লাউডস্পিকাৰত ৮০ৰ দশকৰ হিন্দী গান এটা ভাঁহি আহে, ইয়াত তেওঁলোকৰ দৰ্শকসকল স্বাভাৱিকতকৈ সামান্য বেলেগ, সিংঘুৰ প্ৰতিবাদী কৃষক, তেওঁলোকক ৪৫ মিনিটৰ মনোৰঞ্জন দিবলৈ ৰাণী সাজু হয়ঃ


Sonipat, Haryana
|SAT, OCT 30, 2021
সিংঘু সীমান্তত ৰছীৰ ওপৰত নট শিল্পীৰ টলমল জীৱন
ছত্তিশগড়ৰ নিজ গাঁৱৰ পৰা নট শিল্পীসকলে দিল্লীৰ সিংঘু সীমান্তলৈ অহা-যোৱা কৰে, কৃষকৰ এই অধিকাৰৰ সংগ্ৰামলৈ সমৰ্থন আগবঢ়োৱা এইসকলৰ নিজ জীৱনবোৰো এক সংগ্ৰাম
Author
Translator
“য়ে আঁচু য়ে জজবাত তুম বেছতে হ’, গৰীব’ কে হালাত
তুম বেছতে হ’, অমিৰ’ কি শাম গৰীব’ কে নাম”
(এই অশ্রু, এই আবেগৰ তুমি বেচা-কিনা কৰা,
দুখীয়াৰ অৱস্থাৰ বেচা কিনা কৰা/ ধনীকৰ এই সন্ধিয়া নিচলাজনৰ নামত অৰ্পণ)
এয়া ২০২১ৰ ছেপ্তেম্বৰ মাহ। মাৰাত্মক ক’ভিড-১৯ৰ বল কমিছে আৰু ২৬ বছৰীয়া বিক্রম নটৰ লগতে তেওঁৰ ২২ বছৰীয়া পত্নী লিল আৰু ১২ বছৰীয়া খুলশালি ৰুমী আকৌ এবাৰ দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত তেওঁলোকৰ খেল দেখুৱাবলৈ উভতি আহিছে।
ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পৰা দ্বিতীয়বাৰৰ বাবে তেওঁলোক ২০২১ৰ এপ্রিলত ছত্তিশগড়ৰ বাৰগাঁৱলৈ গৈছিল। সেয়া কৃষকৰ প্রতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আমি তেওঁলোকক প্রথমবাৰলৈ লগ পোৱাৰ প্রায় এমাহৰ আগৰ কথা। তেওঁলোকে কৃষকসকলৰ বাবে পৰিৱে্শন কৰিবলৈ মার্চত আহিছিল। আৰু এতিয়াও তেওঁলোকে সেয়া কৰি আছে।
ৰাণীয়ে প্রায় চাৰি কিলো গধুৰ আৰু ১৬ ফুট দীঘল এডাল দাং হাতত তুলি লয়। তাৰ পাছত তাই মূৰত তিনিটা পিতলৰ পাত্রৰ ভাৰসাম্য ৰক্ষা কৰি বৰ আকর্ষণীয়ভাৱে দুটা খুটাত বান্ধি থোৱা ১৮-২০ ফুট দীঘল এডাল কঁপি থকা ৰছীত খালী ভৰিৰে খোজ কাঢ়ে। পিতলৰ পাত্রকেইটাৰ ওপৰত এখনি সৰু পতাকা উৰে, তাত লিখা আছেঃ কৃষক নাই মানে খাদ্যও নাই।

Amir Malik

Amir Malik
তেনেকৈ কিছুদূৰ খোজ কঢ়াৰ পাছত ৰাণীয়ে তাইৰ ভৰিৰ তলত এখন থালি লয় আৰু একে দূৰত্ব অতিক্রম কৰাৰ পূর্বে তাইৰ ওখত বন্ধা ৰছীডালত অন্য এটি সৰঞ্জাম, এটা চাইকেলৰ চকা যোগ দিবলৈ এবাৰ আঁঠু কাঢ়ি বহি লয়। মাটিৰ পৰা ১০ ফুট ওপৰৰ শূন্যত সেই ৰছীডালত বিপজ্জনকভাৱে তাই অতিশয় মনোযোগেৰে বাৰে বাৰে খৰকৈ আৰু ছন্দোময় গতিৰে আগবাঢ়ে।
“তাই নপৰে,” বিক্রমে মোক নিশ্চিতিৰে কয়। “এয়া আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰি অহা শতিকা পুৰণি পৰম্পৰাগত নাচ। আমি এইটোত অভিজ্ঞ”, সংগীত আৰু লাউড স্পীকাৰকেইটা চোৱা-চিতা কৰি থকাৰ পৰাই তেওঁ কয়।
বিক্রম আৰু তেওঁৰ পৰিয়ালটো দিল্লীৰ পৰা ১২০০ কি.মি. দূৰৈৰ ছত্তিশগড়ৰ জঞ্জগীৰ-চম্পা জিলাৰ দলিত শ্রেণীৰ এক প্রব্রজিত শিল্পী সম্প্রদায় নট জাতিৰ অন্তৰ্ভূক্ত, তেওঁলোক নট শিল্পকৰ্মৰ দক্ষতাৰ বাবে প্রসিদ্ধ।
বিক্রমৰ পত্নী লিলে ৰছীডালৰ তলে তলে খোজ কাঢ়ি আছে। বিক্রমে মোক ইয়াৰো নিশ্চিতি দিয়ে যে ৰাণী কেনেবাকৈ সৰি পৰিলেও তাইক মাটিত পৰিবলৈ নিদিয়াকৈ ধৰি লোৱাত লিল অভিজ্ঞ। “যেতিয়া মই ৰাণীৰ বয়সৰ আছিলো, তেতিয়া ময়ো ৰছীত নাচিছিলোঁ”, লিলে কয়। “কিন্তু এতিয়া আৰু মোৰ শৰীৰে তাৰ অনুমতি নিদিয়ে”। তেওঁ আৰু কয়, “ৰাণীয়ে তিনি বছৰ বয়সৰ পৰাই অনুশীলন আৰম্ভ কৰিছে আৰু তাৰ কিছুদিন পিছৰ পৰাই প্রদর্শন দেখুৱাই আহিছে”।
বিক্রমৰ যিমান দূৰলৈ মনত পৰে, বাৰগাঁৱৰ নট মহল্লাত বিক্রমৰ পৰিয়ালটো হৈছে পাঁচটা প্রজন্ম ধৰি ৰছী নাচ দেখুৱাই অহা কেইটামান পৰিয়ালৰ এটা। জীৱিকাৰ টানত তেওঁলোকে ট্রেফিক লাইটৰ ওচৰে ওচৰে নাচ প্রদর্শন কৰিবলৈ ৰাজস্থান, পাঞ্জাৱ আৰু মধ্যপ্রদেশ পর্যন্ত গৈছে।

Amir Malik

Amir Malik
বহু আগৰে পৰা ৰছী নাচ প্রদর্শন কৰি অহা এগৰাকী জ্যেষ্ঠ শিল্পী ককাদেউতাকৰ লগত যোগ দিবলৈ দিল্লীলৈ আহোঁতে বিক্রমৰ বয়স ন বছৰ হৈছিলহে মাত্র। “যেতিয়া নেহৰুৱে কোটত গোলাপ লগাই ঘূৰা-পকা কৰিছিল”, ককাকৰ সময়ৰ কথা বুজাবলৈ বিক্রমে কয়।
যোৱা বছৰ বিক্রম আৰু তেওঁৰ পৰিয়ালটোৱে পশ্চিম দিল্লীৰ পাটেল নগৰৰ ওচৰৰ এক বস্তি এলেকাত থাকিবলৈ লৈছিল। কিন্তু ২০২০ৰ মার্চত দেশ জোৰা লকডাউন ঘোষণা হোৱাৰ কেইদিনমান পূর্বে তেওঁলোক গাঁৱৰ ঘৰলৈ ঘূৰি যায়। “আমি শুনিলো যে ক’ৰনা ভাইৰাছ আহি আছে আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ বেমাৰ হ’লে চোৱা-চিতা কৰিবলৈ হস্পিটেল বা ডাক্তৰ নাথাকিব; তেওঁলোক ধনী মানুহৰ চিকিৎসা কৰোঁতে ব্যস্ত থাকিব লাগিব। আৰু তাৰোপৰি কেনেবাকৈ মৰিবলৈ হ’লে আমি মা-দেউতা, পৰিয়াল থকা নিজৰ ঘৰখনতে মৰিবলৈ ভাল পাম,” বিক্রমে জনায়।
গাঁৱৰ ঘৰত জীৱিকাৰ কোনো নির্দিষ্ট উৎস নথকাত পৰিয়ালটো পুনৰ ২০২০ৰ নৱেম্বৰত দিল্লীলৈ উভতি আহে। বিক্রমে মনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রামীণ সংস্থাপন নিশ্চয়তা অধিনিয়ম)ৰ অধীনত কাম কৰি যি যৎসামান্য ধন উপার্জন কৰিছিল সেয়া যথেষ্ট নাছিল। “মই একোটা কোঠাৰ সমান খাল খান্দি তাৰ বিনিময়ত ১৮০ টকা পাইছিলো। আমি এৰেহা ভাতত পানী মিহলাই খাইছিলো। কোনো প্রকাৰে ন মাহত মই আঠৰ পৰা ন হাজাৰ টকা জমা কৰিব পাৰিলো আৰু সেই গোটেইখিনি টকা দিল্লীলৈ ৰেলেৰে উভতি আহিবলৈ খৰচ হ’ল। আনকি যাত্রাটোতো আমি ভোক লাগিলে এচামুচ এচামুচকৈ খাইছিলো যাতে সোনকালে শেষ হৈ নাযায়”, তেওঁ কয়।
২০২১ৰ আগভাগত গাজিয়াবাদত খেলা প্রদর্শন কৰি থাকোঁতে তেওঁলোকে দিল্লীৰ সিংঘু আৰু টিকৰি সীমান্তত কৃষকৰ প্রতিবাদ হৈ থকাৰ কথা শুনিছিল। তাৰ পাছত তেওঁলোকে তাত পৰিবেশন কৰিবলৈ সিংঘুলৈ আহে আৰু প্রতিবাদথলীৰ কাষতে প্রতিমাহে ২০০০ টকাত এটা ঘৰ ভাড়ালৈ লয়। যদিও তেওঁলোক কৃষকৰ পৰিয়ালৰ নহয়, তথাপি কৃষকৰ সংগ্রামৰ কথা তেওঁলোকে অনুধাৱন কৰিব পাৰে বুলি বিক্রমে জনায়। “আমাৰ কোনো মাটি আছিল নে নাই আমি সঠিককৈ নাজানো, কিন্তু আমাৰ ঘৰৰ মানুহবোৰে আছিল বুলি কয়। হয়তো আমাৰ পূর্বপুৰুষে এয়া বেচি দিলে নাইবা কোনোবাই দখল কৰিলে”, বিক্রমে কয়।
ভিডিঅ’: সিংঘুত ৰছীৰ খেলঃ কৃষকৰ প্রতিবাদ থলীত ছত্তিশগড়ৰ নট শিল্পী
সিংঘুত পৰিয়ালটোৰ অভিজ্ঞতা স্পষ্টভাৱে আগতকৈ পৃথক আছিল। লিলে জনায় যে
অন্যান্য লোকে তেওঁলোকৰ প্রতি কঠোৰ আচৰণ কৰাৰ বিপৰীতে প্রতিবাদী কৃষকসকলে তেওঁলোকক
যথেষ্ট বন্ধুত্বপূর্ণভাৱে আদৰি লৈছে
সাধাৰণতে এইদৰে ৰছীৰ ওপৰত নাচ দেখুৱাই তেওঁলোকে দৈনিক ৪০০-৫০০ টকাকৈ উপার্জন কৰিছিল। কিন্তু সিংঘুত তেওঁলোকে দিনে ৮০০ ৰপৰা ১৫০০ টকাকৈ উপার্জন কৰিবলৈ লয়। “আমি ইয়ালৈ উপার্জন কৰিবলৈ আহিছিলো যদিও এতিয়া আমি কৃষকসকলৰ লগত থিয় দিয়াৰ প্রয়োজনীয়তা বুজি পাইছোঁ। আমি তেওঁলোকক সমর্থন কৰোঁ। মই ভগবানক প্রার্থনা কৰোঁ যাতে তেওঁলোকক ইয়ালৈ অনা দাবীবোৰ পূৰণ হয়”, লিলে কয়। সিংঘুত কৃষকসকলৰ প্রতি সমর্থন বুকুত লৈ খেলা প্রদর্শন কৰা বুলি বিক্রমে যোগ দিয়ে। ২০২০ৰ ছেপ্তেম্বৰত সংসদত অনুমোদন জনোৱা কৃষি আইনকেইখনৰ বিৰুদ্ধে কৃষকসকলে মাহৰ পিছত মাহ ধৰি প্রতিবাদ জনাই আহিছে। .
প্রতিবাদথলীৰ কৃষকসকলে দিল্লীৰ অন্যান্য স্থানৰ লোকসকলে কৰাৰ দৰে তেওঁলোকৰ প্রতি বৈষম্য প্রদর্শন নকৰে। বিক্রমৰ এটা ঘটনা মনত আছে যেতিয়া ৰাণী প্রথমবাৰলৈ মহানগৰখনলৈ আহিছিল আৰু মেট্র’ত উঠিবলৈ ইচ্ছা প্রকাশ কৰিছিল। বহুবাৰ চেষ্টা কৰাৰ পাছতো বিক্রমে তাইক মেট্র’ত উঠাব নোৱাৰিলে। মেট্র’ গার্ডসকলে তেওঁলোকক “তোমালোক লেতেৰা” বুলি মেট্র’ত উঠিবলৈ নিদিলে। এয়া তেতিয়াৰ কথা, যেতিয়া তেওঁলোক কেৱল মেট্র’ত উঠিবলৈকে ধুই থোৱা পৰিষ্কাৰ কাপোৰ পিন্ধি আহিছিল। অৱশেষত নিজৰ সা-সৰঞ্জামসমূহ ইফালৰ পৰা সিফালে কঢ়িয়াই ফুৰিবলৈ তেওঁলোকে এখন সৰু ঠেলাত এটা মটৰ লগাই ল’লে। “সেয়াই আমাৰ মেট্র’ যাত্রা আছিল। এতিয়া আমাৰ নিজৰ ঠেলা আছে, আমি তাতে বহি দিল্লী ঘূৰোঁ”, বিক্রমে কৈ যায়।
“উদ্যান বা বজাৰত খেলা প্রদর্শন কৰিব খুজিলে মানুহে আমাক খেদি পঠিয়ায়। যেতিয়া ট্রেফিক ছিগনেলত গাড়ীবোৰ ৰয়, আমি তাৰ মাজতে খেলা দেখুৱাওঁ, তেতিয়া তেওঁলোকৰ পৰা ১০ টকা পালেও আমি সুখী হওঁ। কিন্তু কেতিয়াবা আমি তাকো নাপাওঁ। মানুহে আমাক আঁতৰি যাবলৈ কয়”, বিক্রমে কৈ যায়।
অৱশ্যে সিংঘুত পৰিয়ালটোৰ অভিজ্ঞতা চকুত লগাকৈ পৃথক। তেওঁলোকক হুটা মাত মতা লোকসকলৰ বিপৰীতে “প্রতিবাদী কৃষকসকলে আমাক খুব আন্তৰিকতাৰে আদৰণী জনাইছে”, লিলে কয়। “তেওঁলোকে আমাক খাবলৈ আহাৰ দিয়ে, যেন আমি তেওঁলোকৰ পৰিয়ালৰ সদস্যহে। আন আন প্রদর্শনথলীত পৰাৰ দৰে ইয়াত কোনেও আমাক গালি নাপাৰে। ইয়াত আমি যিমান শ্রদ্ধ-সন্মান পাইছোঁ, আগতে কেতিয়াও ক’তো পোৱা নাই”।

Amir Malik
“পৃথিৱীখনে আমাক বুজি নাপায়। মিডিয়াইও আমাক ঘৃণা-অৱহেলাৰ দৃষ্টিৰে চায়। সেইবাবে আমিও তেওঁলোকৰ লগত কথা পাতিবলৈ ভাল নাপাওঁ,” লিলে যোগ দিয়ে, “আৰু সেইবাবেই আমি পুলিচে জেলত ভৰোৱাৰ দৰে পৰিস্থিতিৰ মুখামুখি হওঁ। জেলত আমাৰ দেহা, তেওঁলোকৰ লাঠি”।
এবাৰ যেতিয়া তেওঁলোকে সিংঘুৰ পৰা প্রায় সাত কিলোমিটাৰ আঁতৰৰ নাৰেলাত নাচ প্রদর্শন কৰিছিল, “পুলিচ আহিল আৰু আমি আমাৰ জীৱনৰ লগত খেলা কৰিছোঁ বুলি দুদিনৰ কষ্টোপার্জিত ধন লৈ গ’ল”, অভিযোগৰ সুৰত বিক্রমে কয়। অন্য এবাৰ চোৰ বুলি সন্দেহত তেওঁক গাজিয়াবাদৰ জেললৈ লৈ যায়। “যদি চুৰেই কৰিবলৈ থাকে, আম্বানিৰ আলমিৰা চুৰ কৰিম” বিক্রমে পুলিচক এইদৰে কয়। “কিন্তু মোক তেওঁলোকে বেয়াকৈ পিটে”।
কৃষকসকল পৃথক। “তেওঁলোকে আমাৰ বিৰুদ্ধেও কোনো কথা নকয় আৰু আমাক ঠাইখিনিও খালী কৰি যাবলৈ নকয়। মাথো যেতিয়া মঞ্চত পাঠ [গুৰু গ্রন্থ চাহিবৰ পাঠ] হয়, তেতিয়াহে তেওঁলোক আহি আমাক লাউড স্পীকাৰৰ ভলিউম কমাই দিবলৈ বিনম্রভাৱে কৈ যায়হি”, বিক্রমে কয়।
মহামাৰীৰ দ্বিতীয় সোঁতৰ পৰা সাৰিবলৈ নিজৰ গাঁৱলৈ উভতি যাব লগা হোৱা বাবে সিংঘুত পৰিয়ালটো পাঁচ মাহতকৈ কম দিন থাকিবলৈ পায়। এতিয়া, ছেপ্তেম্বৰত আকৌ ঘূৰি অহাৰ পাছত তেওঁলোকে আগৰ ভাড়া ঘৰটো নাপায়। প্রতিবাদ থলীত কৃষকসকলে সাজি উলিওৱা সৰু সৰু ঘৰ আৰু টম্বুবোৰ এতিয়াও আছে; গাঁও আৰু প্রতিবাদথলীৰ মাজত মানুহ অনা-নিয়া কৰি থকা ট্রেক্টৰ আৰু ট্রলিবোৰো চলি আছে। কিন্তু এতিয়া খেতিৰ সময়। সেয়ে এমাহ পূর্বে থকাতকৈ এতিয়া সিংঘুত মানুহৰ সংখ্যা কম- যাৰ অর্থ হৈছে ৰছী খেলা প্রদর্শনৰ নগন্য উপার্জন আৰু বেছি হ্রাস পোৱা।
অলপ বেছি উপার্জন কৰাৰ স্বার্থত ওচৰ-পাজৰৰ এলেকালৈ নাচ প্রদর্শন কৰিবলৈ গ’লেও বিক্রম, লিল আৰু ৰাণী সিংঘুতে থাকিবলৈ লয়। তেওঁলোকে কৃষকসকলৰ দীর্ঘদিনীয়া দাবীৰ সমর্থনত সপ্তাহটোৰ তিনিটা দিন কৃষকসকলৰ বাবে নাচ প্রদর্শন কৰে।
অনুবাদ: সৃষ্টি শ্রেয়ম
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/সিংঘু-সীমান্তত-ৰছীৰ-ওপৰত-নট-শিল্পীৰ-টলমল-জীৱন

