গণেশ ৱাড়ান্দ্ৰেৰ কপাহৰ পথাৰত লেৰেলি জঁয় পৰি যোৱা কপাহ গছৰ সেউজীয়া গুটিৰ ওপৰত থকা ক'লা দাগটোৱে 'বগা সোণ' ৰক্ষা কৰিবলৈ প্ৰতিকাৰৰ নতুন উপায় বিচাৰিব লগাত পেলাইছে গৱেষণাৰত বিজ্ঞানীসকলক।
"কপাহৰ সেউজীয়া গুটি বা চিৰাটোৰ ওপৰত থকা ক'লা দাগটো হৈছে মাৰাত্মক কীটবিধৰ প্ৰৱেশপথ"- মহাৰাষ্ট্ৰৰ ৱাৰ্দ্ধা জিলাৰ আমগাঁও (কেএইচ) গাঁৱৰ প্ৰতিষ্ঠিত কপাহ খেতিয়ক, যি পাঁচ একৰ ভূমিত কপাহৰ খেতি কৰে, তেঁও ক'লে। এই ধ্বংসকাৰী কীটবিধে সম্ভৱ এই ক্ষুদ্ৰ ক'লা ছিদ্ৰৰে কপাহৰ সেউজীয়া চিৰাটোৰ ভিতৰত প্ৰৱেশ কৰে।
"ক'লা ছিদ্ৰ থকা সেউজীয়া কপাহ এচিৰা ফালি চালে দেখা যাব যে বেঙুনীয়া শূৰ পোকে ভিতৰৰ পৰা খাবলৈ আৰম্ভ কৰিছে", ক্ষোভ আৰু হতাশাৰে তেঁও ক'লে। কপাহ এচিৰা ফালি তেঁও গুলপীয়া শূৰ পোক এটা উলিয়ালে যিটো এক চেণ্টিমিটাৰতকৈ কম দীঘল হ'ব। কপাহৰ চিৰাটো ফালি পেলোৱাৰ লগে লগে শূৰ পোকটোৱে লৰ-চৰ কৰিবলৈ আৰম্ভ কৰিলে। কপাহৰ সেউজীয়া চিৰাটোৰ ভিতৰৰ বগা কপাহ বিকশিত হোৱাৰ আগতেই শূৰ পোকটোৱে খাই শেষ কৰি পেলায়, আৰু কামত নহা হৈ পৰে।
২০১৭ৰ নৱেম্বৰত প্ৰথমবাৰৰ বাবে লগ পোৱা ৪২ বছৰীয়া কপাহ খেতিয়ক ৱাডান্দ্ৰেই ক'লে যে এটা শূৰ পোকে কপাহৰ ভিতৰত হেজাৰ হেজাৰ কণী পাৰে আৰু কম দিনৰ ভিতৰত ইয়াৰ সংখ্যা কোটি কোটি হৈ পৰে।
শূৰ পোকটো ভিতৰত থাকে, কপাহৰ চিৰাটো পুৰঠ হৈ ফাটি কপাহ বাহিৰলৈ নোলোৱা পৰ্যন্ত খেতিয়ক এজনে কপাহৰ ভিতৰত সোমাই থকা পোকটোৰ উমান নাপায়। কপাহ চপোৱাৰ সময়ত হতভগীয়া খেতিয়কসকল বিষ্ময়াভিভূত হৈ পৰিবলগা হয়। ইফালে শূৰ পোকে ক্ষতি কৰা কপাহ বজাৰত কম মূল্যত বিক্ৰী কৰিবলগা হয়।
ৱাড়ান্দ্ৰেই গোটেই মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কৰ দুৰ্দশৰা বিষয়ে ক'লেও কপাহ চপোৱাৰ আচল সময়টোত ২০১৭-১৮ৰ সমগ্ৰ শীতকালটোত পশ্চিম বিদৰ্ভৰ কপাহ উৎপাদিত অঞ্চলটো বেচি ক্ষতিগ্ৰস্ত হৈছিল। এই অঞ্চলত জুলাই আৰু আগস্ত মাহত কপাহ খেতি কৰা হয় আৰু অক্টোবৰ-মাৰ্চ মাহৰ ভিতৰত কপাহ চপোৱা হয়।
গুলপীয়া শূৰ পোকৰ পংগপা'ল সেনাৰ আক্ৰমণত হেজাৰ হেজাৰ হেক্টৰ কপাহৰ খেতি ধূলিস্যাৎ হৈ পৰিল। বিগত ৩০ বছৰত কপাহ খেতিত এনে বিধ্বংসী অৱস্থাৰ সৃষ্টি হোৱা নাছিল। ৱাড়ান্দ্ৰে আৰু তেঁওৰ ওচৰত কপাহৰ খেতিত গুলপীয়া শূৰ পোকৰ আক্ৰমণৰ চিহ্ন স্পষ্ট হৈ আছিল। কপাহৰ গছবোৰ লেৰেলি জঁয় পৰি গৈছিল আৰু সেউজীয়া কপাহৰ চিৰাবোৰত ক'লা ছিদ্ৰ বিদ্যমান হৈ আছিল। এনে ধৰণৰ কপাহৰ গছত সামান্য পৰিমানৰ পূৰঠ নোহোৱা অলপমান বগা কপাহ পোৱা যায়। ইয়াৰ গুণাগুণ নিম্নখাপৰ হোৱাৰ বাবে মূল্যও কম হয় তথা উৎপাদনৰ হাৰ একেবাৰে হ্ৰাস পায়।
গুলপীয়া শূৰ পোক ধ্বংস কৰিবলৈ সক্ষম নহ'ব বুলি জানিও যিকোনো পন্থা ল'বলৈ বাধ্য হোৱা মহাৰাষ্ট্ৰৰ কপাহ খেতিয়কে ২০১৭ ৰ জুলাইৰ পৰা নৱেম্বৰৰ সময়ছোৱাত ব্যাপক হাৰত বিষাক্ত কীটনাশক ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল। (' বিধ্বংসী কীট আৰু প্ৰাণঘাটি কীটনাশক' চাওক)










