কি ভাষাত সপোন দেখে এগৰাকী মাকে? গংগাৰ পাৰৰ পৰা পেৰিয়াৰলৈকে তেওঁ সন্তানৰ সৈতে কি ভাষাৰে কথা পাতে? প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলা, প্ৰতিখন গাৱঁৰ সৈতে সলনি হয় নেকি তেওঁৰ জিভাৰ বৰণ? হাজাৰ হাজাৰ ভাষা, লাখ লাখ দোৱান, তেওঁ জানেনে সেই সকলোবোৰ? কোনটো ভাষাৰে তেওঁ বিদৰ্ভৰ খেতিয়কবোৰ, হাঠৰাছৰ শিশুবোৰ, আৰু ডিণ্ডিগুলৰ সেই নাৰীসকলৰ সৈতে কথা পাতে? ৰঙা বালিখিনিত তোমাৰ মূৰটো পাতি কাণ উনাই চোৱাঁ! বতাহে আহি তোমাৰ মুখখন আলফুলে চুই যোৱা পাহাৰ এটাৰ টিঙত থিয় হৈ শুনা! তুমি তেওঁৰ মাত শুনা পাইছানে? শুনিছানে তেওঁৰ সাধুবোৰ, তেওঁৰ গানবোৰ আৰু তেওঁৰ কান্দোনখিনি? কোৱাঁচোন বাৰু, তুমি চিনি নোপোৱানে তেওঁৰ মুখৰ বোল? মই শুনাৰ দৰেই ল’ৰালিৰ চিনাকি সেই নিচুকনি গীত নুশুনানে তুমি, কোৱাঁচোন?


Bangalore, Karnataka
|WED, NOV 23, 2022
আকাশলংঘী মিনাৰ আৰু শাওঁলগা ভাষা
এক ৰাষ্ট্ৰীয় ভাষাৰ বাবে মন্ত্ৰী এগৰাকীয়ে জনোৱা আহ্বানক লৈ আৰম্ভ হোৱা আৱেগপ্ৰধান বিতৰ্কই কবিক বেইবল টাৱাৰৰ কথা মনত পেলাই দিছে
Poem and Text
Illustration
Editor
Translator
আইৰ মুখৰ মাত
মোৰ জিভাৰে এখন তৰোৱাল সোমাই গৈছে!
কোমল পেশীবোৰ ফালি অহা
তাৰ তীক্ষ্ণ ধাৰ মই অনুভৱ কৰিছোঁ।
মই আৰু কথা ক’ব নোৱাৰোঁ,
মোৰ শব্দবোৰ তৰোৱালখনে ল’লে,
সকলো বৰ্ণ, সকলো গান, সকলো সাধু,
মই জনা আৰু অনুভৱ কৰা সকলো।
এই ৰক্তনিৰ্গত জিভাৰে,
মোৰ মুখৰ পৰা বুকুলৈ,
নাভিৰ পৰা যৌনাংগলৈ,
দ্ৰাবিড় সভ্যতাৰ সেই সাৰুৱা ভূমিলৈ বৈ গৈছে
এক ৰক্ত প্ৰৱাহী নিজৰা।
মাটিখিনি হৈ পৰিছে জিভাৰ দৰে ৰঙা আৰু সেমেকা
প্ৰতিটো টোপালৰ পৰা জন্ম হয় আন এটাৰ,
ক’লা মাটিৰ পৰা ওলোৱা ৰঙা ঘাঁহৰ পাত।
গৰ্ভত শ শ, হেজাৰ-বিজাৰ,
নিযুত কোটি ভাষাৰ বোল
মোৰ মায়ে জনা গীত আৰু মালিতাবোৰ গাই
মৃতবোৰে জীৱন পাই উঠি আহে ঐতিহাসিক কবৰৰ পৰা
বিস্মৃতবোৰ প্ৰস্ফুটিত হৈ উঠে বসন্তৰ ফুলৰ দৰে।
তৰোৱালখন মোৰ জিভাৰে সোমাই গৈছে
মাটিৰ ভাষাৰ গীত আৰু মাত শুনি ভয় খাই
কঁপি উঠে তাৰ অশাণিত কাষ!
অনুবাদ: ৰুবী বৰুৱা দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/অভিশপ্ত-ভাষা-আৰু-মিনাৰৰ-কথা

