''নিজ সন্তানক এনেকৈ কোনো নেহেৰুৱাওঁক,’’ ২৬ জানুৱাৰীৰ দিনা দিল্লীত কৃষকৰ ট্ৰেক্টৰৰ ৰেলীত মৃত্যু হোৱা নৱৰীত সিঙৰ পিতৃ ছাৰবিক্ৰমজীৎ সিং হুণ্ডালে কয়।
উত্তৰ প্ৰদেশৰ দিবদিবা গাঁৱৰ তেওঁলোকৰ ঘৰত নৱৰীতৰ ফটো এখন আঁৰি থোৱা আছে, তাৰে কাষত বহি থকা নৱৰীতৰ পিতৃ ছাৰবিক্ৰমজীৎ (৪৫) আৰু তেওঁৰ পত্নী পৰমজীৎ কৌৰ (৪২)য়ে তেওঁলোকলৈ সমবেদনা যাঁচিবলৈ অহা মানুহক আদৰিছে। পুত্ৰশোকে তেওঁলোকৰ ঘৰখন একেবাৰে খালী কৰি থৈ গৈছে। ''তেওঁ আমাক খেতিত সহায় কৰি দিছিল, আমাৰ যত্ন লৈছিল। দায়িত্বৱান আছিল মোৰ ল’ৰাটো,’’ ছাৰবিক্ৰমজীতে কয়।
দিল্লীৰ গণতন্ত্ৰ দিৱসৰ ৰেলীত ভাগ ল’বলৈ নৱৰীতে (২৫) দিল্লী-উত্তৰ প্ৰদেশৰ সীমান্তৰ গাজিপুৰলৈ গৈছিল। ২০২০ৰ ২৬ নৱেম্বৰৰ পৰা দিল্লী সীমান্তত আৰম্ভ হোৱা কৃষকৰ প্ৰতিবাদৰ দিন ধৰি তেওঁৰ ককা হৰদীপ সিং দিবদিবা (৬৫) তাতেই বাহৰ পাতি আছিল। নৱৰীতে ট্ৰেক্টৰ এখন চলাই আছিল, সেইখন দিল্লী পুলিচে দীন দয়াল উপাধ্যায় মাৰ্গত পতা চিকিউৰিটি বেৰিকেডৰ কাষত লুটি খাই পৰে।
পুলিচে কয় যে ট্ৰেক্টৰখন লুটি খাই পৰাত আঘাত পাই নৱৰীতৰ মৃত্যু হৈছে, কিন্তু নৱৰীতৰ পৰিয়ালৰ মানুহে ভাৱে যে দুৰ্ঘটনাটো হোৱাৰ আগত তেওঁক গুলি কৰা হৈছিল। ''আমি আদালতত প্ৰমাণ দিম,’’ নৱৰীত সিঙৰ মৃত্যুৰ এক চৰকাৰী তদন্ত বিচাৰি দিল্লীৰ উচ্চ ন্যায়ালয়ত হৰদীপ সিঙে দাখিল কৰা আর্জিৰ প্ৰসংগত ছাৰবিক্ৰমজীতে কয়।
সেই মৰ্মন্তুদ ঘটনাৰ পিছৰে পৰা উত্তৰ-পশ্চিম উত্তৰ প্ৰদেশৰ সীমান্তৱৰ্তী জিলা ৰামপুৰ, য’ত দিবদিবা গাওঁখন আছে, তাৰে কৃষকসকলে ২০২০ৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰে অৱতাৰণা কৰা নতুন কৃষি আইনকেইখন প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদী কাৰ্য্যসূচী আৰু বেছি তীব্ৰতৰ কৰি তুলিবলৈ দৃঢ়মনা হৈ পৰিছে। ৰামপুৰৰ পৰা আৰম্ভ কৰি, উত্তৰাখণ্ডৰ উধম সিং নগৰ আৰু কাশীপুৰ জিলালৈ, কুমাওন অঞ্চলতো কৃষকসকল আগতকৈ বেছি দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছে।







