যেন চিনেমাৰ নায়িকাৰহে এণ্ট্ৰি। কঁঠালৰ ব্যৱসায়টো মাইকী মানুহৰ বেপাৰ নহয়। গধুৰ কঁঠালবোৰ দঙা, বজাৰলৈ লৈ অনা, তাৰ লগতে আকৌ বেপাৰৰ ভাল-বেয়াৰ ৰিস্ক – এই কথাখিনি ছয়জন মানুহে হয় হয় বুলি আলোচনা কৰা থকাৰ পাঁচ মিনিট পিছতেই লক্ষ্মী দোকানখনলৈ সোমাই আহে। পকা চুলিত তেওঁ খোপা বান্ধিছে, পিন্ধনত এখন হালধীয়া শাড়ী আৰু কাণে-নাকে সোণৰ অলংকাৰ। “এই ব্যৱসায়ৰ তেওঁ আটাইতকৈ গুৰুত্বপুৰ্ণ ব্যক্তি,” এজন কৃষকে সম্ভ্ৰমেৰে কয়।
“তেৱেই আমাৰ উৎপাদিত সামগ্ৰীৰ দাম ঠিক কৰে।”
এ. লক্ষ্মী (৬৫) পানৰুটিৰ একমাত্ৰ মহিলা কঁঠাল বেপাৰী – আৰু যিকোনো কৃষি ব্যৱসায়ৰ কেইগৰাকীমান মুষ্টিমেয় জ্যেষ্ঠ মহিলা বেপাৰীৰ মাজৰ এগৰাকী।
তামিলনাডুৰ কুৰালোৰ জিলাৰ পানৰুটি চহৰখন কঁঠালৰ বাবে বিখ্যাত। কঁঠালৰ চিজন পৰিলে টনে টনে কঁঠাল ইয়ালৈ বিক্ৰীৰ বাবে অনা হয়. প্ৰতি বছৰে লক্ষ্মীয়ে হাজাৰ কিলোগ্ৰাম কঁঠাল দাম ঠিৰাং কৰে যিবোৰ চহৰখনৰ কঁঠালৰ মাণ্ডি হিচাপে থকা ২২ খন দোকানত বিক্ৰী কৰা হয়। তেওঁৰ ক্ৰেতাৰ পৰা প্ৰতি ১০০০ টকাৰ বিপৰীতে ৫০ টকাৰ কমিচন পায়। খেতিয়কে মন গ’লে তেওঁক কিবা এটা দিয়ে। কঁঠালৰ চিজনত তেওঁৰ দৈনিক আয় ১,০০০ৰ পৰা ২,০০০ টকা হয়।
এইখিনি উপাৰ্জনৰ বাবে তেওঁৰ দৈনিক ১২ ঘণ্টা কাম কৰে। ৰাতি ১ বজাৰ তেওঁৰ কাম আৰম্ভ হয়। “মাল বেছি থাকিলে বেপাৰীয়ে ৰাতিয়েই মোক নিবলৈ আহে,” লক্ষ্মীয়ে বুজাই কয়। তেওঁ ৰাতি নৌপুৱাওতেই ৩ বজাত মাণ্ডিত অটোৰিক্সাৰে উপস্থিত হয়। তেওঁৰ কাম শেষ হয় পিছবেলা ১ বজাত। তাৰপিছত তেওঁ ঘৰলৈ যায় আৰু দুপৰীয়াৰ আহাৰ খাই শোৱে। পিছদিনাৰ বাবে আকৌ সাজু হ’বৰ হয়...
“কঁঠালৰ খেতিৰ বিষয়ে মই ইমান নাজানো,” তেওঁ মোক কয়, গোটেই দিনটো কথা পাতি পাতি তেওঁৰ মাতটো ভাঙি গৈছে। “কিন্তু বিক্ৰীৰ কথা মই জানো।” লক্ষ্মীয়ে বিনয়েৰে কয়। তেওঁ তিনিটা দশক এই বেপাৰ কৰিছে। তাৰ আগতে একুৰি বছৰ তেওঁ চলন্ত ৰেলত কঁঠাল বিক্ৰী কৰিছিল।















