বিড়ি টানি থকাৰ মাজতে ৰতন সিঙে তেওঁৰ ছাগলীৰ জাকটোত নজৰ ৰাখিছে। তেওঁৰ ঘৰ ফৰিদাবাদৰ মনগৰ গাঁৱত। আৰাৱলীৰ পাহাৰীয়া ওখোৰা-মোখোৰা ওখ ঠাই পাৰ কৰি অহাৰ পিছতে তেওঁ সেউজীয়া বননি এখনত উঠিছে। এতিয়া ছাগলীকেইটাক পানী খুৱাই ল’ব লাগিব। “তৰৰ্ তৰৰ্,” তেওঁ খৰকৈ সুকীয়া মাতেৰে ছাগলীকেইটাক মাতিছে। তেওঁৰ ৪৫ টা ছাগলী সেই ঠাইত গোট খাব ধৰিছে।
“ছাগলী মতা প্ৰতিটো মাতৰে ভিন্নতা আছে। প্ৰতিটো মাতৰে ভিন ভিন উদ্দেশ্য আছে। জাকটো নিয়ন্ত্ৰণ কৰিবলৈ বেলেগ বেলেগ মাতেৰে নিৰ্দেশ দিয়া হয়,” তেওঁ কয়।
“আও, আও” বুলি মতা মানে ছাগলীকেইটাক পালকজনৰ কাষলৈ আহিবলৈ কোৱা হয়। আকৌ “লেহ লেহ লেহ” মানে নিমখ খাবলৈ মতা বুজায়।
“আওলে, আওলে - উহ্ উহ্” বুলি মতাৰ দুটা অৰ্থ আছে। এটা হৈছে যে মালিক থকাৰ কথাটো জাকটোক জনাই দিয়া। আনটো হৈছে সাম্ভাব্য চিকাৰীক জনাই দিয়া যে জাকটো অকলশৰীয়া নহয়।
মাতৰ সুৰ আৰু লয়ৰ মাজত থকা সুক্ষ্ম পাৰ্থক্যতে জাকটোৱে বুজি পায় যে কোনটোৰ অৰ্থ কি। এই সুৰ-লয়ৰ যোগেদি গৰখীয়া আৰু জাকটোৰ মাজত থকা প্ৰাচীন সম্পৰ্কৰ কথাও বুজা যায়।
ওখ আৰু ক্ষীণকায় শৰীৰ সিঙৰ পিন্ধনত কুৰ্তা-পায়জামা। মূৰত পাগুৰি। তেওঁৰ চামৰাৰ জোতাযোৰ গধুৰ। জোঙা শিলেৰে ভৰা ওখোৰা-মোখোৰা পাহাৰীয়া ৰাস্তাত সেই জোতাযোৰে বৰ কামত দিয়ে।
সিঙৰ ঘৰ দিল্লী-হাৰিয়ানা সীমান্তৰ আৰাৱলী পৰ্বতমালাৰ মনগৰ গাঁৱত। অঞ্চলটো জৈৱবৈচিত্ৰৰ প্ৰাচুৰ্য্যৰ বাবে জনাজাত।

















