পঞ্চাশ বছৰ পূৰ্বে ক’লহাপুৰত নিজেই নিৰ্মাণ কৰা এই মজবুত বান্ধটোৰ ওপৰত থকা সৰু দলংখনত শান্ত মনেৰে তপত ৰ’দক আওকাণ কৰি ধৈৰ্য সহকাৰে তেওঁ আমাৰ উত্তৰ দিছে। সেয়া দুপৰীয়াৰ আহাৰৰ সময়ৰ কথা। দলংখনলৈ তেওঁ উৎসাহেৰে আগবাঢ়িছে। তাৰে মাজতে তেওঁ কৈ গৈছে কেনেদৰে ১৯৫৯ত এই বান্ধ নিৰ্মাণ কৰা হৈছিল।
ছটা দশকৰ পিছতো গণপতি ইশ্বৰ পাটিলে জলসিঞ্চনৰ তাৎপৰ্য বুজি পায় আৰু কৃষক তথা কৃষিৰ কথা বুজে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস তেওঁ জানে আৰু নিজেই তাৰ এক অংশ আছিল। ১০১ বছৰ বয়সত ভৰি দিয়া গণপতি ভাৰতৰ মুক্তিযুঁজাৰুসকল মুষ্টিমেয় জীৱিতসকলৰ মাজৰ এজন।
‘মই কেৱল গুপ্তচৰ আছিলোঁ,’ ১৯৩০ৰ দশকৰ পাছৰচোৱা জীৱনৰ বিষয়ে বিনম্ৰতাৰে সংকোচ ভাবত তেওঁ কৈ যায়। ‘ইংৰাজবিৰোধী অজ্ঞাত আন্দোলনৰ কাৰণে খবৰ সৰবৰাহকাৰী।’ সেই সময়ত কমিউনিষ্টৰ বিপ্লৱী গোটবোৰক নিষিদ্ধ ঘোষণা কৰা হৈছিল। কংগ্ৰেছ দলৰো সকলো ধৰণৰ যোগাযোগ তচনচ কৰা হৈছিল (১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত)। তেওঁ নিশ্চয়কৈ সেই কামত নিপুণ আছিল, ধৰা পৰা নাছিল। ‘মই জেল খাটিবলগীয়া হোৱা নাছিল,’ তেওঁ মনত ক্ষমাপ্ৰাৰ্থনাৰ ভাৱ। আমাক এই কথা আনেহে ক’লে যে তেওঁক প্ৰদান কৰা তাম্ৰপত্ৰ তেওঁ গ্ৰহণ নকৰিলে আৰু ১৯৭২ৰ পিছত মুক্তি যুঁজাৰুসকলক দিয়া পেঞ্চনো ল’বলৈ মান্তি নহ’ল।







