চানুৰ সম্পৰ্কীয় ভায়েক বিশ্বনাথ সেনে প্ৰথমে তেওঁক শামুকৰ খোলাৰ পৰা শংখৰ খাৰু কেনেদৰে খোদিত কৰিব লাগে শিকাইছিল।
"মই খাৰুৰ ওপৰত ডিজাইন খোদিত কৰোঁ, তাৰপাছত সেয়া মহাজনক (ঠিকাদাৰ) দিওঁ, ঠিকাদাৰে সেয়া বিক্ৰী কৰে। মই কেৱল প্ৰচলিত শংখ খাৰু তৈয়াৰ কৰো। আন কিছুমানে আকৌ ইতিমধ্যে খোদিত খাৰু আৰু শংখবোৰত সোণৰ প্ৰলেপ লগাবলৈ পঠিয়ায়," জীৱনৰ অৰ্ধেক সময় এই কামেই কৰি অহা বুলি কোৱা ৩১ বৰ্ষীয় চানু ঘোষে তেওঁৰ কামৰ বৰ্ণনা দিয়ে।
শংখকৰ্মীগৰাকীয়ে পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ বাৰাকপুৰৰ শংখবণিক কলনীৰ কাৰখানাত কাম কৰে। সেই এলেকাটো শংখৰ কামৰ যোগান ধৰা কাৰখানাৰে ভৰি আছে। তেওঁ কয়, "লালকুঠিৰ পৰা ঘোষপাৰালৈকে বহু সংখ্যক শংখ শিল্পী খাৰু উৎপাদনৰ কাম কৰে।"
মহাজনসকলে আন্দামান আৰু চেন্নাইৰ পৰা শংখ আমদানি কৰে। শংখ হৈছে সাগৰীয় শামুকৰ খোলা। খোলাৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক হয়তোবা শংখ হিচাপে ব্যৱহাৰ কৰিব পাৰি – বা খাৰু হিচাপে তৈয়াৰ কৰিবলৈ পঠিয়াব পাৰি। ডাঠ আৰু গধুৰ খোলাৰ সৈতে খাৰু বনোৱাটো সহজ, কিয়নো সৰু আৰু পাতল খোলা ড্ৰিল কৰিলেই সহজে ভাঙি যায়। গতিকে শংখবোৰ পাতল খোলাৰে তৈয়াৰ কৰা হয়, আনহাতে খাৰুৰ বাবে গধুৰ খোলা ব্যৱহাৰ কৰা হয়।










