ৰিজৱানা হাজিৰ ক্ষেত্রত প্ৰথম আপোনাৰ চকুত পৰিব তাইৰ ধুনীয়া, সজল মুগা বৰণীয়া চকুকেইটা। তাই চকুকেইটা মচিছে, দোপাত্তাখনেৰে মেৰিয়াই ৰখা চুলিকোচাৰ হাতেৰে জঁট ভাঙি থকাৰ মাজতে এই প্ৰতিবেদকক ফুচফুচাই গোপনীয় যেন কথা এটা কৈছে - চানগ্লাচবোৰ পুৰুষৰ বাবেহে।
“মোৰ গিৰীটোৱে পিন্ধে,” লোণৰ পথাৰত নিমখৰ স্ফটিকৰ মাজেৰে জবকা চলাই থকা শ্বাৰিক পিনে দেখুৱাই তেওঁ কয়। চকুত তেওঁৰ চানগ্লাচ।
“তুমি কিয় পিন্ধা নাই পিছে?” - এইবুলি প্ৰশ্ন কৰাত তাই এনে এটা হাঁহিৰে উত্তৰ দিছে যেন সেয়া এক আচহুৱা আৰু অসম্ভৱ কথা। “ইয়াত জ্যেষ্ঠ মানুহো আছে। সিহঁতে দেখিলে কি বুলি ক’ব! আমাৰ সমাজত মহিলাই চানগ্লাচ নিপিন্ধে,” হাতখন লাহেকৈ লৰাই তেওঁ কয় যেন প্ৰশ্নটো ঠেলি দিছে। এখন হাতেৰে পানী ওলাই অহা চকুযুৰি মচিছে আৰু কৈছে, “লাজ লাগে।” তেওঁৰ লাজটো তেওঁৰ কথাৰ দৰেই মৰমলগা।
চকুপানী ওলাই থকাৰ বাবে ৰিজৱানাই দেখাই নোপোৱা অৱস্থা, দীৰ্ঘদিন ধৰি শুষ্ক, লুণীয়া বতাহৰ সংস্পৰ্শত থকাৰ ফলত তাইৰ চকুৰ পৰা পানী ওলোৱা সমস্যাই দেখা দিছে। এই বতাহৰ ফলত চকুত নিমখ আৰু ধূলিৰ কণা জমা হয়। ফলত চকু ডিহাইড্ৰেট হৈ যায় আৰু লাহে লাহে চকুৰ ক্ষতি হয়। গুজৰাটৰ লোণডোবাৰ শ্ৰমিক যাক আগাৰিয়া বুলি কোৱা হয়, তেওঁলোকৰ মাজত এই ৰোগ প্ৰায়ে দেখা যায়। এই শব্দটো আহিছে গুজৰাটী শব্দ আগাৰৰ পৰা, তাৰ অৰ্থ হৈছে লোণডোবা।
মৰুভূমিৰ পৰা জলাশয়লৈ হোৱা এই পৰিৱৰ্তনে ৰানৰ অনন্য ভূভাগক ব্যতিক্ৰমী ধৰণে জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ কৰি ৰাখিছে। বৰ্ষাকালত ই ফ্লেমিংগ’ আৰু পেলিকানৰ দৰে পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল হৈ পৰে আৰু কৃষ্ণসাৰ মৃগ, বনৰীয়া গাহৰি তথা এণ্টিলোপৰ বাবে এক সুৰক্ষিত স্থান। এই জন্তুবোৰ ইয়াত গোটেই বছৰটো থাকে। বন্যপ্ৰাণীৰ আগমনে বছৰটো কেনেকুৱা হ’ব তাৰ আগজাননী দিয়ে। স্থানীয় লোকৰ মাজত ইয়াকে লৈ এক প্ৰবাদো আছে: “কচ্ছমা কালে চু আৱচে, এ আজজে দেখাই” (কচ্ছত কাইলৈ কি হ’ব, আজিয়েই দেখা যায়)।
পানী ওলাই যোৱাৰ পিছত আগাৰিয়াসকল ইয়ালৈ আহে। তেওঁলোকে তম্বু তৰি আঠ মাহ ধৰি ইয়াত থাকে আৰু ভূ-গৰ্ভস্থ লুণীয়া পানীৰ পৰা নিমখ উৎপাদন কৰে। তেওঁলোকে ভাৰতৰ মুঠ উৎপাদিত নিমখৰ ৭৫ শতাংশতকৈও অধিক উৎপাদন কৰে।
ৰানখন এক সৰল ৰেখাৰ পৃথিৱী। নিমখ পথাৰৰ বগা বগা আটীয়া। বৰ্গাকৃতিৰ সৌৰ পেনেলবোৰ এনেকৈ বহুৱাই থোৱা আছে, ই লোণডোবাৰ জগতখনৰ একঘেয়ামী নিষ্ঠুৰ ৰূপটোকে ফুটাই তুলিছে। পুৱা দহ বজাতে সূৰ্যটো লাভাৰ দৰে দেখা গৈছে। গোটেইখন চকু চাট মাৰি ধৰা অসহ্যকৰ পোহেৰেৰে ভৰি পৰে। যেন এখন বেলেগ পৃথিৱী। য’ত দূৰ-দিগন্তলৈকে বগা বগা নিমখৰ বিশাল এখন চাদৰে সকলো ঢাকি ৰাখিছে। তলৰ চকু কণা কৰা উজ্বল বগা চাদৰ, ওপৰত দগমগাই থকা সুৰুযৰ তাপ। উত্তাপে সকলোৰে পৰা পানী শুহি লয়। ওঁঠ ফাটি যায়। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই থাকে। চকুৰে অনবৰতে পানী ওলাই থাকে আৰু ভৰিৰ গোৰোহাবোৰ তলৰ শুকান মাটিৰ দৰেই চিৰালফঁটা দিয়ে। অসহ্য যন্ত্ৰণাত মানুহৰ কষ্টৰ সীমা নাইকিয়া হয়।














