কোনো মহিলাই পোৱা ন্যায়ৰ অন্ত এনেকুৱা কেনেকৈ হ’ব পাৰে?
- বিলকিছ্ বানো



কোনো মহিলাই পোৱা ন্যায়ৰ অন্ত এনেকুৱা কেনেকৈ হ’ব পাৰে?
- বিলকিছ্ বানো
২০০২ৰ মাৰ্চত ১৯ বছৰ বয়সীয়া বিলকিছ য়াকুব ৰছুলক গুজৰাটৰ দাহুদ জিলাত এজাক পাষণ্ডই ধৰ্ষণ কৰিছিল আৰু সেইসকলেই তেওঁৰ পৰিয়ালৰ ১৪ জন সদস্যক হত্যা কৰিছিল। তেওঁৰ তিনি বছৰীয়া কন্যা চালেহাকো সিহঁতে ৰেহাই দিয়া নাছিল। বিলকিছৰ পেটত তেতিয়া পাঁচমহীয়া সন্তান আছিল।
সেইদিনা তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰা পাষণ্ডকেইজন লিমখেৰা তালুকৰ তেওঁৰ নিজৰে গাওঁ ৰন্ধিকাপুৰৰ আছিল। সিহঁতক তেওঁ জানিছিল।
২০০৩ৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে কেন্দ্ৰীয় অনুসন্ধান সংস্থাক এই গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হয়। এমাহ পিছত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হয়। ২০০৪ৰ আগষ্টত উচ্চতম ন্যায়ালয়ে গোচৰটো মুম্বাইলৈ স্থানান্তৰ কৰে য’ত ২০০৮ৰ জানুৱাৰীত বিশেষ চি.বি.আই. আদালতে ২০ জন অভিযুক্তৰ ১৩ জনক দোষী সাব্যস্ত কৰে। তাৰে ১১ জনক আজীৱন কাৰাদণ্ড বিহা হয়।
২০১৭ৰ মে’ মাহত বম্বে উচ্চ ন্যায়ালয়ে ১১ জনৰ আজীৱন কাৰাদণ্ডৰ ৰায়দান বাহাল ৰাখে আৰু সাতজনক ৰেহাই বৰ্খাস্ত কৰে।
পাঁচ বছৰ পাছত, ২০২২ৰ ১৫ আগষ্টত আজীৱন কাৰাবাস খাটি থকা ১১ জনক গুজৰাট চৰকাৰে পতা কাৰাগাৰ উপদেষ্টা পৰিষদৰ পৰামৰ্শ অনুযায়ী চৰকাৰৰ ৰেহাই নীতিৰ আধাৰত মুকলি কৰি দিয়া হয়।
তেওঁলোকৰ ৰেহাইৰ বৈধতাক লৈ ভালেমান বিশেষজ্ঞই প্ৰশ্ন তুলিছে। ইয়াত কবিয়ে বিলকিছৰ সৈতে কথা পাতিছে, নিজৰ মনৰ বেদনা ব্যক্ত কৰিছে।
বিলকিছ্, কি আছে তোমাৰ নামৰ মাজত?
মোৰ কবিতাৰ কলিজা ভেদি সৃষ্টি হয় এক কেঁচা ঘা,
যাৰ ঠিলা মৰা কাণেৰে নিগৰি আহে তেজৰ সুঁতি।
তোমাৰ নামত এনে কি আছে, বিলকিছ্?
যে মোৰ লৰক-ফৰক জিভাখন জঠৰ কৰিহে এৰে,
কথা নাই বতৰা নাই, কথাৰ মাজতে অকস্মাৎ অসাৰ কৰি দিয়ে।
তোমাৰ চকুৰ অগনি বৰষা যন্ত্ৰণাৰ সেই হাজাৰটা সুৰুযে
মই মনতে আঁকি লোৱা প্ৰতিখন ছবি
জ্বলাই ছাৰখাৰ কৰে।
দেই পুৰি নিয়া মৰুভূমি
আৰু সোঁৱৰণৰ ওফন্দি থকা সাগৰ,
কলিজা ছিৰি পেলোৱা সেই চাৱনিত বন্দী হৈ পৰে,
মই বিশ্বাস কৰা প্ৰতিটো প্ৰমূল্যক নস্যাৎ কৰে,
আৰু বগৰাই পেলায় এই অসভ্য সভ্যতাৰ বুনিয়াদ
সেই তাচপাতৰ দালান, যুগ-যুগান্ত ধৰি য'ত বাস কৰে মিথ্যাচাৰে।
তোমাৰ নামত তেন্তে এনে কি আছেনো, বিলকিছ্
যিয়ে চিঞাহীকো উভোতাই এনেকৈ বোৱায় যে
ন্যায়ৰ চেহেৰাৰ ক'লা দাগবোৰ প্ৰকট হৈ দুচকুত ধৰা পৰে?
তোমাৰ তেজেৰে তিতা এই ভূমি
চালেহাৰ সুকোমল, ভগা লাওখোলাটোৰ দৰে
লাজত ফাট মেলিব কোনোবা এদিন।
দেহৰ নামমাত্ৰ কাপোৰেৰে তুমি যিটো টিলা বগাইছিলা,
সিয়ো চাগে নাঙঠ হৈয়ে থাকিব চিৰদিন
য'ত আগলৈকে ঘাঁহৰ আগ এটাও গজি নুঠিব
আৰু এইবাটে অহা-যোৱা কৰা বতাহ ছাটিয়েও
য'ত এৰি থৈ যাব অক্ষমতাৰ অভিশাপ।
তোমাৰ নামত তেন্তে এনে কি আছেনো, বিলকিছ্
যে মোৰ পুৰুষসুলভ কলমে
ব্ৰহ্মাণ্ডৰ এনে সুদীৰ্ঘ যাত্ৰা কৰিবলৈ সক্ষম
মাজবাটতে লাগি ধৰে
আৰু নৈতিকতাৰে
আৰু এয়াও সম্ভৱ যে এই কবিতাটোও
ব্যৰ্থ প্ৰমাণিত হ'ব
- এক নিষ্প্ৰাণ ক্ষমাপত্ৰৰ দৰে, সন্দিগ্ধ আইনী মামলা সদৃশ
যদিহে তুমি ইয়াক চুই সাহসেৰে প্ৰাণসঞ্চাৰ কৰা,
তেতিয়াহে যদি কিবা এটা হ'ব পাৰে।
এই কবিতাটোক তোমাৰ নাম দি দিয়া, বিলকিছ্,
কেৱল নাম নহয়, এই নামটো আবেগেৰে শাণিত কৰা,
জৰ্জৰিত হোৱা মনোবল পুনৰোজ্জীৱিত কৰা, বিলকিছ্।
মূলৰ পৰা বিচ্ছিন্ন হোৱা মোৰ পৰিচয়ক শক্তি দিয়া,
যুদ্ধৰ বাবে সজ্জিত সেই শব্দবোৰক প্ৰাণময় কৰি তোলা
প্ৰশ্নসূচক বিশেষণ হৈ বৰষিবলৈ শিকাই দিয়া
নিজৰ কোমল, সুৰীয়া কণ্ঠত
ঘুণে ধৰা মোৰ ভাষাত এনেকৈ শব্দ যোগোৱা,
হৈ ৰওক সি তিতিক্ষাৰ আন এক নাম
স্বাধীনতাৰ আন এক নাম হওক, বিলকিছ্।
ন্যায়ৰ আহ্বান হওক,
প্ৰতিবাদৰ নেৰানেপেৰা জিদ হওক, বিলকিছ্।
আৰু তাক তোমাৰ দৃষ্টি দিয়া, বিলকিছ্
তোমাৰ পৰা নিশাটো এনেকৈ বৈ যাওক
সি গৈ ন্যায়ৰ চকুহালিৰ কাজল হৈ পৰক, বিলকিছ্।
বিলকিছ্ এক ছন্দ হওক, বিলকিছ্ এক লয় হওক,
বিলকিছ্ বুকুৰ মাজত বাজি ৰোৱা মিঠা গীত হওক,
কাগজ-কলমৰ ক্ষুদ্ৰ পৰিধি ভাঙি দিব যিয়ে
আৰু তাৰ উৰণ দূৰ-দিগন্ত অভিমুখী হওক,
যাতে মানৱীয়তাৰ শুকুলা পাৰ
এই ৰক্তাক্ত ভূমি জুৰি উৰে
ইয়াৰ ছাঁতে জিৰোৱা, আৰু কৈ যোৱা এফালৰ পৰা
কি ক'ত লুকাই আছে তোমাৰ নামৰ মাজত।
উফ্! এবাৰ, মাথো এবাৰ, মোৰো নাম হওক বিলকিছ্
কবিতাৰ অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা
পাঠৰ অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/ন্যায়-ইমানতে-শেষ-বিলকিছ্-বানো