“নথি-পত্ৰ অনুসৰি এই গাঁওখনত শিপিনীৰ অভাৱ নাই। কিন্তু বাস্তৱত মই মৰি গ’লে গাঁওখনৰ পৰা এই হাতেৰে বোৱা তাঁতশালৰ পৰম্পৰাও শেষ হৈ যাব।” নিজৰ বাঁহৰ জুপুৰিটোত তাঁতশালৰ পৰা অকণমান বিৰতি লৈ এই মন্তব্য কৰে ৰূপচান্দে। কথাখিনি কৈ উঠি তেওঁ এবাৰ হুমুনিয়াহ কাঢ়ি লয়। তেওঁৰ সৰু জুপুৰিটোৰ বেছিভাগ ঠায়েই আগুৰি আছে তাঁতশালখনে। তাৰ উপৰিও আৱৰ্জনাৰ স্তূপৰ, ভঙা আচবাব, ধাতুৰ পৰিত্যক্ত অংশ আৰু বাঁহৰ টুকুৰা আদি ইফালে সিফালে সিঁচৰতি হৈ পৰি আছে। জুপুৰিটোত এজনকৈ অধিক মানুহৰ বাবে ঠাই নাই।
ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ধৰ্মনগৰ চহৰৰ ওচৰৰ গোৱিন্দপুৰত ঘৰ ৭৩ বৰ্ষীয় ৰূপচান্দ দেৱনাথৰ। স্থানীয় লোকৰ মতে, এসময়ত ২০০টা শিপিনী পৰিয়াল আৰু ৬০০ৰো অধিক হস্ততাঁত শিল্পীয়ে বাস কৰা এই গাঁওখনলৈ অহা-যোৱাৰ বাবে এটা সৰু পথ আছিল। গাঁওখনৰ এটা সৰু পথৰ দাঁতিৰ শাৰী শাৰী ঘৰৰ মাজতে আছে গোৱিন্দপুৰ হস্ততাঁত শিপিনী সংস্থাৰ কাৰ্যালয়টো। কাৰ্যালয়টোৰ জৰাজীৰ্ণ দেৱালবোৰে পাহৰণিৰ বুকুত হেৰাই যাবলৈ ধৰা গাঁওখনৰ গৌৰৱখিনি কোনোমতে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে।
“আগতে এই গাঁওখনত এনে এখন ঘৰ নাছিল, যাৰ ভিতৰৰ পৰা তাঁতশালৰ শব্দ ভাহি অহা নাছিল।’’ বাঢ়ি অহা বেলিৰ উত্তাপে কপালত বিৰিঙি তোলা ঘামখিনি মচি মচি এইদৰে কয় নাথ সম্প্ৰদায়ৰ (ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত)ৰ অন্তৰ্গত ৰূপচান্দে। তেওঁ লগতে কয়, “আগতে সমাজে আমাক সন্মান কৰিছিল। এতিয়া কোনেও গুৰুত্ব নিদিয়ে। পইচা নথকা পেছা এটাক কোনে সন্মান কৰিব কওকচোন?” দুখ এটাই আহি বুকুখনত হেঁচা মাৰি ধৰাত কথাখিনি কওতে মাতটো অলপ থোকাথুকি হৈ পৰে ৰূপচান্দৰ।
বৰ্ষীয়ান শিপিনী ৰূপচান্দে কথাৰ মাজতে জটিল ফুলৰ হাতেৰে বোৱা নকশী শাৰী তৈয়াৰ কৰা দিনবোৰ মনত পেলায়। তেওঁ কয়, “কিন্তু আশীৰ দশকত যেতিয়া ত্ৰিপুৰা চৰকাৰৰ পূৰ্বাশা হস্তশিল্প এম্পোৰিয়ামে ধৰ্মনগৰত এটা আউটলেট আৰম্ভ কৰিছিল, তেতিয়া তেওঁলোকে শিপিনীসকলক নকশী শাড়ী বনোৱা বন্ধ কৰি তাৰ পৰিৱৰ্তে সাধাৰণ শাড়ী বনাবলৈ নিৰ্দেশ দিছিল।’’ সাধাৰণ শাড়ীবোৰৰ বিশদ আৰু সামগ্ৰিক মানদণ্ড কম হোৱাৰ বাবেই এনে শাড়ীবোৰ সস্তীয়া আছিল।
ক্ৰমান্বয়ে এই অঞ্চলটোৰ পৰা নকশী শাড়ী হেৰাই যোৱাৰ কথা উল্লেখ কৰি আক্ষেপ ব্যক্ত কৰে ৰূপচান্দ দেৱনাথে। তেওঁ কয়, “এতিয়া আৰু কোনো শিল্পী নাই আৰু তাঁতশালৰ সঁজুলিৰো এতিয়া যোগান নাই।’’ তেওঁৰ এই মন্তব্য শলাগি বিগত চাৰি বছৰ ধৰি শিপিনী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰবিন্দ্ৰ দেৱনাথেও কয়, “আগতে আমি প্ৰস্তুত কৰা কাপোৰৰ বজাৰ নাছিল।’’ ৬৩ বছৰীয়া ৰবিন্দ্ৰ দেৱনাথৰ শৰীৰ লাহে লাহে পৰি আহিছে। এতিয়া আৰু তেওঁৰ তাঁতশালত বহাৰ বল নাই।














