হাৰিয়ানা ৰোডৱে’জ বুলি ৰাজহুৱা অনুষ্ঠানটোৰ পৰা কেৰাণী হিচাপে অৱসৰ লোৱাৰ পিছত ভগত ৰাম যাদৱে আৰামত অৱসৰী জীৱন এটা কটাব পাৰিলেহেঁতেন। “কিন্তু মোৰ মনৰ ইচ্ছা এটা আছিল,” এগৰাকী খুব পৰিপাটি আৰু আদৰ্শ ৭৩ বৰ্ষীয় প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে কয়।
এই আগ্ৰহেই তেওঁক তেওঁৰ পিতৃ গুগন ৰাম যাদৱে শৈশৱতে শিকোৱা হস্তকলা এবিধৰ প্ৰতি আকৰ্ষিত কৰিলে - চাৰপাই আৰু পীড্ডা বনোৱা।
তেতিয়া তেওঁৰ বয়স ১৫ বছৰ, যেতিয়া ডেকাল’ৰা ভগতে তেওঁৰ তিনি ভায়েকৰ সৈতে বহি দেউতাকে বৰ পটুতাৰে ঘৰৰ বাবে চাৰপাই বনোৱা চাই থাকিছিল। তেতিয়াই তেওঁৰ চাৰপাই বনোৱা শিক্ষা আৰম্ভ হৈছিল। তেওঁৰ পিতৃৰ ১২৫ একৰ খেতিমাটি আছিল আৰু ঘেঁহুৰ খেতি চপোৱাৰ পিছত তেওঁ গ্ৰীষ্মৰ মাহকেইটা চাৰপাই বনোৱা কামত লাগিছিল। তেওঁ শণ গছ (Crotalaria juncea), চুট (কপাহী জৰী) আৰু শাল (Shorea robusta) আৰু চেঁচু (North Indian rosewood) গছৰ কাঠেৰে চাৰপাই বনাইছিল। তেওঁৰ কাম কৰা ঠাইখন আছিল তেওঁলোকৰ বৈঠক, মুকলি ঠাইখন য’ত মানুহ আৰু গৰু-ম’হ সকলোৱে দিনটোৰ বেছিভাগ সময় জিৰণি লয়।
ভগত ৰামৰ দেউতাকক মানুহে “এক নম্বৰ কা আৰি” বুলিছিল। তাৰমানে এজন পাকৈত শিল্পকাৰ। তেওঁ অত্যন্ত খুটি-নাটি মাৰি নিজৰ সঁজুলি-পাতি বাচনি কৰিছিল। “আমাৰ দেউতাইয়ে আমাক চাৰপাই বনোৱা শিকিবলৈ উত্সাহ দিছিল। তেওঁ কৈছিল, ‘আহা আহা, শিকি লোৱা। পাছত কামত আহিব,’ ভগত ৰামে মনত পেলায়।
কিন্তু চেঙেলীয়া ভগতৰ মন আছিল ফুটবল, হকী, কাবাদীত। সেই একঘেয়ামি কাম তেওঁ এৰাই চলিছিল। “দেউতাই আমাক গালি পাৰিছিল, কেতিয়াবা চৰিয়াইছিলো। কিন্তু আমি একেবাৰে কাম দিয়া নাছিলো,” তেওঁ কয়। “আমি কিবা এটা চাকৰি পোৱাৰ বাবে বেছি আগ্ৰহী আছিলো। দেউতাৰ ভয়তে আমি সেই শিল্পকৰ্ম শিকিছিলো, ডিজাইন এটা কৰি থাকোতে ৰছীডাল কোনফালে ঘূৰাম, সেই কথাত খোকোজা লাগিলে দেউতাক সুধি আগবাঢ়িছিলো।”
























