কথা কওঁতে তেওঁৰ কপালখন কোঁচ খাই পৰিছে, ৰুগীয়া শেঁতা পৰাৰ মুখ, কপালৰ ৰেখাবোৰ স্পষ্ট। তেওঁ কুঁজা হৈ লাহে লাহে খোজ কাঢ়ে, অলপমান খোজ কাঢ়িলেই ফোঁপাবলৈ ধৰে। মৃদু বতাহত তেওঁৰ ধূসৰ চুলিবোৰে মুখখন আগুৰি পেলাইছে।
বিশ্বাস কৰিব নোৱাৰি যে ইন্দ্ৰৱতী ইন্দ্ৰাৱতীৰ বয়স মাত্ৰ ৩১ বছৰ।
মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত এটা বস্তিৰ বাসিন্দা ইন্দ্ৰাৱতী দীৰ্ঘদিনীয়া অব্ষ্ট্ৰাক্টিভ পালম’নেৰী ডিজিজ (চি ও পি ডি) ৰোগত আক্ৰান্ত। ই এক সম্ভাৱ্য মাৰাত্মক অৱস্থা, য’ত হাওঁফাওঁলৈ বায়ু প্ৰবাহত বাধাৰ সৃষ্টি হয়, উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু বেছিভাগ সময় দীঘলীয়াকৈ কাহ হয় যিয়ে শেষত গৈ হাওঁফাওঁৰ ক্ষতি কৰে। প্ৰায়ে ‘ধূমপান কৰা লোকৰ ৰোগ’ বুলি কোৱা এই ৰোগবিধ কম আৰু মধ্যম আয়ৰ দেশসমূহৰ প্ৰায় ৩০ শতাংশৰ পৰা ৪০ শতাংশ ধঁপাত সেৱনকাৰীৰ লোকৰ হয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয়।
ইন্দ্ৰাৱতীয়ে কেতিয়াও চিগাৰেট স্পৰ্শ কৰা নাই যদিও তেওঁৰ বাওঁ হাওঁফাওঁৰ যথেষ্ট ক্ষতি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ঘৰুৱা বায়ু প্ৰদূষণৰ সেয়া প্ৰত্যক্ষ ফল, যিটো কাঠ বা কয়লা জ্বলাই ৰন্ধা-বঢ়া কৰাৰ ফলত হয়।
ইন্দ্ৰাৱতীয়ে কেতিয়াও স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধা লাভ কৰা নাই। “আমি সদায় খৰি বা কয়লাৰে খোলা চৌকাত খাদ্য ৰান্ধিবলৈ বা পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰো। ডাক্তৰে কোৱা কথাখিনি আওৰাই তেওঁ কয়, “চুলিভাৰ জেৱন বনভুন মাঝি ফুপ্পুছা নিকামি ঝালি আহেত [খোলা চৌকাত খাদ্য ৰান্ধি মোৰ হাওঁফাওঁ অসাৰ হৈ পৰিছে]। তেওঁৰ বায়’মাছ জ্বলোৱা চৌকাটোৰ পৰা ওলোৱা প্ৰদূষণে তেওঁৰ হাওঁফাওঁৰ ক্ষতিসাধন কৰিছে।
লেন্সেটৰ ২০১৯ চনৰ এক অধ্যয়নত কোৱা হৈছে যে বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ছয় লাখ ভাৰতীয়ৰ অকাল মৃত্যু হয় আৰু ঘৰুৱা বায়ু প্ৰদূষণ পৰিৱেশৰ বায়ুৰ গুণাগুণৰ এক উল্লেখযোগ্য কাৰক।










