‘হে ভগৱান!’ পুৱাৰ কফিৰ কাপটো নমাই থৈ বিৰাট আচৰিত হৈ তেওঁ চিঞৰিলে। ফোনটো তেওঁ দুই হাতেৰে খামোচ মাৰি ধৰিলে, অফিচৰ ই-মেইলত ব্যস্ত হৈ থকা স্বামীয়ে শুনাকৈ তেওঁ ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ ধৰিলেঃ ‘মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত ১৬ জন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গাৰ ওপৰেৰে এখন মালবাহী ৰেলগাড়ী চলি গ’ল- তুমি দেখিছানে? এইবিলাক কি হ’বলৈ ধৰিছে?’ নীৰৱতাৰ ওৰ পৰাৰ আগৰ এয়া আন এক মিনিট আৰু ঘটনাৰ বাকী অংশ জনাৰ বাবে ব্যস্ত হৈ থাকোতে কফি একেবাৰে ঠাণ্ডা হৈ গ’ল। একে শোহাতে খাব পৰা হ’ল। ‘কি ভয়ংকৰ! কিমান মানুহ আহিছিল, ক’লৈ গৈ আছিল?’ তেওঁৰ কণ্ঠনিৰ্গত আশ্চৰ্যৰ প্ৰকাশ অলপ সময়ৰ আগৰ তুলনাত যথেষ্ট শান্ত হ’ল।
‘এই মানুহজাকৰ কিছুমান উমাৰিয়াৰ। মানু, আমি যোৱা ডিচেম্বৰত এই ঠাইখনলৈ যোৱা নাছিলোনে?’ সেই ছুটীৰ দিনৰ ভ্ৰমণৰ কথা ওলাওতে তেওঁ মূৰ দাঙি চালে আৰু খেলিমেলি হৈ থকা ই-মেইললৈ উভতি যোৱাৰ আগতে অলপ ৰসাস্বাদন কৰিলে। তেওঁ ক’লে, ‘অঁ, বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান। মধ্যপ্ৰদেশৰ আটাইতকৈ পিছপৰা এখন জিলাত আছে। সন্দেহ নাই যে সেই মানুহবিলাকে কাম বিচাৰি নিশ্চয়কৈ জালনালৈ আহিছিল। কিন্তু ৰেলপথৰ ওপৰত শুই আছিল যে? কেনে হাস্যকৰ কথা এয়া?’
‘বাঃ এই ঠাইখন ইমান ধুনীয়া আছিল, শেষ ছায়া মনত আছেনে?’ এইবাৰ তেওঁ যেন আন এটা গ্ৰহত বিচৰণ কৰিছে, ‘সেই যে সৌন্দৰ্যময় বিষ্ণুৰ মূৰ্ত্তি আৰু চিৰসেউজীয়া ঘন শালগছৰ অৰণ্যই আৱৰি থকা শান্ত-সমাহিতভাৱে প্ৰৱাহিত নিজৰা...এইবাৰ তলাবন্ধ শেষ হ’লে আমি আকৌ তালৈ যামেই...’



