“আমি এই ৫৮ টা উট জব্দ কৰা নাই,” অমৰাৱতী জিলাৰ তালেগাওঁ দশাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শকজনে কয়। “মহাৰাষ্ট্ৰ চৰকাৰৰ হাতত এই জন্তুকেইটাৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ কোনো নিৰ্দিষ্ট আইন নাই কাৰণে আমাৰ হাতত এই ক্ষমতা নাই।”
“উটকেইটাক আটক কৰা হৈছে,” তেওঁ কয়।
তেওঁলোকৰ পালককেইজনকো আটক কৰা হৈছে, অমৰাৱতীৰ স্থানীয় ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰা হৈছে। সেই পাঁচগৰাকী পালক হৈছে অৰ্দ্ধ-অঘৰী পশুপালক। তাৰে চাৰিজন ৰাবাৰি সম্প্ৰদায়ৰ আৰু এজন ফকিৰানি জাতৰ। আটাইকেইজনৰ গুজৰাটৰ কচ্চৰ। দুয়োটা সম্প্ৰদায়েই বহুশতিকা জুৰি ইটোৰ পিছত সিটো প্ৰজন্ম ধৰি পৰম্পৰাগত পশুপালক হিচাপে কাম কৰি আহিছে। এটা স্বঘোষিত ‘পশু অধিকাৰ কৰ্মী’ৰ পৰা পোৱা অভিযোগৰ আধাৰত আৰক্ষীয়ে আটক কৰা এই পাঁচজন পশুপালকক দণ্ডাধীশে ততালিকে আৰু বিনাচৰ্তে জামিন দিয়ে।
“অভিযুক্তসকলৰ হাতত উটকেইটা ক্ৰয় কৰা বা মালিক হোৱাৰ কোনো নথি নাই, তেওঁলোকৰ নিজৰ স্থায়ী বাসস্থানৰো কাগজ নাই,” আকাৰে কয়। ইয়াৰ পিছে পিছে চলিল পাৰম্পৰিক পশুপালকক এনেদৰে উটৰ কাগজ-পত্ৰ আৰু নিজৰো পৰিচয় পত্ৰ আদালতত দাঙি ধৰাৰ এক কৌতূহলী পৰিৱেশ। সেই কাগজ-পত্ৰ পঠিয়াইছে সেই দুটা অৰ্দ্ধ-অঘৰী পশুপালকসকলৰ সম্পৰ্কীয় আৰু তেওঁলোকৰ সম্প্ৰদায়ৰ আন সদস্যসকলে।
নিজৰ পালকৰ পৰা আঁতৰত থকা উটকেইটা এতিয়া গোৰক্ষা কেন্দ্ৰত আছে। সিহঁতক কি খুৱাব লাগিব, কেনেকৈ যত্ন ল’ব লাগিব সেই বিষয়ে একো উৱাদিহ নোপোৱা মানুহৰ জিম্মাত উটকেইটা ৰখা হৈছে। দুয়োবিধেই পাগুলি খোৱা জন্তু যদিও উট আৰু গৰুৰ খাদ্য ভিন্ন। গোচৰটো যদি দীঘলীয়া হৈ গৈ থাকে, তেন্তে গোশালাত আবদ্ধ কৰি ৰখা মানুহ কঢ়িওৱা এই উটকেইটাৰ স্বাস্থ্যৰ অৱনতি ঘটিব।




















