ৰাজস্থান-হাৰিয়ানা সীমান্তত সেউজীয়া ৰঙৰ ঘৰিয়ালৰ ছালৰ দৰে ডিজাইন থকা হুডি আৰু ডাঠ ঊলৰ মোজা পিন্ধা হৰফটেহ সিঙে এটা ডাঙৰ পাত্ৰত মটৰমাহৰ বাকলি গুচাই দেউতাকক সহায় কৰিবলৈ চেষ্টা কৰিছে। দিল্লী-জয়পুৰ ঘাইপথত ৰাজস্থানৰ আলৱাৰ জিলাৰ ছাহজাহানপুৰত সমবেত হোৱা প্ৰতিবাদকাৰীসকলৰ ভিতৰত এই ১৮মহীয়াপ্ৰতিবাদকৰীজনেই আছিল আটাইতকৈ কনিষ্ঠতম। কৃষকসকলৰ এই প্ৰতিবাদত হৰফটেহে মটৰমাহৰ বাকলি গুচাই প্ৰতিবাদী কাৰ্যসূচীলৈ নিজৰ অৰিহণাযোগাইছে। যি নহওঁক সি চেষ্টা কৰিছে। সি ভালদৰে অথবা পটুতাৰে কামটো কৰিবলৈ সক্ষম নহ'ব পাৰে, কিন্তু তাৰ ফালৰ পৰা ইচ্ছা আৰু প্ৰচেষ্টাৰ হীন-ডেঢ়ি হোৱা নাই।
বিভিন্ন ৰাজ্যৰ পৰা অহা লাখ লাখ কৃষক তেওঁলোকৰ জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই অনা তিনিখন কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লী আৰু হাৰিয়ানাৰ বিভিন্ন সীমান্তত একত্ৰিত হৈছে। পোনপ্ৰথমে ৫ জুনত অধ্যাদেশ হিচাপে জাৰি কৰা এই আইনসমূহ ১৪ ছেপ্টেম্বৰত সংসদত বিধেয়ক হিচাপে দাখিল কৰা হৈছিল আৰু তাৰপিছত সেই মাহৰে ২০ তাৰিখে আইনত পৰিণত হৈছিল।
২৫ ডিচেম্বৰত মই হৰফটেহক লগ পাওঁতে,মহাৰাষ্ট্ৰৰ প্ৰায় এহাজাৰ কৃষক ছাহজাহানপুৰৰ প্ৰতিবাদস্থলীত তাত পূৰ্বৰে পৰা উপস্থিত থকা পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ পৰা অহা বহু সংখ্যক অন্য কৃষকসকলৰ সৈতেএকগোটহৈছিল। এইসকল কৃষক আৰু কৃষি শ্ৰমিকসকলে টেম্পো, জীপ আৰু সৰু সৰু গাড়ীৰে নাচিকৰ পৰা ১২০০ কিলোমিটাৰতকৈ অধিক বাট অতিক্ৰম কৰি বিভিন্ন ৰাজ্যৰ তেওঁলোকৰ সতীৰ্থসকলৰ লগত বিভিন্ন প্ৰতিবাদস্থলীত মিলিত হোৱাৰ বাবে আহিছে।
মহাৰাষ্ট্ৰৰ কৃষকসকলক আদৰণি জনোৱা পৰিয়ালসমুহৰ ভিতৰত হৰফটেহৰ পৰিয়ালো আছিল-তেওঁলোকৰ ওপৰত প্ৰায় ১০০ জন মানুহৰ আলু-মটৰৰ ব্যঞ্জন ৰন্ধাৰ দায়িত্ব দিয়া হৈছিল। “আমি আমাৰ সন্তানৰ ভৱিষ্যতৰ বাবে জাৰকালিৰ প্ৰচণ্ড শীতৰ দিনতো ইয়ালৈ আহিছো। আজি যদি আমি কৃষকসকলে প্ৰতিবাদ নকৰোঁ তেতিয়া হ'লে ফটেহৰ কোনো ভৱিষ্যৎ নাথাকিব,”হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ ছাজুপুৰ গাঁৱৰ এই শিশুটিৰ ৪১ বছৰীয়া পিতৃ জগৰূপ সিঙে কয়।




