰৱৰ নামত তেওঁৰ প্ৰায় ৫০০ টকা খৰছ হয়। ক’ভিড-১৯ হোৱাৰ ভয়ত তেওঁ চৰকাৰী হস্পিতেললৈ নাযায়। তাৰোপৰি তেওঁ ঘৰৰ কাম শেষ কৰি আবেলি ক্লিনিকলৈ যাব লাগে, চৰকাৰী হস্পিতেলত দীঘলীয়া শাৰী পাতি থাকিবলগীয়া নহয়।
কাষৰ কোঠাৰ পৰা ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰত মাজে মাজে আমি একো নুশুনা হৈছো। “মোৰ গোটেই দিনটো এনেকৈয়ে যায়,” সুনীতাই ল’ৰা-ছোৱালীকেইটাৰ মাজত হ’বলগীয়া সাম্ভাব্য কাজিয়াখনৰ কথা কৈছে, তাত তেওঁ হস্তক্ষেপ নকৰিলে নচলে। “পেটত সন্তান থকাৰ কথা শুনি মই ইমান চিন্তাত পৰিছিলো। স্বামীয়ে কৈছিল ‘যি হৈছে হ’বলৈ দিয়া।’ কিন্তু কষ্ট কোনে খাব, ময়েই, নহয়নে? সন্তানটো ময়েই চাব লাগিব, আটাইবোৰ কাম ময়েই কৰিব লাগিব,” ধৈৰ্য্যচ্যুত হোৱাৰ দৰে কথাখিনি তেওঁ কয়।
গৰ্ভধাৰণ কৰা বুলি গম পোৱাৰ কিছুদিন পিছত তেওঁ ১,০০০ টকা খৰছ কৰি নজাফগঢ়-ধানচা ৰোডৰ এখন প্ৰাইভেট ক্লিনিকত আলট্ৰাচাউণ্ড স্কেন কৰালে। তাত তেওঁক সংগ দিয়া আশাকৰ্মীগৰাকীয়ে তাৰপাছত তেওঁক ন কিলোমিটাৰ দূৰৰ জফৰপুৰৰ চৰকাৰচালিত ৰাও তোলা ৰাম মেম’ৰিয়েল হস্পিতেললৈ লৈ গ’ল। চৰকাৰী হস্পিতেলত এই প্ৰক্ৰিয়া বিনামূলীয়া।
“জফৰপুৰত তেওঁলোকে (ডাক্তৰে) ক’লে যে কপাৰ-টি আঁতৰাব নোৱাৰি, সন্তান জন্ম হোৱাৰ সময়ত একেলগে ওলাই আহিব।” তেওঁৰ ভ্ৰুণটো তিনিমাহ হৈছে হেতুকে গৰ্ভপাত কৰোৱাটো ইমান জটিল নহ’ব যদিও তেওঁৰ প্ৰাণৰ সংশয় থাকিব বুলি ডাক্তৰে সুনীতাক ক’লে। “তেওঁলোকে ৰিস্ক ল’ব খোজা নাছিল,” সুনীতাই কয়।
“মই মোৰ জীৱনৰ প্ৰতি থকা ৰিস্কৰ কথা ভাবি নাথাকিলো। মই আৰু এটা সন্তান বিচৰা নাছিলো,” তেওঁ মোক কৈছিল। এনে পৰিস্থিতিত তেওঁ অকলশৰীয়া নহয়। বিবাহিত মহিলাৰ ৮৫ শতাংশই দ্বিতীয়টো সন্তানৰ পিছত গৰ্ভৰোধ কৰিব বিচাৰে, ৰা.প.স্বা.স.-৫ৰ প্ৰতিবেদনৰ এই তথ্য।
সুনীতাই আন এখন হস্পিতেলত গৰ্ভপাত কৰোৱাৰ সিদ্ধান্ত ল’লে। ২০২০ৰ ফেব্ৰুৱাৰীত তেওঁ তেতিয়া চাৰিমহীয়া গৰ্ভৱতী, আন আশাকৰ্মী এগৰাকীয়ে তেওঁক নজাফগঢ়ৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ চেণ্ট্ৰেল দিল্লীস্থিত লেডি হাৰ্ডিঞ্জ হস্পিতেললৈ লৈ যায়। দুয়োগৰাকী সেইদিনা গাইপতি ১২০ টকা খৰছ কৰি দিল্লী মেট্ৰোৰে হস্পিতেলখনলৈ যায়। গোপাল নগৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ডাক্তৰৰ সৈতে আলোচনাৰ শেষত হস্পিতেলখনে তেওঁৰ গৰ্ভপাত কৰোৱাৰ সিদ্ধান্ত লয়।
“তেওঁলোকে কি কথা পাতিছিল মই নাজানো। কেৱল ডাক্তৰে আলোচনা কৰিছিল আৰু অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লৈছিল,” সুনীতাই কয়। তেওঁৰ মনত আছে ডাক্তৰে প্ৰথমে কেইটামান তেজপৰীক্ষা কৰাইছিল আৰু দৰৱ লগাইছিল। “কি দৰৱ আছিল মোৰ মনত নাই। তেওঁলোকে কিবা ঔষধ সুমোৱাই দি চাফা কৰিছিল। পেটটো জ্বলিছিল আৰু মূৰটো ঘূৰাইছিল,” তেওঁ কয়। তেওঁৰ গিৰীয়েক লগত গৈছিল যদিও “গৰ্ভপাত কৰোৱাৰ তেওঁৰ মন নাছিল,” তেওঁ কথাখিনিত যোগ দিয়ে।
ডাক্তৰে সুনীতাক তেওঁলোকে জৰায়ুৰ পৰা টানি উলিওৱা ভাগি যোৱা কপাৰ-টিটো দেখুৱালে। গৰ্ভপাত কৰোৱা ভ্ৰুণটো চাৰিমহীয়া আছিল, হস্পিতেললৈ তেওঁৰ লগত যোৱা আশাকৰ্মী চনি ঝায়ে কয়। “তেওঁৰ কেচটো জটিল আছিল কাৰণে ‘স্বাভাৱিক প্ৰসৱ’ পদ্ধতিৰে গৰ্ভপাত কৰোৱা হৈছিল,” আশাকৰ্মীগৰাকীয়ে কয়।
সুনীতাই গৰ্ভনলীচ্ছেদ কৰোৱাৰ কথা ঠিৰাং কৰিছিল যদিও ২০২০ৰ ক’ভিড-১৯ মাৰ্চৰ লকডাউনত সকলো স্তব্ধ হ’ল। এবছৰ আগতে তেওঁ এয়া কৰাব পাৰিলে, কিন্তু তাৰবাবে বিহাৰলৈ যাবলগীয়া হ’ল
গৰ্ভপাত আছিল গোটেই যুঁজখনৰ আধা অংশহে। সুনীতাই বন্ধ্যাকৰণ বা গৰ্ভনলীচ্ছেদ কৰাব বিচাৰিছিল, যিটো প্ৰক্ৰিয়াত ডিম্বকোষনল অৱৰোধ কৰা হয়। গৰ্ভপাতৰ পিছদিনাই একেখন হস্পিতেলতে তেওঁ গৰ্ভনলীচ্ছেদ কৰাব বিচাৰিছিল। কিন্তু অন্তিম সময়ত ডাক্তৰে সিদ্ধান্ত সলনি কৰিলে। “আনকি মোক অস্ত্ৰোপচাৰ কক্ষত পিন্ধোৱা কাপোৰো পিন্ধোৱা হৈছিল, কিন্তু সেই সময়তে মোৰ কাহ উঠিল। ডাক্তৰে ৰিস্ক ল’ব খোজা নাছিল।” গৰ্ভপাতৰ চাৰিদিন পিছত তেওঁক অন্তৰা বেজী দি হস্পিতেলৰ পৰা ডিচাৰ্জ দিয়া হয়।
সুনীতাই গৰ্ভনলীচ্ছেদ কৰোৱাৰ কথা ঠিৰাং কৰিছিল যদিও ২০২০ৰ মাৰ্চৰ ক’ভিড-১৯ লকডাউনত সকলো স্তব্ধ হ’ল। এবছৰ আগতে তেওঁ এয়া কৰাব পাৰিলে, কিন্তু তাৰবাবে বিহাৰলৈ যাবলগীয়া হ’ল। ২০২১ৰ ফেব্ৰুৱাৰীত সুনীতা আৰু তেওঁৰ পৰিয়ালটো তেওঁৰ দেওৰৰ বিয়া উপলক্ষে হনুমান নগৰ ব্লকৰ কলহাণ্টা নিজগাওঁ পাটৰি গাঁৱলৈ গ’ল। তাত তেওঁ আশাকৰ্মী এগৰাকীৰ সৈতে যোগাযোগ কৰিলে আৰু তেঁৱেই সুনীতাক দাৰভাংগাৰ চৰকাৰী হস্পিতাল এখনলৈ লৈ গ’ল। “মই কুশলে আছো নে নাই এতিয়াও আশাকৰ্মীগৰাকীয়ে ফোনত খবৰ লয়,” তেওঁ কয়।
“তাত (দাৰভাংগা) তেওঁলোকে আপোনাক সম্পূৰ্ণকৈ অচেতন কৰি নলয়। জগাই ৰাখে। আপুনি চিঞৰিয়েও কোনেও গুৰুত্ব নিদিয়ে,” তেওঁ মনত পেলায়। বন্ধ্যাকৰণ কৰোৱাৰ বাবে সুনীতাই চৰকাৰৰ তৰফৰ পৰা ২,০০০ টকাৰ ক্ষতিপূৰণ পাব লাগে। “মোৰ একাউণ্টলৈ সেই পইচা আহিছে নে নাই মই নাজানো। মই বেংকৰ বহীটো কাকো চাবলৈ দিয়াই হোৱা নাই,” তেওঁ কয়।
কথাখিনি সামৰোতে তেওঁৰ মনত এক সন্তুষ্টিৰ ভাৱ দেখা গ’ল। “শেষত যেনিবা মই এয়া কৰাব পাৰিলো। বাচি গ’লো, নহ’লে এতিয়াও সমস্যাই পিছ নেৰিলেহেঁতেন। এবছৰ হ’ল, মই ভালে আছো। আৰু কেইটামান সন্তান জন্ম দিলে মৰিয়ে থাকিলোহেঁতেন।” তেওঁৰ মনত অৱশ্যে ক্ষোভৰ সুৰ এটাও আছে। “কিন্তু এই কামটোৰ বাবে কিমানখন যে হস্পিতেল বাগৰিলো, কিমানজন ডাক্তৰক দেখুৱাবলগীয়া হ’ল। মই নিজৰ মৰ্য্যাদা হেৰুওৱা নাইনে, মোক কোৱা?”
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদ: পংকজ দাস