''মোৰ পিতাই পুতলা নাচৰ সূতাবোৰ মোৰ আঙুলিত মেৰিয়াই দিছিল আৰু কেনেকৈ নচুৱায় শিকাইছিল,’’ ৭৪ বছৰ বয়সীয়া প্ৰেমৰাম ভাটে ছটা দশক আগৰ কথা মনত পেলায়।
''পুতলা নাচ দেখুৱাবলৈ তেওঁ যোৱা গাওঁবোৰলৈ মোকো লগত নিছিল, তেতিয়া মোৰ বয়স ৯ বছৰ,’’ তেওঁ যোগ দিয়ে। ''মই তেতিয়া ঢোল বজাও। লাহে লাহে মই পুতলা নচুওৱাত আগ্ৰহী হৈ পৰিলো। মোৰ পিতা লালুৰাম ভাটে মোক পুতলাবোৰ কেনেকৈ লৰচৰ কৰাব লাগে শিকালে আৰু মই লাহে লাহে পুতলা নচুওৱা হ’লো।’’
যোধপুৰৰ প্ৰতাপ নগৰ এলেকাৰ পদপথৰ পঁজাঘৰ এটাত প্ৰেমৰাম থাকে। তেওঁৰ পত্নী ৭০ বছৰ বয়সীয়া জুগনিবাঈ, তেওঁলোকৰ পুত্ৰ সুৰেশ আৰু বোৱাৰী সুনীতা আৰু তেওঁলোকৰ ৩ৰ পৰা ১২ বছৰ বয়সৰ চাৰিটা সন্তান- সকলো একেলগে তাতে থাকে। পৰিয়ালটো ভাট সম্প্ৰদায়ৰ (ৰাজস্থানত অনান্য পিছপৰা শ্ৰেণী হিচাপে সূচিত)। সম্প্ৰদায়টোৰ জ্যেষ্ঠসকলে কয় যে ভালেমান ভাট পৰিয়ালে ১০০ বছৰ আগতে ৰাজ্যখনৰ নাগৌড় জিলাৰ পৰা উঠি আহি ৰাজস্থানৰ বিভিন্ন চহৰ যেনে যোধপুৰ, জয়পুৰ, জয়শেলমাৰ আৰু বিকানেৰত থিতাপি লৈছিল।
''পুতলা সজা বা পুতলা নচুওৱাৰ মোৰ কোনো প্ৰশিক্ষণ নাই। পিতাইক চাই চাই এই বিদ্যা আয়ত্ব কৰিছিলো,’’ ৩৯ বছৰ বয়সীয়া সুৰেশে কয়। তেঁৱো প্ৰেমৰামৰ সৈতে গাঁৱে গাঁৱে গৈছিল আৰু ১০ মান বছৰ বয়সতে প্ৰদৰ্শনীবোৰত সহায়ক হিচাপে কাম কৰিবলৈ লৈছিল। ঘৰত আকৌ তেওঁ নিজে পুতলা সাজিছিল। ''১৫ বছৰ বয়সতে পুতলা নচুওৱা শিকিছিলো। মই অকলেই গাওঁবোৰলৈ গৈ পুতলা নাচ দেখুৱাইছিলো,’’ তেওঁ কয়।




