আমাৰ আঠজনীয়া দলটোৱে হতবাক হৈ কিতাপবোৰ লুটিয়াই চোৱাত লাগিলো। আটাইবোৰেই প্ৰায় অমৰ সাহিত্যকীৰ্তি, কালজয়ী সাহিত্য আৰু ৰাজনৈতিক বিষয়ৰ কিতাপ। ৰহস্য গ্ৰন্থ, বজাৰত পোৱা বেষ্টচেলাৰ বা সস্তা সাহিত্যজাতীয় কিতাপ এখনো নাই। তাত আছে তামিল মহাকাব্য চিলাপ্পাথিকৰমৰ মালায়লম অনুবাদ। ভৈকম মহম্মদ বছীৰ, এম.টি. বাসুদেৱন নায়াৰ, কমলা দাস আদিৰ কিতাপ আছে। এম মুকুন্দন, ললিথাম্বিকা আন্থাৰজানম আৰু অন্যান্য লিখকৰ কিতাপো তাত দেখা গ’ল। মহাত্মা গান্ধীৰ সমসাময়িক থপ্পিল বাচিৰৰ ‘ইউ মেড মি এ কমিউনিষ্ট’ৰ দৰে চৰমপন্থী ভাবধাৰাৰ কিতাপো আছে।
“কিন্তু চিন্নাথাম্বিৰ তাত থকা এনে কিতাপবোৰ কোনোবাই পঢ়েনে?” আমি জানিব বিচাৰিলো। তেতিয়ালৈ আমি বহিছো। আন জনজাতীয় লোকৰ দৰে মুথাভান জনজাতীয় লোকসকলো গভীৰ বঞ্চনাৰ সন্মুখীন হৈ আহিছে। আধাতে শিক্ষা এৰা শিশুৰ সংখ্যা এই জনজাতিৰ মাজত অত্যধিক। আমাৰ উত্তৰত তেওঁ পুথিভঁৰালৰ পঞ্জীয়ন বহীখন উলিয়াই আনিলে। এইখনত বৰ পৰিপাটিকৈ কিতাপ পঢ়িবলৈ নিয়া আৰু ঘূৰাই দিয়াৰ হিচাপ ৰখা হয়। চুবুৰীটোত কেৱল ২৫ টা পৰিয়াল আছে, কিন্তু ২০১৩ত ৩৭ খন কিতাপৰ প্ৰৱিষ্টি তাত আছে। সেয়া মুঠ ১৬০ খন কিতাপৰ প্ৰায় এক-চতুৰ্থাংশ। ভালেই। পুথিভঁৰালটোত আজীৱন সদস্যপদ ২৫ টকা আৰু মাহে ২ টকা। কিতাপ পঢ়িবলৈ নিলে অতিৰিক্ত পইচা দিব নালাগে। চাহ বিনামূলীয়া। চেনী নিদিয়া চাহ। “মানুহে পাহাৰৰ পৰা ভাগৰুৱা হৈ আহে।” কেৱল বিস্কুট, মিক্সাৰ বা চানাচুৰ আদিৰ দাম দিব লাগে। কেতিয়াবা অতিথিয়ে আকৌ বিনামূলীয়া আহাৰো পাব পাৰে।
কিতাপ নিয়াৰ তাৰিখ আৰু জমা দিয়াৰ তাৰিখ, দাতাৰ নাম আদি যাবতীয়া তথ্য স্পষ্টকৈ পঞ্জীয়ন বহীটোত লিখা আছে। ইল্লাংগোৰ চিলাপ্পাথিকাৰাম কিতাপখন একাধিকবাৰ ধাৰে নিয়া হৈছে। ইতিমধ্যে এইবছৰো ভালেমান কিতাপ ধাৰলৈ নিয়া হৈছে। প্ৰান্তীয় আদিবাসী সমাজৰ পৃষ্ঠপোষকতাত এই নিৰিবিলি জংগলত অত্যন্ত উচ্চমানৰ সাহিত্যচৰ্চা চলিছে। এই ছবি দেখি মনটো প্ৰশান্তিৰে ভৰি পৰে। তাৰ লগতে আকৌ আমাৰ কিছুমানৰ চহৰৰ পৰিৱেশত পঢ়াৰ অভ্যাস নষ্ট হোৱাৰ কথাটো চাগে মনলৈ আহিছে।
আমাৰ দলটো, য’ত প্ৰায় অধিকাংশৰে জীৱিকা লিখা-মেলা, তেওঁলোকৰ অহংবোধ আৰু অলপ খহিল। আমাৰ সংগী, কেৰালা প্ৰেছ একাডেমিৰ সাংবাদিকতা বিভাগৰ তিনি ছাত্ৰৰ এগৰাকী, বয়সত তৰুণ এচ-য়ে কিতাপৰ মাজৰ পৰা এখন ভিন্নধৰ্মী কিতাপ বিচাৰি পালে। আঁচটনা বহীত হাতেলিখা পাতবোৰ তেওঁ লুটিয়াই চালে। বহীটোত একো শিৰোনাম নাই, সেইখন আচলতে চিন্নাথাম্বিৰ আত্মজীৱনী। কিতাপখন লিখা কামটো বেছি আগুৱাব পৰা নাই বুলি কৈ ক্ষমা খোজে চিন্নাথাম্বিয়ে। কিন্তু তেওঁ লিখি আছে। “ঠিক আছে, চিন্নাথাম্বি। আমাক অলপ পঢ়ি শুনাওক।” বেছি দীঘল নাছিল, অসম্পূৰ্ণ যদিও স্পষ্টকৈ লিখা হৈছিল। তেওঁৰ সামাজিক আৰু ৰাজনৈতিক সচেতনতাৰ উন্মেষৰ কথা তাত আছে। লেখা আৰম্ভ হৈছে মহাত্মা গান্ধীৰ মৃত্যুৰ পৰা। তেতিয়া তেওঁৰ বয়স প্ৰায় সাত বছৰ। ঘটনাটোৰ গভীৰ চাপ তেওঁৰ মনত পৰিছিল।