বানৰ সতৰ্কবাৰ্তা আহিছিল হোৱাটচএপ গ্ৰুপ এটাত। সেয়া আছিল মুনাফা অনাদায়ী সংস্থা এটাৰ মেচেজ। ৰাতো নদীখনৰ পানী বঢ়াৰ মেচেজটো আছিল হিন্দী ভাষাত। ছেপ্টেম্বৰৰ সেই সন্ধিয়া গণেশ চাফি (৩২) ঘৰতে আছিল। তেওঁ জানিছিল যে তেওঁৰ পৰিয়ালটোৰ লগতে ঘৰৰ অত্যাৱশ্যকীয় সামগ্ৰীখিনি বচোৱাৰ বাবে তেওঁৰ হাতত মাত্ৰ দুঘণ্টা সময় আছে।
নেপালৰ দক্ষিণ মালভূমিৰ নিম্নাংশ যাক তেৰাই বুলি কোৱা হয়, তাত প্ৰচুৰ বৰষুণ হৈছিল। তাৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ দূৰৰ চৰখন্দিঅ বিথাৰ উত্তৰ দিশে ভাৰতৰ পূৱ দিশত থকা সিতামৰ্হি জিলাৰ সুৰচন্দ ব্লকত গণেশৰ গাওঁখন অৱস্থিত।
আঠমাহ পিছত ২০২৫ৰ মে’ৰ প্ৰখৰ ৰ’দৰ দিন এটাত আমগছ এজোপাৰ তলত বহি তেওঁলোকে মনত পেলায় কেনেকৈ তেওঁ নিজৰ যমজ সন্তানহাল (এটা ল’ৰা আৰু ছোৱালী, বয়স ৫ বছৰ), তেওঁৰ পত্নী নাগিনা দেৱী (২৮), দুটা ছাগলী আৰু ঘেঁহু, চাউল-দাইল আদি লৰা-লৰিকৈ চুবুৰীৰ পকী ঘৰটোলৈ নিছিল। তেওঁৰ জুপুৰীটোৰ ভিঠা বেছি ওখ নহয়, কিন্তু চুবুৰীয়াৰ ঘৰটোৰ কাঁথিটো ছফুট ওখ, যাতে বাঢ়নী পানীয়ে ঘৰটো বুৰাব নোৱাৰে।
পাহাৰীয়া তেৰাই অঞ্চলৰ পৰা ওলাই অহা ৰাতো নদীখন গণেশৰ গাঁৱৰ মাজেৰে বৈ গৈছে। পাহাৰত বেছি বৰষুণ হ’লে দুঘণ্টাতে পানী আহি চৰখন্দিঅ বিথা পায়হি।
গণেশ আৰু তেওঁৰ পৰিয়ালটো চুবুৰীয়াৰ ঘৰতে কেইদিনমান থাকিল। চুবুৰীয়াই আমনি পোৱা নাছিলনে? “কিয়নো পাব?” গণেশে উত্তৰত কয়। “বিপদত চুবুৰীয়াই যদি সহায় নকৰে, কৰিব কোনে?”
সেইখিনি সময়ত তেওঁৰ খেৰীচালৰ জুপুৰী ঘৰটোত বাঢ়নী পানী তিনি ফুট ওপৰলৈ উঠিল। পানী কমাত পানীৰ লগত অহা বালিয়ে তেওঁলোকৰ ঘৰৰ মজিয়াখন পুতি পেলালে। সেই বালিত তেওঁলোকৰ বাচন-বৰ্তন সমস্ত পোত গ’ল। গণেশে জুপুৰী ঘৰটো থাকিবপৰা কৰিবলৈ এসপ্তাহ লাগিল। ১০ হাজাৰ টকা খৰছ হ’ল। দিনে ৪০০ টকা উপাৰ্জন কৰা মানুহ হিচাপত সেয়া মোটা পৰিমাণ।

















