ইনকিলাব জিন্দাবাদ, এজনে কৃষকে চিঞৰিলে। ১২ মাৰ্চত মুম্বাইৰ আজাদ ময়দানত ১৮০ কি.মি. কষ্টসাধ্য পদযাত্ৰাৰ সামৰণি পৰিলেও ক্লান্ত কৃষকসকলে নাচিকত প্ৰদৰ্শন কৰা তেজোদীপ্ত প্ৰতিবাদী মানসিকতা অটুত ৰাখিছিল৷ ৬ মাৰ্চত নাচিকত এই লং মাৰ্চ আৰম্ভ হৈছিল৷ (চাব পাৰেঃ খেতিপথাৰ আৰু অৰণ্যৰ পৰাঃ মুম্বাইলৈ লং মাৰ্চ)৷ কৃষকসকলৰ সমুহীয়া উদ্যম তেতিয়াও অপৰাজেয় হৈ আছিল৷ প্ৰখৰ ৰ’দৰ তাপত এসপ্তাহ খোজকঢ়াৰ পাছত বহুতৰ ভৰিত জোলা ফুটি ৰক্তক্ষৰণ হৈছিল, নিশা মুকলি আকাশৰ তলত শুব লগা হৈছিল, সামান্য আহাৰ গ্ৰহণ কৰিছিল, তাৰ পিছতো ইনকিলাব ধ্বনিলৈ তেওঁলোকৰ বলিষ্ঠ সহাঁৰি অক্ষুন্ন আছিল৷
ভাৰতীয় কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী)ৰ কৃষক সংগঠন অখিল ভাৰতীয় কিষান সভাই ঐতিহাসিক লং মাৰ্চৰ আহ্বান জনাইছিল৷ ২৫,০০০ প্ৰতিবাদী কৃষকসকলৈ নাচিক চহৰৰ চিবিএছ চ’কৰ পৰা এই দীৰ্ঘ যাত্ৰা আৰম্ভ কৰা হৈছিল৷
মুম্বাই অভিমুখে পদযাত্ৰা আৰম্ভ হোৱাৰ পথত তেওঁলোকৰ সংখ্যা ৪০,০০০ হেজাৰলৈ বৃদ্ধি পালে, কিষান সভাৰ সাধাৰণ সম্পাদক তথা অন্যতম আহ্বায়ক অজিত নাৱালে এই তথ্য সদৰী কৰে৷
ভাগৰত তেওঁলোকৰ প্ৰতিজনেই ক্নান্ত হৈ পৰিছিল, কিন্তু মানসিক দৃঢ়তা অটুত আছিল৷
লং মাৰ্চ আগবঢ়াৰ লাখ লাখ চাহাপুৰ (মুম্বাইৰ পৰা ৭৩ কিলোমিটাৰ নিলগত) ৰ পৰা অধিক সংখ্যক কৃষক লং মাৰ্চত যোগদান কৰে৷
চৰকাৰৰ আচৰণতকৈ অন্ততঃ এই কষ্টকৰ পদযাত্ৰা অসহনীয় নহয়, ১০ মাৰ্চৰ আবেলি আজাদ ময়দানৰ পৰা ৫৫ কিলোমিটাৰ নিলগত ভিৱান্দিৰ সোণালে গাঁৱত আহাৰ গ্ৰহণ কৰাৰ সময়ত এখন মুকলি ঠাইত ৰৈ থকা টেম্পত জিৰণি লোৱা কৃষক বিলাস বাবৰে এইদৰে কয়৷ মাটিত বহি থকা হাজাৰ হাজাৰ কৃষকক বৃহৎ আকাৰৰ পাত্ৰৰ পৰা দাইল আৰু ভাত খাবলৈ দিয়া হৈছিল৷ কৃষকসকলে নিজেই এই আহাৰ ৰান্ধিছিল৷ অংশগ্ৰহণকাৰী প্ৰতিজন কৃষকে নিজেই খাদ্যৰ যোগাৰ কৰিছিল৷








