দুয়ে দুয়ে চাৰি, ১,৬০০ আৰু ততোধিক...
দুয়ে দুয়ে চাৰি
চাৰি দুগুণ আঠ
আঠ দুগুণে ষোল্ল
যোগ দহ...
তাত আছে ১,৬০০ আৰু ততোধিক
তুমি যদি তোমাৰ ক্ৰোধ যোগ দিবলৈ
আৰু সংশয় বিয়োগ কৰিবলৈ শিকিছিলা
অংকটো কৰিবলৈ শিকা
আৰু বৃহৎ সংখ্যাৰে তাক কৰা
তুমি বেলট বাকছবোৰৰ মাজত সুমুৱাই থোৱা
শৰীৰবোৰ গণনা কৰিব পাৰিবা।
তুমি কেৱল মোক কোৱা যে, তুমি সংখ্যালৈ ভয় নকৰা।
ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’
মাহবোৰৰ নাম মনত ৰাখিবা,
সপ্তাহবোৰৰ চূড়ান্ত অৱহেলাৰ দিনকেইটা,
মৃত্যুৰ ঋতুকেইটাৰ নাম, চকুলো আৰু শোক,
প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ নাম, প্ৰতিখন জিলা, প্ৰতিটো গাওঁ উন্নয়ন খণ্ড।
শ্ৰেণীকোঠাৰ দেৱালবোৰৰ ৰং মনত ৰাখিবা।
মনত ৰাখিবা খহি পৰা সেই ইটাবোৰৰ শব্দ
মনত ৰাখিবা ধ্বংসস্তূপত পৰিণত হোৱা পাঠশালাবোৰৰ ছবি।
তোমাৰ চকুৰ পোৰণি উঠিলেও, মনত ৰাখিবা
কেৰাণী, পিয়ন আৰু তোমাৰ সকলো শ্ৰেণীশিক্ষকৰ নামবোৰ-
গিৰিশ ছাৰ, ৰামভাইয়া,
মিছ সুনিতা ৰাণী,
মিছ জাভান্ত্ৰী দেৱী,
আব্দুল ছাৰ আৰু ফৰিদা মেম
তেওঁলোকক জীয়াই ৰাখিবলৈকে মনত ৰাখিবা
যদিওবা তেওঁলোকৰ শ্বাস-প্ৰশ্বাস বাধাগ্ৰস্ত হয় আৰু ইতিমধ্যেই মৃত্যু হয়।
উশাহ লোৱা মানেই কষ্টত ভোগা
মৃত্যু মানেই সেৱা আগবঢ়োৱা
শাসন মানেই শাস্তি প্ৰদান কৰা
বিজয় মানেই গণহত্যাত নিমজ্জিত হোৱা
মাৰি পোলোৱা মানেই নিৰৱ কৰি পোলোৱা
লেখা মানেই উৰণ
মাত মতা মানেই জীয়াই থকা
জীয়াই থকা মানেই মনত সজীৱ কৰি ৰখা -
গিৰিশ ছাৰ, ৰামভাইয়া,
মিছ সুনিতা ৰাণী,
মিছ জাভান্ত্ৰী দেৱী,
আব্দুল ছাৰ আৰু ফৰিদা মেম
মনত ৰখা মানেই পাঠ গ্ৰহণ কৰা
ক্ষমতাৰ ভাষা শিকি লোৱা
আৰু শিকি থোৱাঁ ৰাজনীতিৰ খেল।
জানি থোৱা নিৰৱতা আৰু ক্ৰোধৰ বৰ্ণমালা ।
কবলৈ ৰৈ যোৱা, আধা-ভঙা সপোনবোৰৰ
অৰ্থ বিচাৰি চোৱা।
কেতিয়াবা হয়তো তুমি উমান পাই যাবা
মিছাবোৰৰ মাজত সঁচাটোৰ।
কোনোবা দিনা তুমি হয়তো জানিব পাৰিবা
কিয় সকলোবোৰ শিক্ষকৰ মৃত্যু হ’ল।
কিয় শ্ৰেণীকোঠাবোৰ পৰিত্যক্ত হৈ ৰ’ল
আৰু খেলৰ পথাৰবোৰত জ্বলিল জুই।
পঢ়াশালীবোৰ কিয় মৰিশালিলৈ পৰ্য্যবসিত হ’ল
কোনে খৰি দিলে শৱদেহবোৰক।
কিন্তু তুমি সদায় মনত ৰখা উচিত -
গিৰিশ ছাৰ, ৰামভাইয়া,
মিছ সুনিতা ৰাণী,
মিছ জাভান্ত্ৰী দেৱী,
আব্দুল ছাৰ আৰু ফৰিদা মেম
কণ্ঠ: সুধান্বা দেশপাণ্ডে জন নাট্য মঞ্চৰ অভিনেতা আৰু পৰিচালক, আৰু লেফ্টৱৰ্ড বুকছৰ সম্পাদক।
অনুবাদ: ৰুবী বৰুৱা দাস