বৰষুণৰ ধৰণো সলনি হৈছে। “৩০ বছৰ ধৰি ইয়াত আছো। কিন্তু কেতিয়াও এনে হোৱা দেখা নাই। বৰষুণ হঠাতে আহে। কম সময়ৰ বাবে, কিন্তু ধাৰাসাৰ। প্ৰতিবছৰে আমাৰ মালিন গাঁওখনৰ কথা মনলৈ আহে।”
এয়া কল্পনা কৰা কথা নহয়। জলবায়ু যিমানেই উষ্ম হৈছে, বায়ুমণ্ডলে সিমান বেছি জলীয় বাষ্প ধৰি ৰখা হৈছে। “বৰষুণৰ পৰিমাণ আৰু সময় সলনি হৈছে। তিনিমাহ বিস্তৃত বৰষুণ এতিয়া মাত্ৰ দুটা সপ্তাহতে হৈছে,” পুণেৰ গোখলে ইনষ্টিটিউটৰ বহনক্ষম উন্নয়নৰ কেন্দ্ৰৰ সঞ্চালক ড. গুৰুদাস নুলকৰে কয়। ভূমিস্খলনৰ দৰে সমস্যা প্ৰৱল কৰি তোলাত বৃষ্টিপাতৰ পৰিৱৰ্তিত ধৰণ আৰু নিয়ন্ত্ৰণহীন নিৰ্মাণকাৰ্য্যৰ গুৰুতৰ ভূমিকা আছে। (পঢ়ক: থানেত প্ৰৱঞ্চকৰ ৰূপ লৈছে বৰষুণে)
পাচাৰৱাড়িৰ সেই এঢলীয়া পাহাৰৰ তলফালে ফচাবাইৰ চুবুৰীয়া ৮০ বছৰীয়া জাৱজি বালচিমে তেওঁৰ ঘৰৰ পিছফালে থকা ডাঙৰ ডাঙৰ শিলকেইটাৰ ফালে দেখুৱাই দি কয়, “যোৱা এটা বছৰত এই শিলকেইটা নামি আহিছে। সৰু শিলবোৰ গছত লাগি ৰৈছে আৰু ডাঙৰবোৰ নামি আহিছে। এতিয়ালৈ বাৰু কাৰো ঘৰ মহতিয়াই নিয়া নাই।”
মালিনত এটা সময়ত যিধৰণ ঘৰ আছিল, সেই একেই মাটি, শিলেৰে বনোৱা পাচাৰৱাড়িৰ ঘৰবোৰ। এটা দশকৰ পিছতো ইয়াত থকা পৰিয়ালবোৰৰ ঘৰৰ চৌহদৰ গাঁথনি সলনি হোৱা নাই। বাগৰি অহা শিল আদিক ভেটা দিবলৈ তেওঁলোকে কাঠৰ বেৰ দি থৈছে।
“আগতে এনেকুৱা নাছিল। কিন্তু যেতিয়াৰ পৰা ৰাস্তাৰ কাম আৰম্ভ হৈছে, এঢলীয়া ঠাইখিনি ঢিলা হৈ গৈছে,” জাৱজিয়ে কয়। “তেওঁলোকে মাটি খান্দিয়ে থাকে। আমি জীৱনটো ইয়াতে কটাইছো। এতিয়া ঘৰৰ ভিতৰত সুৰক্ষিত যেন নলগা হৈছে।” জাৱজি আৰু তেওঁৰ পত্নী যমুনাবাইয়ে তেওঁলোক পৰিয়ালৰ এক গুন্থা (০.০২৫ একৰ) মাটিত খেতি কৰি ২-৩ কুইণ্টল ধান পায়। তাৰ লগতে খেতিৰ বতৰত দিনহাজিৰা কৰিও অতিৰিক্ত পইচা পায়। লগতে পুণেত কাম কৰি থকা তেওঁৰ ল’ৰাকেইটাইও কিছু পইচা পঠিয়ায়।
যমুনাবাই বালচিমে লাহে লাহে কথা কয়। “আমাৰ ল’ৰাকেইটা পুণেত থাকে। এনেকৈ পাহাৰত ফাট মেলা দেখি সিহঁতে কয় যে সিহঁতে হেনো ঘূৰি আহিব নিবিচাৰে। এই কোঠা দুটা সিহঁতৰ বাবে বনোৱা হৈছিল, কিন্তু এতিয়া ইয়াত এতিয়া কেৱল আমিহে আছো।”