শেষবাৰ কেতিয়া গোটেই বছৰটো ঘৰতে কটাইছিল সেয়া ৰমেশ শৰ্মাই মনত পেলাব নোৱাৰিলে। “মই যোৱা ১৫-২০ বছৰ ধৰি এই কাম কৰি আহিছো,” হাৰিয়ানাৰ কাৰ্ণাল জিলাৰ গাগচিনা গাঁৱৰ পথাৰত কুঁহিয়াৰ কাটি থকাৰ মাজতে তেওঁ কয়।
বছৰটোৰ আধাখিনি সময়, অক্টোবৰৰ পৰা মাৰ্চলৈ ৪৪ বছৰ বয়সীয়া ৰমেশে বিহাৰৰ আৰাৰিয়া জিলাৰ তেওঁৰ বাস কৰা শৈৰাগাঁৱৰ পৰা কৃষি শ্ৰমিক হিচাপে কামৰ সন্ধানত হাৰিয়ানা আৰু পাঞ্জাৱলৈ ঢাপলি মেলে। “বিহাৰত খেতি কৰি যিমান পাওঁ, তাতকৈ বেছি টকা মই হাৰিয়ানাত কৃষিশ্ৰমিক হিচাপে পাওঁ,” তেওঁ কয়।
শৈৰাগাঁৱত ৰমেশৰ তিনি একৰ খেতিমাটি আছে। তাত তেওঁ বছৰটোৰ ছমাহ খেতি কৰে। খাৰিফ শস্যৰ সময়ত (জুন-নৱেম্বৰত) তেওঁ ধানখেতি কৰে। “তাৰে প্ৰায়খিনি আমি খাবৰ বাবে কৰো,” কুঁহিয়াৰ কাটি থকাৰ পৰা চকু আঁতৰ নকৰাকৈ তেওঁ কয়।
শৰ্মাই কৰা ঘাই নগদী শস্যৰ খেতি হৈছে ঘেঁহু, ৰবি শস্যৰ বতৰত (ডিচেম্বৰ-মাৰ্চত) তেওঁ সেই খেতি কৰে। কিন্তু সেই খেতিৰে খুব কম উপাৰ্জন হয়। “যোৱা বছৰ (২০২০)ত মই ৯০০ টকা দৰত প্ৰতি কুইণ্টল শস্য বিক্ৰী কৰিছিলো,” সেইবাৰ তেওঁ ৬০ কুইণ্টল খেতি চপাইছিল। “গাঁৱতেই কমিচন এজেণ্টজনে আমাৰ পৰা শস্য কিনিছিল। এনেদৰেই বছৰ বছৰ ধৰি চলি আহিছে।”
কেন্দ্ৰীয় চৰকাৰে গোমধানৰ বাবে ২০১৯-২০ত নিৰ্ধাৰণ কৰি দিয়া ন্যূনতম সমৰ্থন মূ্ল্য ১৭৬০ টকা প্ৰতি কুইণ্টলৰ তুলনাত ৰমেশে লাভ কৰা মূল্য প্ৰায় ৫০ শতাংশ কম আছিল। বিহাৰত চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত মাণ্ডিত ন্যূনতম সমৰ্থন মূ্ল্যত বিক্ৰী কৰাটো শৰ্মাৰ দৰে ক্ষুদ্ৰ খেতিয়কৰ বাবে সম্ভৱ নহয়, কমিচনখোৰ এজেণ্টৰ সৈতে দৰ-দাম কৰিবলৈ তেওঁলোক বাধ্য হৈ পৰে।
২০০৬ত বিহাৰ চৰকাৰে বিহাৰ কৃষিজাত উৎপাদন বজাৰ আইন, ১৯৬০খন প্ৰত্যাহাৰ কৰে। এনেদৰে কৃষিজাত উৎপাদন বজাৰ সমিতি (এপিএমচি)ৰ মাণ্ডি ব্যৱস্থাটো ৰাজ্যখনত উঠাই পেলোৱা হয়। চৰকাৰে দাবী কৰিলে যে ইয়ে ব্যক্তিগত মালিকানাধীন কৃষি ব্যৱসায়ৰ বাট মোকলাই কৃষিখণ্ডটোক উদাৰ কৰি তুলিব। কিন্তু এপিএমচি উঠাই লোৱাৰ পিছত কৃষকৰ হাতলৈ আগতকৈ ভাল মুনাফা নাহিল, তাৰ পৰিৱৰ্তে তেওঁলোক মধ্যভোগীৰ ওপৰত আৰু বণিকে নিৰ্ধাৰণ কৰি দিয়া মূল্যৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিল।








