“আমাৰ বাহিনীয়ে দুটা দল হৈ ৰে’ল আক্ৰমণ কৰিছিল, তাৰে এটাৰ নেতৃত্ব দিছিল জি ডি বাপু লাড়ে   আৰু এটা মই নিজে।আপুনি এতিয়া য’ত থিয় হৈ আছে, ঠিক সেইখিনিতে, ৰে’লপথত শিলগুটি দ’ম কৰি আমি ৰে’ল ৰখাইছিলো।ৰে’লখন ৰখোৱাৰ পিছত তাৰ পিছফালে আমি বোল্ডাৰো দ’মাইছিলো, যাতে ৰে’লখনে পিছুৱাই যাব নোৱাৰে।আমাৰ হাতত কোনো আগ্নেয়াস্ত্ৰ নাছিল, কেইদালমান শিকলি, লাঠি আৰু কেইটামান দেশী বোমাৰ বাহিৰে আন কোনোধৰণৰ অস্ত্ৰই নাছিল।মূল গাৰ্ডজনৰ হাতত এটা বন্দুক আছিল যদিও তেঁও ভয়ত পেপুৱা লাগিছিল আৰু আমি সহজেই তেঁওক বশ কৰি পেলাইছিলো।আমি বেতনৰ ধনৰ টোপোলাটো লৈছিলো আৰু পলাই পত্ৰং দিছিলো।”

সেয়া ৭৩ বছৰ আগৰ কথা।কিন্তু ‘কেপ্টেইন ভাউ’ৱে কৈ যোৱা কাহিনীটো শুনি এনেহে লাগিছিল যেন এইবোৰ কালি ঘটি যোৱা ঘ্টনা।এতিয়াৰ এই ৯৪ বছৰ বয়সীয়া ব্যক্তিগৰাকীক ‘ভাউ’ (মাৰাঠী ভাষাৰ এই শব্দটোৱে ককাইদেউ বুজায় )বুলি প্ৰথমে সম্বোধন কৰিছিল ৰামচন্দ্ৰ শ্ৰীপতি লাড়ে।ব্ৰিটিছ ৰাজৰ বিষয়ববীয়াৰ বেতনৰ ধন কঢ়িয়াই অনা পুণে-মিৰাজ ৰে’লখনত নিজৰ নেতৃত্বত চলা আক্ৰমণৰ সেই কাহিনীটো তেঁও আমাক বিস্ময়কৰভাবে নিখুঁত ৰূপত কৈ গৈছিল।“ তেঁও কেতিয়াবা কেতিয়াবা কথাবোৰ স্পষ্টভাবে উচ্চাৰণ কৰিব নোৱাৰে,”বৃদ্ধ মুক্তিযোদ্ধা গৰাকীৰ অনুৰাগী বলছাহেব গণপতি ছিন্দেই ফুচফুচাই ক’লে। কিন্তু নব্বৈ বছৰ অতিক্ৰম কৰাৰ পাছতো ৰেলপথৰ সেই নিৰ্দিষ্ট ঠাইখিনিত ঠিয় হোৱাৰ লগে লগে ১৯৪৩ চনৰ ৭ জুনৰ দিনা বাপু লাড় আৰু তেঁৱৰ নেতৃত্বত অকুতোভয় তুফান সেনাই ৰে’ল আক্ৰমণ চলোৱাৰ সেই ঘ্টনাৰ স্মৃতি সজীৱ হৈ উঠিল সকলোৰে মৰমৰ ‘কেপ্টেইন ভাউ’ৰ মানসপটত।

যুদ্ধৰ পাছত এই প্ৰথমবাৰৰ বাবে তেঁও সাতাৰা জিলাৰ ছেনোলি গাঁৱৰ পৰা আক্ৰমণথলীলৈ পুনৰ গৈছে।কিছু সময়ৰ বাবে তেঁও যেন নিজৰ ভাবনাৰ মাজতে হেৰাই গ’ল, তাৰ পিছত সকলো পুনৰ জলজল পটপটকৈ তেঁৱৰ মনত ভাহি উঠিল।অভিযানত তেঁওলোকৰ সৈতে থকা কমৰেডসকলৰ নামো তেঁৱৰ মনত পৰিল।উচ্ছাসেৰে কৈ গ’ল আমাক,“ সেই ধন আমি কোনেও এটকাও নিজৰ বাবে ৰখা নাছিলো, খৰচ কৰিছিলো প্ৰতি চৰকাৰৰ (সাতাৰাৰ অস্থায়ী চৰকাৰ)হৈ।আমি দুখীয়া আৰু বঞ্চিতসকলৰ মাজত সেই ধন ভগাই দিছিলো।”




“আমি ৰে’ল লুট কৰা বুলি ক’লে ভুল হ’ব, আচলতে সেয়া আছিল চুৰি হোৱা ধন(ব্ৰিটিশে ভাৰতীয় লোকৰ পৰা  চুৰি কৰিছিল সেই ধন) আৰু আামি সেই ধন ওভোতাই আনিছিলো,” তেঁও কঠোৰতাৰে কৈছিল।২০১০ চনত, মৃত্যুৰ এবছৰ পূৰ্বে জি ডি বাপু লাড়েও এই একে কথাখিনিকেই মোক কৈছিল।

ভাৰতৰ স্বাধীনতা যুদ্ধৰ এক আশ্বৰ্যজনক অধ্যায় প্ৰতি চৰকাৰ ৰ সশস্ত্ৰ ভাগটোৱেই আছিল তুফান সেনা।১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ এক সশস্ত্ৰ শাখা হিচাপে আত্মপ্ৰকাশ কৰা এই বিদ্ৰোহী দলটোৱে এতিয়াৰ ছাংলিকে ধৰি এক বৃহৎ অঞ্চল সামৰি গঠিত জিলা সাতাৰাত এখন সমান্তৰাল চৰকাৰ ঘোষণা কৰিছিল।অঞ্চলটোৰ মানুহবোৰৰ আৰু প্ৰায় ১৫০ খন গাঁৱৰ ৬০০ ৰো অধিক পৰিয়ালৰ এক ন্যায্য কৰ্ত্তৃপক্ষ হিচাপে কৰ্ত্তৃত্ব জাহিৰ কৰা তেঁওলোকৰ চৰকাৰে সফলতাৰে ব্ৰিটিশ শাসনক নস্যাৎ কৰিব পাৰিছিল বুলি দৃঢ়তাৰে ক’লে কেপ্টেইন ভাউৱে।“ গুপ্ত চৰকাৰ মানে আপুনি কি ক’ব বিচাৰিছে?”, মই গুপ্ত চৰকাৰ  অভিধাটো ব্যৱহাৰ কৰা দেখি খঙত গুজৰি উঠিছিল কেপ্টেইন ভাউ।“তাত আমিয়েই চৰকাৰ আছিলো, ব্ৰিটিশ ৰাজ তাত প্ৰৱেশ কৰিব পৰা নাছিল।আনকি আৰক্ষীয়েও তুফান সেনালৈ ভয় কৰিছিল।”


02-PS-‘Captain Elder Brother’  and the whirlwind army.jpg

১৯৪২ চনত তোলা এখন ছবিত আৰু (সোঁফালে) ৭৪ বছৰ পাছত এতিয়াৰ কেপ্টেইন ভাউ


সেয়া প্ৰকৃততেই এক নায্য দাবীয়েই আছিল।কিংবদন্তি ব্যক্তিত্ব ক্ৰান্তিসিং নানা পাটিলৰ দ্বাৰা পৰিচালিত প্ৰতি চৰকাৰখনে ইয়াৰ নিয়ন্ত্ৰণৰ আওতাত থকা গাঁওসমূহত চৰকাৰৰ লেখীয়াকৈয়ে কাম-কাজ কৰিছিল।চৰকাৰখনে খাদ্য শস্য যোগান আৰু বিতৰণৰ কাম চোৱাচিতা কৰিছিল, সুসংগত বজাৰ নীতি স্থাপন কৰিছিল আৰু এক ন্যায়পালিকা ব্যৱস্থা চলাইছিল।চৰকাৰখনে ঋণদাতাসকলক, বন্ধক লোৱা মহাজনসকলক আৰু ব্ৰিটিশ ৰাজৰ ভূস্বামী সহযোগীসকলক শাস্তি বিহিছিল।“আইন-শৃংখলাও আমিয়েই নিয়ন্ত্ৰণ কৰিছিলো,”কেপ্টেইন ভাউৱে জনালে,“সৰ্বসাধাৰণ মানুহখিনিয়েও আমাক সহযোগ কৰিছিল।” ব্ৰিটিশ সাম্ৰাজ্যৰ অস্ত্ৰভাণ্ডাৰ, ৰে’ল, ৰাজকোষ আৰু ডাকঘৰত সাহসেৰে আন্দোলন চলাইছিল তুফান সেনাই।ভয়ানক দুৰ্ভোগত ভোগা কৃষক আৰু শ্ৰমিকসকলক প্ৰতি চৰকাৰে সাহায্য প্ৰদান কৰিছিল।

কেবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল কেপ্টেইন ভাউৱে।কিন্তু কাৰাগাৰতো তেঁও পূৰ্ণ মৰ্যাদা লাভ কৰিছিল, এনেকি কাৰাগাৰৰ প্ৰহৰীসকলেও তেঁওৰ সৈতে সন্মানসহকাৰে আচৰণ কৰিছিল।“মই তৃতীয়বাৰ কাৰাবন্দী হওঁতে অনুঢ়ৰ কাৰাগাৰত থাকিবলগীয়া হৈছিলো।সেইবাৰ মোক ৰজাৰ আলহী হিচাপে প্ৰাসাদতহে ৰখা যেন লাগিছিল,” সদৰ্প হাঁহিৰে তেঁও ক’লে।১৯৪৩ আৰু ১৯৪৬ চনৰ মাজৰ সময়ছোৱাত ক্ৰমশঃ সাতাৰাত প্ৰতি চৰকাৰ আৰু তুফান সেনাৰ গতি মন্থৰ হ’বলৈ ধৰিছিল।ভাৰতে স্বাধীনতা লাভ কৰাটো নিশ্চিত হোৱাৰ সময়ত সেনা সম্পূৰ্ণৰূপে ভাঙি যায়।

পুনৰবাৰ অসন্তুষ্ট কৰিলো মই তেঁওক।“মই তুফান সেনাত কেতিয়া যোগ দিছিলো মানে কি বুজাব বিচাৰিছে আপুনি?,” অসন্তোষেৰে কৈছিল তেঁও,“ময়েই প্ৰতিষ্ঠা কৰিছিলো তুফান সেনা।” নানা পাটিলে চৰকাৰখনক নেতৃত্ব দিছিল।তেঁওৰ সোঁহাত স্বৰূপ জি ডি বাপু লাড় আছিল সেনাৰ ফিল্ড মাৰ্শ্বাল।কেপ্টেইন ভাউ আছিল কাৰ্যপৰিচালনাৰ মূৰব্বী।তেঁওলোকৰ অনুগামীসকলৰ সৈতে একত্ৰিত হৈ তেঁওলোকে ঔপনিৱেশিক শাসনৰ অপমানসূচক উলংঘন কৰিছিল।একে সময়তে, বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু ওড়িষাতো অভ্যুত্থান ঘ্টা একেধৰণৰ বিদ্ৰোহে ব্ৰিটিশৰ বাবে শাসন চলোৱাটো কঠিন কৰি তুলিছিল।



03-DSC00407(Crop)-PS-‘Captain Elder Brother’  and the whirlwind army.jpg

১৯৪২ নে ১৯৪৩ চনৰ কোনোবা এটা দিনত কুন্দল এলেকাত তোলা তুফান সেনাৰ এখন পুৰণি আলোকচিত্ৰ


কেপ্টেইনৰ ঘৰৰ চ’ৰাঘৰটো স্মৃতি আৰু স্মাৰকেৰে ঠাহ খাই আছে।তেঁওৰ নিজৰ কোঠাটোত পৰিমিত কিছু বয়বস্তু।তেঁওতকৈ বয়সত দহ বছৰৰো অধিক কনিষ্ঠ পত্নী কল্পনাই তেখেতৰ কিংবদন্তি পতিৰ বিষয়ে খোলাখুলিকৈয়ে ক’লে আমাকঃ“ আজিলৈকে মানুহজনে আমাৰ খেতি মাটি ক’ত আছে সেয়া গম নাপায়।মই, এগৰাকী মহিলাই অকলেই ল’ৰাছোৱালী ডাঙৰ-দীঘল কৰিছো, ঘৰখন চাইছো, খেতিখোলাও চাই আহিছো।এই সুদীৰ্ঘ সময়ছোৱাত সকলোবোৰ ময়েই চোৱাচিতা কৰিবলগীয়া হৈছে— ৫ টা কৈ ল’ৰাছোৱালী, ১৩ টা নাতি-নাতিনী, ১১ টা আজোনাতি-নাতিনীলৈকে।তেঁও তাছগাঁও, অনুঢ় আৰু আনকি য়েৰাৱাড়াৰ কাৰাগাৰতো কিছুদিনৰ বাবে আছিল।প্ৰতিবাৰেই কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছতেই তেঁও গাঁৱৰ পৰা নোহোৱা হৈ যায় আৰু কেবামাহৰো পাছতহে ঘূৰি আহে।ঘৰুৱা সকলো কাম-কাজ ময়েই পৰিচালনা কৰিছিলো, এতিয়াও কৰি আছো।



04-PS-‘Captain Elder Brother’  and the whirlwind army.jpg

কুন্দলত থকা এই স্তম্ভটোত লিপিবদ্ধ কৰা হৈছে সাতাৰা আৰু ছাংলিৰ বিভিন্ন প্ৰান্তৰ পৰা স্বাধীনতা যুদ্ধত যোগ দিয়া মুক্তি যোদ্ধাসকলৰ নামৰ তালিকা।তালিকাৰ বাঁওফালৰ ষষ্ঠ স্থানত আছে কেপ্টেইনৰ নাম।আনখন ছবিত কেপ্টেইনৰ পত্নী কল্পনা লাড়, তেঁওলোকৰ ঘৰত 


প্ৰতি চৰকাৰ আৰু তুফান সেনাই ভাৰতৰ স্বাধীনতা আন্দোলনত নানা পাটিল, নাগনাথ নাইকৱাড়ি, জি ডি বাপু লাড়, কেপ্টেইন ভাউকে ধৰি মহাৰাষ্ট্ৰৰ কেবাজনো অতি গুৰুত্বপূৰ্ণ নেতাৰ জন্ম দিছিল।স্বাধীনতাৰ পাছত তাৰ মাজৰ বহুতেই পাবলগীয়া গুৰুত্ব নাপালে।চৰকাৰ আৰু সেনাৰ মাজত বিভিন্ন ৰাজনৈতিক শক্তিয়ে কাম কৰিছিল।সেনাৰ বহুতেই ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্য আছিল বা পিছলৈ হৈছিল।তেঁওলোকৰ মাজৰ নানা পাটিল নিখিল ভাৰত কিষাণ সভাৰ সভাপতি হৈছিল আৰু ১৯৫৭ চনত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে সাতাৰাৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল।আনসকলৰ ভিতৰত, কেপ্টেইন ভাউ আৰু বাপু লাড় কৃষক আৰু শ্ৰমিক দললৈ গৈছিল।মাধবৰাও মানেৰ দৰে একাংশই আকৌ কংগ্ৰেছতো যোগদান কৰিছিল।দল, সংগঠন নিৰ্বিশেষে জীয়াই থকা প্ৰায় সকলো মুক্তিযোদ্ধায়েই সেই সময়ৰ ছোভিয়েট ইউনিয়ন আৰু হিটলাৰৰ বিৰুদ্ধে ইয়াৰ প্ৰতিৰোধক তেঁওলোকৰ বিদ্ৰোহৰ অনুপ্ৰেৰণা হিচাপে উল্লেখ কৰে।

৯৪ বছৰ বয়সীয়া এই মুক্তিযোদ্ধাগৰাকী এতিয়া ক্লান্ত, অৱসন্ন, কিন্তু তথাপি এতিয়াও তেঁওৰ মনত স্মৃতি সজীৱ হৈ ৰৈছে।“আমি সাধাৰণ মানুহৰ বাবে স্বাধীনতা অনাৰ স্বপ্ন দেখিছিলো।সেয়া আছিল এক সুন্দৰ সপোন।আমি স্বাধীনতা লাভ কৰিলো।” স্বাধীনতা লাভক লৈ তেঁও গৰ্বিত।“কিন্তু আমাৰ সেই স্বপ্নটো সঁচাকৈয়ে পূৰণ হ’ল বুলি মই নাভাবো…আজি দেখিছো যাৰ টকা আছে,সিয়েহে শাসন চলাইছে।আমাৰ স্বাধীনতাৰ এই অৱস্থা হ’ল।”

কেপ্টেইন ককাইদেউৰ মন গহনত আজিও তুফান সেনা জীয়াই আছে।“মানুহৰ কাৰণে এতিয়াও তুফান সেনা আছে আৰু সময় আহিলেই সি পুনৰ জাগি উঠিব।”


05-DSC00320-HorizontalSepia-PS-Captain Elder Brother and the whirlwind army.jpg


নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক।

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath