কিৰণ গাহালা (৫৪) আৰু তেওঁৰ দৰে আন বহু আদিবাসী কৃষকৰ অভিজ্ঞতাবোৰ প্ৰায় একেই।
এটা ৰঙা টি-চাৰ্ট আৰু স্কাৰ্ফ এখন গাত মেৰিয়াই তেওঁ ২০২৬ৰ ১৯ জানুৱৰীত পালঘৰ জিলাৰ নিজ গাঁও দ’লহাৰি বুদৰুকৰ সৰু ঘৰখনৰ পৰা ওলাই আহিছিল। আন আদিবাসী খেতিয়কৰ সৈতে তেওঁ টেম্প’-ট্ৰাক এখনত উঠি চাৰোতি গাঁও অভিমুখে অগ্ৰসৰ হয়। তাৰপৰা তেনেকৈয়ে সৰ্বভাৰতীয় কিষাণ সভা, মহাৰাষ্ট্ৰৰ আন এক বিশাল কৃষক মাৰ্চ আৰম্ভ হয়।
এই মিচিলত হাজাৰ হাজাৰ কৃষকে যোগ দিছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি আৰু কিষাণ সভাই কোৱা অনুসৰি ৫০ হাজাৰ হ’ব। তেওঁলোক ঘাইকৈ পালঘৰ জিলাৰ জনজাতীয় সম্প্ৰদায়ৰ। ভূমি অধিকাৰ ৰূপায়ণ, মনৰেগা আঁচনি পুনৰ বাহাল কৰা, ৱাধৱন বন্দৰ বাতিল কৰা আৰু খোৱাৰ বাবে আৰু জলসিঞ্চনৰ বাবে পানীৰ উপলব্ধতাকে ধৰি বিভিন্ন দাবী লৈ তেওঁলোকে পদব্ৰজে কালেক্টৰেটৰ কাৰ্য্যালয়লৈ বুলি আগবাঢ়ে।











