মই জামনগৰ জিলাৰ লালপুৰ তালুকৰ ছিংগাচ জিলাৰ এটা ৰাবাৰি পৰিয়ালৰ পৰা আহিছোঁ। লিখা-মেলা কৰাটো মোৰ বাবে নতুন, ক’ভিডৰ সময়খিনিতে মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। পশুপালক সম্প্ৰদায়ৰ বাবে কাম কৰা এটা বেচৰকাৰী সংগঠনত মই কমিউনিটী ম’বিলাইজাৰ হিচাপে কাম কৰোঁ। গুজৰাটীক মূল বিষয় হিচাপে লৈ মই কলা শাখাত প্ৰাকস্নাতক শ্ৰেণীত অনিয়মীয়া শিক্ষাৰ্থী হিচাপেঅধ্যয়ন কৰি আছোঁ। যোৱা ৯ মাহ ধৰি মই মোৰ সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত শিক্ষাৰ প্ৰতি সজাগতা আৰু আগ্ৰহ গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ। কিন্তু মোৰ এতিয়া বিয়া হ’ল, গতিকে এই কামটো কৰিব পাৰিম নে নোৱাৰিম নিশ্চিত নহয়। আমাৰ সম্প্ৰদায়ৰ মহিলাসকলৰ মাজত শিক্ষা উদ্বেগজনকভাৱে কম। আপুনি ইয়াত শিক্ষিত মহিলা অতি কম সংখ্যকহে দেখিবলৈ পাব।
চাৰণ, ভাৰৱাড়, আহিৰ আদিৰ দৰেই আমি প্ৰধানকৈভেড়াপালনৰ সৈতে জড়িত পশুপালক সম্প্ৰদায়। আমাৰ বহুতে এতিয়া পৰম্পৰাগত জীৱিকা ত্যাগ কৰি ডাঙৰ কোম্পানী বা পথাৰত দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈছে। মহিলাসকলেও শ্ৰমিক হিচাপে কাৰখানা আৰু পথাৰত কাম কৰে। আমাৰ সমাজখনেও এই মহিলাসকল আৰু তেওঁলোকৰ কামক আদৰি লৈছে। কিন্তু মোৰ দৰে অকলে অন্য কাম কৰা মহিলাসকলে সামাজিক সমৰ্থন পোৱাটো কঠিন।



