বনসকান্থা জিলাত থকা নিজৰ ২.৫ একৰ খেতিমাটিখিনি ভানুবেন ভাৰৱাড়ে চাবলৈ নোযোৱা এটা বছৰেই হ’ল। এটা সময়ত তেওঁ গিৰীয়েকৰ সৈতে খেতিৰ কামত তালৈ প্ৰতিদিনে গৈছিল। বছৰটোৰ বাবে তেওঁলোকে বাজৰা, মগু আৰু জোৱাৰৰ খেতি কৰিছিল। গুজৰাটত ২০১৭ত সংহাৰী বান অহাৰ আগলৈকে খেতিখনেই তেওঁলোক চলি থকাৰ একমাত্ৰ ভৰসা আছিল। সেই বানত তেওঁলোকৰ গোটেইখিনি খেতিমাটি নষ্ট হৈ গ’ল। “তাৰপিছত আমাৰ খাদ্যই সলনি হৈ গ’ল,” ৩৫ বৰ্ষীয় ভানুবেনে কয়। “নিজৰ মাটিতে খেতি কৰি উৎপাদন কৰা শস্য এটা সময়ত তেওঁলোকে দোকানৰ পৰা কিনিবলগীয়া হৈ পৰিছিল।”
তেওঁলোকৰ খেতিৰ আধা একৰ মাটিত প্ৰায় চাৰি কুইণ্টল (৪০০ কিলো) যৱধান উৎপাদন হৈছিল। এতিয়া সেইখিনি কিনিব লাগিলে মাণ্ডিত ১০ হাজাৰ টকা দিব লাগিব। “মুদ্ৰাস্ফীতি ধৰিলেও আধা একৰ মাটিত বাজৰা খেতি কৰিবলৈ আমাক বজাৰৰ দৰতকৈ আধাখিনি টকা ব্যয় কৰিব লাগে,” তেওঁ কয়। “আন শস্যৰ ক্ষেত্ৰতো হিচাপটো একেটাই। প্ৰতিবিধ শস্যৰ (আমি উৎপাদন কৰা) বজাৰ দৰ দুগুণ।”
ভানুবেন, তেওঁৰ গিৰীয়েক ভোজাভাই (৩৮) আৰু তেওঁলোকৰ তিনি সন্তান কংকৰেজ তালুকৰ বনসকান্থাৰ টোটানা গাঁৱত থাকে। তেওঁলোকে খেতি কৰিছিল যদিও বোজাভাইয়ে অতিৰিক্ত উপাৰ্জনৰ বাবে কৃষিশ্ৰমিক হিচাপেও কাম কৰিছিল। কিন্তু তেওঁ ২০১৭ৰ পৰা পূৰ্ণকালীন শ্ৰমিক হিচাপে কাম কৰিবলীয়া হৈছে। ৩০ কিলোমিটাৰ দূৰৰ পাটানত থকা নিৰ্মাণ ছাইটবোৰত তেওঁ কাম কৰে। “এতিয়াও তেওঁ কামৰ সন্ধানত ওলাই গৈছে। কাম পালে তেওঁৰ দিনে ২০০ টকা উপাৰ্জন হয়,” ভানুবেনে কয়।
ভানুবেন আৰু ভোজাভাইৰ সৰুটো সন্তান সুহানা সেই বিধ্বংসী বান অহা বছৰটোতে জন্ম পাইছিল। তাইৰ মুৰত হাত ফুৰাই দি ভানুবেনে কয় যে তেওঁ বিশ্বাস কৰিব নোৱাৰে যে পাঁচটা বছৰ বাগৰি গ’ল।
বনসকান্থা, পাটান, সুৰেন্দ্ৰনগৰ, আৰাৱলী আৰু মৰবিকে ধৰি গুজৰাটৰ ভালেকেইখন জিলাত ২০১৭ৰ জুলাই প্ৰচুৰ বৃষ্টিপাতৰ সন্মুখীন হৈছিল। একে সময়তে আৰৱ সাগৰ আৰু বংগ উপত্যকাত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে মহাপ্লাৱন সৃষ্টি হৈছিল। সেয়া আছিল এক বিৰল পৰিঘটনা। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এক প্ৰতিবেদন অনুযায়ী যোৱা ১১২ টা বছৰত অঞ্চলটোত সেই বৃষ্টিপাত আছিল সৰ্বোচ্চ।
সেইটো বছৰত বনসকান্থাৰ মুঠ বাৰ্ষিক বৃষ্টিপাতৰ প্ৰায় ১৬৩ শতাংশ ২৪ৰ পৰা ২৭ জুলাইৰ ভিতৰত হৈছিল। সেয়া জুলাইত সাধাৰণতে হোৱা স্বাভাৱিক বৃষ্টিপাতৰ ৩০ শতাংশ বেছি আছিল। ইয়াৰ ফলত জলাশয়বোৰ ভৰ্তি হৈ পৰিল, পানী জমা হ’ল, বান্ধ আদিৰ ওপৰেৰে পানী বব ধৰিলে আৰু আকস্মিক বানপানীৰ উদ্ভৱ হ’ল। পৰিস্থিতি বিষম হৈ পৰিল যেতিয়া কংকৰেজ তালুকত টোটানাৰ কাষৰ খাৰিৱা গাঁৱত নৰ্মদা বান্ধৰ ওপৰেৰে পানী বব ধৰিলে।
বানৰ পানীত অতিকমেও ২১৩ জন মানুহে ৰাজ্যখনত প্ৰাণ হেৰুৱাইছিল। ১১ লাখ হেক্টৰ কৃষিভূমি আৰু ১৭ হাজাৰ হেক্টৰ উদ্যানশস্যভূমি ক্ষতিগ্ৰস্ত হৈছিল।
“আমাৰ গোটেই খেতিমাটি পানীৰ তলত আছিল,” ঘৰত আলু কাটি থকাৰ মাজতে ভানুবেনে মনত পেলায়। “বানৰ পানীৰ লগত বহুত বালি মাটি আহিছিল। কিছুদিন পিছত এই বালি আঁতৰি যাব বুলি ভাবিছিলো, কিন্তু সেই বালি খেতিমাটিতে থাকি গ’ল।”
বালিবোৰ আঁতৰাই পেলোৱাটো অসম্ভৱ কথা। “বানে আমাৰ মাটিবোৰ অনুৰ্বৰ কৰি পেলালে,” তেঁও কয়।
দিনহাজিৰা কৰাটোৱে জীৱিকাৰ একমাত্ৰ উৎস হৈ পৰাত ভানুবেনৰ পৰিয়ালটোৱে কাৰ্ব’হাইড্ৰেট, প্ৰটিন আৰু পাচলি আধি থকা সুষম আহাৰ খাবলৈ নোপোৱা হৈছে। কণমানি সুহানাই জন্মৰে পৰা এবাৰো খাব পোৱা নাই। “আমি আগতে পাচলি আৰু ফল-মূল কিনিছিলো, গাখীৰো কিনিছিলো, কিয়নো হাত আগৰ পৰা শস্যদানা আছিল,” তেওঁ কয়। “এতিয়া খৰছ কমাবলৈ সেই আটাইবোৰ এৰিবলগীয়া হৈছে।”
“আমি শেষবাৰ কেতিয়া আপেল আনিছিলো মনত নপৰে,” তেওঁ কয়। “আজি আনিব পাৰিলেও কাইলৈ কাম পাম নে নাই তাৰ নিশ্চয়তা নাই। সেয়ে আমি অতিৰিক্ত পইছাখিনি বচাই ৰাখিব লাগে। খাদ্য বুলিলে আমাৰ দাইল, চাউল আৰু ৰুটিয়েই থাকে। আগতে আমি খিচিৰি বনাইছিলো, তাত আধাকিলো দাইল আৰু এক কিলো চাউল মিহলাইছিলো। এতিয়া মাত্ৰ ২০০ গ্ৰাম দিও। কোনোমতে পেট-ভাতে খাই জীয়াই আছো।”
কিন্তু এনেকৈ খাদ্যৰ সুষম পৰিমাণৰ অভাৱৰ ফলত পুষ্টিহীনতা আদি সমস্যাই দেখা দিছে, য’ৰ পৰা সমস্যা আৰু অধিক গম্ভীৰ হৈ পৰিব পাৰে।
সুহানা প্ৰায়েই ভাগৰি পৰে আৰু তাইৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সিমান ভাল নহয়, তাইৰ মাকে কয়। “আন ল’ৰা-ছোৱালীৰ সৈতে সমানে সমানে তাই খেলিব নোৱাৰে, আনবোৰতকৈ সোনকালেই তাইৰ ভাগৰ লাগে। প্ৰায়ে বেমাৰত পৰে।”
টোটানা ২০২১ৰ জুনত কৰা এক স্বাস্থ্যসমীক্ষাত ধৰা পৰে যে সুহানা অপুষ্টিত ভুগি আছে। গাওঁখনত পাঁচ বছৰৰ তলৰ ৩২০ গৰাকী শিশুৰ ওপৰত কৰা সমীক্ষাত ৩৭ জন অপুষ্টিত ভুগি থকা বুলি ধৰা পৰিছিল আৰু তাই তাৰে মাজৰে এটা আছিল। “শিশুৰ ওজন, উচ্চতা আৰু বয়স সংগ্ৰহ কৰি বিশ্লেষণ কৰা হৈছিল,” গুজৰাটৰ এটা মানৱধিকাৰ সংস্থা নবসৰ্জন ট্ৰাষ্টৰ কৰ্মী মোহন পাৰমাৰে কয়। তেওঁলোকে সমগ্ৰ বনসকান্থা জিলাত এই সমীক্ষা কৰিছে।
বনসকান্থা আছিল ২০১৯-২০ত প্ৰতিটো স্বাস্থ্য সূচকৰ ক্ষেত্ৰত আহমেদাবাদ, বদোদৰা আৰু সুৰাটকে ধৰি ‘আটাইতকৈ বেছি বোজা বহন কৰা জিলা’ৰ প্ৰথম পাঁচখনৰ ভিতৰত। পোষণ অভিযানৰ অধীনত প্ৰস্তুত কৰা গুজৰাটৰ পুষ্টি বিষয়ক তথ্যত এই প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২০ ( এন.এফ.এইছ.এছ.-৫ )ৰ পৰা আহৰিত তথ্যৰ পৰা প্ৰস্তুত কৰা টোকাটোত দেখুওৱা হৈছে যে গুজৰাটত অপুষ্টিত ভোগা পাঁচ বছৰৰ তলৰ ২৩ লাখ শিশুৰ ১৭ লাখ শিশু বসন্তকান্তাৰ। জিলাখনত ১৫ লাখ শিশু শ্ৰীবৃদ্ধি নোহোৱা (বয়স অনুপাতে চাপৰ) আৰু ১ লাখ শিশু নিশকতীয়া (উচ্চতা অনুপাতে কম ওজন) - এয়া ৰাজ্যখনৰ মুঠ শিশুৰ ক্ৰমে ৬.৫ আৰু ৬.৬ শতাংশ।
অপুষ্টিৰ অন্যতম পৰিণতি হৈছে ৰক্তহীনতা, ভাৰতৰ ৰক্তহীনতাৰ হাৰ গুজৰাটত আটাইতকৈ বেছি, ৮০ শতাংশ। বনসকান্থাত পাঁচ বছৰৰ তলৰ প্ৰায় ২.৮ লাখ শিশু ৰক্তহীনতাত ভূগি আছে।
পৰ্য্যাপ্ত খাদ্যৰ সুবিধাৰ অভাৱত সুহানাৰ দৰে শিশু আৰু সিহঁতৰ পৰিয়াল সংকটাপন্ন হৈ পৰিছে। তাতে আকৌ জলবায়ু পৰিৱৰ্তন প্ৰসূত ঘটনাই তেওঁলোকৰ বাবে পৰিস্থিতি আৰু বেছি গম্ভীৰ কৰি তুলিছে।
‘জলবায়ু পৰিৱৰ্তনৰ গুজৰাট ৰাজ্যিক কাৰ্যপৰিকল্পনা’ ত উষ্ণতা আৰু বৃষ্টিপাত, সাগৰপৃষ্ঠৰ উচ্চতা বঢ়াক “জলবায়ু পৰিৱৰ্তনৰ মূল বিপদাশংকা” বুলি চিনাক্ত কৰিছে। যোৱাটো দশকত অনিয়মীয়া বৰষুণ আৰু অকাল বানে স্থানীয় লোকৰ কাৰণে ন ন প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সৃষ্টি কৰিছে, ভাৰতত খৰাং আৰু বানপানীৰ ওপৰত অধ্যয়ন চলাই থকা এণ্টিচিপেট ৰিচাৰ্ছ প্ৰজেক্টত এই কথা কোৱা হৈছে। প্ৰকল্পৰ গৱেষকবৰ্গই কয় যে বননকান্তাৰ কৃষক আৰু আন বাসিন্দাই “এতিয়া তেওঁলোকে সঘনাই অহা খৰাং আৰু বানপানীৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে।”
এইবাৰ বাৰিষাত আলাভাই পাৰমাৰে (৬০) চাৰিবিধকৈ শস্য হেৰুৱাইছে। “মই শস্য সিঁচিছিলো, কিন্তু মূষলধাৰ বৰষুণে সকলো উটুৱাই নিলে,” বনসকান্থা জিলাৰ সুদ্ৰসন গাঁৱৰ ঘৰত বহি তেওঁ কয়। “আমি গমধান, বাজৰা আৰু জোৱাৰ সিঁচিছিলো। খেতিৰ নামত মোৰ ৫০ হাজাৰ টকা ব্যয় হ’ল।”
“আজিকালি বতৰৰ আপুনি অনুমান কৰিব নোৱাৰে,” শস্যৰ উৎপাদন যে হ্ৰাস পাইছে, সেই কথা উনুকিয়াই আলাভাইয়ে কয়। সেয়ে তেওঁলোকে কৃষিশ্ৰমিক হিচাপে কাম কৰিবলগীয়া হৈছে, তেওঁ কয়। “আমাৰ ১০ একৰ মাটি থকা স্বত্ত্বেও মোৰ ল’ৰাটোৱে আনৰ খেতিত নাইবা নিৰ্মাণ ছাইটত দিনহাজিৰা কৰিবলগীয়া হৈছে।”
১৫-২০ বছৰ আগতে খেতি কৰাটো ইমান চিন্তাৰ কথা নাছিল, আলাভাইয়ে কয়. “আমাৰ সমস্যা নথকা নাছিল,” তেওঁ কয়। “কিন্তু অতিবৃষ্টি হোৱা নাছিল; এতিয়া বৰষুণ বুলিলে পাতল বৰষুণ নহয়েই। এনে এটা পৰিৱেশত আপুনি ভাল শস্য উৎপাদন কৰিব পাৰিব বুলি কেনেকৈ আশা কৰিব পাৰে?”
গুজৰাটত মুঠ শস্যপথাৰ (চাউল আৰু মাহজাতীয়) ২০১০-১১ৰ পৰা ২০২০-২১লৈ এটা দশকত ৪৯ লাখৰ পৰা ৪৬ লাখ হেক্টৰলৈ হ্ৰাস পাইছে। যদিও ধানখেতিৰ মাটিকালি প্ৰায় ১০০,০০০ হেক্টৰ বৃদ্ধি পায়, কিন্তু গমধান, বাজৰা আৰু জোৱাৰৰ খেতিমাটি হ্ৰাস পায়। বনসকান্থাত বাজৰাৰ খেতিমাটি যিটো জিলাখনত আটাইতকৈ বেছি কৰা হয়, সেয়া প্ৰায় ৩০,০০০ হেক্টৰ হ্ৰাস পালে।
ঘাই খাদ্যশস্যৰ ভিতৰত মূলতঃ বজৰা আৰু ঘেঁহুৰ খেতি গুজৰাটত দশকটোত ১১ শতাংশ হ্ৰাস পায়, অন্যহাতে মাহজাতীয় শস্যৰ খেতি ১৭৩ শতাংশ বৃদ্ধি হয়।
আলাভাই আৰু ভানুবেনে কিয় প্ৰায় প্ৰতিটো সাজত দাইল আৰু ভাত খায়, ই তাৰ স্পষ্ট কাৰণ।
খাদ্যৰ অধিকাৰৰ ওপৰত কাম কৰি থকা আৰ.টি.আই. কৰ্মী পংক্তি যোগে কয় যে খেতিয়কে নগদী শস্য (ধঁপাত, কুঁহিয়াৰ) আদিৰ খেতি কৰিবলৈ লৈছে। “ইয়ে পৰিয়ালটোৱে কি খাইছে তাৰ লগতে পৰিয়ালটোৰ খাদ্য সুৰক্ষাৰো ক্ষতি কৰে,” তেওঁ কয়।
মুদ্ৰাস্ফীতিৰ কাৰণে আলাভাইয়ে খাদ্যশস্য আৰু পাচলি কিনিব নোৱাৰে। “খেতি নিয়মীয়া হৈ থাকোতে আনকি পশুধনেও খাদ্য পাইছিল,” তেওঁ কয়। “শস্যৰ ক্ষতি হ’লে পশুখাদ্যও নাইকিয়া হয় আৰু বজাৰৰ পৰা নিজৰ লগতে পশুধনৰ কাৰণেও খাদ্য কিনিবলগীয়া হয়। যিটো কিনাৰ সাধ্য, সেইটো কিনো।”
আলাভাইৰ তিনিবছৰীয়া নাতি যুৱৰাজৰ ওজন জোখতকৈ কম। “তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল, তাকে লৈ চিন্তিত হওঁ,” তেওঁ কয়। “একেবাৰে নিকটৱৰ্তী হস্পিতালখন আছে ৫০ কিলোমিটাৰ দূৰত। তাক হঠাৎ চিকিৎসাৰ প্ৰয়োজন হ’লে কি কৰিম?”
যোগে কয়, “অপুষ্টিত ভোগা শিশুৰ ক্ষেত্ৰত ৰোগৰ সম্ভাৱনা অধিক,” ৰাজহুৱা স্বাস্থ্যব্যৱস্থাৰ আন্তঃগাঁথনি পুতৌলগা হোৱা কাৰণে মানুহে প্ৰাইভেট হস্পিতাললৈ যায় বুলিও তেওঁ কয়। “চিকিৎসাৰ নামত পৰিয়ালৰ খৰছৰ বোজা বাঢ়ি গৈছে,” তেওঁ কয়। “জনজাতীয় এলেকাত (বনসকান্থাৰ দৰে) ই মৰ্টগেজৰ (ধাৰৰ) মূল কাৰণবোৰৰ এটা।”
ৰাজ্যখনত ৰূপায়িত খাদ্য আঁচনিবোৰত স্থানীয় খাদ্যাভ্যাস বিবেচনা কৰা নহয়, যোগে কয়। “আপুনি সকলোৰে কাৰণে একে ধৰণৰ নিয়ম বনাব নোৱাৰে। অঞ্চল আৰু সম্প্ৰদায়ভেদে খাদ্যাভ্যাসো ভিন্ন,” তেওঁ কয়। “গুজৰাটত আমিষ খাদ্যৰ বিৰুদ্ধেও এক অভিযান চলি আছে। নিয়মীয়াকৈ আমিষ খাদ্য আৰু কণী খোৱা অঞ্চলতো এইধৰণৰ মতৰ অনুপ্ৰৱেশ ঘটিছে। তেওঁলোকে এয়া পবিত্ৰ বুলি বিবেচনা কৰে।”
বিস্তৃত ৰাষ্ট্ৰীয় পুষ্টি সৰ্বেক্ষণ ২০১৬-১৮ অনুসৰি নিৰামিষ ভোজন কৰা মাতৃ/কেয়াৰগিভাৰৰ ৰাষ্ট্ৰীয় হাৰ ৪৩.৮ শতাংশ হোৱাৰ বিপৰীতে গুজৰাটত এই হাৰ ৬৯.১ শতাংশ। ২-৪ বছৰ বয়সীয়া শিশুৰ মাজত কেৱল ৭.৫ শতাংশই প্ৰটিনৰ উত্তম উৎস কণী খাবলৈ পায়। ৰাজ্যখনত ৫-৯ বছৰীয়া শিশুৰ ১৭ শতাংশই কণী খাব পায় যদিও সেই সংখ্যা অতি কম।
ভানুবেন এইকথা জানে যে সুহানাই জীৱনৰ প্ৰথম দুটা বছৰত পুষ্টিকৰ খাদ্য খাবলৈ নাপালে। “মানুহে তাইক পুষ্টিকৰ খাদ্য খুওৱাৰ কথা কৈ থাকে,” তেওঁ কয়। “কিন্তু আমাৰ বাবে সেইবোৰ ইমান মহঙা, আমি কি কৰিম? এটা সময় আছিল যেতিয়া আমি ইয়াতকৈ পুষ্টিকৰ খাদ্য খাব পাইছিলো। সুহানাৰ দুজনকৈ ককায়েক আছে। আমাৰ খেতি সুফলা হৈ থাকোতে সিহঁত জন্ম পোৱা। সেয়ে সিহঁত অপুষ্টিত ভুগি থকা নাই।”
পাৰ্থ এম এন-য়ে ঠাকুৰ ফেমিলী ফাউণ্ডেছনৰ পৰা পোৱা এক স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ সহায়ত জনস্বাস্থ্য আৰু নাগৰিক অধিকাৰ বিষয়ত ৰিপ’ৰ্টিং কৰে। ঠাকুৰ ফেমিলী ফাউণ্ডেছনে এই প্ৰতিবেদনৰ বিষয়বস্তু বা সম্পাদকীয় বিষয়ত কোনো হস্তক্ষেপ কৰা নাই।
অনুবাদ: পংকজ দাস