আবেলিৰ সময়, মহাৰাষ্ট্ৰৰ উলহাসনগৰ তালুকত কিনকিনীয়া বৰষুণজাক কমিছিল মাত্ৰ।

থানে জিলাৰ উলহাসনগৰ চেন্ট্ৰেল হস্পিতালৰ দুৱাৰমুখত এখন অটোৰিক্সা ৰ’ল। বাওঁহাতত ৰঙা-বগা লাঠি এডাল লৈ জ্ঞানেশ্বৰ অটোৰিক্সাখনৰ পৰা নামিল। তেওঁৰ পত্নী অৰ্চনাই তেওঁৰ কান্ধত ধৰি বোকামাটিত ভৰি দি আগবাঢ়িল।

জ্ঞানেশ্বৰে পকেটৰ পৰা দুখন ৫০০ টকীয়া নোট উলিয়াই এখন অটোৰিক্সা চালকজনক দিলে। চালকজনে কিবা এটা ঘুৰাই দিলে। জ্ঞানেশ্বৰে হাতেৰে চুই চাই ক’লে, “পাঁচ টকা”, এইবুলি তেওঁ মুদ্ৰাটো সাৱধানে তেওঁ পকেটত ভৰালে। ৩৩ বছৰীয়া জ্ঞানেশ্বৰে তিনি বছৰ বয়সতে কৰ্ণিয়েল আলচাৰ হৈ দৃষ্টিশক্তি হেৰুৱাইছিল।

অম্বৰনাথ তালুকৰ ভাংগানি চহৰৰ তেওঁলোকৰ ঘৰৰ পৰা উলহাসনগৰৰ হস্পিতালখনলৈ ২৫ কিলোমিটাৰ বাট, অৰ্চনাৰ ডায়ালিচিচৰ কাৰণে তাৰ পৰা আহোতে অটোৰিক্সাত ৪৮০-৫২০ টকা দিবলগা হয়। “এইবাৰ মই বন্ধু এজনৰ পৰা ১,০০০ টকা ধাৰে আনিছো,” জ্ঞানেশ্বৰে কয়। “প্ৰতিবাৰেই মই ধাৰ কৰিবলগীয়া হয় (হস্পিতাললৈ আহিবলৈ)।” দম্পতিহালে তাৰপিছত সাৱধানে, লাহে লাহে হস্পিতালখনৰ দ্বিতীয় মহলাত থকা ডায়ালিচিচ কোঠালৈ আগবাঢ়িল।

অৰ্চনাও আংশিকভাৱে অন্ধ। এইবছৰ মে’ মাহত মুম্বাইৰ লোকমান্য তিলক মিউনিচিপাল জেনেৰেল হস্পিতালত তেওঁৰ দুৰাৰোগ্য বৃক্কৰ ৰোগ ধৰা পৰিছিল। “দুয়োটা বৃক্কই বিকল হৈছিল,” জ্ঞানেশ্বৰে কয়। তাৰ পিছৰ পৰা ২৮ বছৰ বয়সীয়া অৰ্চনাক সপ্তাহত তিনিবাৰ হেমোডায়ালিচিচৰ প্ৰয়োজন হৈ পৰিছিল।

“বৃক্ক দেহৰ এটা অত্যৱশ্যকীয় অংগ, আপোনাৰ দেহৰ পৰা বৰ্জ্য আৰু অতিৰিক্ত তৰল বৃক্কই দুৰ কৰে। বৃক্ক বিকল হ’লে মানুহ এজন জীয়াই থাকিবলৈ ডায়ালিচিচ কৰিবলগীয়া হয় নাইবা বৃক্ক সংৰোপণ কৰিলেহে জীয়াই থকা সম্ভৱ,” চেন্ট্ৰেল হস্পিতাল উলহাসনগৰৰ বৃক্ক বিশেষজ্ঞ হাৰ্ডিক শ্বাহে কয়। প্ৰতিবছৰে ভাৰৰত ২.২ লাখ এণ্ড ষ্টেজ ৰেনেল ডিজিজ (ই.এছ.আৰ.ডি.) ৰোগী ধৰা পৰে, তাৰবাবে অতিৰিক্ত ৩.৪ কোটি ডায়ালিচিচ প্ৰক্ৰিয়াৰ প্ৰয়োজন হৈ পৰে।

Archana travels 25 kilometres thrice a week to receive dialysis at Central Hospital Ulhasnagar in Thane district
PHOTO • Jyoti Shinoli
Archana travels 25 kilometres thrice a week to receive dialysis at Central Hospital Ulhasnagar in Thane district
PHOTO • Jyoti Shinoli

অৰ্চনাই সপ্তাহত তিনিবাৰ ডায়ালিচিচৰ বাবে ২৫ কিলোমিটাৰ বাট অতিক্ৰম কৰি থানে জিলাৰ চেন্ট্ৰেল হস্পিতাললৈ আহিবলগীয়া হয়

বৃক্ক বিকল হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বিনামুলীয়া ডায়ালিচিচৰ সুবিধা প্ৰদানৰ হেতু ২০১৬ চনত মুকলি কৰা প্ৰধানমন্ত্ৰী নেচনেল ডায়ালিচিচ প্ৰগ্ৰাম (পি.এম.এন.ডি.পি.)ৰ অধীনত অৰ্চনাই উলহাসনগৰ হস্পিতালত ডায়ালিচিচ কৰায়। জিলা হস্পিতালত এই সেৱা প্ৰদান কৰা হয়।

“ডায়ালিচিচত পইচা নালাগে, কিন্তু যাতায়তৰ যি খৰছ, সেয়া বহন কৰাটো টান হৈ পৰে,” অৰ্চনাৰ ডায়ালিচিচৰ কাৰণে প্ৰতিবাৰে হস্পিতাললৈ আহোতে অটোৰিক্সাত দিবলগীয়া পইচাখিনি তেওঁ বাৰে বাৰে বন্ধুবৰ্গ আৰু চুবুৰীয়াৰ পৰা ধাৰে আনিবলগীয়া হয়। ল’কেল ট্ৰেইনত আহিলে খৰছ কম পৰে যদিও সেয়া নিৰাপদ নহয়। “তাই বৰ দুৰ্বল, ষ্টেছনত চিৰি বগাব নোৱাৰে,” তেওঁ কয়। “ইফালে মই চকুৰে দেখা নাপাও, নহ’লে দাংকোলাকৈ নিব পাৰিলোহেঁতেন।”

*****

চৰকাৰচালিত উলহাসনগৰৰ হস্পিতালখনলৈ মাহত ১২ বাৰ ডায়ালিচিচৰ কাৰণে আহোতে অৰ্চনা-জ্ঞানেশ্বৰে মাহে ৬০০ কিলোমিটাৰ যাতায়ত কৰিবলগীয়া হয়।

২০১৭ৰ এটা অধ্যয়নত এই কথা প্ৰকাশ পাইছে যে প্ৰায় ৬০ শতাংশ ভাৰতীয় ৰোগীয়ে হেমোডায়ালিচিচৰ কাৰণে ৫০ কিলোমিটাৰতকৈ বেছি যাতায়ত কৰিবলগীয়া হয়। আকৌ এক চতুৰ্থাংশ ৰোগী চিকিৎসাকেন্দ্ৰৰ পৰা ১০০তকৈ বেছি কিলোমিটাৰ দূৰত থাকে।

ভাৰতত প্ৰায় ৪,৯৫০ টা ডায়ালিচিচ কেন্দ্ৰ আছে। তাৰে সৰহভাগেই ব্যক্তিগত খণ্ডৰ। পি.এম.এন.ডি.পি. ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ৫৬৯ জিলাৰ ১,০৪৫ টা কেন্দ্ৰত স্থাপন কৰি থকা হৈছে। এই কাৰ্য্যসূচীৰ অধীনত ৭,১২৯ টা হেমোডায়ালিচিচ মেচিন ব্যৱহৃত হৈ আছে, এয়া এক চৰকাৰী প্ৰতিবেদনৰ তথ্য।

মহাৰাষ্ট্ৰত ৫৩ টা বিনামূলীয়া ডায়ালিচিচ কেন্দ্ৰ আছে, মুম্বাইৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সহ-সঞ্চালক নিতিন আম্বাদকাৰে কয়। “নতুনকৈ কেন্দ্ৰ স্থাপন কৰিবলৈ নেফ্ৰলজিষ্ট, টেকনিচিয়ান আদিৰ প্ৰয়োজন হ’ব,” তেওঁ কয়।

Archana and Dnyaneshwar at their home in Vangani in 2020
PHOTO • Jyoti Shinoli

ভাংগানিৰ নিজ ঘৰত অৰ্চনা আৰু জ্ঞানেশ্বৰ, ২০২০ চনত

‘আৰ্চুক গোটেই জীৱনটো ডায়ালিচিচৰ প্ৰয়োজন হ’ব। তাইক মই হেৰুৱাব নোখোজো,’ পত্নীৰ চাৰিঘণ্টীয়া চিকিৎসা চলি থকা সময়ত বাতানুকূল ডায়ালিচিত কোঠাৰ বাহিৰত ধাতুৰ বেঞ্চখনত বহি থকা জ্ঞানেশ্বৰে ফুচফুচাই কয়

অৰ্চনা আৰু জ্ঞানেশ্বৰে বসতি কৰা ভাংগানি চহৰত কোনো চৰকাৰ পৰিচালিত হস্পিতাল নাই। আনহাতে ২০২১ৰ জিলা সামাজিক আৰু অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে যে থানেত ৭১ খন ব্যক্তিগত খণ্ডৰ হস্পিতাল আছে। “আমাৰ ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰত কেইখনমান হস্পিতাল আছে যদিও তেওঁলোকে এটা ছেচনত ১৫০০ টকা লয়,” জ্ঞানেশ্বৰে কয়।

সেয়ে কেৱল অৰ্চনাৰ ডায়ালিচিচেই নহয়, পৰিয়ালৰ কিবা অসুখ-বিসুখ হ’লে ২৫ কিলোমিটাৰ দূৰত থকা চেন্ট্ৰেল হস্পিতাল উলহাসনগৰৰ কথাই প্ৰথমে বিবেচনা কৰা হয়। সেইখন হস্পিতাললৈ কেনেকৈ যাবলগীয়া হ’ল, সেই বিষয়ে জ্ঞানেশ্বৰে বুজাই কয়।

২০২২ৰ ১৫ এপ্ৰিলৰ দিনা অৰ্চনাৰ মূৰ ঘূৰায় আৰু ভৰিদুখন জিনজিনাবলৈ ধৰে। “মই তাইক স্থানীয় প্ৰাইভেট ক্লিনিক এখনলৈ লৈ গ’লো। তাত তাইক দূৰ্বল ভাৱৰ কাৰণে কিবা দৰৱ দিয়া হয়,” তেওঁ কয়।

কিন্তু ২ মে’ৰ নিশা তাইৰ অৱস্থা বেয়া হ’বলৈ ধৰে আৰু বুকুৰ বিষ হয়, তাই অচেতন হৈ পৰে। “তাই লৰচৰ কৰা নাছিল, মই বহুত ভয় খাইছিলো,” চাৰিচকীয়া এখন ভাৰা কৰি অৰ্চনাৰ কাৰণে ইখনৰ পিছত সিখন হস্পিতাল ঘূৰি ফুৰা ৰাতিটোৰ কথা তেওঁ মনত পেলায়।

“প্ৰথমে মই তাইক চেন্ট্ৰেল হস্পিতাল উলহাসনগৰলৈ লৈ গ’লো, তাতে তেওঁলোকে ততালিকে তাইক অক্সিজেন দিয়া হ’ল। পিছত তেওঁলোকে তাইৰ গুৰুতৰ অৱস্থালৈ চাই কালৱাত থকা (২৭ কিলোমিটাৰ দূৰৰ) চত্ৰপতি শিৱাজী মহাৰাজ হস্পিতাললৈ নিবলৈ কয়,” তেওঁ কয়। “কিন্তু আমি কালৱা হস্পিতাল পাওতে তাত আমাক কোৱা হ’ল যে তাত বিনামূলীয়া আই.চি.ইউ. বেড নাই, তেওঁলোকে আমাক ছিয়ন হস্পিতাললৈ পঠিয়ালে।”

সেইদিনা ৰাতি অৰ্চনা আৰু জ্ঞানেশ্বৰে এখন ভাৰা গাড়ীত ৭৮ কিলোমিটাৰ বাট ঘুৰি ফুৰিবলগীয়া হৈছিল আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে ৪,৮০০ টকা খৰছ কৰিবলগীয়া হৈছিল। তেতিয়াৰে পৰা এই চিকিৎসা চলি আছে।

*****

অৰ্চনা আৰু জ্ঞানেশ্বৰৰ মূল ঘৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত, তেওঁলোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা ভাৰতৰ ২২ শতাংশ লোকৰ ভিতৰত পৰে। ২০১৩ত পৰিকল্পনা আয়োগে প্ৰকাশ কৰা প্ৰতিবেদনৰ এই তথ্য। অৰ্চনাৰ নিদানৰ সৈতে দম্পতিহালে যি সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়া হৈছে ‘স্বাস্থ্যসেৱাৰ বিপৰ্য্যয়পূৰ্ণ ব্যয়,’ খাদ্যৰ বাদে আন ব্যয়ত ৪০ শতাংশতকৈ অধিক খৰছ হোৱাটোৱে সেয়া বুজায়।

১২ বাৰ ডায়ালিচিচ কৰাৰ বাবে পৰিয়ালটোৱে যিমানখিনি যাতায়তৰ নামত ব্যয় কৰে, সেয়া হৈছে মাহে ১২,০০০ টকা। দৰৱৰ নামত অতিৰিক্ত ২০০০ টকা খৰছ হয়।

The door to the dialysis room prohibits anyone other than the patient inside so Dnyaneshwar (right) must wait  outside for Archana to finish her procedure
PHOTO • Jyoti Shinoli
The door to the dialysis room prohibits anyone other than the patient inside so Dnyaneshwar (right) must wait  outside for Archana to finish her procedure
PHOTO • Jyoti Shinoli

বাওঁফালে: ডায়ালিচিচ কোঠাৰ বাহিৰত লিখা আছে যে ৰোগীৰ বাহিৰে ভিতৰত আন কোনো সোমাব নোৱাৰে, সেয়ে জ্ঞানেশ্বৰে (সোঁফালে) অৰ্চনাৰ ডায়লিচিচ শেষ নোহোৱালৈকেৈ বাহিৰতে অপেক্ষা কৰিব লাগিব

এনে পৰিস্থিতিত তেওঁলোকৰ আয়ো কমি গৈছে। অৰ্চনাৰ বেমাৰ হোৱাৰ আগতে দিন ভালে থাকিলে দম্পতিহালে ভাংগানিৰ পৰা ৫৩ কিলোমিটাৰ দূৰৰ থানে ৰেলৱে ষ্টেছনৰ বাহিৰত ফাইল আৰু কাৰ্ড হ’ল্ডাৰ বিক্ৰী কৰি দিনে ৫০০ টকা উপাৰ্জন কৰিব পাৰিছিল। কেতিয়াবা ১০০ টকাও আয় হৈছিল। কোনোবাদিন শুদাহাতে উভতিব লগা হৈছিল। “এমাহত আমি কোনোমতে ৬,০০০ টকা উপাৰ্জন কৰিব পাৰিছিলো, তাতকৈ বেছি নহৈছিল,” জ্ঞানেশ্বৰে কয়। (এইটো পঢ়িব পাৰে: অতিমাৰীৰ সময়ত দৃষ্টিহীনৰ স্পৰ্শনিৰ্ভৰ দুনীয়া )

এই সামান্য উপাৰ্জনেৰে পৰিয়ালটোৱে কেৱল তেওঁলোকৰ ঘৰ ভাৰা ২৫০০ টকা আৰু ঘৰুৱা প্ৰয়োজনীয় খৰছ-পাতি চম্ভালিব পাৰিছিল। অৰ্চনাৰ ডায়ালিচিচে কোনোমতে চলি থকা পৰিয়ালটোৰ কঁকাল ভাঙি পেলালে।

অৰ্চনাৰ চোৱাচিতা কৰিবলৈ পৰিয়ালৰ কোনো নথকাত জ্ঞানেশ্বৰে কামলৈ বূুলি ওলাই যাব নোৱাৰে। “তাই বহুত দুৰ্বল,” তেওঁ কয়। “সহায় নোহোৱাকৈ তাই চলা-ফিৰা কৰিব নোৱাৰে, আনকি শৌচ-পেচাৱো কৰিবলৈ যাব নোৱাৰে।”

ইফালে তেওঁলোকৰ ধাৰ বাঢ়ি গৈ আছে। জ্ঞানেশ্বৰে ইতিমধ্যে বন্ধুবৰ্গ আৰু চুবুৰীয়াৰ পৰা ৩০,০০০ টকা ধাৰে লৈছে। দুমাহৰ ঘৰ ভাৰা দিবলৈ আছে। অৰ্চনাৰ ডায়ালিচিচৰ কাৰণে যাতায়তৰ খৰছ বহন কৰাটো তেওঁলোকৰ বাবে চিন্তাৰ বিষয় হৈ পৰে। একমাত্ৰ স্থিৰ আয় হৈছে সঞ্জয় গান্ধী নিৰাধৰ পেঞ্চন আঁচনিৰ পৰা পোৱা মাহে ১,০০০ টকা।

“আৰ্চুক গোটেই জীৱনটো ডায়ালিচিচৰ প্ৰয়োজন হ’ব,” পত্নীৰ চাৰিঘণ্টীয়া চিকিৎসা চলি থকা সময়ত বাতানুকূল ডায়ালিচিত কোঠাৰ বাহিৰত ধাতুৰ বেঞ্চখনত বহি থকা জ্ঞানেশ্বৰে ফুচফুচাই কয়। “তাইক মই হেৰুৱাব নোখোজো,” তেওঁ কয়। পানৰ দাগ লাগি থকা বেৰখনত মূৰটো আউজাই দি কথাখিনি কওঁতে তেওঁৰ মাতটো কঁপি উঠে।

আকাশলংঘী আউট-অৱ-পকেট এক্সপেণ্ডিচাৰৰ হেঁচাত অৰ্চনা আৰু জ্ঞানেশ্বৰৰ দৰে বহুসংখ্যক ভাৰতীয় লোক চিকিৎসা সেৱা বিচাৰি বিপৰ্যস্ত হৈছে। ২০২০-২১ৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি এই ব্যয়ৰ হেঁচা পৰা বিশ্বৰ প্ৰথমকেইখন দেশৰ ভিতৰত ভাৰতো পৰে, ইয়াৰ ফলত পৰিয়ালৰ বিপৰ্য্যমূলক খৰছ আৰু দাৰিদ্ৰ্য বাঢ়ে।

When Archana goes through her four-hour long dialysis treatment, sometimes Dnyaneshwar steps outside the hospital
PHOTO • Jyoti Shinoli
Travel expenses alone for 12 days of dialysis for Archana set the couple back by Rs. 12,000 a month
PHOTO • Jyoti Shinoli

বাওঁফালে : অৰ্চনাই চাৰিঘণ্টীয়া ডায়ালিচিচ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হোৱা সময়ত জ্ঞানেশ্বৰে কেতিয়াবা হস্পিতালৰ বাহিৰলৈ ওলাই আহে সোঁফালে : মাহত অৰ্চনাৰ ১২ দিনীয়া ডায়ালিচিচৰ কাৰণে পৰিয়ালটোৰ মাহে ১২০০০ টকা ব্যয় হয়

“গ্ৰামাঞ্চলত ডায়ালিচিচৰ সুবিধা অপৰ্য্যাপ্ত। পি.এম.এন.ডি.পি.ৰ অধীনত কেন্দ্ৰবোৰে উপ-জিলা পৰ্য্যায়ত তিনিখন বিচনা থকা সুবিধা গঢ়ি তুলিব লাগিব,” জন স্বাস্থ্য অভিযানৰ সহ-উদ্যোক্তা ডা. অভয় শুক্লাই কয়। “চৰকাৰে ৰোগীৰ যাতায়তৰ খৰছ বহন কৰা উচিত।”

আউট-অৱ-পকেট ব্যয় অধিক হোৱাটোৱে ৰোগীৰ ওপৰত আন বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে খোৱা-বোৱাৰ ওপৰত তাৰ প্ৰভাৱ পৰে। অৰ্চনাক পুষ্টিকৰ খাদ্য খাবলৈ কোৱা হৈছে, মাজে-সময়েত ফল-মূল খাবলৈ পৰামৰ্শ দিয়া হৈছে। কিন্তু এদিনৰ খাদ্য যোগাৰ কৰাটোও তেওঁলোকৰ বাবে কঠিন হৈ পৰে। “আমাৰ ভাৰাঘৰৰ মালিকে আমাক দুপৰীয়াৰ বা ৰাতিৰ আহাৰ দিয়ে, কেতিয়াবা মোৰ বন্ধুবৰ্গৰ কোনোবাই খোৱাবস্তু পঠিয়ায়,” জ্ঞানেশ্বৰে কয়।

কেতিয়াবা তেওঁলোকে অনাহাৰে থাকিবলগীয়া হয়।

“মানুহক কেনেকৈ খোৱাবস্তু খুজিব? সেয়ে মই ৰান্ধিবলৈ চেষ্টা কৰো.” আগতে কেতিয়াও ৰান্ধি নোপোৱা জ্ঞানেশ্বৰে কয়। “চাউল, আটা আৰু দাইল আনো, মাহটোলৈ কেনেবাকৈ চলে।” বিচনাত পৰি থকা অৰ্চনাই তেওঁক কেনেকৈ ৰান্ধিব লাগে, শিকাই দিয়ে।

অৰ্চনাৰ দৰে ৰোগীয়ে ৰোগ আৰু চিকিৎসা সেৱা লাভৰ কাৰণে হোৱা দুগুণ খৰছৰ চিকাৰ হয়। তেনে ৰোগীৰ ক্ষেত্ৰত আউট-অৱ-পকেট ব্যয় কমাবলৈ চৰকাৰে স্বাস্থ্যসেৱাত অধিক লোকক সামৰি লোৱাৰ অতিকৈ প্ৰয়োজন আছে। ২০২১-২২ত স্বাস্থ্য সেৱাৰ নামত ব্যয় আছিল দেশৰ জিডিপিৰ ২.১ শতাংশ। ২০২০-২১ৰ অৰ্থনৈতিক সমীক্ষাত “জনস্বাস্থ্য সেৱাৰ নামত জিডিপিৰ পৰা ব্যয় ১ৰ পৰা ২.৫-৩ লৈ বঢ়োৱা”ৰ কথা কোৱা হৈছে। এয়া ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ২০১৭ৰ লক্ষ্য। ই আউট-অৱ-পকেট ব্যয় ৬৫ শতাংশৰ পৰা ৩০ শতাংশলৈ হ্ৰাস কৰিব পাৰে।

এই অৰ্থনৈতিক অভিধা আৰু পৰামৰ্শবোৰ অৰ্চনা আৰু জ্ঞানেশ্বৰহঁতে বুজি নাপায়। যাতায়তৰ নামত ইমানসোপা পইচা খৰছ হোৱা অৰ্চনাৰ ডায়ালিচিচৰ পিছত তেওঁলোকে কেৱল ঘৰলৈ যাব বিচাৰে। তেওঁ সাৱধানে হাতত ধৰি তেওঁক হস্পিতালৰ পৰা লৈ আহে, অটোৰিক্সা মাতে। পুৱা আহোতে হাতত ৰৈ যোৱা ৫০৫ টকা তেওঁ আছে নে নাই সেয়া খেপিয়াই চায়।

“ঘৰ পাব পৰাকৈ পইচা আছে নে?” অৰ্চনাই সোধে।

"আছে…," জ্ঞানেশ্বৰে অনিশ্চিত ভাৱত কয়।

অনুবাদ: পংকজ দাস

Jyoti Shinoli

জ্যোতি শিনোলি পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার বরিষ্ঠ প্রতিবেদক। এর আগে তিনি 'মি মারাঠি' মহারাষ্ট্র ১' ইত্যাদি সংবাদ চ্যানেলে কাজ করেছেন।

Other stories by জ্যোতি শিনোলী
Editor : Sangeeta Menon

মুম্বই-নিবাসী সংগীতা মেনন একজন লেখক, সম্পাদক ও জনসংযোগ বিষয়ে পরামর্শদাতা।

Other stories by Sangeeta Menon
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das