মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত তেওঁ যেতিয়া নামে, তেতিয়া তেওঁ বুজি পালে যে তেওঁৰ নিজৰ নামত বেংকৰ খাতা এটাও নাই। তেওঁ পত্নীয়ে তেওঁক ১৫ হাজাৰ টকা ধাৰে দিলে। তেওঁ আদিবাসী আবাসিক বিদ্যালয় এখনত শিক্ষক হিচাপে কাম কৰে। তেওঁৰ যিটো দলৰ হৈ খেলিব, তাৰে দলীয় কৰ্মীয়ে যি পাৰে অৰিহণা যোগালে। তেনেকৈ তেওঁ নিৰ্বাচনী প্ৰপত্ৰ পূৰণৰ বাবে ৫২ হাজাৰ টকা যোগাৰ কৰিলে।
তাৰ পিছতো সমস্যাই পিছ এৰা নাছিল। তেওঁৰ মূল প্ৰতিদ্বন্দী তৎকালীন বিধায়ক ধনাৰে পাস্কাৰ জন্যা যিগৰাকীয়ে আগৰবাৰ নিৰ্বাচনত ১৬ হাজাৰ ভোটৰ ব্যৱধানত দহানু সমষ্টিত ২০১৪ত জয়লাভ কৰিছিল। তাৰোপৰি তেওঁ আছিল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী যিটো দলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল যে তেওঁলোকে সমষ্টিটোত সেইটো বছৰত নিৰ্বাচনী প্ৰচাৰত ৮২ কোটি টকা খৰচ কৰিছিল।
কিন্তু নিৰ্বাচনৰ ফলাফল যেতিয়া ঘোষিত হ’ল, তেতিয়া বুজা গ’ল যে টকাৰ জোৰে নিৰ্বাচনত খুব এটা প্ৰভাৱ পেলাব পৰা নাই। নিকোলেয়ে মাত্ৰ পাঁচ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিলে।
“মোৰ সম্পৰ্কীয় ভাই এটাই মোক ৭০ হাজাৰ টকা ধাৰে দিছিল। ভোটৰ আগে আগে মোৰ হাতত সেই ৭০ হাজাৰ টকাই আছিল - একমাত্ৰ নগদ ধন,” নিজৰ কাৰ্যালয়ৰ বাহিৰত প্লাষ্টিকৰ চকী এখনত বহি মিচিকীয়াই হাঁহি এটা মাৰি বিনোদ নিকোলে কয়। আদিবাসী অধ্যুষিত পালঘৰ জিলাৰ দহানু চহৰতে তেওঁৰ অফিছটো।
এয়া এনে এক কাহিনী যেন লাগে যিটো এতিয়া নাই। কিন্তু বেছিদিনৰতো কথা নহয়, সৌ সিদিনাৰ কথা, ২০১৯ৰ নিৰ্বাচন। তাৰপিছত আকৌ এবাৰ ২০২৪ত। তাকো এনে এক সময়ত যেতিয়া ইটোৰ পিছত সিটো নিৰ্বাচনত বিৰোধীক মহতিয়াই বিজেপিৰ বিজয়ৰথ চলি গৈছে। এনে এক সময়ত যেতিয়া ৰাজনীতি হৈ পৰিছে এনে এখন খেল য’ত টকাৰ বাণ্ডিল দলিওৱাৰ বাদে আন একো গতি নাই। এনে এক পৰিস্থিতিতেই ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ ৪৮ বছৰ বয়সীয়া এইজন প্ৰাৰ্থী জয়ী হৈ আহিছিল দ্বিতীয়বাৰৰ বাবে - তাকো এনে এখন ৰাজ্য য’ৰ ৯৩% বিধায়কেই কোটিপতি। ৰাজ্যৰ মুঠ অভ্যন্তৰীণ উৎপাদন (জিএছডিপি) হিচাপত মহাৰাষ্ট্ৰই ভাৰতৰ আটাইতকৈ ধনী ৰাজ্য।
দহানু চহৰৰ পৰা চাৰি কিলোমিটাৰ দূৰৰ ৱাকি গাঁৱৰ ইটাভাতীৰ শ্ৰমিক পৰিয়াল এটাত জন্ম নিকোলৰ। নিৰ্বাচনৰ নামত সৰ্বাধিক টকা ব্যয় কৰা ৰাজ্য হিচাপে পৰিচিত মহাৰাষ্ট্ৰৰ আটাইতকৈ টকা-পইচা নথকা সম্বলহীন বিধায়ক তেঁৱেই। ভোটদানৰ আগত টকা বিলোৱাৰ সামৰ্থ্য নাই তেওঁৰ। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সামাজিক মাধ্যমৰ টিম এটাও নাই তেওঁৰ। একেবাৰে তৃণমূল পৰ্য্যায়ৰ আন্দোলনত জৰিত থাকি, সকলো সময়তে সাধাৰণ মানুহ, বিশেষকৈ আদিবাসী শ্ৰমিক-কৃষকৰ কাষত থকাটোৱে তেওঁৰ একমাত্ৰ নিৰ্বাচনী মূলধন।









