सकाळच्या पहरी कोण गोसावी गं दारी आला
काई सांगु बाई तुला वाढवी कशा गं भिकशा तू गं त्याला
असा सकाळच्या पारी धर्म चांगुणानी केला
धर्म चांगुणानी केला, अंगी देव तो गं राबवीला
असा धर्माचा डावू जिला येतो ना गं तिनी केला
नको म्हणू नासविला, देव उभा तो गं राहिला
हाच धर्माचा डावू कोण घालीतं गं पंगयती
काय म्हणं नासविला, पांडुरंग तो गं रंगतो संगयती
जिच्या कुळीला धर्म चा धर्म, तिच्या लेकीनी चालू केला
गेली लांब वनामधी देव तिथं, तिला साह्य झाला
पाची बोटाचा गं धर्म करी जिवाची सोडवणं
अशी वार्याच्या झगरीनी, कशी उडाली कवळी पानं
असा धर्माचा डावू देते केळीच्या पानावरी
काई यातं मिळाईला भुकेल्याची जाणं करी
आला माझ्या दारामधी देते प्यायला नितं पाणी
येम गेला फिरवूनी भुकेल्याची जाणं करी
असा धर्माचा डावू माझा मला तो गं मिळईला
गेली व्हती देऊळाला सारासारा तो गं कळईला
आस दुबळं-माझं-पण मला कुणी ते गं हिणविलं
देवाला ना जोडी हात, कसं शर्थीनी चालविलं
दुबळं-ना-माझं-पणं मारी वस्ताराला गाठी
किती नाव संभाळीला, सभा घेतल्याना माझ्या गोठी
असा दुबळ्यापणाला नको भाऊ तू रे डगमगू
असा निघूनी जाईल चंद्रावरीला रे काळा ढगू
आस दुबळ्यापणाला नको होऊस रे आयाहुया
आस निघूनी जाईल चंद्रावरली रे काळी साया
अशी दुबळ्यापणाईची कसा करतो हेळयणा
दुपारची सावली आला काखत रे झोळयणा
अशी दुबळ्यापणाईची कोण करीतो टिंगईल
तुझ्या मरणाच्या वेळी सारं काही तो सांगईल
दुबळ्यापणाईला काही बोलावरं तोडून
जाई मोगर्याची कळा गेली वार्यानी रे पडूनी
पूर्वी जलमाच्या किर्ती गेल्या जगात पांगून
नको मज लाडवू देते तुम्हांला रे सांगून
পুৱাই পুৱাই কোন এই গোচাৱি* আহি পদুলিত ওলাল?
মই কি ক’ম বাই, কেনেকৈ দিবা তেওঁক ভিক্ষা!
এই পুৱাবেলাতে সন্ত চাংগুনাই ভিক্ষা দিছিল
সন্ত চাংগুনাই ভিক্ষা দিছিল, তেওঁৰ মাজতে ইশ্বৰ জাগিছিল
তেওঁ জানে ৰীতি-নীতিৰ কথা, পৰম্পৰাৰ কথা, সিবোৰ তেওঁ মানি চলে
নাভাবিবা যে মই সিহঁতৰ স্বভাৱ বেয়া কৰিছো, ইশ্বৰ সাক্ষী আছে
বুভুক্ষজনক খাদ্য দিয়া, সেয়াই ধৰমে কয়
কিয় কোৱা তুমি মই সিহঁতৰ স্বভাৱ বেয়া কৰিছো, এয়া পাণ্ডুৰঙেও ভাল পায়
মাক যাৰ ধাৰ্মিক, জীয়েকো একে পথৰে পথিক
তাই এখন হাবিলৈকো (অজানা ঠাই) যায়, ইশ্বৰে তাইক সহায় কৰিবলৈ আহিব
তুমি যি ভিক্ষা দিবা, সিয়েই তোমাক জীৱনত উদ্ধাৰ কৰিব
সামান্য বতাহত সৰু পাতবোৰ উৰি যায়
দান যেতিয়া কৰিবা, কলপাতত দিবা (মুক্তহস্তে)
জগতখনৰ বুভুক্ষজনৰ কথা মনত ৰাখিবা
তেওঁ মোৰ ঘৰলৈ সদায় আহে, তেওঁক মই পিয়াহৰ পানী দিও
ভোকাতুৰজনৰ কথা ভাবিয়েই যম অহাবাটে ঘূৰি গ’ল
কপালত যি আছিল, সেয়াই পালো
মন্দিৰলৈ গ’লো, ধৰমৰ আচল অৰ্থ বুজিলো
মই দুখীয়া, সিহঁতে মোক অপমান কৰে
মই হাতযোৰ কৰি ইশ্বৰক প্ৰাৰ্থনা জনাও, মই জানো কিমান কঠিন মোৰ বাবে এই জীৱন
মই দুখীয়া, ফিচিকা কাপোৰ সী সী পিন্ধো
তেনেকৈয়ে মই মোৰ মান ৰক্ষা কৰো, কিন্তু মানুহে মেল পাতি সেই কথা কয়
মই দাৰিদ্ৰত জীৱন যাপন কৰিবলৈ শিকিছো, ভাতৃ, ভয় নাখাবা
চন্দ্ৰৰ কলংকও এদিন আঁতৰি যাব
দাৰিদ্ৰৰ বাবে সাহস নেহেৰুৱাবা
চন্দ্ৰ ক’লা দাগো এদিন আঁতৰি যাব
কাৰোবাৰ দাৰিদ্ৰক লৈ তুমি কেনেকৈ ইতিকিং কৰিব পাৰা
আবেলিৰ ছাঁ চলমান
কোনে মোৰ দাৰিদ্ৰক লৈ তাচ্ছিল্য কৰে
মৃত্যুৰ সময়ত তেওঁ সকলো ক’ব
তুমি তেওঁৰ দৈন্যক লৈ ইতিকিং কৰিলা (তুমি মধুৰ সম্পৰ্ক ভাঙিলা)
যুতি-মালতীৰ কলি বতাহত সৰি পৰিল
আগৰ জীৱনটোত কি ঘটি গ’ল সেয়া গ’ল
এতিয়া মোক দয়া কৰি নেদেখুৱাবা, তোমাক কৈ থ’লো
*গোচাৱি জগতৰ মায়া-মোহ ত্যাগ কৰা এগৰাকী ব্যক্তি। তেওঁ ধূলি ৰঙৰ কাপোৰ পিন্ধে। ধৰ্মীয় কাম-কাজত জৰিত এটা জাতিৰ নামো গোচাৱি।