দুৰ্দশাৰ সেই দিনবোৰ কেনেকৈ পাৰি কৰি আহিল, উজ্জ্বলাই ভাবি নিজেই আচৰিত হয়।
মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলত ইজনৰ পিছত সিজনকৈ আত্মহত্যা কৰা কৃষকৰ তালিকাখনত এটা দশক আগতে যোগ হৈছিল উজ্জ্বলা পেঠকাৰৰ স্বামীৰ নাম। দশক বাগৰিল, এতিয়া দুকুৰি বয়সৰ বিধৱাগৰাকীয়ে নিজৰ আৰু পৰিয়ালটোৰ জীৱনবোৰ ধীৰে ধীৰে চিজিল লগাইছে।
কিবা এটা কাৰণত তেওঁ জীয়াই থাকিল। “হয়তো,” অলপ সময় তভক মাৰি ৰোৱাৰ পিছত তেওঁ কয়, “সন্তানহালৰ মুখলৈ চাই।”
উজ্জ্বলাৰ বেজাৰ কৰি বহি থাকিবলৈ সময় নাছিল, জিৰণি ল’বলৈ বিলাসিতা নাছিল আৰু ভৰসা কৰিবলৈকো কোনো নাছিল। প্ৰভাকৰে কীটনাশক সেৱন কৰাৰ সময়ত তেওঁৰ বয়স ডেৰ কুৰি। সমস্ত দায়িত্ব তেওঁৰ ওপৰতে পৰিল। খেতিখন চোৱা-চিতা কৰাৰ পৰা ঋণ পৰিশোধ কৰা আৰু নিজৰ ল’ৰা-ছোৱালী দুটাক ডাঙৰ-দীঘল কৰালৈকে।
যোৱা এটা দশক উজ্জ্বলাক এনেদৰে দুশ্চিন্তাই খুলি খুলি খাইছে যে খেতি চপাই থকা সময়ত তেওঁৰ চকুলো ওলাইছে। এইখনেই তেওঁৰ পথাৰ – ৱাৰ্ধা চহৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ কুৰ্ঝাদি গাঁৱত থকা তেওঁৰ পাঁচ একৰ খেতিমাটি। কুৰ্ঝাদি গাঁৱৰ জনসংখ্যা প্ৰায় দুহেজাৰ। বসন্তৰ আগৰ ৰ’দজাক যেন জুইহে আছিল, কিন্তু উজ্জ্বলা পথাৰত থমকি ৰোৱা নাছিল। “মই কাম নকৰিলে মোৰ সন্তানৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব – মই সিহঁতৰ বাবে এইখিনিনো কি, আৰু কষ্ট কৰিব পাৰিম।”
অকলশৰে, নিজেই নিজৰ ছাঁত জিৰণি লোৱা এইগৰাকী উজ্জ্বলা, বিদৰ্ভৰ কৃষি-বৈধব্যৰ চিকাৰ, অথচ কোনো কাৰণতে জীৱনৰ ওচৰত হাৰ নমনা এক সত্ত্বা। তেওঁ এক অদম্য কৃষকৰ প্ৰতীক, আত্মহত্যা কৰা শ শ কৃষকৰ বিধৱা পত্নীসকলৰ এক প্ৰতিনিধি। কান্ধত পৰিয়ালৰ বোজা লৈ তেওঁ খেতিৰ কেতিয়াও শেষ নোহোৱা সমস্যাবোৰৰ সৈতে অহৰহ যুঁজিছে। ‘নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰু’ৰ প্ৰতিবেদন অনুসৰি ১৯৯৫ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ভাৰতত তিনি লাখ কৃষক আৰু কৃষিশ্ৰমিকে আত্মহত্যা কৰিছে। ২০০৩ চনত উজ্জ্বলাৰ স্বামীয়ে আত্মহত্যা কৰিছিল। বিদৰ্ভত তেতিয়া কপাহৰ খেতিৰ সংকট ধীৰে ধীৰে দেখা দিছিল।
উজ্জ্বলাই কয়, “খেতি মাইকী মানুহৰ বাবে নহয়। মই বেংকলৈ গ’লেও তাত থকা কৰ্মচাৰীসকলে মোৰ কথাত গুৰুত্ব নিদিয়ে। বজাৰলৈ গ’লে পুৰুষবোৰে মোৰ ফালে এনেদৰে চায় যেন মই তেওঁলোকৰ মাটিত অনাধিকাৰ প্ৰৱেশ কৰিছো... কৃষি শ্ৰমিক, আনকি মাইকী মানুহো মোৰ খেতিত কাম কৰিবলৈ সহজে নাহে।"
‘কৃষি ক্ষেত্ৰ নাৰীকৰণ’ৰ প্ৰক্ৰিয়াত তেওঁক কল্পনা কৰক: উজ্জ্বলাই গোটেই দিনটো, সকলো ঋতুতে, নিজৰ পথাৰত কাম কৰে যাতে কপাহ, চয়াবিন, মাকৈ, বুটমাহ আৰু ঘেঁহুৰ খেতি কৰিব পাৰে। সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি অহাবাৰ গৰমৰ দিনত আপোনাৰ থালখনত খাদ্য তুলি দিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। তেতিয়ালৈ তেওঁ ঘেঁহুৰ খেতিখন চপাব আৰু শস্যখিনি বজাৰলৈ লৈ যাব।
কপালত ডাঙৰ ৰুমাল এখন মেৰিয়াই লোৱা উজ্জ্বলাই পথাৰত চপাবৰ বাবে সাজু হৈ থকা ঘেঁহুৰ শস্যখিনি চাই গৈ থাকোতে কয়, “মোৰ মানুহটো জীয়াই থকা হ’লেও মই পথাৰখনত কাম কৰিলোহেঁতেন, কিন্তু হয়তো ইয়াৰ আৰ্থিক দিশটো বুজি নাপালোহেঁতেন।”
গৃহিণীৰ পৰা আৰম্ভ কৰি এটা সময়ত খেতিপথাৰখন অকলেই চোৱা আৰু পৰিয়ালৰ মুৰব্বী হৈ পৰা এই যাত্ৰা একেবাৰে সহজ নাছিল, উজ্জ্বলাই মনত পেলায়। তেওঁ কয়, “মোৰ মানুহজনৰ মৃত্যুৰ পিছত মই মানুহবোৰৰ প্ৰকৃত মুখবোৰ চিনি পালো। কোনোৱেই, আনকি আপোনাৰ ঘনিষ্ঠ আত্মীয়ও আপোনাৰ কাষত থিয় নহয়। তেতিয়াই মই বুজিলো যে মোৰ বাবে এই পৃথিৱীত ময়েই আছো।"
“সহায়ৰ প্ৰস্তাৱৰ আঁৰত বহু মানুহৰ অসৎ উদ্দেশ্য এটা লুকাই থাকে,” উজ্জ্বলাই তিক্ত অভিজ্ঞতাৰে কয়, সেয়ে সহায় আগবঢ়োৱা মানুহৰ পৰা তেওঁ সদায় সতৰ্ক। “মই কাৰোৰে পৰা কোনো সহায় লোৱা নাই। মই মোৰ সমস্যাবোৰ নিজে সমাধান কৰো। পথাৰত কাম কৰি ল’ৰা-ছোৱালী কেইটাক যি পাৰো দিওঁ, সেয়াই …” জীয়েক বৃশালীক লৈ গৌৰৱ কৰে উজ্জ্বলাই। দেউতাকৰ মৃত্যুৰ সময়ৰ বৃশালীৰ বয়স মাত্ৰ দহ বছৰ আছিল। এতিয়া তেওঁ এগৰাকী আত্মবিশ্বাসী কৰ্মৰত যুৱতী। মেট্ৰিকৰ পিছতে বৃশালীয়ে নাগপুৰলৈ গৈ নাৰ্চিঙৰ প্ৰশিক্ষণ লয় আৰু এতিয়া তেওঁ তাত এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰি আছে। উজ্জ্বলাৰ পুত্ৰ প্ৰশীলৰ বয়স ১৭ বছৰ। তেওঁ পঢ়া বাদ দিলে, মাকক খেতিৰ কামত সহায় কৰাৰ উপৰি শ্ৰমিক হিচাপে কাম কৰে।
উজ্জ্বলাৰ পিতৃ-মাতৃও খেতিয়ক। ঊনৈশ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱা উজ্জ্বলাই শূন্যৰ পৰা আৰম্ভ কৰি কৃষিৰ মূল কথাবোৰ নিজাববীয়াকৈ শিকিছিল: কেনেকৈ শস্য বাছনি কৰিব, কেনেকৈ বীজ কিনিব, কেনেকৈ বেংকত লেনদেন কৰিব, কেনেকৈ পথাৰত নামি নিজে খেতি কৰিব, কেনেকৈ সামগ্ৰী বিক্ৰী কৰিব ইত্যাদি। "মই একো নাজানিছিলো," বুলি কোৱা উজ্জ্বলাই আজি তেওঁ ভাল খেতি কৰি আছে, শস্যাবৰ্তন কৰিব পাৰিছে, নতুন নতুন কাম চেষ্টা কৰে, পইচা-পাতিৰ লেনদেন কৰি আছে। তেওঁ অৱশ্যে কয়, ‘খেতি কৰাটো কঠিন’।
তেওঁ পথাৰত বিভিন্ন ধৰণে খেতি কৰিবলৈ চেষ্টা কৰিছিল, তেওঁ বুজে যে একাধিক শস্যৰ খেতি কৰাটোৱেই হৈছে লোকচান হ্ৰাস কৰা আৰু আয় বঢ়োৱাৰ সৰ্বোত্তম কৌশল। “মই পথাৰত কুঁহিয়াৰ ৰুইছিলো। মই মাত্ৰ চাব বিচাৰিছিলো যে খেতি কৰিব পাৰো নে নাই। কিন্তু উৎপাদন অতি বেয়া আছিল, সেয়ে এৰিবলগীয়া হ’ল,’ উজ্জ্বলাই কয়।
উজ্জ্বলাই কয় যে প্ৰভাকৰৰ মৃত্যুৰ পিছৰ পৰাই শহুৰেকৰ পৰিয়ালে তেওঁৰ লগত সম্পৰ্ক একপ্ৰকাৰ চিঙিয়েই পেলালে। তেওঁ কয় যে মাটিখিনিয়েই তেওঁৰ একমাত্ৰ সম্পদ। তেওঁ কয়, “মোৰ মানুহজন জীয়াই থকোঁতেই আমি ঋণদাতাৰ ওচৰত চাৰে চাৰি একৰ মাটি হেৰুৱালোঁ। মই সেই মাটিখিনি ঘূৰাই আনিব পৰা নাই –এইয়া মোৰ ক্ষমতাৰ বাহিৰত," তেওঁ কয়।
বেলি এতিয়া মূৰৰ ওপৰত, কিন্তু উজ্জ্বলাই শস্য নৰাবোৰ থূপাব লাগিব। “এই বছৰ খৰাং আছিল, সেয়ে শস্য বৰ ভাল হোৱা নাই।” তেওঁ মিচিকিয়াই হাঁহি কয়, “আকৌ এবাৰ লোকচান আৰু ঋণৰ চক্ৰত পৰিছো।”
খেতিৰ লোকচান আৰু ঋণে তেওঁৰ স্বামীৰ প্ৰাণ কাঢ়ি নিলে। উজ্জ্বলাই কয়, “মোৰ স্বামীয়ে আত্মহত্যা কৰাৰ সময়ত আমাৰ ধাৰ আছিল দুই লাখ টকা, সেয়া মই কিস্তি কিস্তি কৰি পৰিশোধ কৰি আছো। ব্যক্তিগত সুদখোৰ আৰু বেংকক এক লাখৰো অধিক ধন দিবলগা আছে। মই এতিয়া তেওঁলোকৰ পৰা অলপ সময় বিচাৰিছো।”
“মৃত্যুৱে সমস্যাৰ ওৰ নেপেলায়”, দাৰ্শনিকৰ ভাৱত তেওঁ কয়, “জন্ম এবাৰেই; দুখ-কষ্ট জীৱনৰ অংশ; মোৰ মানুহজনে আমাৰ কথা নাভাবি আমাক এৰি গ’ল।”
অনুবাদ: ল’নলী গগৈ