चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ॥
চণ্ডাল, বৰাহ, কুকুৰা, কুকুৰ,
ৰজস্বলা নাৰী আৰু নপুংসকে দ্বিজসকলৰ খাদ্যগ্ৰহণ প্ৰত্যক্ষ কৰা অনুচিত।
— মনুস্মৃতি ৩.২৩৯
মনে মনে চোৱাও নহয়, এই ন বছৰীয়া ল’ৰাটোৰ অপৰাধ আছিল তাতোকৈ বহু বেছি সাহসিক। ইন্দ্ৰ কুমাৰ মেঘৱাল, এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰই পিয়াহ সহিব নোৱাৰিলে। সি, এটি দলিত শিশুৱে উচ্চজাতৰ শিক্ষকৰ বাবে নিলগাই থোৱা কলহটোৰ পৰা পানী খালে।
শাস্তি পাবই। ল’ৰাটোৰ শিক্ষক ৰাজস্থানৰ সুৰাণা গাৱঁৰ সৰস্বতী বিদ্যা মন্দিৰৰ উচ্চজাতৰ ৪০ বছৰীয়া - চেইল সিঙৰ দ্বাৰা তাক কোবোৱা হ’ল, নিৰ্দয় ভাৱে।
২৫ দিনৰ পিচত, সহায় বিচাৰি বিচাৰি ৭ খন চিকিৎসালয় বাগৰাৰ অন্তত ভাৰতৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আহমেদাবাদ চহৰত জাল’ৰ জিলাৰ সেই সৰু ল’ৰাটোৱে শেষ নিশ্বাস ত্যাগ কৰিলে।


