ভয়ত থৰ থৰকৈ কঁপি আছিল বুধুৰাম চিন্দা। মাত্ৰ কেইগজমান দূৰত থিয় হৈ আছিল এটা প্ৰকাণ্ড ক'লা অৱয়ব, জোনৰ পোহৰত জিলিকি উঠিছিল সেই অৱয়বটো। ৬০ বৰ্ষীয় ভুঞ্জিয়া আদিবাসী কৃষকজনে কাঠফাৰ গাঁৱত থকা তেওঁৰ ঘৰৰ আধা জঁপাই থোৱা দুৱাৰৰ ফাঁকেৰে জুমি চাই থিয় দি আছিল।
ওড়িশাৰ চুনাবেড়া বন্যপ্ৰাণী অভয়াৰণ্যৰ মূল এলেকাৰ মূল বসতিস্থলৰ এটাত আন ৫২টা পৰিয়ালৰ সৈতে বাস কৰা কৃষকজনৰ বাবে এই ডাঙৰ স্তন্যপায়ী প্ৰাণী দেখা পোৱাটো একো অস্বাভাৱিক ঘটনা নাছিল।
তথাপিও তেওঁ কৈছিল, "সিহঁতে মোক আৰু মোৰ কেঁচা ঘৰটো নিমিষতে গছকি মোহাৰি পেলাব বুলি ভাবি মই কঁপি উঠিছিলো।" অলপ সময়ৰ পিছত তেওঁ পিছফালে গৈ তুলসী গছ এজোপাৰ ওচৰত থিয় হৈ প্ৰাৰ্থনা কৰিছিল: "মই দেৱী লক্ষ্মী আৰু সেই ডাঙৰ স্তন্যপায়ী প্ৰাণীবোৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। জাকটোৱে হয়তো মোক দেখিছিল।"
বুধুৰামৰ পত্নী ৫৫ বৰ্ষীয় সুলক্ষ্মী চিন্দাইও হাতীৰ চিঞৰ শুনিছিল। তেওঁ প্ৰায় এক কিলোমিটাৰ দূৰৈত অৱস্থিত গাওঁখনত পুতেক আৰু পৰিয়ালৰ সৈতে তেওঁলোকৰ ঘৰত আছিল।
প্ৰায় এঘণ্টা পিছত জাকটো অৰণ্যৰ ভিতৰলৈ প্ৰত্যাৱৰ্তন কৰিছিল ৷
২০২০ চনৰ ডিচেম্বৰৰ ঘটনাটো সোঁৱৰণ কৰি কৃষকজনে অনুভৱ কৰিছিল যে নেদেখাজনে তেওঁক সহায় কৰিছে।
সেয়েহে, যেতিয়া হাতীবোৰে ২০২২ চনৰ ডিচেম্বৰত সিহঁতৰ অহা-যোৱা কৰা পথ সলনি কৰিছিল, কেৱল বুধুৰামেই নহয়, নোৱাপাৰা জিলাৰ ৩০খন আদিবাসী গাঁৱৰ বহু বাসিন্দাই স্বস্তি অনুভৱ কৰিছিল।











