জামলো ১২ বছৰীয়া কিশোৰী। ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা সময়ত তাই তেলাংগনাৰ জলকীয়া খেতিৰ পথাৰত কাম কৰিবলৈ গ’ল। তলাবন্ধৰ সময়ত ঘৰলৈ উভতি আহিবলৈ আন শ্ৰমিকৰ সৈতে তিনিদিন ধৰি খোজ কাঢ়ি থাকোতে তাইৰ আদবাটতে মৃত্যু ঘটে।
‘বন্ধু আৰু গাঁৱৰ আন মানুহৰ সৈতে আমাক নজনোৱাকৈ তাই গাঁৱৰ পৰা গৈছিল। পিছদিনা আমি এই কথা জানিব পাৰিলো।’ জামলোৰ মাতৃ সুকমতি মাডকামে আমাক কয়। পৰিয়ালটো মুড়িয়া আদিবাসী সম্প্ৰদায়ৰ।
চত্তীশগড়ৰ বাস্তাৰ অঞ্চলৰ বিজাপুৰ জিলাৰ আদেদ গাঁৱলৈ ১২ বছৰীয়া ছোৱালীজনী উভতি আহি আছিল। তেলাংগনাৰ মুলুগু জিলাৰ কান্নাইগুডেম গাঁৱৰ ওচৰৰ পথাৰত কাম কৰিবলৈ কেইবাটাও কিশোৰ-কিশোৰীকে ধৰি ১১ জনীয়া শ্ৰমিকৰ দলটোৰ সৈতে মাজলো গৈছিল। (এনেকৈ কাম কৰিবলৈ যোৱা এটা শ্ৰমিকৰ দলৰ আলোকচিত্ৰ ওপৰৰ বেটুপাতত আছে)। জলকীয়াৰ পথাৰত সিহঁতে জলকীয়া চিঙে, পূৰ্বৰ বন্দোৱস্ত মতে দিনে ২০০ টকা বা এক বস্তা জলকীয়া পায় (
জলকীয়াৰ খেতিপথাৰত ল’ৰা-ছোৱালীবিলাক
)।
‘তাইৰ সমনীয়া আৰু গাঁৱৰ আন মানুহৰ সৈতে জামলোৱে কাম কৰিবলৈ গৈছিল। কাম যেতিয়া বন্ধ হৈ যোৱাত সিহঁত উভতি আহিবলৈ লয়। মুলুগু জিলাৰ পেৰুৰু গাঁৱৰ পৰা সিহঁতে যেতিয়া ঘৰলৈ উভতিছিল, তেতিয়া তাইৰ পৰা ফোন পাইছিলো। শেষ ফোনটোত তাইৰ সৈতে ঘৰলৈ উভতি অহা গাঁৱৰ আন মানুহৰ পৰা মোৰ সন্তানৰ মৃত্যু সম্পৰ্কে মোক জনাইছিল।’ জামলোৰ পিতৃ আন্দোৰামে কয়। আদেদ গাঁৱৰ আন আদিবাসী লোকৰ দৰে তেওঁ আৰু পত্নী সুকমতিয়ে জংঘলৰ পৰা বস্তু বিচাৰি আৰু ক্ষুদ্ৰ মাটি এটুকুৰাত ধানখেতি আৰু আন খেতি কৰি তথা কৃষিশ্ৰমিক ৰূপে কাম কৰি বা এমজিএনৰেগাৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰে।
‘জামলোৰ শ্ৰমিক হিচাপে দুমাহৰ আগতে তেলাংগনালৈ গৈছিল। কিন্তু তলাবন্ধ বলবৎ কৰাৰ পিছত কাম বন্ধ হৈ পৰিল। শ্ৰমিকসকলে যিকোনো উপায়েৰে ঘৰলৈ উভতি আহিবলৈ মৰোঁ-জীওঁ-সোঁ-আধিকৈ চেষ্টা কৰিছিল। হাতত থকা টকা শেষ হৈ যোৱাৰ পিছত শ্ৰমিকসকলৰ অৱস্থা শ্বাসৰুদ্ধকৰ হৈ পৰিল, আৰু ঠিকাদাৰে সিহঁতক ঘৰলৈ উভতি যাবলৈ ক’লে।’ জগদলপুৰৰ পৰা প্ৰকাশিত এখন সংবাদপত্ৰৰ বাবে সাংবাদিকতা কৰা গোণ্ড আদিবাসী সম্প্ৰদায়ৰ বিজাৰপুৰৰ সাংবাদিক পুষ্পা উচেণ্ডি ৰোকাৰে কয়।
তলাবন্ধৰ বাবে যাতায়ত কৰাৰ সকলো ব্যৱস্থা বন্ধ হৈ পৰাৰ বাবে শ্ৰমিকসকলে খোজকাঢ়ি ঘৰলৈ আহিবলৈ আৰম্ভ কৰিলে। তেলাংগনাৰ কান্নাইগুডেমৰ পৰা চত্তীশগড়ৰ আদেদ গাঁৱলৈ ১৭০-২০০ কিলোমিটাৰ (অহা পথটোৰ ওপৰত নিৰ্ভৰ কৰে) দূৰত্ব হ’ব। ঘাইপথ বন্ধ থকাৰ বাবে সিহঁতে অৰণ্যৰ মাজেৰে ১৬ এপ্ৰিলত যাত্ৰা আৰম্ভ কৰিছিল। আহি থাকোতে নিশা সিহঁতে কোনোবা গাঁৱত বা জংঘলতে শোৱে। এয়া আছিল প্ৰচণ্ড ক্লান্তিকৰ যাত্ৰা, কিন্তু তেওঁলোকে তিনিদিনত প্ৰায় ১০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল।
১৮ এপ্ৰিলৰ দিনাা পুৱা ৯ বজাত যেতিয়া শ্ৰমিকসকলে তেওঁলোকৰ ঘৰমুখী অৱসাদভৰা যাত্ৰা আৰম্ভ কৰিলে, সেই ঘৰ পাবলৈ আৰু ৬০ কিলোমিটাৰ পথ থাকোতে জামলোৰ মৃত্যু হয়। সংবাদ মাধ্যমত তাইৰ পেটৰ বিষ আৰু মূৰ কামোৰণি হোৱাৰ কথা কোৱা হৈছে। সেই কাৰণে তাই পৰি যোৱাৰ ফলত হাড় এডাল ভাঙি গৈছিল। কিন্তু চৰকাৰী চিকিৎসালয়ৰ তথ্য আমি লাভ কৰা নাই।
‘তাই এজনী সৰু ছোৱালী আৰু তিনিদিন একেৰাহে ইমান দূৰ (প্ৰায় ১৪০ কিলোমিটাৰ) খোজ কাঢ়িছিল আৰু ঘৰ পাবলৈ ৫৫-৬০ কিলোমিটাৰ থাকোতে তাই শ্বাসৰুদ্ধ হৈ পৰে।’ বিজাপুৰৰ মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা. বি.আৰ. পুজাৰীয়ে আমাক ফোনত জনায়। ‘অতিমাত্ৰা ক্লান্ত হৈ পৰা বাবে তাই সম্ভৱ শ্বাসৰুদ্ধ হৈ পৰিছিল আৰু মাংসপেশীও চৰম দুৰ্বল হৈ পৰিছিল, মৰণোত্তৰ প্ৰতিবেদনত এই সম্পৰ্কে উল্লেখ নাথাকিব পাৰে। আহি থাকোতে পথত তাই পৰি গৈছিল আৰু আগদিনা তাইৰ জখম হৈছিল বুলি আন শ্ৰমিকসকলে কয়।’
ডা. পূজাৰীয়ে পুৱাবেলা প্ৰায় ১১ বজাত তাইৰ মৃত্যুৰ খবৰ পায়। ‘মই যেতিয়া এখন এম্বুলেন্স পঠিয়াও। তেতিয়া মৃতদেহ লৈ সিহঁতে প্ৰায় ৫-৬ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে,’ তেওঁ কয়। বিজাপুৰত থকা জিলা হাস্পতাললৈ জামলোৰ মৃতদেহ লৈ অহাৰ বাবে আন এখন ওচৰতে থকা চৰকাৰী হাস্পতালৰ (উচুৰ)ৰ পৰা এম্বুলেন্সখন পঠোৱা হৈছিল। ‘দলটোত থকা আন ১১ জন লোকক ক’ভিড-১৯ৰ নিৰ্দেশাৱলীৰ আধাৰত কোৱেৰেণ্টিন কৰোৱা হয়,’ এই ঘটনাৰ পিছত ডা. পূজাৰীয়ে সংবাদ মাধ্যমক জনায়।
দেশৰ দুৰ্গম জনজাতীয় অঞ্চলত তলাবন্ধৰ ফলত সৃষ্টি হোৱা বিধ্বংসী প্ৰতিক্ৰিয়া দৃষ্টিৰ অগোচৰে ৰৈ গৈছে। কিন্তু জামলো মাডকামৰ ঘটনাই সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰে।
ঘৰলৈ উভতি ৰাস্তাত মৃত্যু ঘটা জামলো যিহেতু প্ৰব্ৰজনকাৰী শ্ৰমিক, সেয়ে চিকিৎসা প্ৰাধিকাৰীয়ে ক’ৰণাভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰে। শনিবাৰে, ১৮ এপ্ৰিলৰ পুৱা তাইৰ চেম্পল পৰীক্ষাৰ বাবে জগদলপুৰলৈ পঠিওৱা হয় আৰু দেওবাৰে নিশা কোৱা হয় যে জামলো ক’ৰণাভাইৰাছ আক্ৰান্ত হোৱা নাই, ডা. পূজাৰীয়ে সাংবাদিকক জনায়। সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ আনুষ্ঠানিকতা আৰু প্ৰক্ৰিয়া শেষ কৰি জামলোৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হয়।
‘মই আঠটা ল’ৰা-ছোৱালী জন্ম দিলো, তাৰে চাৰিটাই খোজ কাঢ়িবপৰা হোৱাৰ আগতেই গুছি গ’ল। এতিয়া জামলোৰ মৃত্যু হ’ল,’ এই প্ৰতিবেদনৰ সহযোগী লেখক (তেওঁ উত্তৰ চত্তীশগড়ৰ কানৱাৰ আদিবাসী সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত বিজাপুৰৰ সাংবাদিক) কমলেশ পেইংক্ৰাক জামলোৰ মাতৃ সুকমতিয়ে কয়।
সুকমতি আৰু আন্দোৰামৰ আন তিনিটা সন্তান আছে। কিছুদিনৰ আগতে স্কুললৈ যোৱা বাদ দিয়া ১৪ বছৰীয়া বুধৰাম, আমি (পেইংক্ৰা) সিহঁতৰ ঘৰলৈ যোৱাৰ সময়ত তেন্দু পাত বান্ধিবলৈ ৰছী বনোৱাৰ বাবে গছৰ ছাল আনিবলৈ ওলাই গৈছিল। ৬ বছৰীয়া সৰিতাই প্ৰথম শ্ৰেণীত পঢ়ি আছে। গাঁৱত থকা চৰকাৰী স্কুলত তাই পঢ়ে। সেই সময়ত তাই ৰাজহুৱা দমকলত গা ধুই আছিল। মাকৰ লগত আছিল দুবছৰীয়া পুত্ৰ সন্তানটো।
১০-১২ বছৰ ধৰি মাডকাম পৰিয়ালৰ ৰেচন কাৰ্ড নাই। কিবা কাৰিকৰী ভুলৰ বাবে আগৰ ৰেচন কাৰ্ডখন বাতিল কৰিলে। সাধাৰণ উপাৰ্জনেৰে তেওঁলোকে বজাৰৰ পৰা বেছি দামত চাউল আৰু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিছে। জামলোৰ মৃত্যুৰ পিছত চৰকাৰী মানুহে তেওঁলোকক নতুনকৈ এখন বি.পি.এল. কাৰ্ড দিছে। এইখনতো ভূল আছে, তেওঁলোকৰ পৰিয়ালৰ সংখ্যা পাঁচজন। কাৰ্ডখনত দিয়া আছে চাৰিজন। বুধৰাম আৰু সাৰিতাৰ বয়স ভূলকৈ দিয়া আছে। (আনকি জামলোৰ আধাৰ কাৰ্ডতো তাইৰ নামটো ইংৰাজীত ‘জীতা মাডকামী’ বুলি ভূলকৈ লিখা আছে)
জামলোৱে গাঁৱৰ স্কুলত তৃতীয় শ্ৰেণীলৈ পঢ়িছিল, কিন্তু সিহঁতৰ গৰুকেইটা (তাৰে এটা অলপতে মৰিল) চৰাবৰ কাৰণে তাই স্কুল এৰি দিলে। পৰিয়ালটোৰ কেইটামান কুকুৰা চৰায়ো আছে।
চত্তীশগড়ৰ ৰাজধানী ৰাইপুৰৰ পৰা ৪০০ কিলোমিটাৰৰো অধিক দূৰৰ এক দুৰ্গম অঞ্চলত তাইৰ গাওঁ আদেদ। আদেদলৈ যাবলৈ প্ৰথমতে টয়নাৰ গাঁৱলৈ যাব লাগিব, বিজাপুৰৰ পৰা ইয়ালৈ ৩০ কিলোমিটাৰ দূৰ, সংযোগী পথটো পকী। টয়নাৰৰ পৰা ধূলিময় ৰাস্তা, এই পথেৰে যাত্ৰা কৰোতে দুটা সৰু নিজৰা পাৰ হ’ব লাগে।
মৰ্মেদ গাওঁ পঞ্চায়তৰ অধীনত থকা আদেদ গাঁৱত ৪২ টা পৰিয়াল আছে, গাওঁখনৰ পঞ্চায়ত সদস্য বুধৰাম কৱাছিয়ে কয়। তেওঁ মাড়িয়া জনজাতীয় সম্প্ৰদায়ৰ লোক। গাওঁখনত মূলতঃ চাৰিটা সম্প্ৰদায়ৰ লোক আছে- মুড়িয়া আৰু মাড়িয়া, কালাৰ আৰু ৰাউট, যিকেইটা ও.বি.চি. সম্প্ৰদায়ৰ।
‘জামলোৰ বয়স মাত্ৰ ১২ বছৰ, তাই প্ৰথমবাৰৰ বাবে জলকীয়া চিঙা কাম কৰিবলৈ অন্ধ্ৰ (তেলাংগনা)লৈ গৈছিল। গাওঁখনৰ এই সম্প্ৰদায়ৰ মানুহ সাধাৰণতে কাম বিচাৰি আন ৰাজ্যলৈ নাযায়- খুব বেছি টয়নাৰ বা বিজাপুৰলৈ যায়,’ বুধৰামে কয়।
চত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে জামলোৰ মৃত্যুৰ খবৰত উদ্বিগ্নতা প্ৰকাশ কৰে। ২১ এপ্ৰিলত এক টুইটাৰযোগে তেওঁ কয়, ‘বিজাপুৰৰ ১২ বছৰীয়া কিশোৰী জামলো মাডকামৰ মৃত্যু হৃদয় বিদাৰক। এই দুৰ্যোগৰ সময়ত তাৎক্ষণিক সাহায্য হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিৰ পৰা ১ লাখ আৰু স্বেচ্ছামূলক অনুদানৰূপে ৪ লাখ টকা আগবঢ়াইছো। বিজাপুৰ জিলা উপায়ুক্তক ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে।’
শ্ৰম বিভাগেও অনুসন্ধান কৰিছে আৰু জামলোৰ গাঁৱত এগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি প্ৰকাশ পাইছে। তদুপৰি কান্নাইগুডেম গাঁৱৰ এজন ঠিকাদাৰৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। ঠিকাদাৰৰূপে পঞ্জীয়ন নথকা এই লোকজনে নাবালক-নাবালিকাকে ধৰি আন ৰাজ্যলৈ শ্ৰমিক লৈ যোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা লোৱা হৈছে।
বহুতেই চত্তীশগড়ৰ বিজাপুৰ, সুকমা আৰু দান্তেৱাৰাৰ সীমান্তৱৰ্তী গাঁৱৰ পৰা কাম বিচৰা প্ৰব্ৰজন কৰে। ইয়াৰে কিছুমান নক্সালবাদীৰ দ্বাৰা প্ৰভাৱিত, সকলোৱে জীৱিকাৰ বাবে কাম বিচাৰে। তেওঁলোকে সাধাৰণতে তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশৰ বিশাল জলকীয়া খেতিত কাম বিচাৰে। জলকীয়া তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয় বস্তু, বহুতে মজুৰীৰ বাবদ জলকীয়া লৈ আহে।
জামলোৱেও তাই পৰিয়ালৰ বাবে কিবা লৈ অহাৰ আশাৰে গৈছিল। কিন্তু তাইৰ ঘৰলৈ ওভতাৰ নিদাৰুণ পথটো ১২ বছৰীয়া কিশোৰীগৰাকীৰ বাবে বহু দীঘলীয়া বুলি প্ৰমাণিত হ’ল।
অনুবাদঃ পংকজ দাস