মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ হাতকানাংলে তালুকৰ খোচি গাঁৱৰ খেতিয়কে কোনে এক একৰ মাটিত বেছিকৈ কুঁহিয়াৰ খেতি কৰিব পাৰিব, তাকে লৈ বাজি লগোৱাৰ বেছি বছৰ হোৱা নাই। এই পৰম্পৰা ছটাৰো বেছি দশক পুৰণি। এয়া এক মৈত্ৰীপূৰ্ণ আৰু সুস্থ প্ৰতিযোগিতা আছিল য’ত খেতিত লাগি পৰা সকলোৱে লাভান্বিত হৈছিল। কিছুমানে প্ৰতি একৰত ৮০ হাজাৰৰ পৰা ১ লাখ পৰ্য্যন্ত কুঁহিয়াৰ লগাইছিল। এয়া সাধাৰণতে চপোৱাতকৈ ডেৰ গুণ বেছি আছিল।
কিন্তু এই পৰম্পৰা ২০১৯ৰ আগষ্টত হঠাতে নাইকিয়া হৈ পৰিল। সেই বছৰ গাওঁখনৰ কুঁহিয়াৰ খেতি দহদিনীয়া বানপানীয়ে তচনচ কৰি গ’ল। দুবছৰ পাছত, ২০২১ৰ জুলাইত ধাৰাসাৰ বৰষুণ আৰু তাৰপাছত অহা বানপানীয়ে পুনৰাই খোচিৰ কুঁহিয়াৰ আৰু ছয়াবিনৰ খেতিৰ লোকচান কৰিলে।
ভাৰাতীয় খেতিয়ক আৰু খোছি নিবাসী গীতা পাটিল (৪২)য়ে কয়, “এতিয়া কৃষকে নিজৰ মাজত ফচল ভাল কৰাৰ বাজি নলগায়, তেওঁলোকে ইয়াকে বিচাৰে যে তেওঁলোকৰ আধাখিনি হ’লেও কুঁহিয়াৰ বাচক।” গীতাৰ মনলৈ কেতিয়াবা ভাব আহে যে তেওঁ কুঁহিয়াৰ খেতিৰ ফচল বঢ়োৱাৰ সকলো কৌশল জানি লৈছে। কিন্তু দুবাৰকৈ বাঢ়নি পানীয়ে তেওঁৰ ৪ লাখ কিলোগ্ৰাম কুঁহিয়াৰ নষ্ট কৰিল পেলোৱাত তেওঁ কয়, “ক’ৰবাত কিবা ক্ৰুটি থাকি গৈছে।” কিন্তু তেওঁৰ মনলৈ চাগে জলবায়ু পৰিৱৰ্তনৰ কথা নাহে।
তেওঁ কয়, “২০১৯ৰ বানপানীৰ পিছত বৰষুণৰ প্ৰকৃতি সম্পূৰ্ণৰূপে সলনি হৈ গ’ল।” ২০১৯ লৈকে তেওঁলোকৰ দিনলিপি নিশ্চিত আছিল। অক্টোবৰ-নৱেম্বৰত কুঁহিয়াৰ চপোৱাৰ পিছত তেওঁলোকে ছয়াবিন, বাদাম, ধানৰ বিভিন্ন প্ৰজাতি, সংকৰ জাতৰ জোঁৱাৰ বা বাজৰা আদি শস্য লগাইছিল। যাতে মাটিয়ে উচিত পুষ্টি পায়। তেওঁলোকৰ জীৱন আৰু কাম সকলোবোৰ পূৰ্বনিৰ্ধাৰিত আৰু চিনাকি আছিল, এতিয়া আৰু তেনে হৈ থকা নাই।
“এইবছৰ ২০২২ত বাৰিষা দুমাহ পিছত আহিল। কিন্তু যেতিয়া বৰষুণ আহিল, তেতিয়া মাহটোৰ ভিতৰতে গোটেই খেতিপথাৰ ডুবি গ’ল।” আগস্তৰ ধাৰাসাৰ বৰষুণৰ কাৰণে খেতিৰ মাটিৰ গুৰুত্বপূৰ্ণ অংশ দুসপ্তাহলৈকে পানীৰ তলতে থাকিল। কুঁহিয়াৰ খেতি কৰা খেতিয়কে তাৰ কাৰণে যথেষ্ট লোকচান ভৰিবলগীয়া হ’ল, কিয়নো পানী বেছি থাকিলে কুঁহিয়াৰ নাবাঢ়ে আৰু গছৰ ক্ষতিও হয়। জলস্তৰ বাঢ়ি আহি থকাত পঞ্চায়তৰ মানুহে গাঁৱৰ মানুহবোৰক ঘৰবোৰ খালি কৰি আঁতৰি অহাৰ বাবে সতৰ্ক কৰি দিলে।



















