বেলি লহিয়ালে। চৌদিশে আন্ধাৰ নামিছে। মুৰত খৰিৰ বোজা লৈ আৰু হাতত অনান্য সা-সামগ্ৰী, ইটা, চাউল, শুকান মাছ-মচলা লৈ হাজাৰ হাজাৰ আদিবাসী (আয়োজনৰ মতে ৫০ হাজাৰৰ অধিক)এ উত্তৰ-পূৱ মুম্বাইৰ মুলান্দ স্থিত অক্টৰায় পোষ্টৰ পিনে পদব্ৰজে আগবাঢ়িছে। জনবৰ্জিত এই চৌহদটো প্ৰতিবাদীৰ বাবে শিবিৰ পতা ঠাই হৈ পৰিছে।

'আমি ইয়াতে বাহৰ পাতিছো। প্ৰয়োজনীয় সকলো বস্তুৱেই লগত আনিছো। ভাত ৰান্ধিবলৈ খৰি-চাউল আটাইবোৰেই আছে’, মনুবাই গাৱাৰিয়ে তাইৰ মুৰৰ খৰিৰ বোজাটো লৰচৰ কৰি ঠিক কৰি লৈ ক’লে। 'আমাৰ আটাইবোৰ দাবী মানি নোলোৱালৈকে আমি ইয়াৰ পৰা নাযাও’, ভিৱাণ্ডি তালুকৰ দিঘাচী গাঁৱৰ বাসিন্দা ৱাৰ্লি সম্প্ৰদায়ৰ ৬০ বৰ্ষীয়া মনুবাইৰ কথাত দৃঢ়তাৰ চিন ফুটি উঠিল। তাই তাইৰ গাঁৱৰ ৭০-৮০ জন মানুহৰ গোটটোৰ লগত আহিছে।

৩০ অক্টোবৰ, বৃহস্পতিবাৰৰ ১১ বজাৰ পৰা নাচিক, পালঘৰ ৰায়গড়, থানে, মুম্বাই জিলাৰ পৰা ৱাৰ্লি, কাটকাৰি, মহাদেৱ কোলি, মা ঠাকুৰ আৰু অনান্য সম্প্ৰদায়ৰ লোকৰ আগমনে থানে চহৰখন ভৰাই পেলাইছে। টেম্পো, বাছ, ৰেলগাড়ী আদিৰে তেঁওলোকে দলে-বলে আহিছে। আবেলি হয় মানে মহিলা আৰু পুৰুষৰ ধুমুহাৰ দৰে অহা জাকটোৱে দুই কিলোমিটাৰ দুৰৈৰ চাকেট নাকাৰ পৰা থানে চহৰত থকা কালেক্টৰৰ কাৰ্যালয়ৰ পিনে আগবাঢ়িল। এইসকল আছিল শ্ৰমিক, কুলি, অনাময় কৰ্মী আৰু নিৰ্মানখণ্ডৰ শ্ৰমিক।

people marching toward collector's  office
PHOTO • Mamta Pared
Manubai Gawari with firewood on her head
PHOTO • Mamta Pared

সোঁফালে থানেৰ কালেক্টৰৰ কাৰ্যালয়ৰ দিশে মৰ্চা৷ সোঁফালে মনুবাই গাৱাৰি, ৱাৰ্লি সম্প্ৰদায়ৰ মনুবাইৰ ঘৰ দিঘাচী গাঁৱত

‘আমাৰ আদিবাসী জনজাতিবোৰ মুম্বাইৰ আশে-পাশে আৰু ভিতৰত থকা বনাঞ্চলতে বাস কৰি আহিছো৷ আমাৰ মাটিৰ কোনো কাগজ-পত্ৰ নাই৷ আমাৰ জাতিৰ প্ৰমাণপত্ৰও নাই৷ মায়ে মোক ঘৰতেই জন্ম দিছিল, সেয়ে ক’তো পঞ্জীয়নো কৰোৱা নাছিল৷ মোৰ বয়স ৫২৷ মোৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে এতিয়া জাতিৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে৷ ইয়াৰ কাৰণে ৫০ বছৰ ইয়াতে থকাৰ প্ৰমাণপত্ৰ৷ সেয়া আমি ক’ৰ পৰা পাম?’ কালেক্টৰৰ কাৰ্যালয়ৰ বাহিৰত শংকিত হৈ পৰা নলিনী বুজাড়ে ক’লে৷ তাই ৱাৰ্লি সম্প্ৰদায়ৰ, মুম্বাইৰ উত্তৰ-পশ্চিম এলেকাৰ আন্ধেৰী স্থিত আম্বোলিৰ পৰা আহিছে৷

‘মহানন্দ ডায়েৰীৰ আশেপাশে থকা চুবুৰীবোৰত (উত্তৰ-পশ্চিম মুম্বাইৰ গৰেগাঁও চুবুৰীত) বিদ্যুতৰ সংযোগো নাই, পানীৰ সুবিধাও নাই৷ আমাক জনজাতিৰ প্ৰমাণপত্ৰ দিয়ক, বিকাশমূলক প্ৰকল্পত আমাৰ চুবুৰীবোৰ অন্তৰ্ভূক্ত কৰক৷ একেখিনি ঠাইতে আমাৰ পুনৰ্সংস্থাপন কৰক৷’ তাই কৈ গ’ল৷ মুম্বাইৰ ১০ টা চুবুৰীৰ পৰা প্ৰায় ২ হাজাৰ আদিবাসীয়ে আহি সমদলত ভাগ লৈছে, শ্ৰমজীৱি সংগঠনৰ এগৰাকী প্ৰতিনিধি নলিনী বুজাড়ে অনুমান কৰি ক’লে৷

আদিবাসীসকলৰ বহুদিনীয়া সমস্যাবোৰ সমাধানৰ দাবী তুলি ৰাজ্য চৰকাৰক আহ্বান জনাই সেই মিচিল আয়োজন কৰিছিল শ্ৰমজীৱি সংগঠনটোৱে৷ সংগঠনটোৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ বাচাইত আছে৷ আদিবাসীসকলৰ অধিকাৰৰ হকে সংস্থাই কাম কৰে৷ ইয়াৰ আগেয়েও নিজৰ অধিকাৰৰ হকে এই সম্প্ৰদায়বোৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ প্ৰতিবাৰেই চৰকাৰে প্ৰতিবাদীসকলক প্ৰতিশ্ৰুতি দি পঠিয়াই দেয়ে৷ এইবাৰ সেয়ে ঘুৰি নাযাও বুলি মন বান্ধি আহিছে আদিবাসীসকলে৷
Bohada dance at collector office
PHOTO • Mamta Pared
A katakari woman participated in march with her child
PHOTO • Mamta Pared

বাওঁফালেঃ আদিবাসী সাংস্কৃতিক স্বকীয়তাৰ সাক্ষীস্বৰূপ নাচ-গানো আছিল ৰেলীৰ এটা অংশ। সোঁফালেঃ কালেক্টৰৰ কাৰ্যালয়ত সন্তানৰ সৈতে এগৰাকী কাটকাৰি আদিবাসী মহিলা

সন্ধ্যা ৫ বাজে মানে মিচিলটো মুলান্দৰ দিশে অগ্ৰসৰ হ’ল। চাকেট নাকাৰ পৰা মুলান্দৰ জাকাট নাকা (পুৰণি অক্টৰয় পোষ্ট)লৈ প্ৰতিবাদীসকলে ৫ কিলোমিটাৰ বাট খোজকাঢ়ি আহিছে। সন্ধ্যা লাগিছে। শিবিৰত বিদ্যুতৰ ব্যৱস্থা নাছিল। 'আমাৰ বাবে যদি আপোনালোকে বিদ্যুতৰ ব্যৱস্থা নকৰে, তেন্তে আমি ৰাজপথৰ ষ্ট্ৰীটলাইটৰ তলত বাহৰ পাতিম,’ সংস্থাৰ এই দাবী শুনি পুলিচবোৰে ব্যৱস্থা ল’বলৈ বাধ্য হ’ল। কিছু সময়ৰ ভিতৰতে বিদ্যুতৰ খুঁটাত বিজুলিবাতি জ্বলি উঠিল।

প্ৰতিখন গাঁৱৰ মানুহে একোটাকৈ স্থান বাচি লৈ তাতে খৰি-খেৰ, ইটা, বাচন-বৰ্তন, যা-যোগাৰ, চাউল-দাইল আদিৰে অস্থায়ী আবাস সাজি ল’লে। খৰিৰ জুইত ঠাইখিনিৰ আন্ধাৰ লাহে লাহে নাইকিয়া হ’ল। খোলা পথাৰখনত অতিকমেও ৫০০ কুৰা জুই জ্বলি উঠিল।

ৰাতিৰ আহাৰৰ পিছত মানুহবোৰে বাদ্য বজাই নিজৰ গান গালে। বহুতেই ৰাতি টোপনি নগ’ল। ভালেমানে আকৌ দিনটো খোজ কাঢ়ি আৰু খৰি-ইটাৰ বোজা কঢ়িয়াই ভাগৰুৱা হৈ পৰিছিল। সৰু সৰু বিচনা চাদৰ পাৰি তাতেই তেঁওলোক ৰাতিটোৰ বাবে নিহপালি দিলে। বহুতে নিজৰ লাম-লাকটুকে গাৰু কৰি লৈ মুকলি আকাশৰ তলত শুই পৰিল।
People at Jakat naka in Mulund
PHOTO • Mamta Pared
People sleeping at Jakat naka in Mulund
PHOTO • Mamta Pared

প্ৰতিবাদীসকলে ৰাতিটোৰ বাবে মুলান্দৰ জাকাট নাকাতে বাহৰ পাতিছে। তেঁওলোকৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীৰ সৈতে মাজনিশা আলোচনা কৰি উভতি অহালৈ বাট চাইছে।

বন অধিকাৰ আইন, ২০০৬খন সঠিক ৰূপায়ন কৰাটো প্ৰতিবাদীসকলৰ মূল দাবীসমূহৰ অন্যতম। আইনখন গৃহীত হোৱাৰ ১২ বছৰ পিছতো সমগ্ৰ ভাৰতৰ আদিবাসী-জনজাতি লোকসকলৰ ইটোৰ পিছত সিটো প্ৰজন্মই খেতি কৰি অহা বনাঞ্চলৰ মাটিৰ অধিকাৰ পোৱা নাই। বিভিন্ন চৰকাৰী কল্যাণকামী আচনিৰ ধন পোনপটীয়াকৈ হিতাধিকাৰীৰ খাতাত সোমোৱাৰ ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা অভিলাসী প্ৰত্যক্ষ লাভ স্থানান্তৰ নীতিৰ গৃহীত হোৱাৰ পূৰ্বে (২০১৩ত উত্থাপন কৰা হৈছিল) প্ৰতিখন গাঁৱত ইণ্টাৰনেট সংযোগ উপলব্ধ কৰোৱাটোও প্ৰতিবাদীসকলৰ প্ৰমুখ দাবীৰ ভিতৰৰ এটা। তদুপৰি আদিবাসীসকলৰ বাবে নিয়োগৰ সুবিধা সৃষ্টিৰো দাবী জনাইছে প্ৰতিবাদীসকলে। মুম্বাইত থকা আদিবাসীসকলৰ হিতৰ বাবে উন্নয়নমূলক প্ৰকল্পত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আদিবাসীসকলৰ মাজত সৃষ্টি হোৱা বৰ্দ্ধিত খাদ্যসংকটৰ সমস্যা নাইকিয়া কৰাৰ দাবীও জনায় প্ৰতিবাদীসকলে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিচে সঁহাৰি দিব বুলি প্ৰতিবাদীসকলে গোটেই ৰাতি সেই মুকলি পথাৰতে পৰি ৰ’ল। কালেক্টৰৰ কাৰ্যালয়লৈ প্ৰখৰ ৰ’দত খোজকাঢ়ি যোৱাৰ ১২ ঘণ্টা পিছত মাজৰাতি বিভিন্ন জিলাৰ ১০ গৰাকী আদিবাসী প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীক তেঁওৰ দক্ষিণ মুম্বাইস্থিত চৰকাৰী গৃহত সাক্ষাত কৰিলে। তেঁওলোকক গ্যেৰাণ্টি দিয়া হ’ল যে তেঁওলোকৰ দাবীসমূহ সোনকালেই কাৰ্যতঃ অনুসৰণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে সমস্যাবোৰ সমাধান কৰাৰ বাবে বিভিন্ন বিভাগীয় মুৰব্বীক নিৰ্দেশ দিয়াৰ লগতে অগ্ৰগতিৰ বুজ লোৱাৰ বাবে এগৰাকী ন’ডাল বিষয়াও নিযুক্তি দিব বুলি কয়।

ৰাতি ৩ বজাত প্ৰতিনিধিসকল জাকাট নাকালৈ উভতিল। আলোচনা সফল হোৱাত প্ৰতিবাদীসকল আনন্দিত হ’ল। বুকুত আশা বান্ধি পুৱা ৫ বজাত তেঁওলোক নিজ নিজ গাঁৱলৈ খোজ দিলে।

অনুবাদঃ পংকজ দাস

Mamta Pared

সাংবাদিক মমতা পারেদ (১৯৯৮-২০২২) ২০১৮ সালের পারি ইন্টার্ন ছিলেন। পুণের আবাসাহেব গারওয়ারে মহাবিদ্যালয় থেকে তিনি সাংবাদিকতা ও গণসংযোগে স্নাতকোত্তর পাশ করেছিলেন। আদিবাসী জনজীবন, বিশেষ করে যে ওয়ারলি জনগোষ্ঠীর মানুষ তিনি, তাঁদের রুটিরুজি তথা সংগ্রাম বিষয়ে লেখালেখি করতেন।

Other stories by Mamta Pared
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das