বৰ উজ্বল হালধীয়া ৰঙৰ শাড়ী এখন পিন্ধিছে ফাগুনীয়ে। উৱলি যোৱা চেন্দেলজোৰত লাগি নধৰিবলৈ শাড়ীৰ লোচকেইটা কঁকালত খুচি লৈ তেওঁ জানুৱাৰীৰ শীতল পুৱা এটাত পথাৰৰ ফালে আগবাঢ়িছে। ফাগুনীয়ে তেওঁ মূৰত মেৰিয়াই লোৱা গাঢ় গুলপীয়া ৰঙৰ স্কাৰ্ফখন মাজে মাজে বতাহত উৰিছে, তেওঁৰ হাতত আছে পাতল মুগা বৰণৰ শণৰ আঁহ (Crotalaria juncea), ওজন প্ৰায় এক কিলো। সেইখিনি তেওঁ কান্ধত এনেকৈ পেলাই লৈছে যেন কিবা ফেছনৰ সামগ্ৰীহে।
তেওঁ বাওঁ হাতেৰে ধৰি আছে এডাল সূতা, তাৰ আনটো মূৰত ওলমি আছে এটা ঢেৰা। সেইডাল সূতা চাৰিডাল অক্ষৰ ঢেৰা মানে টাকুৰিৰ বাঁহৰ হুকডালত লাগি আছে। তেওঁ মাজে-সময়ে সেই আঁহখিনি সোঁহাতত লৈ টাকুৰিটো ঘুৰায়। তাৰপিছত দুয়োখন হাতেৰে আঁহখিনি পকাই পাতল সূতা এডাল কৰে। যাদুৰ দৰে তেওঁৰ হাতদুখনে সেই শুকান শণৰ পৰা উজ্বল মিহি সূতা এডাললৈ ৰূপান্তৰ কৰে। সেই সূতাডাল দীঘল হৈ গৈ থাকে আৰু টাকুৰিটো মাটিত লাগে। টাকুৰিটো মাটিৰ পৰা তুলি লৈ ফাগুনীয়ে তেওঁৰ তিনিটা গাই গৰু আৰু দুটা ছাগলীক “হুই হুই, চল চল” বুলি কৈ পুনৰাই কামত লাগে।
“আপুনি এক মুহুৰ্তৰ বাবেও যদি চকু আনফালে নিয়ে, পিছ মুহূৰ্তত দেখিব যে আপোনাৰ গৰু-ছাগলীকেইটাই কাষৰে সৰিয়হ নাইবা গমধানৰ পথাৰত নামিছে,” তেওঁ নিজকে কোৱাৰ দৰে কথাখিনি কয়। যিধৰণে এই ৫৬ বছৰ বয়সীয়া মহিলাগৰাকীয়ে খোজকাঢ়ি গৈ থকাৰ মাজতে নিজৰ গৰু-ছাগলীকেইটাৰ ওপৰত নজৰ ৰাখিছে আকৌ বন্ধুৰ লগত কথাও পাতি আছে, দেখি আচৰিত নহৈ নোৱাৰি। তাকে দেখি তেওঁ কৈছে, “আমি চৌধাৰীসকল এই দক্ষতা লৈয়ে জন্ম পাইছো, মাতৃগৰ্ভৰ পৰাই আমি এইবোৰ শিকি আহো!” তেওঁত কথাত গৌৰৱৰ মৃদু সুৰ এটা মিহলি হৈ আছে। “গাঁৱৰ আনকি শিশুৱেও এই কথা জানে।”


















