পঞ্চাশ বছৰ পূৰ্বে ক’লহাপুৰত নিজেই নিৰ্মাণ কৰা এই মজবুত বান্ধটোৰ ওপৰত থকা সৰু দলংখনত শান্ত মনেৰে তপত ৰ’দক আওকাণ কৰি ধৈৰ্য সহকাৰে তেওঁ আমাৰ উত্তৰ দিছে। সেয়া দুপৰীয়াৰ আহাৰৰ সময়ৰ কথা। দলংখনলৈ তেওঁ উৎসাহেৰে আগবাঢ়িছে। তাৰে মাজতে তেওঁ কৈ গৈছে কেনেদৰে ১৯৫৯ত এই বান্ধ নিৰ্মাণ কৰা হৈছিল।

ছটা দশকৰ পিছতো গণপতি ইশ্বৰ পাটিলে জলসিঞ্চনৰ তাৎপৰ্য বুজি পায় আৰু কৃষক তথা কৃষিৰ কথা বুজে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস তেওঁ জানে আৰু নিজেই তাৰ এক অংশ আছিল। ১০১ বছৰ বয়সত ভৰি দিয়া গণপতি ভাৰতৰ মুক্তিযুঁজাৰুসকল মুষ্টিমেয় জীৱিতসকলৰ মাজৰ এজন।

‘মই কেৱল গুপ্তচৰ আছিলোঁ,’ ১৯৩০ৰ দশকৰ পাছৰচোৱা জীৱনৰ বিষয়ে বিনম্ৰতাৰে সংকোচ ভাবত তেওঁ কৈ যায়। ‘ইংৰাজবিৰোধী অজ্ঞাত আন্দোলনৰ কাৰণে খবৰ সৰবৰাহকাৰী।’ সেই সময়ত কমিউনিষ্টৰ বিপ্লৱী গোটবোৰক নিষিদ্ধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছ দলৰো সকলো ধৰণৰ যোগাযোগ তচনচ কৰা হৈছিল (১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত)। তেওঁ নিশ্চয়কৈ সেই কামত নিপুণ আছিল, ধৰা পৰা নাছিল। ‘মই জেল খাটিবলগীয়া হোৱা নাছিল,’ তেওঁ মনত ক্ষমাপ্ৰাৰ্থনাৰ ভাৱ। আমাক এই কথা আনেহে ক’লে যে তেওঁক প্ৰদান কৰা তাম্ৰপত্ৰ তেওঁ গ্ৰহণ নকৰিলে আৰু ১৯৭২ৰ পিছত মুক্তি যুঁজাৰুসকলক দিয়া পেঞ্চনো ল’বলৈ মান্তি নহ’ল।

PHOTO • P. Sainath

গণপতি পাটিলক তেওঁৰ বন্ধু স্বৰ্গীয় শান্তাৰাম পাটিল (লাল নিচান পাৰ্টিৰ সহ-প্ৰতিস্থাপক)ৰ পুত্ৰ অজিত পাটিলৰ সৈতে দেখা গৈছে

‘মই জেল খাটিবলগীয়া নহ’ল,’ গণপতি পাটিলে কয়। সুৰত ক্ষমাপ্ৰাৰ্থনাৰ ভাৱ। আমাক এই কথা আনেহে ক’লে যে তেওঁক প্ৰদান কৰা তাম্ৰপত্ৰ তেওঁ গ্ৰহণ নকৰিলে আৰু ১৯৭২ৰ পিছত মুক্তি যুঁজাৰুসকলক দিয়া পেঞ্চনো ল’বলৈ মান্তি নহ’ল

সেয়া কৰোঁনো কেনেকৈ? ক’লহাপুৰ জিলাৰ কাগাল তালুকৰ সিদ্ধানাৰেলি গাঁৱৰ তেওঁৰ পুত্ৰৰ ঘৰত আমি তেওঁক পেঞ্চন সন্দৰ্ভত সোধোতে তেওঁ কয়। ‘আমাৰ নিজৰ মাটি থাকোতে আমি কিয় কিবা বিচাৰিব লাগে?’ সেই সময়ত তেওঁৰ ১৮ একৰ মাটি আছিল। ‘সেয়ে মই নিবিচাৰিলো, দৰ্খাস্তও নকৰিলোঁ।’ বামপন্থী বহু মুক্তিযুঁজাৰুৱে কৰাৰ দৰেই তেওঁৰ কামতো একেধৰণ আদৰ্শ ফুটি উঠিছে। ‘আমি দেশৰ স্বাধীনতাৰ কাৰণে যুঁজ দিছিলোঁ, পেঞ্চন পাবলৈ নহয়।’ তাতে আকৌ তেওঁৰ ভূমিকা তেনেই ক্ষুদ্ৰ বুলি তেওঁ গণ্য কৰে। যদিওবা গুপ্তবাহিনীৰ আন্দোলনৰ বাৰ্তা সৰবৰাহ কৰাটো খুবেই বিপজ্জনক কাম আছিল, বিশেষকৈ যুদ্ধৰ সময়ত, য’ত ঔপনিৱেশিক শক্তিয়ে বিদ্ৰোহীক আগতকৈ সঘনে ফাঁচি দিবলৈ ধৰিছিল।

বোধকৰোঁ গণপতিৰ মাকে তেওঁৰ কামৰ বিপদসংকূলতাৰ বিষয়ে বুজা নাছিল। সেয়ে ৰাইজৰ চকুত পৰাকৈ কোনো ভূমিকা পালন নকৰালৈকে গুপ্তচৰৰ কাম মাকে মানি লৈছিল। কাগালত থকা  সিদ্ধানাৰেলি গাঁৱৰ তেওঁৰ ককাকৰ ঘৰলৈ অহাৰ কিছু দিনৰ পাছতে মাকৰ বাদে গোটেই পৰিয়ালটো প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। ১৯১৮ৰ ২৭ মে’ত মামাকৰ ফালৰ ককাকৰ ঘৰত জন্ম হোৱা গণপতিৰ সেই সময়ত বয়স মাত্ৰ চাৰে চাৰিমাহ আছিল, তেওঁ কয়।

তেৱেই পৰিয়ালটোৰ একমাত্ৰ উত্তৰাধিকাৰী হৈ পৰে। তেওঁৰ মাকৰ মতে কোনো কাৰণতে তেওঁ জীৱনটো বিপদত পেলাব নালাগে। ‘কেৱল প্ৰতিবাদী মিচিল আৰু ৰাজহুৱাকৈ অংশগ্ৰহণ কৰোঁতেহে (১৯৪৫ৰ ফালে) পিছলৈ মানুহে মোৰ ৰাজনৈতিক দিশটোৰ বিষয়ে জানিছিল।’ ১৯৩০ৰ শেষৰ ফালে আৰু ১৯৪০ৰ আৰম্ভণিৰ ভাগত তেওঁ সিদ্ধানাৰেলিত থকা খেতিপথাৰত গোপনে মেল পাতিছিল। ‘আমাৰ পৰিয়ালটোত মই আৰু মায়ে আছিলো, বাকী সকলো ঢুকাইছিল, সেয়ে মানুহে আমাক সহানুভূতিৰ দৃষ্টিৰে চাইছিল। আনকি কিছুমানৰ আমাৰ প্ৰতি সহৃদয় ভাৱ আছিল, সেয়ে মোৰ চোৱাচিতাও কৰিছিল।’

PHOTO • Samyukta Shastri
PHOTO • P. Sainath

গণপতি পাটিলে ১২ বছৰ বসয়ত ২৮ কিলোমিটাৰ বাট খোজ কাঢ়ি গৈ মোহনদাস কৰমচান্দ গান্ধীৰ বক্তৃতা  শুনিবলৈ গৈছিল, তেতিয়াই তেওঁৰ জীৱনটোৱে এটা নতুন দিশ লাভ কৰিছিল

তেওঁৰ সময়ৰ লক্ষ লক্ষ লোকৰ দৰে ১২ বছৰ বয়সীয়া গণপতি পাটিলে তেওঁতকৈ প্ৰায় পাঁচ গুণ বেছি বয়সৰ মানুহ এজনৰ ওচৰলৈ ঢপলিয়াই গৈছিল। তেতিয়াই তেওঁৰ জীৱনৰ দিশ সলনি ঘটিছিল। পাটিলে সিদ্ধানাৰেলিৰ পৰা বৰ্তমানৰ কৰ্ণাটকৰ নিপানিলৈ ২৮ কিলোমিটাৰ বাট খোজ কাঢ়ি আহিছিল। মোহনদাস কৰমচান্দ গান্ধীৰ কথা শুনিবলৈ। সেয়াই আছিল জীৱনৰ গতি সলনি কৰি দিয়া মূহুৰ্ত। গণপতিয়ে কোনোমতে মানুহৰ ভীৰ ফালি মঞ্চত উঠিছিল। ‘মহাত্মাৰ স্পৰ্শই তেওঁক আনন্দ দিছিল।’

সেয়া আছিল ১৯৪১ চন। ভাৰত ত্যাগ আন্দোলনৰ সূত্ৰপাত হোৱাৰ সময়তে তেওঁ কংগ্ৰেছ দলৰ সদস্য হৈ পৰে। একে সময়তে তেওঁ অইন ৰাজনৈতিক দলৰো অংশ হৈ থাকিল। ১৯৩০ত তেওঁ নিপানিলৈ গৈ কংগ্ৰেছ দলত যোগদান কৰাৰ আগলৈকে তেওঁ মূলতঃ সেই দলটোৰ ছচিয়েলিষ্ট ফৈদৰ সংস্পৰ্শত আছিল। ১৯৩৭ত তেওঁ ছচিয়েলিষ্ট নেতা এছ.এম. জোশী আৰু এন.জি. গৰেয়ে বেলগামৰ আপ্পাচিৱাড়িত আয়োজিত প্ৰশিক্ষণ শিবিৰত অংশ লয়। ভৱিষ্যতৰ ছাতাৰাৰ প্ৰতি চৰকাৰৰ নাগনাথ নাইকৱাড়িয়ে শিবিৰক সম্বোধন কৰিছিল। সেই শিবিৰতে গণপতিকে ধৰি সকলোৱে অস্ত্ৰ প্ৰশিক্ষণো লাভ কৰিছিল। ( কেপ্টেইন ভাউ আৰু তুফান সেনা আৰু প্ৰতি চৰকাৰৰ অন্তিম জয়ধ্বনি চাব পাৰে)

‘১৯৪২ত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়াৰ পৰা বহিষ্কৃত নেতা শান্তাৰাম পাটিল, যশৱন্ত চৱন (কংগ্ৰেছ নেতা ৱাই.বি. চৱন নহয়), এছ. কে. লিমায়ে, ডি.এছ. কুলকাৰ্ণি আৰু অইন ৰাজনৈতিক কৰ্মীয়ে লগ লাগি নৱজীৱন সংঘটন (নতুন জীৱনৰ ইউনিয়ন) নামে এক সংগঠনৰ জন্ম দিয়ে,’ গণপতিয়ে কয়। তেওঁ নিজেও তাতে যোগদান কৰে।

সেই সময়ত এই নেতাসকলে পৃথক দল এটা গঠন কৰা নাছিল। তেওঁলোকে এটা গোট গঠন কৰিছিল যাক লাল নিচান নামে জনা গৈছিল। (১৯৬৫ত ই ৰাজনৈতিক দললৈ ৰূপান্তৰিত হয়। ১৯৯০ৰ আকৌ বিভাজিত হয়।)

ভিডিঅ’ চাওকঃ গণপতি পাটিল, স্বাধীনতাৰ গুপ্তচৰ

প্ৰাক-স্বাধীনতাৰ কালচোৱাৰ অস্থিৰ পৰিৱেশত গণপতি পাটিলে ‘বিভিন্ন গোট আৰু কমৰেডৰ বাৰ্তা, নথি-পত্ৰ আৰু তথ্য আদি কঢ়িয়াইছিল।’ তেওঁ নিজৰ কামবোৰৰ বিষয়ে বিনম্ৰতাৰে কৈ যায়, মাত্ৰ নিজকে গুৰুত্বপূৰ্ণ ভূমিকাত থকা বুলি নাভাবিবলৈ জোৰ কৰে। তেওঁ যেতিয়া ১২ বছৰ বসয়তে কাকো গম নিদিয়াকৈ মনে মনে ৫৬ কিলোমিটাৰ বাট বুলি নিপানিলৈ গৈ ঘুৰি আহিছিল, তেতিয়াই তেওঁৰ গুপ্তচৰ হোৱাৰ প্ৰতিভাৰ উমান পোৱা গৈছিল। তেওঁৰ পুত্ৰৰ ঘৰত দুপৰীয়াৰ আহাৰ খাই থকা সময়ত এই বুলি কোনোবা এজনে কৈ উঠাত বৃদ্ধ ভদ্ৰলোকজনে হাঁহিলে, ভালো পালে।

‘স্বাধীনতাৰ পিছত লাল নিচানে পিজেণ্টচ্ ৱৰ্কাৰ্ছ পাৰ্টি (পি.ডব্লিউ.পি) যোগদান কৰি কামগাৰ কিষাণ পাৰ্টি (ৱৰ্কাৰ্ছ এণ্ড ফাৰ্মাৰ্ছ পাৰ্টি) গঠন কৰে। কিংবদন্তি নানা পাটিলে তেওঁৰ বিশ্বস্ত সহযোগীৰ সৈতে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (চি.পি.আই.) যোগদান কৰাত দলটো দুটা ফৈদত বিভক্ত হৈ পৰে। পি.ডব্লিউ.পি. পুনৰ সংগঠিত হয় আৰু লাল নিচান পুনৰাই এটা গোট হৈ পৰে। ২০১৮ত গণপতিৰ সৈতে চিনাকী থকা এল.এন.পি.ৰ সেই ফৈদটো চি.পি.আই.ত সোমাই পৰে।

স্বাধীনতাৰ পিছত কেতবোৰ আন্দোলনত যেনে ক’লহাপুৰৰ ভূমি সংস্কাৰ সংগ্ৰাম আদি কেন্দ্ৰীয় বিষয় হৈ পৰিছিল। নিজে মহাজন হোৱা স্বত্বেও তেওঁ কৃষি শ্ৰমিকৰ উচিত মজুৰী দিওৱাৰ বাবে যুঁজ দিলে আৰু কৃষকসকলক উচিত মজুৰী প্ৰদানৰ বাবে সৈমান কৰালে। তেওঁ নিজেই লাগি-ভাগি জলসিঞ্চনৰ হেতু ‘ক’লহাপুৰ ধৰণৰ বান্ধ’ সাজি উলিয়ালে। তেতিয়াৰ প্ৰথমটো বান্ধ (য’ত আমি থিয় দি আছো), যিটো এতিয়াও প্ৰায় ১২ খন মান গাঁৱৰ কৃষিক চাহিদা পুৰণ কৰে। বান্ধটোৰ নিয়ন্ত্ৰণ স্থানীয় কৃষকৰ হাততে আছে।

‘আমি নিজেই পুঁজি গোটাই সমবায় ভিত্তিত প্ৰায় ২০ খনমান গাঁৱৰ মানুহ লগ লাগি এই বান্ধটো নিৰ্মাণ কৰিছিলো,’ গণপতিয়ে কয়। দুধগংগা নদীত শিলৰ গাঁথনিৰে কৰা বান্ধটো প্ৰায় চাৰি হাজাৰ একৰ মাটিত পানীৰ যোগান ধৰে। কাকো ক’ৰোপৰা স্থানচ্যুত নকৰাকৈ সেই বান্ধ নিৰ্মাণ কৰা হৈছিল, গণপতিয়ে গৌৰৱেৰে কয়। আজিৰ তাৰিখত এইটো এটা ৰাজ্যিক পৰ্যায়ৰ মধ্যমীয়া জলসিঞ্চন আঁচনিত পৰে।

PHOTO • P. Sainath
PHOTO • P. Sainath

বাওঁফালেঃ এনেধৰণ বান্ধৰ কম খৰছী, স্থানীয়ভাৱে পৰিচালিত আৰু ই পৰিস্থিতিতন্ত্ৰ তথা পৰিৱেশৰ খুব কম ক্ষতি কৰে, অজিত পাটিলে কয়। সোঁফালেঃ গণপতি পাটিলৰ সেনা জোৱানৰ অতিৰেক জীপখন নাতি ল’ৰা আৰু ভায়েকৰ নাতিয়েকে উপহাৰ দিছে। বৈপৰীত্য ইয়াতেই যে জীপখনৰ বাম্পাৰত ব্ৰিটিছ পতাকা অঁকা আছে

‘এনেধৰণ বান্ধ নৈৰ প্ৰৱাহৰ দিশত নিৰ্মাণ কৰা হয়,’ গণপতিৰ পুৰণি সহকৰ্মী স্বৰ্গীয় শান্তাৰাম পাটিল (লাল নিচান পাৰ্টিৰ সহ-প্ৰতিস্থাপক)ৰ পুত্ৰ অভিযন্তা অজিত পাটিলে কয়। ‘ক’তো ভূমি জলমগ্ন হোৱা নাছিল আৰু নৈৰ গতিও ৰুদ্ধ হোৱা নাই। গোটেই বছৰটোত জমা হৈ থকা পানীয়ে নৈৰ দুয়োপাৰে থকা ভূজল পুনঃপূৰ্তি কৰে, ফলত জলসিঞ্চনৰ ক্ষমতা বাঢ়ে আৰু আশে-পাশে থকা কুঁৱা-নাদৰ উপৰিও পোনপটীয়া জলসিঞ্চনৰ আঁওতাত নপৰা অঞ্চলতো পানী থাকে। তদুপৰি ই পৰিস্থিতিতন্ত্ৰ তথা পৰিৱেশৰ সামান্যতম ক্ষতিহে কৰে।’

মে’ মাহৰ গ্ৰীষ্মৰ সেই দিনটোতো বান্ধটোত পানীৰ স্তৰ লক্ষণীয় আছিল। সোঁত নিয়মিতকৰণৰ বাবে কপাটবোৰ খোলা আছিল। বান্ধটোৰ পিছফালে মীনপালনো খুব ভালেই হৈছিল।

আমি এইটো ১৯৫৯ত নিৰ্মাণ কৰিছিলোঁ, গণপতিয়ে গৌৰৱেৰে কয়। আমি নোসোধালৈকে তেওঁ আমাক কোৱা নাছিল যে তেওঁ বান্ধৰ কাষৰ বহু একৰ মাটিৰ পট্টা লৈ খেতি কৰি আছিল। তেওঁ সেই মাটিৰ পট্টা খাৰিজ কৰি ভূমিহীনসকলক গতাই দিলে। ‘এয়া মই মোৰ ব্যক্তিগত লাভৰ বাবে হোৱাটো বিচৰা নাছিলো,’ তেওঁ এই কথাত গুৰুত্ব দিছিল। স্বাৰ্থজনিত সংঘাত আঁতৰাই এনেদৰে স্বচ্ছতাৰে কাম কৰাৰ ফলত ভালেমান কৃষকে এই সামূহিক কামত হাত উজান দিয়ে। তেওঁলোকে ১ লাখ টকাৰ বেংকৰ ঋণ লৈ বান্ধটোৰ কাম আৰম্ভ কৰে আৰু ৭৫ হাজাৰ টকাতে নিৰ্মাণৰ কাম শেষ কৰে। বাকীখিনি টকা ততালিকে বেংকক ঘুৰাই দিয়ে। বেংকৰ ঋণটো তেওঁলোকে নিৰ্ধাৰিত তিনিটা বছৰৰ ভিতৰতে ঘুৰাই দিবলৈ সক্ষম হয় (আজিৰ তাৰিখত তেনে এটা প্ৰকল্পৰ বাবে ৩, ৪ কোটি টকাৰ প্ৰয়োজন হ’লহেঁতেন। ব্যয়ৰ পৰিমাণে সীমা চেৰাই গ’লহেঁতেন আৰু শেষত ঋণ অনাদায় হৈ থাকিলহেঁতেন)।

আমি সেই বয়সীয়াল মুক্তিযুঁজাৰুজনক গোটেই দিনটো সক্ৰিয় কৰি ৰাখিলো, তাতে আকৌ মে’ মাহৰ প্ৰখৰ ৰ’দ-তাপত। কিন্তু তেওঁক ক্লান্ত যেন দেখা নগ’ল। তেওঁ আমাৰ সৈতে খোজ কাঢ়ি আমাৰ উৎসুকতা দূৰ কৰি সুখানুভূতি পালে। শেষত আমি দলংখনৰ পৰা নামি আহি গাড়ীখনৰ ফালে আগবাঢ়িলো। কিন্তু শ্লেষ ইয়াতেই যে গাড়ীখনৰ বাম্পাৰত ব্ৰিটিছ পতাকা অঁকা আছে আৰু বনেটৰ কাষত ‘USA  C 928635’ বুলি লিখা আছে। প্ৰজন্ম বাগৰিছে, চিন্তাও বদলিছে।

তাৎপৰ্য এয়ে যে এই জীপখনৰ গৰাকীয়ে গোটেই জীৱন আন এখন পতাকাহে অনুসৰণ কৰিছিল, এতিয়াও কৰে।

অনুবাদঃ পংকজ দাস

PHOTO • Sinchita Maji

ক’লহাপুৰ জিলাৰ কাগাল তালুকৰ সিদ্ধানাৰেলি গাঁৱত পুত্ৰৰ ঘৰত গণপতি পাটিলৰ পৰিয়ালটো

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath