বিয়াৰ দহ দিন আগত ৰেখাই বুজিবলৈ বাকী নাথাকিল যে বিয়া হোৱাৰ বাদে তাইৰ হাতত আন একো উপায় নাই। ১৫ বছৰীয়া ছোৱালী এজনীয়ে যিমানখিনি পাৰে সিমানখিনি তাই বাধা দিলে, কিন্তু মাক-দেউতাকে তাইৰ কথাত কেৰেপকে নকৰিলে। “তাই কান্দিছিল আৰু পঢ়িব বিচাৰে বুলি কৈছিল,” তাইৰ মাক ভাগ্যশ্ৰীয়ে কয়।
ডেৰকুৰিৰ দেওনা পাৰ কৰা ভাগ্যশ্ৰী আৰু তেওঁৰ গিৰীয়েক অমৰ ল’ৰা-ছোৱালীকেইটাৰ লগত মহাৰাষ্ট্ৰৰ বীড় জিলাৰ এখন পিছপৰা গাঁৱত বাস কৰে। প্ৰতি বছৰে নৱেম্বৰ মাহমানত তেওঁলোকে মহাৰাষ্ট্ৰ নাইবা কৰ্ণাটকলৈ কুঁহিয়াৰ কটা কামৰ বাবে যায়। ছমাহ তেজক পানী কৰি কাম শেষ কৰি তেওঁলোক দুজনে মিলি ৮০,০০০ টকা উপাৰ্জন কৰে। নিজৰ নামত মাটি-বাৰী নথকা দম্পত্তিহালৰ বাবে কুঁহিয়াৰ কটাই উপাৰ্জনৰ একমাত্ৰ পথ। দম্পত্তিহাল মাতংগ জাতিৰ, এক দলিত সম্প্ৰদায়ৰ লোক।
প্ৰতিবাৰেই তাইৰ মাক-দেউতাকে ঘৰ এৰাৰ সময়ত ৰেখা আৰু তাইৰ ১২ আৰু ৮ বছৰীয়া ভাই-ভনী দুটা আইতাকৰ জিম্মাত এৰি যায় (আইতাক যোৱাবছৰ মে’ মাহত ঢুকাইছে)। সিহঁতে কাষৰে চৰকাৰী স্কুল এখনলৈ গৈছিল। কিন্তু মহামাৰীৰ কাৰণে স্কুলবোৰ ২০২০ৰ মাৰ্চৰ পৰা বন্ধ থকাত ৯ম মানত পঢ়া ৰেখাই ঘৰতে বহি থাকিবলগীয়া হৈছে। প্ৰায় ৫০০ৰো অধিক দিন বীড়ত স্কুলবোৰ বন্ধই হৈ আছে।
“আমি বুজিলো যে স্কুল আৰু বহুদিনলৈ নোখোলে,” ভাগ্যশ্ৰীয়ে কয়। “স্কুলবোৰ খোলোতে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীবোৰ আশে-পাশে আছিল। গাওঁখন ব্যস্ত হৈ আছিল। স্কুলবোৰ বন্ধ হোৱাত আমি তাইক সুৰক্ষাৰ খাতিৰতে এনেদৰে এৰিব নোৱাৰিলো।”
সেয়ে ভাগ্যশ্ৰী আৰু অমৰে ৰেখাক ২২ বছৰীয়া আদিত্যলৈ যোৱা বছৰৰ জুন মাহত বিয়া দিয়ে। তেওঁ পৰিয়ালটো ৩০ কিলোমিটাৰ দূৰৰ আন এখন গাঁৱৰ, তেওঁলোকো প্ৰব্ৰজনকাৰী শ্ৰমিক। ২০২০ৰ নৱেম্বৰত কুঁহিয়াৰ কটা ঋতু আৰম্ভ হোৱাত ৰেখা আৰু আদিত্যই পশ্চিম মহাৰাষ্ট্ৰলৈ ৰাওনা হয়, ৰৈ যায় স্কুলৰ ৰেজিষ্টাৰত তাইৰ নাম।
ৰেখা আৰু তাইৰ দৰে আন বয়োঃসন্ধিকালৰ কিশোৰীক এনেদৰেই মহামাৰীৰ কাৰণে ইচ্ছাৰ বিৰুদ্ধে বিয়াত বহিবলৈ বাধ্য কৰোৱা হৈছে। ২০২১ৰ মাৰ্চত প্ৰকাশিত ক’ভিড-১৯: বাল্যবিবাহ ৰোধৰ বাটত এক ভাবুকি শীৰ্ষক ইউনিচেফৰ এক প্ৰতিবেদনত সতৰ্ক কৰি দিয়া হৈছে যে দশকটোৰ শেষলৈ অতিৰিক্তভাৱে ১ কোটি ছোৱালীৰ বাল্যবিবাহ হোৱাৰ আশংকাই দেখা দিব। স্কুল বন্ধ হৈ পৰা, বৰ্দ্ধিত দাৰিদ্ৰ্য, মাক-দেউতাকৰ মৃত্যু আৰু ক’ভিডজনিত আন কাৰণত “লাখ লাখ ছোৱালীৰ বাবে জটিল পৰিস্থিতিৰ উদ্ভৱ হৈছে” বুলি প্ৰতিবেদনখনত কোৱা হৈছে।
যোৱা ১০ টা বছৰত শিশু অৱস্থাতে বিয়া হোৱা তৰুণ মহিলাৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পাইছিল, প্ৰায় ২ কোটি ৫০ লাখ বাল্যবিবাহ ৰোধ কৰা হৈছিল, ইউনিচেফৰ প্ৰতিবেদনখনত কোৱা হৈছে। মহামাৰীয়ে এই প্ৰগতিত বাধাৰ সৃষ্টি কৰি আহিছে, আনকি মহাৰাষ্ট্ৰতো।








