‘‘কন্দ্ৰা সামাইয়াহহে ঋণৰ কাৰণে হোৱা মানসিক উদ্বেগজনিত কাৰণত কীটনাশক দ্ৰব্য সেৱন কৰি মৃত্যুমুখত পৰে…,’’ এজাহাৰত এই বুলি উল্লেখ আছে।

এজাহাৰ (প্ৰথম তথ্য প্ৰতিবেদন) ১৭ ছেপ্টেম্বৰ, ২০১৭ তাৰিখে নৰসাপুৰৰ পৰা তিনি কিলোমিটাৰ দূৰৈৰ তাৰিগোপুল্লা আৰক্ষী থানাত দাখিল কৰা হৈছিল। নৰসাপুৰ গাঁৱত সামাইয়াহ আৰু তেওঁৰ পত্নী কন্দ্ৰা সাগৰিকাই বৰষুণৰ দ্বাৰা জলসিঞ্চিত ৬ একৰ মাটিত বিটি কপাহৰ খেতি কৰিছিল।

তেওঁলোকৰ ঋণৰ পৰিমাণ প্ৰায় ৫ লাখ টকা হৈছিল। এই ঋণ অধিকাংশভাৱে আত্মীয়ৰ পৰা বিভিন্ন সুতৰ হাৰত লোৱা হৈছিল। সামাইয়াহ আৰু সাগৰিকাৰ এক একৰতকৈও অধিক মাটি আছিল আৰু বাকীখিনি আত্মীয়ৰ পৰা লীজত লোৱা হৈছিল। সাগৰিকাই কয়, "কৃষকসকলে কৃষিৰ প্ৰতিটো ঋতুৰ পূৰ্বে ধাৰ ল'ব লাগে, যাৰ বাবে ঋণৰ পৰিমাণ বাঢ়ি যায়৷ খৰাঙেও লোকচানৰ বোজা আৰু বেছি গধুৰ কৰে।’’

নিজৰ মাটিত খেতি কৰিবলৈ চেষ্টা কৰাৰ পূৰ্বে দুয়োগৰাকীয়ে কপাহৰ পথাৰত কৃষি শ্ৰমিক হিচাপে কাম কৰিছিল। ২০১১ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত তেওঁলোক কিছু সময়ৰ বাবে হায়দৰাবাদত আছিল, তাত সামাইয়াহে গাড়ীৰ চালক হিচাপে কাম কৰিছিল। দেউতাকৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে সামাইয়াহে ২০১৩ চনত জনগাওঁ জিলাৰ তেওঁৰ নিজৰ গাওঁ নৰসাপুৰলৈ উভতি আহে।

২০১৭ চনৰ ছেপ্টেম্বৰ মাহত আত্মহত্যাৰ সময়ত সামাইয়াহৰ বয়স আছিল ২৯ বছৰ। সাগৰিকাৰ বয়স আছিল মাত্ৰ ২৩ বছৰ। তেওঁলোকৰ দুই সন্তান স্নেহিট্টা আৰু সাত্বিকৰ বয়স আছিল ক্ৰমে ৫ আৰু ৩ বছৰ। "ল'ৰা-ছোৱালীকেইটাই প্ৰায় প্ৰতিদিনে মোৰ স্বামীৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনত পেলায়। মোৰ স্বামীৰ মৃত্যুৰ পিছত প্ৰথম বছৰটো মোৰ বাবে অতিশয় কঠিন হৈ পৰিছিল। আত্মীয়সকলে মোক ৰাজহুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাছিল। এতিয়া তেওঁলোকে মোৰ সংগ্ৰামবোৰ দেখিছে আৰু মোক মাতিবলৈ আৰম্ভ কৰিছে।"

Kondra Sammaiah was 29 years old in September 2017, Sagarika was 23. Their children, Snehitta and Satvik, were 5 and 3
PHOTO • Raju Ooru Govardhangiri
Kondra Sammaiah was 29 years old in September 2017, Sagarika was 23. Their children, Snehitta and Satvik, were 5 and 3
PHOTO • Kondra Sagarika

ছেপ্টেম্বৰ ২০১৭ -ত, কন্দ্ৰা সামাইয়াহৰ বয়স আছিল ২৯ বছৰ আৰু সাগৰিকাৰ বয়স আছিল ২৩ বছৰ। তেওঁলোকৰ সন্তান, স্নেহিট্টা আৰু সাত্বিকৰ বয়স ক্ৰমান্বয়ে ৫ আৰু ৩ বছৰ আছিল

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত সাগৰিকাৰ স্বামীৰ মৃত্যুৰ কেইমাহমান পিছত তেওঁ কোনোমতে নিজৰ মাটিত উৎপাদিত প্ৰায় ৭ কুইণ্টল কপাহ এজন স্থানীয় ক্ৰেতাক বিক্ৰী কৰিছিল। ব্যয় কৰ্তন কৰি তেওঁ প্ৰায় ১২,০০০ টকা উপাৰ্জন কৰিছিল আৰু এই ধন দৈনন্দিন কামত ব্যয় কৰিছিল। ২০১৮ চনৰ বীজ সিঁচাৰ বতৰত তেওঁ পুনৰ কপাহ খেতি কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ পিছত অতি কম উপাৰ্জনৰ বাবে এয়া স্তব্ধ হৈ পৰে। তেওঁ কয় যে মাটিখিনি খালী হৈ পৰি আছে আৰু এতিয়া সিঁচিবলৈ লোৱাৰ আগেয়ে মাটিখিনি চহাই সমান কৰিব লাগিব আৰু আন বহুতো আনুষংগিক কাম কৰিব লাগিব। মাটিৰ লীজৰ কামো নতুনকৈ কৰা হোৱা নাই।

স্বামীৰ মৃত্যুৰ কেইসপ্তাহমানৰ পিছত তেওঁ নিজৰ নামত মাটিখিনি হস্তান্তৰ কৰিবলৈ তাৰিগোপুল্লাৰ বিভাগীয় ৰাজহ কাৰ্যালয়লৈ (এমআৰও) গৈছিল। তেওঁৰ শাহু আৰু দেওৰেকে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু ২০২০ চনৰ জুলাই মাহত সাগৰিকাই নিজৰ নামত এক একৰ মাটিৰ পট্টা (পুত্ৰক নমিনি ৰাখি) লাভ কৰে।

তেওঁ নিজৰ সন্তানৰ সৈতে স্বামীৰ পৰিয়ালৰ ঘৰটোত বাস কৰিছিল। যদিওবা তেওঁক ভাড়া পৰিশোধ কৰিবলৈ কোৱা নহয়, কিন্তু তেওঁ নিজৰ উপাৰ্জনৰ পৰা মাহটোৰ সকলো ব্যয় পৰিশোধ কৰে। ২০১৪ চনত তেওঁৰ শহুৰেক কন্দ্ৰা য়েল্লাইয়াহৰ মৃত্যু হয় আৰু তেওঁৰ শাহুৱেক কন্দ্ৰা আঞ্জাম্মাই হায়দৰাবাদৰ পৰিয়াল এটাৰ থকা আৰু ঘৰুৱা সহায়ক হিচাপে চাকৰি লাভ কৰে।

Sagarika works as an agricultural labourer, and at MGNREGA sites when work is available
PHOTO • Jodumuntala Shreeja

সাগৰিকাই কৃষি শ্ৰমিক হিচাপে কাম কৰে আৰু কাম উপলব্ধ হ ’লে এমজিএনৰেগাৰ অধীনত কাম কৰে

সাগৰিকাৰ ভাইশহুৰকেইজন আন এখন গাঁৱত বাস কৰে আৰু শেহতীয়াকৈ নৰসাপুৰৰ ৫ একৰ ভূমিত খেতি আৰম্ভ কৰিছে যি ভূমি তেওঁ সামাইয়াহ আৰু সাগৰিকাক লীজত দিছিল। এই বছৰৰ অক্টোবৰত তেওঁ সাগৰিকাক থকা ঘৰটো এৰি যাবলৈ কৈছিল। তেওঁ কয়, "এতিয়া তেওঁলোকে যিহেতু ইয়াত (নৰসাপুৰত) খেতি আৰম্ভ কৰিছে, তেওঁলোক ইয়ালৈ আহিলে থাকিবলৈ এক বাসস্থানৰ প্ৰয়োজন।" তেওঁলোকে মোক দেৱালীৰ ভিতৰত ঘৰটো খালী কৰিবলৈ কৈছিল, কিন্তু মই কোনো ঠাই বিচাৰি নাপালোঁ। গাওঁবোৰত ভাড়াঘৰ বিচাৰি পোৱাটো কঠিন। মই নাজানো কি কৰিব লাগে।"

সাগৰিকাৰ পিতৃ-মাতৃ নৰসাপুৰত বাস কৰে। তেওঁৰ মাতৃ শতৰলা কনকা লক্ষ্মী (৪৫ বছৰ) এগৰাকী আশা কৰ্মী (স্বীকৃত সামাজিক স্বাস্থ্য কৰ্মী)। তেওঁৰ দেউতাক শতাৰ্লা এলায়াহে (৬০ বছৰ) স্বাস্থ্যৰ অৱনতিৰ বাবে বহু বছৰ আগেয়েই দৈনিক মজুৰিৰ (লোডিং আৰু আনলোডিং) কাম কৰা বন্ধ কৰিছিল।

সামাইয়াহৰ আত্মহত্যাৰ পিছত সাগৰিকাই এমজিএনৰেগাৰ শ্ৰমিক হিচাপে কাম কৰি তেওঁৰ উপাৰ্জনৰ পৰা সকলো ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে। "যেতিয়া মোৰ স্বামী জীয়াই আছিল, মই কাম কৰিছিলো, কিন্তু মই বাহিৰত কাম কৰি ল'ৰা-ছোৱালীক অকলে ডাঙৰ-দীঘল কৰিব লগা হোৱা নাছিল। এতিয়া মই জানো যে মোৰ ওচৰত এনে কোনো নাই যাৰ ওপৰত মই নিৰ্ভৰ কৰিব পাৰো। এই উপলব্ধি বৰ বেদনাদায়ক। সামাইয়াহৰ দৰে সাগৰিকাও মালা জাতিৰ অন্তৰ্ভুক্ত, যাক অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।

যোৱা বছৰ, স্বাস্থ্যৰ অৱনতিৰ বাবে, তেওঁ মাৰ্চৰ পিছত খেতি-পথাৰত কাম কৰা বন্ধ কৰিছিল, কিন্তু এপ্ৰিল আৰু মে’ মাহত এমজিএনৰেগাৰ কাম কৰিছিল। এই বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত তেওঁ পুনৰ খেতি-পথাৰত কাম কৰিছিল। আৰু মাৰ্চ মাহত লকডাউন জাৰি হোৱাৰ পিছত তেওঁ এপ্ৰিল আৰু মে’ মাহত প্ৰায় ৩০ দিনৰ বাবে এমজিএনৰেগাৰ কাম পাইছিল। কিন্তু তেওঁ মাত্ৰ ১,৫০০ টকাহে মজুৰি লাভ কৰিছিল। এই বছৰৰ আগষ্ট মাহৰ পৰাহে তেওঁ নিয়মীয়াকৈ কাম কৰিবলৈ সক্ষম হৈছে।

তেওঁ কয়, "মোৰ স্বাস্থ্য ভাল নহয়, সেই কাৰণে মই কাম কৰা বন্ধ কৰি দিছিলো। মোৰ কামত গোটেই দিনটো হাওলি থাকিব লাগে। চিকিৎসকে এয়া সম্পূৰ্ণৰূপে নিষেধ কৰিছে৷ সেয়েহে মই কাম কৰা বন্ধ কৰিছো৷’’ যোৱা বছৰ ফেব্ৰুৱাৰীত সাগৰিকাক বাৰাংগল চহৰৰ এখন নাৰ্ছিং হোমত এপ্ৰিল ২০১৪ত সাত্বিকৰ চি-চেকছন প্ৰসৱৰ সময়ত চিলাইৰ কাষত তেজ গোট মৰা পৰিলক্ষিত হৈছিল৷

বিগত ছমাহ ধৰি সাগৰিকাই বাৰে বাৰে জ্বৰত ভুগি অহাৰ লগতে অৱসাদতো আচ্ছন্ন হৈ পৰিছে। তাৰোপৰি তেজ গোট মৰাৰ ফলত বিষ থাকেই। এইটোৱে তেওঁক বেছিভাগ সময় বিচনাত পৰি থাকিবলৈ বাধ্য কৰিছে। তেওঁ নাজানে যে নৰসাপুৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈৰ জনগাঁৱত চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱাৰ পিছতো ইয়াৰ সমাধান কিয় ওলোৱা নাই৷

ইমান অসুবিধাৰ সন্মুখীন হোৱা স্বত্বেও তেওঁ ঘৰৰ সকলো কাম কৰিব লাগে আৰু কাম আৰম্ভ কৰিবলৈ পুৱা ৫ বজাতে শুই উঠিব লাগে। তাৰ পিছত তেওঁ স্নেহিট্টাক জগায় আৰু নিজেও কামলৈ যাবলৈ সাজু হয়৷ সেই সময়ছোৱাৰ ভিতৰতে সাত্বিকক সাগৰিকাৰ মাক-দেউতাকৰ ঘৰলৈ দিনটোৰ বাবে পঠিওৱা হয়। তেওঁলোকে ৰাতিপুৱা ন বজাত কামত উপস্থিত হয় আৰু সন্ধিয়া ছয় বজাত ঘৰলৈ উভতি আহে।

Sagarika lives with her kids Snehitta and Satvik in Narasapur village, in a house that belongs to her husband’s family
PHOTO • Courtesy: Kondra Sagarika
Sagarika lives with her kids Snehitta and Satvik in Narasapur village, in a house that belongs to her husband’s family
PHOTO • Ramulu Beeram

পুত্ৰ-কন্যাদ্বয় স্নেহিট্টা আৰু সাত্বিকৰ সৈতে নৰসাপুৰ গাঁৱত প্ৰয়াত স্বামীৰ পৰিয়ালৰ ঘৰত সাগৰিকা

সাগৰিকাই কয় যে তেওঁ স্বামীৰ মৃত্যুৰ পিছত তেওঁ বহুখিনি শিকিছে। "যেতিয়া মানুহে মোৰ বিষয়ে কিবা বেয়া কথা কয়, মই হতাশ নহও। মই জানো মই মোৰ ল'ৰা ছোৱালীৰ বাবে জীয়াই থাকিব লাগিব। মই তেওঁলোকক পঢ়ুওৱাৰ বাবে কাম কৰি যাম।"

তেওঁ স্বামীয়ে লোৱা ঋণৰ সামান্য পৰিমাণো পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই। ২০২০ চনত তেওঁ নিজৰ ভনীয়েকৰ পৰা লোৱা টকা ঘূৰাই দিবলৈ চেষ্টা কৰি আছে। তেওঁ কেনেবাকৈ ৬২,০০০ টকাৰ ৫০,০০০ টকা ঘূৰাই দিবলৈ সমৰ্থ হৈছে। তেওঁৰ ভনীয়েকে একেখন গাঁৱতে গিৰিয়েকৰ সৈতে ২ একৰ মাটিত খেতি কৰে। (এনএছএছৰ ৭০ সংখ্যক প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ ঋণগ্ৰস্ত কৃষক পৰিয়ালসমূহৰ গঢ় সংখ্যা ৫১.৯ শতাংশ হোৱাৰ বিপৰীতে তেলাংগনাত এই হাৰ অতিবেছি, ৮৯.১ শতাংশ)।

সাগৰিকাই প্ৰতি মাহে ২,০০০ টকাৰ বিধৱা পেঞ্চন লাভ কৰে। ইয়াৰ উপৰিও অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত কৃষকৰ অধিকাৰৰ বাবে ওকালতি কৰা সংস্থা ঋতু স্বৰাজ্য বেদিকাৰ পৰা কেতিয়াবা চৰকাৰী আঁচনিৰ বাবে প্ৰপত্ৰ আদি পূৰণ কৰিবলৈ আৰু প্ৰমাণীকৰণ আদিৰ প্ৰক্ৰিয়াৰ বাবে আৰক্ষী থানালৈ যোৱাৰ বাবে ২,০০০ টকাৰ ভাট্টা লাভ কৰে।

সাগৰিকাই আনকি তেলাংগনা চৰকাৰে মৃত কৃষকৰ পৰিয়ালক দিয়া ৬ লাখ টকাৰ ক্ষতিপূৰণো লাভ কৰা নাই।

সাগৰিকাই মনত পেলাই কয়, "প্ৰথমতে তেওঁলোকে (এমআৰঅ’ৰ বিষয়াসকলে) মোক কৈছিল যে মই অনুগ্ৰহমূলক ধন লাভ কৰিম। তেওঁলোকে মোক বাৰে বাৰে আহি থাকিবলৈ কৈছিল। (ডিচেম্বৰ ২০১৮-ত) শেষত তেওঁলোকে কৈছিল যে অনুসন্ধানত দেখা গৈছে যে মোৰ স্বামীৰ গাওঁখনৰ কাৰোবাৰ সৈতে মতভেদ আছিল। সেয়েহে এয়া কৃষকৰ আত্মহত্যাৰ ঘটনা নাছিল আৰু মোৰ গোচৰটো বন্ধ কৰি দিয়া হৈছে।"

'We eat only rice and pickles now,' says Sagarika, as prices have increased after the lockdown
PHOTO • Ramulu Beeram

লকডাউনৰ পিছত দাম বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত "এতিয়া আমি কেৱল ভাত আৰু আচাৰ খাওঁ," সাগৰিকাই কয়

কিন্তু এজাহাৰখনত কাৰো সৈতে কোনো মতভেদৰ কথা উল্লেখ কৰা হোৱা নাই আৰু সাগৰিকাই জোৰ দি কয় যে তেওঁৰ স্বামীৰ কাৰো সৈতে কাৰো কাজিয়া নাছিল। তেওঁ কয় যে আত্মহত্যাৰ পিছত, কোনো বিষয়াই গোচৰটোৰ "যোগ্যতা" অনুসন্ধান কৰিবলৈ তেওঁলোকৰ ঘৰলৈ অহা নাছিল। যেতিয়াই তাই এমআৰঅ’ৰ ওচৰলৈ যায়, প্ৰতিবাৰেতেওঁক গোচৰটো বন্ধ কৰাৰ পৃথক কাৰণ কোৱা হয়।

২০১৯ চনৰ নৱেম্বৰত সাগৰিকাই জানিবলৈ চেষ্টা কৰিছিল যে তেওঁৰ গোচৰটো কিয় বন্ধ কৰা হৈছিল। তেওঁ আৰটিআইৰ ( তথ্যৰ অধিকাৰ ) জৰিয়তে ক্ষতিপূৰণৰ বিষয়ে তথ্য বিচাৰিছিল । ঋতু স্বৰাজ্য বেদিকাই তেওঁক এই ক্ষেত্ৰত সহায় কৰিছিল৷ তেওঁৰ আবেদন ২০২০ চনৰ ফেব্ৰুৱাৰীত জনগাঁৱৰ ৰাজহ জিলা কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। সাগৰিকাই এতিয়ালৈকে কোনো সঁহাৰি পোৱা নাই।

আৰু তাৰ পিছত, ২৫ মাৰ্চৰ পৰা, দেশজুৰি লকডাউন জাৰি আৰু বিদ্যালয় বন্ধ হোৱাৰ পিছত এতিয়া তেওঁ নিজৰ সন্তানক লৈ চিন্তিত হৈছে। লকডাউনৰ পিছত স্নেহিট্টাক জনগাঁৱৰ এখন ব্যক্তিগত বৰ্ডিং স্কুলৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছিল। গাওঁখনৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা সাত্বিক তেতিয়াৰে পৰা ঘৰতেই আছে। দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা সাগৰিকাই কয়, "ল’ৰা-ছোৱালীকেইটা সকলো সময়তে এতিয়া ঘৰৰ বাহিৰত খেলি থাকে। তেওঁলোকে সকলো অনুশাসন পাহৰি পেলাইছে।"

"লকডাউনৰ পিছত প্ৰায় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। আগতে আমি ১০ টকাত গাখীৰৰ এটা পেকেট কিনিছিলো, এতিয়া ইয়াৰ দাম ১২ টকা হৈ পৰিছে। মোৰ বাবে পাচলি কিনাটো কঠিন হৈ পৰিছে। এতিয়া আমি কেৱল ভাত আৰু আচাৰ খাওঁ। সন্ধিয়া যদি ল’ৰা-ছোৱালীকেইটাই খাবলৈ বিচাৰে, মই তেতিয়া সিহঁতক খাবলৈ দিওঁ। কিন্তু যেতিয়া সিঁহতে 'মোৰ ভোক লাগিছে' বুলি কয়, তেতিয়াহে…অন্যথা আমি টোপনি যাওঁ।"

এই ষ্ট ৰিটো ২০২০ চনৰ জুন আৰু ডিচেম্বৰ মাহৰ মাজত এটা ফোন সাক্ষাৎকাৰৰ ওপৰত আধাৰিত।

সাংবাদিকগৰাকীয়ে এই কাহিনীটোত সহায় কৰাৰ বাবে ঋতু স্বৰাজ্য বেদিকাৰ হায়দৰাবাদস্থিত লক্ষ্মী প্ৰিয়ংকা বল্লাভৰম আৰু স্নাতকোত্তৰ শিক্ষাৰ্থী বিনীত ৰেড্ডীক কৃতজ্ঞতা জনাইছে

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Riya Behl

রিয়া বেহ্‌ল পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ায় (পারি) কর্মরত বরিষ্ঠ সহকারী সম্পাদক। মাল্টিমিডিয়া সাংবাদিক রিয়া লিঙ্গ এবং শিক্ষা বিষয়ে লেখালিখি করেন। এছাড়া তিনি পারির সঙ্গে কাজে আগ্রহী পড়ুয়াদের মধ্যে কাজ করেন, অন্যান্য শিক্ষাবিদের সঙ্গে পারির কাহিনি স্কুল-কলেজের শিক্ষাক্রমে অন্তর্ভুক্তির জন্যও রিয়া প্রয়াসী।

Other stories by Riya Behl
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder