অমৰজিতে খোজকাঢ়ি গৈ থকাৰ মাজত ক্ষণিকৰ বাবে থমকি ৰ’ল। মূৰৰ ওপৰত থকা গোবৰৰ তচলা (এলুমিনিয়ামৰ পাচি)টো লৰিছে, পৰি যাব পাৰে। কেইচেকেণ্ডমান ৰৈ দি তেওঁ লাহে লাহে আকৌ থৰক-বৰককৈ ৰুদিৰ দিশে আগবাঢ়িল। ৰুদি মানে গোবৰ পেলোৱা ঠাইখন। ম’হৰ গোহালিটোৰ পৰা এনেকৈ তেওঁ কেবাবাৰো গোবৰ আনি তাত পেলাইছে। এটা সময়ত পাচিভৰ্তি গোবৰ মূৰত লৈ তেওঁ অনায়াসে যাব পাৰিছিল। কিন্তু এতিয়া যে তেওঁৰ বয়সে নটনা হৈছে। ৭২ বছৰ বয়সত সেইটো মূৰত লৈ খোজ কঢ়াটো কষ্টকৰ হৈ পৰিছে। কিন্তু মূৰৰ গধুৰ বোজাতকৈ বুকুত কঢ়িয়াই লৈ ফুৰা বেদনাৰ বোজাইহে তেওঁক মাজে মাজে স্থবিৰ কৰি পেলাইছে।
এই প্ৰতিবেদকে তেনেই সাধাৰণ কথা এটা সুধিছিল, পৰিয়ালত কোন কোন আছে। কিন্তু তেনে এক সাধাৰণ প্ৰশ্নই যে অমৰজিতৰ ২৪ বছৰ আগৰ দুখৰ স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিব, এই প্ৰতিবেদকে ভবা নাছিল। “উনহান দচিয়া পট্টি মোড় তে তেৰা মুণ্ডা মৰ গয়া এক্সিডেণ্ট নাল (সিহঁতে আহি মোক ক’লে, ‘পট্টিৰ কেঁকুৰিটোতে তোমাৰ ল’ৰাটো দুৰ্ঘটনাত পতিত হৈ ঢুকাই থাকিল’),” কথাখিনি কৈ তেওঁ আকৌ গোবৰ গোটাই পাচিটোত জমা কৰাত লাগিল। হাত দুখন তেওঁৰ যান্ত্ৰিকভাৱে চলি থাকিল, গোহালিৰ মজিয়াত আঁঠু কাঢ়ি বহোঁতে তেওঁৰ আঁঠু দুটা মৰমৰাই উঠিল। “সি ৰিক্সা চলাইছিল। বয়স হৈছিল মাত্ৰ ১৮ বছৰ।” ইয়াৰ পাঁচ বছৰ পিছত তেওঁ নিজৰ ২১ বছৰীয়া দ্বিতীয়জন পুত্ৰকো হেৰুৱালে।
৩৬ বছৰ আগতে যেতিয়া তেওঁৰ সুৰাপায়ী স্বামীৰ মৃত্যু হৈছিল, ল’ৰা দুটাৰ বয়স আছিল মাত্ৰ ছয় আৰু চাৰি বছৰ। বিয়াৰ পিছৰে পৰা অমৰজিতে কৰি অহা ‘গোহা-কুৰা’ (গোবৰ সংগ্ৰহৰ কাম) কাম কৰি নথকাহেঁতেন তেওঁৰ দুই পুত্ৰ আৰু এতিয়া বিয়া হৈ যোৱা দুই জীয়ৰীক পোহপাল দিবই নোৱাৰিলেহেঁতেন। মনৰ মাজত উকমুকাই উঠা যন্ত্ৰণাৰ উমান পোৱা গ’ল, কিন্তু তেওঁৰ হাতখন চলি থাকিল। হুমুনিয়াহ কাঢ়ি তেওঁ পাচিটো মূৰৰ ওপৰত তুলি ল’লে আৰু প্ৰায় ১০০ মিটাৰ দূৰত থকা গোবৰৰ দ’মটোলৈ খোজ ল’লে। পুৱাৰে পৰা তেওঁ কাম কৰি আছে, এয়া ২০ নম্বৰ বাৰৰ বাবে তেওঁ গোবৰ পাচিত ভৰাইছে আৰু পেলাইছে। তেওঁ মেহৰে শিখ সম্প্ৰদায়ৰ। পাঞ্জাৱত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত। ভূমিহীন দলিত অমৰজিতে জীৱিকাৰ বাবে পট্টি চহৰৰ সাতঘৰ মানুহৰ গোহালিৰ গোবৰ বোটলা কাম কৰে।
“জদৌ ম্যে ডাংৰন দা গোহা চুক্কন থল্লে বেহন্দী আন তান ওহ অক্ষৰ মেৰে সিৰ তে হী মুত দিন্দিয়ান নে। ম্যেঁ ৰোজ ৰোজ সিৰ নহী ধো চ্কদী তে শ্যাম্পু চাবন দা খৰচা বী নহী চুক্ক চকদী। ইছ লাই আহ লিফাফা পা লেনী আন (গোবৰ তুলিবলৈ যেতিয়া বহোঁ, প্ৰায়ে ম’হবোৰে মূৰতে পেচাৱ কৰি দিয়ে। মই সদায় মূৰ ধুব নোৱাৰো। চাবোন-চেম্পুৰ নামত খৰচো কৰি থাকিব নোৱাৰো। সেইবাবেই এই প্লাষ্টিকৰ মোনাখন মূৰত মেৰিয়াই লওঁ।” অমৰজিতে তেওঁৰ মুঠিত লৈ থকা ক’লা মোনাখন এই প্ৰতিবেদকক দেখুৱালে। দিনটোৰ প্ৰথম ঘৰৰ কাম তেওঁ শেষ কৰিছে মাত্ৰ। ১০ টা ম’হ থকা এজন জমিদাৰ কৃষকৰ ঘৰ সেয়া। এতিয়া তেওঁ আন এঘৰলৈ যাব।





