“২০ ফুট দ আছিল সেই নৰ্দমাটো। প্ৰথমে পৰেশ সোমাল। তেওঁ দুই-তিনি পাচি আৱৰ্জনা উলিয়াই আনিলে। অলপ সময় বহি তেওঁ আকৌ সোমাই গ’ল। তললৈ সোমাই যাওঁতে তেওঁ বিকট চিঞৰ এটা মাৰিলে।”
“কি হৈছে সেয়া আমি জনা নাছিলো, সেয়ে গলচিং ভাই সোমাই গ’ল। কিন্ত তাৰপিছত ভিতৰৰ পৰা মাত-বোল একো নাহিল। তাৰপিছত সোমাল অনিপ ভাই। এতিয়া ভিতৰত থকা তিনিজন মানুহৰ কোনোৱেই মাত দিয়া নাছিল। সেয়ে তেওঁলোকে মোৰ গাত ৰছী বান্ধি ভিতৰলৈ যাব দিলে। মোক কাৰোবাৰ হাতত ধৰিবলৈ কৈছিল। এবাৰ হাতখন ধৰাৰ পিছত মোক তেওঁলোকে ওপৰলৈ টানিবলৈ যত্ন কৰিলে, তেতিয়াই মই অচেতন হৈ পৰো,” উশাহ নসলোৱাকৈ ভৱেশে কয়।
ভৱেশক লগ পোৱাৰ সময়ত তেওঁ ভায়েকক চকুৰ সন্মুখতে হেৰুওৱা এসপ্তাহ হৈছিল মাত্ৰ। আৰু দুজন শ্ৰমিক দুৰ্ঘটনাটোত ঢুকাইছিল। সেই মৰ্মন্তুদ ঘটনাৰ কথা মনত পেলোৱাত তেওঁক পুনৰাই শোকে খুন্দা মাৰি ধৰিলে। তেওঁৰ মাতত দুখ আৰু হতাশা মিহলি হৈ থকাৰ অনুমান সহজেই কৰিব পাৰি।
ঘটনাটোত গুজৰাটৰ দহোড় জিলাৰ খৰ্ছানা গাঁৱৰ ২০ বছৰীয়া ভৱেশ কাটাৰা যে বাচিল, তেওঁক ‘ভাগ্যৱান’ বুলিব লাগিব। ভাৰুচ জিলাৰ দহেজ গাঁও পঞ্চায়তৰ এটা বিষাক্ত নৰ্দমা চাফা কৰি থকাৰ সময়তে পাঁচজন আদিবাসীৰ জীয়াই থকা দুজনৰ মাজত তেঁৱো এজন। প্ৰাণ ৰক্ষা পৰা আনজন হৈছে দহোদৰ বালেণ্ডিয়া - পেঠাপুৰৰ জিগনেশ পাৰমাৰ (১৮)।
তেওঁলোকৰ সৈতে একেলগে কাম কৰি আছিল জিগনেশৰ গাঁৱৰে ২০ বছৰীয়া অনিপ পাৰমাৰ; দহোদৰ দন্তগড়-চাকালিয়াৰ ২৫ বছৰীয়া গলচিং মুনিয়া আৰু ভৱেশৰ গাঁৱৰ পৰেশ কাটাৰা (২৪)য়ে। নলাত শ্বাসৰুদ্ধ হৈ এই তিনিজনৰ মৃত্যু হয়। [ইয়াত উল্লেখ কৰা বয়সবোৰ তেওঁলোকৰ আধাৰ কাৰ্ডৰ পৰা লোৱা হৈছে আৰু ইয়াক অনিশ্চিত আনুমানিক হিচাপে ধৰিব লাগিব। এয়া প্ৰায়ে অধৈৰ্য্য নিম্নবৰ্গৰ কৰ্মচাৰীয়ে ইচ্ছাকৃতভাৱে নিৰ্ধাৰণ কৰি দিয়ে]।





















